পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
চিকাৰ কাহিনী


একোটা দিয়া হয় আৰু সেই হাতী চিকাৰৰ ঠাইত আগেয়ে গৈ ৰৈ থাকে। পিচত গাদীৰ হাতীত উঠি চিকাৰৰ ঠাইলৈ যায়।

 কোন কোন হাউদাৰ হাতীত উঠি চিকাৰ কৰিব, তাৰবাবে চিঠি-খেল হয় আগদিনা গধূলি। তাত হাতীৰ নাম আৰু নম্বৰ উঠে, সেই অনুসৰি চিকাৰৰ ঠাইত নিজৰ হাতী বিচাৰি লব লাগিব। হাতীৰ দানা, মাউতৰ চাউল-দালিৰ কাৰণে বজাৰো বহুৱা হয়। মুঠতে চিকাৰৰ কেইদিন সৰু-সুৰা এখন নগৰ পতা হয়।

 সকলো ঠিকঠাক হোৱা সংবাদ দিলত অভ্যাগতসকলক লগত লৈ ৰজা উপস্থিত হ'ল।

 তম্বুত আগেয়ে নাম লিখি থোৱা হৈছিল। গৈ পাই নিজ নিজ তম্বু বিচাৰি লৈ হাত-মুখ ধুই, কাপোৰ-কানি সলাই বহা তম্বুলৈ আহিল।

 ঘড়ী-ঘণ্টা হিচাপে খোৱা-বোৱা চলে। ৰাতি খোৱাৰ পিচত তাচৰ খেল, নাচ-বাগ, গীত-বাজনা, কথা-গল্প চলে দুপৰ নিশালৈকে।

 পুৱা ৭ বজাত প্ৰথম ঘণ্টা পৰে, সাজু হবৰ কাৰণে। দ্বিতীয় ঘণ্টা পৰে ৭॥ বজাত। তেতিয়া খাই-বৈ দিনটোলৈ ওলাব লাগে। ৮ বাজিলে নিজ নিজ হাতীত উঠি গধূলিলৈকে চলিব লাগে।

 চিকাৰীয়ে নিজা বন্দুক আনে, কিন্তু লাগিলে ৰজাৰ বন্দুকো পায়। কাৰণ, ৰজাই নানাবিধৰ বন্দুক যথেষ্ট পৰিমাণে আনে।

 চকী-মেজ আৰু চব্য-চোষ্য-লেহ্য-পেয় আদি লৈ দুটা বা তিনিটা হাতী লগে লগে ফুৰে, ১॥ বজা মাত্ৰকে খোৱাৰ যোগাৰ হয়। খাই-মেলি আকৌ চিকাৰ আৰম্ভ হয় সন্ধিয়া নহয় মানে।

 নিতৌ গধূলি চিঠিখেল কৰি কোন ক'ত থাকিব ঠিক কৰা কথা আগেয়ে লিখিছোঁ। হাউদাৰ হাতী মুকলিত থাকে আৰু বাকী হাতীয়ে হাবিৰপৰা চিকাৰ খেদি আনে, যাৰ ভাগত আৰু কপালত পৰে সেয়ে মাৰে। চিকাৰ মৰিলে তাৰ ছবি তোলা হয়। দুজনৰ গুলী লাগিলে আচলতে কাৰ গুলীত ৰল তাৰ বিচাৰ কৰি ৰজাই