পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
চিকাৰ কাহিনী


ঘণ্টাই লাগিল। জোকাৰণিত সৰ্বাঙ্গ বিষাই গৈছিল, ভাবিলোঁ,তিনিদিনমান বিছনাৰপৰা নুঠোঁ।

 ঘৰ পোৱাৰ অলপ পিচতেই খবৰ পালোঁ দীপৰত হাতী নামিছে আৰু দঁতাল এটাই ‘ফৰেষ্ট’ৰ ঘৰ ভাঙিছে আৰু মানুহো খেদি ফুৰিছে। খবৰ শুনিয়েই দুখ-ভাগৰ বহুত কমা যেন লাগিল। লগুৱা শ্ৰীমান কুঁহিৰামক ন-কাপোৰ দিবলৈ কলোঁ, কাৰণ, পিন্ধি অহা কাপোৰেৰে বাজলৈ যোৱা টান।

 জয়জয়তেই গলোঁ ডিভিজনেল ফৰেষ্ট অফিচাৰ মিঃ ভদ্ৰনৰ তালৈ। দঁতাল হাতীটো মাৰিবৰ কাৰণে অনুমতি দিবলৈ ডেপুটী কমিশ্যনাৰ চাহাবক অনুৰোধ কৰিবলৈ তেওঁক কলোঁ, কাৰণ, সেই যোগত চকৰদ অফিচ ঘৰ ভাঙিছে।এখন্তেক পলম হোৱা হলে তেওঁক লগ নাপালোঁহেঁতেন—ক’ৰবালৈ যাবলৈ ওলাইছিল। লৰা- লৰিকৈ মই ডি-চিলৈ দিয়া দৰখাস্তৰ এচুকতে অনুমতি দিবলৈ অনুৰোধ কৰি লিখি দিলে। সেইখন লৈ গৈ ডি-চিক অনুমতিৰ কাৰণে ধৰিলোঁ। তেওঁ ভাবি-চিন্তি চাই তাৰ পিচদিনা অফিচত হুকুম দিব বুলি কলে। কিন্তু তেনে কৰিলে মোৰ পলম হয়, হাতী লগ পোৱাৰ সম্ভাৱনা নাথাকে। এই বিষয়ে ভালদৰে বুজাই কোৱাত তেওঁ মুখেৰেই মাৰিবলৈ অনুমতি দি লিখিত হুকুম পিচদিনাখন দিব বুলি কলে। হুকুম পাওঁতে ৰাতি হ'ল। যোগাৰ-যন্ত্ৰ কৰি ওলাওঁতে মিলোতে পুৱ৷ ৮ বাজিল। বিল পাৰ হৈ কেম্প পাওঁতে ১০॥ মান বাজিল।

 বিল পাৰ হওঁতেই শুনিলোঁ, অলপ আগতে বিলৰপৰা হাতী গৈ পৰ্বতত উঠিল। ইমান পৰলৈ হাতী বিলত নাথাকে বুলি জানো,কিন্তু সিদিনা ৰ'দ উঠালৈকে থকা কথা সকলোৱে কলে৷

 কথা-বতৰা কৈ নানা কল্পনা-জল্পনা কৰি দিনৰ সৰহপৰ বিছনাতে পৰি কটোৱা হ'ল। হাতী নমা খবৰ পালেও ৰাতি আৰু টৰ্চ দি মাৰিবৰ চেষ্টা নকৰাকেই স্থিৰ কৰি ১০মান বজাত শোৱা গ'ল।