পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
চিকাৰ কাহিনী


এজন মানুহ গাড়ীৰ চকাৰ ওচৰত দীঘল হৈ পৰি আছে, দেখি গা শিয়ঁৰি উঠিল। গাড়ী চলোৱাহেঁতেন আজি সৰ্বনাশ হ'লহেঁতেন, কাৰণ, গাড়ীৰপৰা ড্ৰাইভাৰে আগত পৰি থকা মানুহজন দেখা নাপায়। পিচত অনুসন্ধান কৰি জানিলোঁ, মানুহজন হয় শ্ৰীযুত গঙ্গা চৌধুৰী, নহয় সভাপণ্ডিত শ্ৰীযুত নৰনাথ শৰ্মা।

 শ্ৰীমান পুৰন্দৰ শৰ্মা মৰ্মাহত হৈ নীৰৱে মোৰ লগত অহাত বিজুলী সঞ্চাৰে চৌদিশে বাতৰি প্ৰকাশ পালে, “পুৰন্দৰক ফুকনে নিলে, লৰাব নোৱাৰা খুটি ফুকনে উভালিলে।” এই সংবাদে মন্ত্ৰী- মণ্ডলীৰ চিত্তত চাঞ্চল্য ওপজালে। আৰু অনুসন্ধান কৰি জানিব পাৰিলো যে পুৰন্দৰে যুদ্ধ চলি থাকোতেই ফুকনৰ বুদ্ধিমতে মন্ত্ৰীপক্ষ সমৰ্থনকাৰী আৰু তিনিজনক পলুৱাই নিলে। আত্মপক্ষ ৰক্ষাৰ সম্ভাৱনা নেদেখি ৰসতে নাম থবৰ মনেৰে প্ৰধানমন্ত্ৰীয়ে এছেমব্লি মণ্ডপত থিয় দি স্পষ্টকৈ স্বীকাৰ কৰি কলে, “বৰ্তমান মন্ত্ৰীমণ্ডলীৰ ওপৰত সদস্যসকলৰ সৰহভাগৰে আস্থ৷ নাই, গতিকেই আমি মন্ত্ৰীপদ ত্যাগ কৰিলে৷; বিৰোধী দলক শলাগৰ শৰাই আগবঢ়ালে৷ আৰু পদমৰ্যাদাৰ আনন্দ উপভোগ কৰক, ইয়াকে বাঞ্ছা কৰিলোঁ।” উৎকণ্ঠাত সমজুৱাৰ কণ্ঠৰোধ হৈ আহিল। প্ৰধানমন্ত্ৰীৰ বাণী প্ৰচাৰত পৰ্বতত খলকনি তুলি জয়ধ্বনি কৰিলে—“বন্দে মাতৰম্।” মন্ত্ৰী-নিধন পৰ্বৰ ওৰ পৰিল। ততালিকে আকৌ “মন্ত্ৰী গঠন” পৰ্বৰ আৰম্ভ হ'ল।

 সভাপতিয়ে সেইদিনালৈ সভা ভঙ্গ কৰি তাৰ পিচদিনা ২॥ বজাত সভ বহিব বুলি আদেশ প্ৰচাৰ কৰিলে। মন্ত্ৰী পদত্যাগৰ ফলত পক্ষাপক্ষৰ সালসলনি হ'ল। আগৰ পক্ষ বিপক্ষ হ'ল আৰু বিপক্ষ দল স্বপক্ষৰ সমৰ্থক হ'ল। ক্ষোভে, লাজে, খঙে কিংকৰ্তব্যবিমূঢ় হৈ বৰ্তমান বিপক্ষ দলে প্ৰথমতে শৰণ ললে প্লেণ্টাৰ প্ৰতিনিধি- সকলৰ। দ্বিতীয়তে, “মুছলমান ধৰ্ম” বিপন্ন বুলি বাণী প্ৰচাৰ কৰি আগৰ বিপক্ষ দলৰ মুছলমান সভ্যসকলক সপক্ষলৈ অনাৰ দিহ৷