পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
চিকাৰ কাহিনী

 আজিও এই চকৰদক ঋষিৰ আশ্ৰম, মৃগয়াৰ ইন্দ্ৰপুৰী, চিকাৰীৰ স্বৰ্গ বুলি কলেও বঢ়াই কোৱা নহব। চিকাৰ বুলিলে মনত পৰে ঋষি বাক্য—

“একস্য ক্ষণিকা প্ৰীতিঃ
অন্যৈ প্ৰাণা: বিমুষ্যতে।”

অৰ্থাৎ,এজনৰ ক্ষন্তেকীয়া প্ৰীতি অন্ত কৰে আনৰ প্ৰাণৰ।

 মনক আকৌ প্ৰবোধ দিয়া যায় কবি বাক্যেৰে—

“মিথ্যৈব ব্যসনং বদন্তি

 মৃগয়ামী দৃগ্বিনোদঃ কুতঃ।”

অৰ্থাৎ, অতুল আনন্দৰ অনন্ত আধাৰ মৃগয়া, মিছাতে ব্যসন বোলে তাক।


দ্বিতীয় অধ্যায়

 চকৰদত চিকাৰ বিষয়ে এই প্ৰবন্ধত যে বঢ়াই কোৱা নাই তাৰ প্ৰমাণ স্বৰূপে পৰহিদিনাৰ (২-৭-৩৭ ) চিকাৰৰ বিৱৰণ তলত দিলোঁ।

 গোৱালপাৰাৰ অন্তৰ্গত লক্ষ্মীপুৰৰপৰা মটৰেৰে গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ পুৱা ১০ বজাত—দূৰ এশ এমাইল। বৰষুণৰ বাবে বাট বোকাময় হোৱা দেখি সোনকালে ওলালোঁ। খৰালি কালত তিনি ঘণ্টাতেই পোৱা যায়। দুধনৈৰ দলংখন ভগা, মাৰনাৱেৰে মটৰ পাৰ কৰে। নৈৰ পানী তেনেই কমি যোৱাত কোনোমতে ঠেলি-মেলি এঘণ্টামানৰ মুৰত পাৰ হলোঁ। তাৰ পিচৰপৰাই ধাৰাসাৰে বৰষুণ। বাট পিছল, সময়ে সময়ে মটৰখন বাটৰপৰা উফৰি গৈ পথাৰত পৰিব খোজে; কিন্তু জংছন ( ৰাভাৰ ল'ৰ৷ ) ড্ৰাইভাৰে গাড়ী ভাল চলায়। কোনো দুৰ্ঘটনা নোহোৱাকৈ ঘৰ পালোঁ। তিনিঘণ্টাৰ ঠাইত পাঁচ