পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
চিকাৰ কাহিনী


কাষেদি যাবলৈ ধৰিলে। আমি থকা ঠাইৰপৰা হাতী যোৱা ঠাইৰ ব্যৱধান পোন্ধৰ হাততকৈ বেছি নহয়। দেখিলোঁ, হাতীৰ মন সন্তোষপুৰ্ণ, চিত্ত নিৰুদ্বেগ। আগত ডাঙৰ মাখুন্দি এটা-দুটা-তিনিটা গজেন্দ্ৰ গমনে চলিছে। তাৰ পিচত পোৱালি দহ-পোন্ধৰটিমান চঞ্চল গতি আৰু অস্থিৰ মতি লৈ অগ্ৰসৰ হৈছে। তাৰ পিচত ওলাল দঁতাল তিনিটামান, নিচেই পোৱালি নহয়; দহৰপৰা ১৫/২০ বছৰমান হব। পিচত আকৌ কেইটামান মাথুন্দি। এইদৰে ২৫।৩০টামান হাতী কাষেৰে গ'ল। সৰ্বশেষত আহিল এটা দলৰ মখনা। সি মাৰিবৰ যোগ্য হলেও দলৰ মখনা বুলি নামাৰিলোঁ। চাহান গৈ শেষ হ'ল। কিন্তু বাকী দুটা হাতীৰ একো খা-খবৰ নাই। অলপ সময় সেই ঠাইতেই থাকি ওপৰলৈ গৈ আকৌ এডাল গছৰ আশ্ৰয় ললোগৈ। অলপ পৰৰ পিচত এটি সৰু শব্দ কাণত পৰা যেন লাগিল। শব্দ অহা ফাললৈ একান্তে চাই ৰলোঁ। ক্ষন্তেক পিচতেই অতি ধীৰে, গজেন্দ্ৰগমনে যাব ধৰা দেখিলোঁ এটা দঁতাল। মাৰিবৰ মন কপালত'। কিন্তু ভালকৈ দেখোঁ মানে মুৰটো অলপ আগবাঢ়িল। সি আমাৰ নিচেই ওচৰতে প্ৰায় কুৰি হাতমান নিলগত। ঠিক মূৰ বা কপাল নাপাই কাণৰ পাছেদি মগজু পোৱাৰ আন্দাজ কৰি মাৰিলোঁ গুলী। গুলী খাই সি বাওঁহাতলৈ ঘূৰিব ধৰোঁতেই কাষত মাৰিলোঁ দ্বিতীয় গুলী। সেই গুলী খায়েই সি নেদেখা হ'ল।

 বন্দুকত পুনৰ গুলী ভৰাই লৈ শব্দ আন্দাজ কৰি ক্ষন্তেক কাণ-পাতি ৰলোঁ। ওচৰতে ঘৰ ঘৰ কৰা যেন শব্দ শুনি অতি সাৱধানে আৰু সন্তৰ্পণে এখোজ দুখোজকৈ আগবাঢ়িলোঁ। গুলী খোৱা হাতী নপৰিলে সি খঙত উগ্ৰমূৰ্তি হয় আৰু কাণ মৰা বন্ধ কৰি নিতাল মাৰি থাকে—চিকাৰীয়ে দেখা নেদেখাতেই হেঁচা মাৰি ধৰে। এখোজ-দুখোজকৈ আগবাঢ়ি দেখোঁ—বাওঁফালে এটা শিলৰ কুৰুঙত থিয়ই বহাৰ দৰে সি পৰি আছে। আমাক দেখি সি উঠিবলৈ চেষ্টা