নহলেও মোৰ লগত কিছু থাকে। মুখাৰ্জী মহাশয়ে বস্তু দেখিয়েই বিস্ময় মানিলে। অকণমান মটৰ বোটখনত ইমান বস্তু থবৰ ঠাই নহব বুলি যিমান পাৰে বস্তু নিজ হাতেৰে বাহিৰ কৰি থলে। কুঁহিৰামে বহুতো কাকূতি কৰাত কোনোমতে সৰু এটা বাকচ আৰু বিছনাখন (তেওঁৰ মনেৰে অতিকায় ) নিয়াত সন্মতি দিলে। গৈ দেখোঁ, দুখন মটৰত আৰু এখন সৰু গাঁৱৰ মানুহ যাব পাৰিলেহেঁতেন। শোৱা কোঠালিত দুখন খাট, জাহাজৰ কেবিনৰ দৰে। গা ধোৱা আৰু মুখ-হাত ধোৱা সুকীয়া দুটা খোটালি। খোৱা কোঠালিও বেলেগ; লগতে ৰন্ধাৰো বন্দৱস্ত আছে। আগত ওলাই বহিব পাৰি আৰু ওপৰত চকী-মেজ পাতি বহিবৰ ঠাই।
পোৱা মাত্ৰকে বোট এৰি দিলে, যাওঁতে যাওঁতে খোৱা চলিল। ৰাতিতে ‘লকগেট’ পাৰ হৈ থাকিলোঁ; পুৱা ৫ বজাত আকৌ জাহাজ চলিল। ভালদৰে আধাঘণ্টামান বৰষুণ দিলে কলিকতাত ঠায়ে ঠায়ে নাও চলাব পৰা হয়—পানী ওলাই যোৱাৰ ভাল বন্দৱস্ত নোহোৱাৰ কাৰণে। তাৰে সুবিধা কৰিবৰ কাৰণে কৰ্পোৰেশ্যনৰপৰা সুকীয়াকৈ এট৷ ‘কেনেল’ খনোৱাৰ বন্দৱস্ত কৰিছে আৰু সেইবাবে দিনে ১২০০ টকা দি চৰকাৰৰপৰা এখন মাটি খন্দা জাহাজ (dredger) ভাৰা কৰিছে। নাম ৰণাগুছে। আমাৰ জাহাজ এৰি আৰু এখন মটৰ-বোটত উঠি খনা চাবলৈ গলোঁ; সি এটা বৃহৎ কাৰবাৰ। শুকান মাটি খান্দি পাম্পৰ মুখত পেলাই দিয়ে; পানী-মাটি লগ লগাই পাম্পৰ বলত ডাঙৰ নলাৰে নি খালৰ কানত পাৰ বন্ধাকৈ মাটি-পানী ছটিয়াই দিয়ে—পানী বৈ যায়, মাটি ৰৈ যায় আৰু পাৰ বন্ধোৱাও লগে লগে হয়। খাল কটা শেষ হলে দুয়োপাৰে দুটা ডাঙৰ আলি হব মটৰ চলিব পৰাকৈ। সম্প্ৰতি খালেৰে নাও বা জাহাজেৰে নগলে এশ মাইলমান বাট যাবৰ উপায় নাই।
বৰ্তমান চৰকাৰী খাল নিচেই ঠেক আৰু বে-মেৰামত। এখন জাহাজ লাগিলে বাট বন্ধ হয়। টেক্স লয়, কিন্তু হেজাৰ হেজাৰ