পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
চিকাৰ কাহিনী


আৰু ১১ জন মানুহ। আৰু ললোঁ তিনিৰাতি খাবলৈ জোৰাকৈ বস্তু। ৮ মাইলমান দূৰত চাতাৰগাঁৱ নামে এখন গাৰো গাঁৱত আলহী থাকিলো। এই আঠ মাইল বাট যাওঁতে ছঘণ্টামান লাগিল। কাৰণ, থিয় পৰ্বত উজোৱা দুখ লব লাগে। গাঁও পাওঁতে সাজ লাগিল। পাই দেখোঁ, গাঁৱত এজনো মুনিহ নাই। তিৰোতাৰ সংখ্যাও কম। সুধি জানিলোঁ, “আবা” জুৰিবলৈ গৈছে। চাকি-বন্তি লগোৱাতহে আহি পাব। পালতে গাঁওবুঢ়াৰ ঘৈণীয়েকে সাদৰ সম্ভাষণ জনাই থকাৰ ঠাই দেখুৱাই দিলে আৰু গাঁওবুঢ়৷ আহিলেই আন সকলো ঠিক কৰি দিব বুলি আশ্বাস দিলে। ঠাই সাৰি দি তম্বু টনাৰো দিহা কৰি দিলে। নিজে কুঠাৰ লৈ খৰি ফালি নিমিষতে দম কৰি দিলে। নিজৰালৈ যোৱা বাট দেখুৱাই দিলে। আমাক পাই আনন্দৰ সীমা নাই। গাঁওবুঢ়াৰ ঘৈণীয়েক ডেকা ছোৱালী। আগৰজনী ঘৈণীয়েক এহাল ল'ৰা-ছোৱালী থৈ স্বৰ্গী হোৱাত এওঁক বিয়া কৰায়। আগৰজনীৰ ল'ৰা-ছোৱালী দুটি দেখোঁতে ভাল, কিন্তু দুয়ো কলা আৰু বোবা। ইঙ্গিততে দুয়ো যেনেদৰে কথা কয় প্ৰথমতে ধৰা টান। বয়-বস্তু নমাব ধৰোঁতে এটি দুটিকৈ মানুহ আহিব ধৰিলে। প্ৰথমতে ওলালহি গাঁওবুঢ়াৰ শাহুৱেক। শকত-আৱত, বয়সত আদবয়সীয়৷। মোৰ মুখলৈ চায়েই কলে, “তই আন বছৰো আহিছিলি নহয়?” মোৰ উত্তৰলৈ বাট নাচাই পুনৰ কব ধৰিলে,“তই আমাৰ ৰাজা নহয়। তই আসামৰ ৰাজা, আমাৰো ৰাজা, সিবাৰ একদিন থাক্‌লি, ইবাৰ তিনদিন থাক্‌বি দে। আমি হাতী দেখাই দিম,ভয় নক্ৰং দে, মাৰে যদি মাৰবো, ধান খালি আৰ মাৰাও ভাল।”দেখিলোঁ বুঢ়ীৰ উল্লাসিত ভাব। বুজিলো, কামৰ লগে লগে খোৱা-বোৱাও ভালদৰেই হৈছে। নিজেও প্ৰকাশ কৰি কলে, “আজি খুব খালাং দে, কি কুৰ্বি আৰ, পুলী পুলীলৈ কাম কল্লং আৰু মদো খালং, খুব খালং, দায় নুধুৰ্বিদে। তই ৰাজা মানুহ, মই তিৰী মানুহ খাই পালাং দে” ইত্যাদি। পিচত জীয়েকক মাতি কলে, “ইটো