পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
চিকাৰ কাহিনী


বাঁহৰ মাজৰপৰা ওলাই হাতী কেনি গ'ল চাবৰ মনেৰে আমিও ওপৰলৈ গ'লোঁ। দেখিলোঁ, হস্তী পৰিবাৰে সমান ঠাইত উঠি জিৰণি লৈছে। গণি চালোঁ—তিনিজনী মাক, বাকী চৈধ্যট৷ পোৱালি। আকৌ ফটো কেমেৰাৰ কথা মনত পৰিল। দন্তাল বা মখনা লগত নাছিল।
 চিকাৰীয়ে কলে, দন্তালটো লগত নাথাকে; এমাইলমান আঁতৰে আঁতৰে ফুৰে, কিন্তু পাছ নেৰে। দন্তাল অহাৰ আশাতে পুনৰ খাপ ললোঁ।

 মানুহ যিদৰে সবাৰো শত্ৰু, মানুহৰো শত্ৰুৰ অন্ত নাই। সময় আৰু সুবিধা পাই বিহ পৰুৱা, মহ (একোটা কপৌ চৰাইৰ সমান ) ডাঁহ সকলোৱে শত্ৰু শালিবলৈ ধৰিলে। কামোৰত সৰ্বশৰীৰ দমলা-দমল দিলে। কাঁইটৰ আঁচোৰত ৰঙালী বিহুৰ বিহুৱান গাৰ তেজেৰে ৰাঙলী কৰিলে। কিন্তু আশাৰ অন্ত নাই। দন্তালৰ ছবিটিয়ে পৃথিবীৰ আন দিন্তা দূৰ কৰি দুখ-ভাগৰ পাহৰাই ৰাখিলে। বেলি মাৰ যোৱালৈকে দন্তালৰ ৰূপ ধ্যান কৰি অন্যমনা হৈ খাপ ললোঁ-দন্তালে সৎসঙ্গ বিচাৰি আন কেনিবা গ'ল। দুখে-ভাগৰে সাজে-সন্ধ্যায় কেম্প পালোঁহি৷ বাটে বাটে পুনৰ সংকল্প কৰিলোঁ, দন্তাল ককাইক বিচাৰি উলিয়াবই লাগিব, লগ ধৰি প্ৰীতি-সম্ভাষণ জনাবই লাগিব—এনেতে শ্ৰীযুত চন্দ্ৰকমল বেজবৰুৱা ডাঙৰীয়াৰ ডাক পৰিল টেলিগ্ৰাফেৰে, যোৰহাট কাছাৰীত চিকাৰ ওলোৱা বুলি। খবৰ পায়েই পুনৰ দুৰ্গা শ্ৰীহৰি বুলি যাত্ৰা কৰিলোঁ যোৰহাটলৈ। সঁচাকৈ কবলৈ হলে আজি পাঁচদিনে ছাব-জজ চাহাবৰ মুখলৈ চাই চায়ো দন্তালৰ শোভন সুন্দৰ দিব্যমূৰ্তি মনৰপৰা আঁতৰাব পৰা নাই—ইয়াকেই সম্ভৱতঃ বোলে মায়া বা মোহ।