পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
চিকাৰ কাহিনী


উচিত। চৰাইকুল ৰক্ষা পৰিল—বাঘৰ ত্ৰাস লাগিল। শ্ৰীমান দেবেনে এবেলি এটা কপৌ মাৰিছিল, প্ৰথম গুলীতে। সেইদিনাৰপৰা তেওঁ গুলী নামাৰে, তেওঁৰ 'চেণ্ট পাৰচেণ্ট ৰেকৰ্ড’ অৰ্থাৎ গুলীয়ে প্ৰতি এটা মাৰা সুনাম নষ্ট হয় বুলি। শেষদিনালৈকে তেওঁক আৰু বন্দুক মৰা নেদেখিলোঁ। এদিন মাথোন বন্দুক লৈছিল, এটা পগলা কুকুৰ ওলাওঁতে। কিন্তু কুকুৰে খেদা মাৰিলত বন্দুক থৈ লৰ মাৰিলে। সেই কথা কলে তেওঁ উত্তৰত কয় যে পগলা কুকুৰ মাৰিবলৈ গৈ কুকুৰৰ কামোৰত পগলা হৈ প্ৰাণ হেৰুৱাতকৈ পলাই আত্মৰক্ষা কৰা ভাল।

 ঈশ্বৰে তাৰপৰা ৰক্ষা কৰিলে আৰু মোৰ চিকাৰী হিচাপে গুলীয়ে প্ৰতি মৰাৰ সুনামো ৰ'ল। সেইবাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। চিকাৰ বুলিলে দেবেন ওলাবয়ে আৰু নিজে বিন্দুক নধৰিলেও চিকাৰৰ নিয়ম ৰক্ষা কৰি চলিব; কিন্তু চিকাৰ নোপোৱা দেখিলে এঘণ্টাৰ ওপৰ কেতিয়াও মনে মনে থাকিব নোৱাৰিছিল—তেহেলৈ চিকাৰ যাওকেই বা থাওকেই, তুমি ভালেই পোৱা বা বেয়াই পোৱা।

 পুৱাতে চাহ-জলপান খাই চিকাৰলৈ যাত্ৰা কৰিলোঁ। বাট ওলোৱাৰ আগডোখৰ ভালেৰেই গ'ল। হাবিৰ অন্ত নাই; হাতীৰ ওপৰত মানুহ নেদেখি। গৈয়েই আছোঁ, গৈয়েই আছোঁ—নাই বাঘ,নাই পহু। হঠাতে খবৰ পালোঁ ম'হ থকাৰ। নিজ নিজ বন্দুক ললোঁ আৰু সাৱধানে হাতী চলাবলৈ দিলোঁ। অলপ পৰতে এগুলী মৰাৰ শব্দ পালোঁ; আকৌ নিস্তব্ধ। শব্দ অনুসৰি গৈ দেখোঁ,এটা প্ৰকাণ্ড মতা ম'হ পৰি আছে। দাদাৰ গুলীত মৰিল—একে গুলীতে। নিজে নোপোৱাৰ ক্ষোভ থকা সত্ত্বেও আনন্দৰ কোলাহল উঠিল।

 মূৰ কাটিবলৈ গাঁৱৰ মানুহ আনিবলৈ হাতীৰে মানুহ পঠিওৱা হ’ল; খবৰ পাই ততালিকে কছাৰী গাঁও ভাঙি ডেকা-বুঢ়৷, ল'ৰা-