পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
চিকাৰ কাহিনী


মুখলৈ চাই থাকিল শ্ৰীযুত যোগেন্দ্ৰ মণ্ডল উকীল। বিজনী ৰজাৰ অনুৰোধ উপেক্ষা কৰি তেওঁৰ আত্মীয় শ্ৰীযুত ললিত নাৰায়ণ দেৱক বিজনীৰ ল এজেন্সি নিদি, দিয়া হৈছিল মণ্ডল মহাশয়ক।

 ছাদুল্লা মন্ত্ৰিত্ব নিধন পূৰণত শ্ৰীমান পুৰন্দৰ শৰ্মাক লৈ এটি সুকীয়া স্কন্ধ ৰচিত হ'ল। আদিতে বহু চেষ্টা কৰিও শ্ৰীযুত ৰোহিণী চৌধুৰী, ডাক্তৰ জ্যোতিষচন্দ্ৰ দাস আৰু মই নিজেও মঙ্গলদৈলৈ গৈ বিশেষ অনুৰোধ কৰিও তেওঁক “পিপলছ পাৰ্টি”ত ভুক্ত কৰিব পৰা নাছিলোঁ। নিৰ্বাচনৰ কেইদিনমান আগতে তেওঁ গুৱাহাটীলৈ আহি চৌধুৰীৰ তালৈ গৈ সেই দলভুক্ত হয় আৰু নিৰ্বাচনত জয়লাভ কৰে। তেতিয়াৰেপৰা তেওঁ চৌধুৰী ডাঙৰীয়াৰ প্ৰিয়পাত্ৰ হয় আৰু সৰ্ব-বিষয়তে তেওঁৰ দক্ষিণ হস্ত বুলি জনাজাত হয়। তেওঁৰ প্ৰতি চৌধুৰী পৰিবাৰৰ সমাদৰ দেখি অকৃত্ৰিম বন্ধুত্বৰ অকাট্য প্ৰমাণ পোৱা গৈছিল। কিন্তু চৌধুৰী ডাঙৰীয়াৰ লগত শেষ পৰ্যন্ত প্ৰীতি থকা সত্ত্বেও মন্ত্ৰিত্বৰ ওপৰত তেওঁৰ আস্থাৰ বান্ধন ক্ৰমে শিথিল হোৱাৰ প্ৰমাণ মাজে মাজে পোৱা গৈছিল। সেই সূক্ষ্ম সূত্ৰকে অবলম্বন কৰি মই তেওঁক কংগ্ৰেছৰ ফলীয়া কৰিবৰ চেষ্টা কৰিছিলোঁ; কিন্তু সমূহ মন্ত্ৰীমণ্ডলীৰ প্ৰতি তেওঁৰ অনাস্থাৰ ভাব যিমানেই দৃঢ় নহওক,চৌধুৰীৰ প্ৰতি প্ৰীতি আৰু কৃতজ্ঞতাৰ ভাবে তেওঁৰ মনক অলৰ-অচৰ কৰি ৰাখিছিল, তাক মই ডাঠি কব পাৰোঁ। কিন্তু শৰ্মাক অনাৰভাৰ সম্পূৰ্ণৰূপে মোৰ ওপৰত পৰিল। তেওঁৰ এদিনৰ কাৰ্যই আমাৰ জয়-পৰাজয় নিশ্চিত কৰিলে। শৰ্মাক লগ পোৱা টান। তেওঁৰ প্ৰহৰী মোৰ দুজন ভতিজা শ্ৰীমান কিৰণ আৰু হিৰণ।

 অনাস্থা প্ৰস্তাৱ দিবৰ দিনা পুৱা শ্ৰীমান পুৰন্দৰক লগ ধৰিলোঁ। বুজাই-বঢ়াই মটৰত তুলি লৈ ফুৰিবলৈ গলোঁ। বহুত বুজায়ো চৌধুৰীৰ বিৰুদ্ধে নিয়াৰ সম্ভাৱনা নেদেখি নিৰপেক্ষ হৈ থকাৰ প্ৰস্তাৱ কৰিলোঁ; তাত সন্মত কৰাব নোৱাৰিলোঁ। তেওঁ অৱশেষত কলে, “মন্ত্ৰীপক্ষ এৰাৰ মোৰ বিশেষ আপত্তি নাই';' কাৰণ, যিদৰে তেওঁ