পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
চিকাৰ কাহিনী


বজালৈ। ছিলঙত দিনত খোৱাৰ পিচত ৰাতি দুই বজাত এপিয়লা চাহ খোৱা হ'ল আৰু পুৱা চাৰি বজাত এপিয়লা চাহ খাই হাতী বিচাৰি ওলালোঁ।

 ওৰে ৰাতি বৰষুণ দি আছে। পুৱা যাত্ৰা কৰোঁতেও বৰষুণ এৰা নাই। ছাতি নিলে চিকাৰ নহয়, গতিকে বৰষুণত তিতিয়ে গলোঁ। চাৰি বজাৰপৰা দহবজালৈকে হাতীৰ খোজে খোজে পৰ্বতে-ভৈয়ামে বিচাৰি ফুৰিলোঁ। হাতী খাছীয়াৰ এলেকাৰপৰা উভতি বাগিচাৰ ফালে অহাৰ চিন পালোঁ। আমিও খোজে খোজে বাট ললোঁ, বাটে বাটে ঘৰ ভঙাৰ, শস্য খোৱাৰ চিন পালোঁ। আজি দহ দিনে সেই হাতীটোৰ উপদ্ৰৱত গাঁৱৰ মানুহৰ, বাগিচাৰ মানুহৰ শান্তি নাই। বিচাৰি বিচাৰি বাগিচাৰপৰা তিনিমাইলমান দূৰত এখন বেতনিৰ জাহিত দেখিলোঁ ঘাঁহ খাই আছে। মাত্ৰ পিঠিখন দেখা যায়। হাতীৰ গোন্ধ পাই মই উঠা হাতীজনী উত্ৰাৱল হ'ল। প্ৰমাদ গণিলোঁ। বইঠ পেলাই নামিবৰ চেষ্টা কৰিলোঁ, কিন্তু ভয়তে বইঠ নপৰে। কি কৰিম, কি নকৰিম খন্তেক চিন্তা কৰি পিঠিৰ তললৈ ঠিক কৰি মাৰিলোঁ গুলী। গুলী খায়েই ঠাইতে ঘূৰিল আৰু আমাৰ পিনে খোজ ললে। ময়ো লগে লগে মাৰিলোঁ দ্বিতীয় গুলী। সেই গুলী খাই বইঠ পৰাৰ দৰে বহিল। কিন্তু হাতীয়ে গুলী খালেপ্ৰায়ে হয় বাগৰে নহয় পলায় আৰু সময়ত অলপ দূৰলৈ গৈ পৰাৰ আগতে গছৰ আশ্ৰয় লয়। কিন্তু এই হাতীটোৱে বহা অৱস্থাতেই আৰু ছয় গুলী খোৱাৰ পিচতহে বাগৰ ললে। দেখোঁ — অতিকায় হস্তী। প্ৰায়ে এনেকুৱ৷ ডাঙৰ হাতী লগ পোৱা নাযায়। ওখ প্ৰায় ১০ ফুট, দাঁত এমোনৰ ওপৰ। এনেকুৱা দাঁত মই আগেয়ে দেখা নাই। এদিনত দাঁত উলিওৱা সম্ভৱ নহল। শ্ৰীমান কুঁহিৰামক তাতে এৰি মই ঘৰলৈ আহিলোঁ। এডোখৰ বাট খোজকাঢ়ি আহিবলগীয়া হৈছিল, সেই ডোখৰতেই হাতী-বাঘৰ ভয়। লোহাৰ-ঘাট পাওঁতে ৰাতি ন মান বাজিল। তাতে মটৰত উঠিলোঁ। বাট