পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ চিকাৰ আৰম্ভ

 মোৰ মাজিউজনা ককাইদেউ স্বৰ্গীয় নবীনৰাম ফুকন বিখ্যাত চিকাৰী আছিল।

 তেতিয়াৰ দিনত পৰীক্ষা দি উপাধি লোৱাৰ ধাউতি নাছিল আৰু সেইবাবেই তেওঁ এণ্ট্ৰেন্স দিবলৈ নহল। কিন্তু আচল লিখা-পঢ়৷ হিচাপে, বিশেষতঃ ইংৰাজীত, তেওঁ বিশিষ্ট পণ্ডিত আছিল বুলিলে দঢ়াই কোৱা নহয়।

 দেউতা ভাল চিকাৰী আছিল; কিন্তু কেৱল চিকাৰতেই মনোনিবেশ কৰা নাছিল। সাহিত্য আৰু সঙ্গীত-চৰ্চা, ধৰ্ম, শিক্ষা-বিস্তাৰ,সমাজ-সংস্কাৰ, হাতী-ম'হ ধৰা, শিল্প-বাণিজ্যৰ উন্নতি সাধন ইত্যাদি কাৰ্যত ব্যাপৃত আছিল, কিন্তু ৺নবীন দাদাই সৰুৰেপৰা চিকাৰতেই মন দিছিল, তেতিয়া টকাৰ অভাৱ নাই, আন কামো নথকাত সময়ৰ অভাৱো নাছিল, হাতী ২০।২৫ টা নিজৰেই আছিল, টকা থাকিলে নিবিচৰাকৈয়ে লগ পোৱা যায়। সৰ্বোপৰি কামৰূপৰ সমান চিকাৰৰ ঠাই ভাৰতত নাই বুলি দঢ়াই কব পাৰি। গতিকে অবাধ গতিৰ চিকাৰী হিচাপে নবীন দাদাৰ চিকাৰত খ্যাতি চন্দ্ৰকলাৰ পোহৰৰ দৰে দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে। কোচবেহাৰৰ মহাৰাজাকে আদি কৰি খ্যাতনামা চিকাৰীয়েও দাদাৰ লগ লৈছিল।স্থানীয় ইংৰাজ কৰ্মচাৰীসকলৰো চিকাৰ শিক্ষাৰ ভাৰ দাদাৰ ওপৰতেই আছিল। নিজৰ চখ, আৰু সুবিধাৰ কাৰণে বহুতো কছাৰী, মিকিৰ আদি অনুন্নত সম্প্ৰদায়ৰ লোকক শিক্ষা দি ভাল চিকাৰী কৰি লৈছিল। তেতিয়াৰ দিনত সৰু-ডাঙৰ চিকাৰৰ অভাৱ নাছিল।চিকাৰলৈ যোৱাত শ‍ই শই হাঁহ মৰা, কুৰি-ডেৰকুৰি