পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চকৰদ বা চিকাৰীৰ স্বৰ্গ

প্রথম অধ্যায়

 দক্ষিণ কামৰূপৰ অন্তৰ্গত খাচীয়৷ পৰ্বতত লগা শুধ মিকিৰৰ বসতি চকৰদ এখনি সৰু গাঁও। গাঁওখন ভৈয়ামত যদিও পৰ্বতৰ গাতে লগা আৰু নিচেই ঠেক, কিন্তু দীঘল।

 এই পৰ্বতীয়া মিকিৰবিলাক স্বভাৱতে সৰল আৰু অলপ ভয়াতুৰ৷ গুৱাহাটীৰ দহমাইল দূৰৈত থাকি এই মিকিৰকেইঘৰ আজিও হোজা হৈয়েই থাকিল—ই দুখৰো কথা, সন্তোষৰো কথা। সকলোৱে ধানৰ খেতি কৰে ৷ দুই-চাৰিজনে আকৌ পৰ্বতৰপৰা কাঠ কাটি আনি বেপাৰীত বেচে। ধানৰ খেতিত বাহিৰে তাত অইন খেতি নাই; তাকো হাতী আৰু পহুৰপৰা ৰক্ষা কৰা টান ।

 মিকিৰবিলাকে বিলৰপৰা মাছ মাৰি খায়। কেইজনমানৰ (মই জনাৰ ভিতৰত শ্ৰীমান টাবাক আৰু ঘলটঙ্গৰ) খাজি মৰা বন্দুকো আছে। সিহঁতে তাৰ মাজে মাজে দুটা-এটা গাহৰি আৰু পহু মাৰি খায়৷ এইদৰে পোৱা মঙহ সকলোৱে ভাগবাটি খায় আৰু সৰহীয়া হলে শুকায়ো থয়।

 ঠাইখনৰ দক্ষিণ-পশ্চিমে খাচীয়া আৰু গাৰোপাহাৰ, উত্তৰে যোজনবিস্তৃত বিল—নাম দীপৰ । কামৰূপৰ ভিতৰত এইখনেই সবাতোকৈ ডাঙৰ বিল। পানীমেটেকা পৰি বিলখন এতিয়া বহুতো বেয়া হ’ল । আগেয়ে মণিব পৰালৈকে ইয়াৰ কলীয়াপানী বতাহত থৌকিবাথৌ কৰি আছিল ৷ বিবিধ বিধৰ মাছমৰা নাও আৰু মানুহে বিলখন শোভন কৰি ৰাখে ৷ মূৰ-ফুলা, খেদেলী হাঁহ, তেল-গাজ, কলী-হাঁহ, বাটলুগুটীয়া শৰালী, নাক খেচখেচীয়া, চাকৈ-চকোৱা আদি