পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিকাৰ কাহিনী

পহু মৰা দেখা লোক এতিয়াও বহুতো আছে, মই নিজেও দেখিছোঁ।

 চিকাৰৰ ভিতৰতেই দলপুঙা (snipe) মৰা বৰ টান, বিশেষ ৰকমৰ শিক্ষা আৰু অভ্যাস নহলে হাতী-বাঘ মৰা চিকাৰীয়েও সেই চৰাই মাৰিব নোৱাৰে; সেই চৰাই দেখা নাযায়, দল আৰু পানী থকা ঠাইত লুকাই থাকে,—ওচৰ চাপিলে ঘপ কৰে উৰি যায়। আৰু উৰোতে অকাই-পকাই উৰে—বন্দুক টোঁৱাই মানে নেদেখা হয়। তাতো তেওঁৰ বিশেষ সুখ্যাতি আছিল। সাধাৰণ ভাল চিকাৰীয়ে শতকৰা ৩০ৰ পৰা ৫০ লৈকে মাৰে, কিন্তু দাদাই শতকৰা ৫০।৭০ লৈকে মাৰা দেখিছোঁ।

 আমি স্কুলত পঢ়া দিনত চিকাৰলৈ মন মেলাৰ অলপো সুবিধা বা সুযোগ পোৱা নাছিলোঁ৷ স্বৰ্গীয় দেবেন্দ্ৰৰাম মোৰ ভতিজা,সমনীয়া সহপাঠী আৰু এখন্তেকো নেৰা লগ। এদিন বুদ্ধি আলচি আন এজন ল'ৰাৰ লগ লৈ দাদ৷ ঘৰত নথকাত মনে মনে কাৰোবাৰ এটা বন্দুক যোগাৰ কৰি চৰাই মাৰিবলৈ ওলালোঁ। মই এটা কোকলোঙ চৰাই মাৰিলোঁ। মোৰ আনন্দৰ সীমা নাই, চেষ্টা কৰিলে ময়ো দাদাৰ দৰে চিকাৰী হব পাৰিম—এই ভাব স্পষ্টকৈ অন্তৰত ফুটি ওলাল। আৰু এদিন যোৱাৰ সংকল্প কৰি ঘৰলৈ উভতিলোঁ। বাটতে মথুৰা নামেৰে লগুৱা এজনে পালে আৰু ধৰি নিবলৈ পঠিওৱা বুলি কলে। শংকিত চিত্তেৰে উপস্থিত হলোঁ;বিশেষ সোধ-পোছ নকৰি কাণ মলি দি আগলৈ তেনে কাম নকৰিবলৈ কলে। শাস্তি সামান্য হলেও অন্তৰত আঘাত লাগিছিল; তেতিয়াই প্ৰতিজ্ঞা কৰিলোঁ, আৰু বন্দুক নোচোওঁ।

 সেই প্ৰতিজ্ঞা ৰক্ষা কৰিছিলোঁ অন্ততঃ ১৫ বছৰলৈ—দাদাই বিশেষ অনুৰোধ কৰি হাতত বন্দুক তুলি নিদিয়ালৈকে। সি অৱশ্যে বিলাতৰপৰা উভতি অহাৰ পিচত।

 এইবিলাক নানা কাৰণে চিকাৰ কৰাৰ সুবিধা তেতিয়া নাপালোঁ৷ বিলাতৰপৰা ১৯০৫ চনত উলটি অহাৰপৰাহে কিছু