পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
চিকাৰ কাহিনী


সদ্যজাত শিশু হলেও লগতে নিয়ে। দুজনী এজনী অতি বৃদ্ধা পিতামহীক ঘৰতে কপাহ নেওঠি থকা দেখা গ'ল। কপাহ নেওঠে গুটি উলিয়াবৰ কাৰণে আৰু গুটি উলিয়ায় ৰুবৰ কাৰণে। মাংস সিহঁতে খাবলৈ নাপায় বুলিলেই হয়।
 সিহঁতে তিথিয়ে-পৰ্বই গো-বধ কৰে। পুৰা সাতমান বজাত এবাৰ খায়; দুপৰীয়া খাবলৈ পাতত টোপোলা বান্ধি বান্ধি খেতি কৰা ঠাইলৈ যায়, আকৌ ৫মান বজাত শেষ ভোজন কৰে। কাজ কাম শেষ কৰি গধূলি ঘৰলৈ যাওঁতে নৈত গা-ধোৱা প্ৰায়ে দেখিলোঁ। কৌপিন পাৰত থৈ স্নান কৰে।
 জাৰৰ কেমাহ চুলি নিতিয়ায়; কিন্তু জহত তিয়ায় বুলি শুনিছোঁ,গাৰো গো-খাদক কিন্তু পাবলৈ মৰগ বুলি সাধাৰণ গাৰোৱে গৰু কিনি খাব নোৱাৰে। অৱস্থাপন্ন গৃহস্থই এটা বা দুটা গৰু পোহে খেতিৰ কাৰণে বা গাখীৰৰ কাৰণে নহয়, ভোজৰ কাৰণে। সেই গৰুক চৰিবলৈ নিদিয়ে; মানুহে নেদেখাকৈ চাংঘৰত বন্ধ কৰি ঘাঁহ-পান যোগায়। ঘৰৰ মুৰব্বীজনৰ অন্ত্যেষ্টিক্ৰিয়াত সেই গৰু বধ কৰি প্ৰীতিভোজ দিয়া হয়।
 যদিও বৰ্তমান সভ্যতাৰ চিন গাৰো পৰ্বতত বিশেষ একো পোৱা নগল, পৰ্বতবাসীৰ মুখলৈ চাই সন্তোষৰ, পৰিমাণ শিক্ষিত জগততকৈ বহুতো সৰহ যেন লাগিল। সিহঁতৰ বাসস্থান পৰ্বতমালা পৰিবেষ্টিত;গগনস্পৰ্শী পৰ্বত শৃঙ্গত সিহঁতৰ বাসভৱন, কিন্তু আবাস ভূমিখণ্ডআৱৰ্জনা ৰহিত। দিগন্তব্যাপী অৰণ্যানী পৰিবেষ্টিত ক্ষেত্ৰভূমি শস্য-মণ্ডিত; কিন্তু অনাৱশ্যকীয় উদ্ভিদশূন্য। বাসস্থান বেগৱতী নিৰ্ঝৰিণী পৰিবেষ্টিত অথচ পঙ্কবিহীন। প্ৰখৰ সূৰ্য কিৰণোদ্দীপ্ত পৰ্বত শ্ৰেণীক মলয়াৰ বা-ই সততে শীতল কৰি ৰাখে। দেহ বলিষ্ঠ, স্বাস্থ্যপূৰ্ণ,অসন্তোষ লেশশূন্য। প্ৰশান্ত আননত উদ্বেগৰ চিনমাত্ৰ নাই। মৃত্যুবিধিৰ বিধান বুলি ধৰিব পৰা হলেই যদি দাৰ্শনিক তত্ত্বজ্ঞ পণ্ডিত বুলিব পাৰি, তেন্তে শৈলশৃঙ্গবাসী জ্ঞান গৰ্ব ৰহিত গাৰো আচলতে তত্ত্ববিৎ