চিকাৰ কাহিনী/হাতী চিকাৰ
[ ৩৮ ]
হাতী চিকাৰ
বিজনীৰ ৰজা শ্ৰীল শ্ৰীযুক্ত ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মোকৰ্দমা সম্পৰ্কে মই অসমৰ ৰাজধানী ছিলঙলৈ যাওঁ।তাত গৈ দুই তাৰিখত শুনিলোঁ, সেইবেলিৰ এছেমব্লি সভাত মন্ত্ৰীসকলক গৰিহণা দিয়া হব। ৫ তাৰিখত সভা বহিব, কিন্তু ৪ তাৰিখ সন্ধিয়া ৬ বজাত খবৰ কৰি জানিলোঁ, তেতিয়াও নেতা শ্ৰীযুত গোপীনাথ বৰদলৈ গুৱাহাটীৰপৰা আহি পোৱা নাই। কংগ্ৰেছৰ ফালৰপৰা তেতিয়াও একো বিশেষ তৎপৰতা নেদেখি ভাবিলোঁ, কাৰ্য সিদ্ধিৰ আশ৷ কম। তেতিয়ালৈকে মন্ত্ৰী ভঙা-পতাত মোৰ কোনো পক্ষে বিশেষ আগ্ৰহ নাছিল যদিও অনুভৱ কৰিছিলোঁ যে মন্ত্ৰী মহাশয়সকলে যিদৰে কাৰ্য চলাইছে তাত দেশ সন্তুষ্ট নহয়। দিনে দিনে তেওঁলোকৰ ওপৰত অনাস্থা বাঢ়ি গৈছে। অথচ সেই অনাস্থা ভাবৰ আশ্ৰয় লৈ মন্ত্ৰীসকলৰ বিৰুদ্ধে দেশবাসীক জগাই তুলিবৰ চেষ্টা ভালদৰে কংগ্ৰেছ পক্ষৰপৰা চলা নাছিল। অপৰ পক্ষে এটি ভোটত মানৰক্ষা হোৱাৰেপৰ৷ মন্ত্ৰী মহাশয়সকলে যৎপৰোনাস্তি চেষ্টা চলাইছিল, যাতে তেওঁলোকৰ সমৰ্থনকাৰীৰ সংখ্যা আৰু হ্ৰাস নহয়। অলপ দুৰ্বলচিতীয়া সভ্যসকলক সাৱধানে শত্ৰুপক্ষৰপৰা আঁতৰাই ৰাখি ক্ষীৰ-খিচা-লৱণু আদি সম্ভাৰ সমাদৰে যোগাই পৰিতুষ্ট কৰি ৰখাৰ ব্যৱস্থা কৰাইছিল তেতিয়াৰেপৰা।
চাওঁতে চাওঁতে সভ্যৰ সমাৱেশ হ’ল। কংগ্ৰেছ নেতাসকলৰ অত্যন্ত আগ্ৰহত ময়ো অনাস্থা প্ৰকাশ আন্দোলনত যোগ দিবলৈ বাধ্য হলোঁ। কাৰ্য ভাও বুজি সুপ্ত খাচীয়া গিৰিশৃঙ্গক জগাই তুলিবৰ মনেৰে ৰাষ্ট্ৰপতি সুভাষচন্দ্ৰ আৰু মৌলানা আজাদক বিশেষ [ ৩৯ ] অনুৰোধ জনাই মাতি অনা হ'ল। আৰু টেলিগ্ৰাফ কৰি মতা হ’ল সহ-সভ্য কংগ্ৰেছ-পন্থীসকলকো। প্ৰজাৰ অভাৱনীয় হেন্দোলদোপ দেখি আদিম অধিবাসী খাচীয়া আৰু গোৰ্খালী সেনা আদিৰো চিত্ত চঞ্চল হৈ উঠিল।
১৯২০ চনৰ অসহযোগ আন্দোলনতো বৃটিছৰ দমন নীতিৰ প্ৰভাৱত যি ছিলং গিৰিশৃঙ্গ অচল-অটল হৈ আছিল; সেই অভ্ৰভেদী শৃঙ্গ সামান্য মন্ত্ৰীৰ অনাস্থা প্ৰকাশৰ ক্ষুদ্ৰ আন্দোলনত হঠাতে অধীৰ-মুখৰ হৈ উঠিল। এদিন ভগ্নস্বাস্থ্য উদ্ধাৰৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমান সুভাষচন্দ্ৰ ছিলঙলৈ আহিছিল আৰু তেতিয়াও তেওঁক পাণ্ডুৰপৰা নিয়াৰ ভাৰ এই অভাজনৰ হাতত পৰিছিল। নিজৰ গাড়ী নথকাত বিশেষ অনুৰোধত কমাৰ্চিয়েল কেৰিং কোম্পানীয়ে প্ৰথম শ্ৰেণীৰ গাড়ী এখন তেওঁক নিয়াৰ কাৰণে দিছিল। তাৰবাবে পইচা লোৱাৰ কথা নাছিল, কিন্তু এবছৰমানৰ পিচত ৭৫\ টকা দাবী কৰি মোৰ ওপৰত মোকৰ্দমা চলায়; মোৰ এজন ছাত্ৰ উকীলৰ সহায়ত সেই দায়ৰপৰা মই মুক্তি পাওঁ। হেৰ সিদিনাখন কেৰিং কোম্পানীৰ প্ৰাণস্বৰূপ মোৰ ছাত্ৰবন্ধু উকীল শ্ৰীমান প্ৰফুল্লচন্দ্ৰ গুহক বিশেষ অনুৰোধ জনাইছিলোঁ, বানপানী প্ৰপীড়িত লোকৰ সহায়কাৰী দুজন'দুখীয়া কৰ্মীক বিনা পইচাত গুৱাহাটীলৈ নিবলৈ। উত্তৰ পালোঁ- “বিনা পইচাই নিব নোৱাৰি দুখীত হলো; কাৰণ, আমাৰ কোম্পানী শুধ ব্যৱসায়ী। ইয়াত ৰাজনৈতিক গোন্ধ থকা কোনো পক্ষকে আমি সহায় কৰিব নোৱাৰোঁ।” কিন্তু দুদিন পিচতে নিজ চকুৰে দেখিলোঁ, তেতিয়াৰ মন্ত্ৰীসকলৰ পৰিস্থিতিৰ কাৰণে ১ম, ২য় আৰু ৩য় শ্ৰেণীৰ অলেখ গাড়ীৰে মন্ত্ৰীসকলক সহায় কৰা হৈছিল। সেইকেইদিন কোম্পানীৰ কৰ্তৃত্ব মন্ত্ৰিত্ব ৰক্ষাৰ কৰ্তৃপক্ষক শোধাই দিয়া' হৈছিল। ধনাই-মনাইয়েও কোম্পানীৰ ১ম শ্ৰেণীৰ গাড়ী চলোৱা দেখা গৈছিল। শুধ ব্যৱসায়ীৰ এই লক্ষণ!
কোম্পানীৰ গাড়ী নাপালেও ৰাষ্ট্ৰপতি সুভাষচন্দ্ৰৰ সম্বৰ্ধনাত [ ৪০ ] গাড়ীৰ অভাৱ হোৱা নাছিল। শ্ৰীহট্টৰ মাজবাটৰপৰা ২০।২৫ খন গাড়ীৰে আগবঢ়াই অনা হৈছিল সুভাষচন্দ্ৰক। যোজন বিস্তৃত শোভাযাত্ৰাত মুনিহ-তিৰোতা, ল'ৰা-বুঢ়া, অসমীয়া-বঙালী, খাচীয়-গোৰ্খালী, মাৰোৱাৰী-হিন্দুস্থানী, হিন্দু-মুছলমান, জৈন-খৃষ্টিয়ান,চৰকাৰী কৰ্মচাৰীকে আদি কৰি সকলোৱে যোগ দিছিল। কাৰণ,ছিলঙত এয়ে প্ৰথম ৰাজনৈতিক আন্দোলন। ‘স্বৰাজৰ জয়’, ‘বন্দে মাতৰম' গীত শুনি খাচীয়া পৰ্বত-ভৈয়াম নিশ্চয় স্তম্ভিত আৰু মোহিত হৈছিল। ধ্বনি-প্ৰতিধ্বনিত নিশ্চল গিৰিশৃঙ্গ চঞ্চলমুখৰ হৈ উঠিছিল।
শিৱপ্ৰসাদ বৰুৱাৰ ঘৰত থোৱা হ'ল আজাদ আৰু ৰাষ্ট্ৰপতি সুভাষক। লগে লগে আলিৰ মানুহ ঘৰাঘৰি গ'ল; নিস্তব্ধ হ'ল মুখৰা নগৰী; কিন্তু আৰম্ভ হ’ল কাণে কাণে কথা কোৱা, ইঙ্গিততে জনোৱা আৰু আৰম্ভ হ'ল, সভ্যৰ ভিতৰত দুই-তিনি-চাৰিক পক্ষভুক্ত কৰিবৰ অহোপুৰুষাৰ্থ। তাৰ ভিতৰত কিছুমানক বাক্য-বচনেৰে, কিছুমানক লুকুৱাই ৰাখি আৰু কিছুমানক ভয় দেখুৱাই পক্ষভুক্ত কৰাৰ চেষ্টা। কাঢ়া পহৰাত ৰখা হৈছিল ৰাজ-জামাতা শ্ৰীযুত সন্তোষকুমাৰ বৰুৱাক। প্ৰহৰীৰ ভিতৰত প্ৰধান আছিল কুমাৰী ৰজাৰ্ছ আৰু মন্ত্ৰী শ্যালক শ্ৰীমান.........। তেওঁলোকৰ প্ৰধান কৰ্তব্য আছিল ৰুদ্ধ দুৱাৰত থাকি ভদ্ৰাভদ্ৰ নিৰ্বিশেষে বৰুৱাদেৱৰ খবৰ কৰিবলৈ যোৱা লোকসকলক অপমান কৰা। আনকি ছিদলীৰ ৰাজকুমাৰ, ৰূপচীৰ জমিদাৰ শ্ৰীমান জগদীন্দ্ৰনাৰায়ণ চৌধুৰীয়েও সেই অপমানৰ হাত সাৰিব পৰা নাছিল। এই কাঢ়া পহৰাৰ মাজৰ-পৰাও বৰুৱাদেৱক উদ্ধাৰ কৰি দুই-চাৰিবাৰ শত্ৰুপক্ষৰ মাজলৈ অনা হৈছিল। বাক্-বিতণ্ডা, তৰ্ক-যুক্তি, অনুনয়-বিনয় বৰুৱাদেৱৰ আগত সকলো নিষ্ফল; তেওঁ সকলো অৱস্থাতে নিৰ্বিকাৰ হিচাপে কৈছিল,“মই সকলো বুজিছোঁ, কিন্তু কি কৰা উচিত তাকেহে বুজিব পৰা নাই।” এয়ে আছিল তেওঁৰ অতি ক্ষীণ মাতৰ সমিধান। বৰুৱাদেৱৰ [ ৪১ ] মুখলৈ চাই থাকিল শ্ৰীযুত যোগেন্দ্ৰ মণ্ডল উকীল। বিজনী ৰজাৰ অনুৰোধ উপেক্ষা কৰি তেওঁৰ আত্মীয় শ্ৰীযুত ললিত নাৰায়ণ দেৱক বিজনীৰ ল এজেন্সি নিদি, দিয়া হৈছিল মণ্ডল মহাশয়ক।
ছাদুল্লা মন্ত্ৰিত্ব নিধন পূৰণত শ্ৰীমান পুৰন্দৰ শৰ্মাক লৈ এটি সুকীয়া স্কন্ধ ৰচিত হ'ল। আদিতে বহু চেষ্টা কৰিও শ্ৰীযুত ৰোহিণী চৌধুৰী, ডাক্তৰ জ্যোতিষচন্দ্ৰ দাস আৰু মই নিজেও মঙ্গলদৈলৈ গৈ বিশেষ অনুৰোধ কৰিও তেওঁক “পিপলছ পাৰ্টি”ত ভুক্ত কৰিব পৰা নাছিলোঁ। নিৰ্বাচনৰ কেইদিনমান আগতে তেওঁ গুৱাহাটীলৈ আহি চৌধুৰীৰ তালৈ গৈ সেই দলভুক্ত হয় আৰু নিৰ্বাচনত জয়লাভ কৰে। তেতিয়াৰেপৰা তেওঁ চৌধুৰী ডাঙৰীয়াৰ প্ৰিয়পাত্ৰ হয় আৰু সৰ্ব-বিষয়তে তেওঁৰ দক্ষিণ হস্ত বুলি জনাজাত হয়। তেওঁৰ প্ৰতি চৌধুৰী পৰিবাৰৰ সমাদৰ দেখি অকৃত্ৰিম বন্ধুত্বৰ অকাট্য প্ৰমাণ পোৱা গৈছিল। কিন্তু চৌধুৰী ডাঙৰীয়াৰ লগত শেষ পৰ্যন্ত প্ৰীতি থকা সত্ত্বেও মন্ত্ৰিত্বৰ ওপৰত তেওঁৰ আস্থাৰ বান্ধন ক্ৰমে শিথিল হোৱাৰ প্ৰমাণ মাজে মাজে পোৱা গৈছিল। সেই সূক্ষ্ম সূত্ৰকে অবলম্বন কৰি মই তেওঁক কংগ্ৰেছৰ ফলীয়া কৰিবৰ চেষ্টা কৰিছিলোঁ; কিন্তু সমূহ মন্ত্ৰীমণ্ডলীৰ প্ৰতি তেওঁৰ অনাস্থাৰ ভাব যিমানেই দৃঢ় নহওক,চৌধুৰীৰ প্ৰতি প্ৰীতি আৰু কৃতজ্ঞতাৰ ভাবে তেওঁৰ মনক অলৰ-অচৰ কৰি ৰাখিছিল, তাক মই ডাঠি কব পাৰোঁ। কিন্তু শৰ্মাক অনাৰভাৰ সম্পূৰ্ণৰূপে মোৰ ওপৰত পৰিল। তেওঁৰ এদিনৰ কাৰ্যই আমাৰ জয়-পৰাজয় নিশ্চিত কৰিলে। শৰ্মাক লগ পোৱা টান। তেওঁৰ প্ৰহৰী মোৰ দুজন ভতিজা শ্ৰীমান কিৰণ আৰু হিৰণ।
অনাস্থা প্ৰস্তাৱ দিবৰ দিনা পুৱা শ্ৰীমান পুৰন্দৰক লগ ধৰিলোঁ। বুজাই-বঢ়াই মটৰত তুলি লৈ ফুৰিবলৈ গলোঁ। বহুত বুজায়ো চৌধুৰীৰ বিৰুদ্ধে নিয়াৰ সম্ভাৱনা নেদেখি নিৰপেক্ষ হৈ থকাৰ প্ৰস্তাৱ কৰিলোঁ; তাত সন্মত কৰাব নোৱাৰিলোঁ। তেওঁ অৱশেষত কলে, “মন্ত্ৰীপক্ষ এৰাৰ মোৰ বিশেষ আপত্তি নাই';' কাৰণ, যিদৰে তেওঁ [ ৪২ ] লোকে কাৰ্য চলাইছে সেইদৰে সৰহদিন চলাব নোৱাৰিব; কিন্তু চৌধুৰীক এৰা মোৰ পক্ষে প্ৰায় অসম্ভৱ। আপুনি ভালদৰে বুজালে চৌধুৰীকো আনিব পাৰিব। তেতিয়াহলে সকলো কথা সহজ হব।” মই কলোঁ, “এই অৱস্থাত আজিয়েই চৌধুৰী অহাৰ সম্ভাৱনা নাই। তুমি নিৰপেক্ষ হলে তেওঁ পিছে-পৰে আহিবও পাৰে।” এনেদৰে নানা প্ৰকাৰে বুজোৱাত তেওঁ মোৰে সৈতে চৌধুৰীৰ তালৈ গৈ নিৰপেক্ষ থকাৰ অনুমতি বিচৰাৰ প্ৰস্তাৱ কৰিলে। নিৰুপায় হৈ অনিচ্ছা সত্ত্বেও ময়ো যাবলৈ ওলালোঁ। গৈয়েই দেখোঁ, চৌধুৰীৰ ঘৰ ভৰা। পুৰন্দৰৰ কথামতে ময়েই চৌধুৰীৰ আগত অতিশয় সংযতভাৱে কলোঁ, “শ্ৰীমান পুৰন্দৰ নিৰপেক্ষ হৈ থাকিব খোজে –তুমি বেজাৰ নাপাবা।” কথা শুনিয়েই উপস্থিত ভদ্ৰমণ্ডলী গুজৰি উঠিল। মোৰ প্ৰিয়বন্ধু শ্ৰীমান ধনীৰাম তালুকদাৰৰ ৰুদ্ৰমূৰ্তি মই আগেয়ে দেখিছিলোঁ, গতিকে ভয় নকৰিলোঁ যদিও যাত্ৰাৰ দলৰ ভীমৰ অভিনয়ৰ কথা মনত পৰিল। অৱস্থা বিষম জানি আমি দুয়ো গাড়ীত উঠিলোঁ। শ্ৰীমান পুৰন্দৰক লক্ষ্য কৰি অতিশয় অপমানসূচক বাক্য প্ৰয়োগ কৰিব ধৰিলে। মোৰ প্ৰতিও আদেশ হ'ল, পুৰন্দৰক এৰি ওলাই যাবলৈ। শ্ৰীযুত জ্যোতিষচন্দ্ৰ দাস ডাক্তৰ ডাঙৰীয়াই পুৰন্দৰক হাতত ধৰি বলেৰে নমাই নিবৰ চেষ্ট৷ কৰিলে। পুৰন্দৰে মিনতি জনালে, “মই ভাবি-চিন্তি যি ভাল হয় কৰিম, আপোনাসকলে ফুকন ডাঙৰীয়াক অপমান নকৰিব আৰু মোকো বলেৰে ধৰি ৰাখিবৰ চেষ্টা নকৰিব।”
মই গাড়ী চলাবলৈ কলো ড্ৰাইভাৰক; তেতিয়া চৌধুৰী ডাঙৰীয়াই ফটক বন্ধ কৰিবলৈ আদেশ দিলে প্ৰহৰী হিন্দুস্থানীক। ড্ৰাইভাৰক হাতত ধৰি নমাই দি নিজেই ড্ৰাইভাৰৰ স্থান অধিকাৰ কৰি চক্ৰ ধাৰণ কৰিলে আৰু গৰ্জি কলে, “গাড়ী ইয়াৰপৰা যাব নোৱাৰে,আপুনি ইয়াৰপৰা য’ক।” মই গাড়ীৰপৰা নামিবলৈ বাধ্য হলোঁ। মোক নমা দেখি, শ্ৰীমান পুৰন্দৰো নামি আহিল। নামি দেখোঁ, [ ৪৩ ] এজন মানুহ গাড়ীৰ চকাৰ ওচৰত দীঘল হৈ পৰি আছে, দেখি গা শিয়ঁৰি উঠিল। গাড়ী চলোৱাহেঁতেন আজি সৰ্বনাশ হ'লহেঁতেন, কাৰণ, গাড়ীৰপৰা ড্ৰাইভাৰে আগত পৰি থকা মানুহজন দেখা নাপায়। পিচত অনুসন্ধান কৰি জানিলোঁ, মানুহজন হয় শ্ৰীযুত গঙ্গা চৌধুৰী, নহয় সভাপণ্ডিত শ্ৰীযুত নৰনাথ শৰ্মা।
শ্ৰীমান পুৰন্দৰ শৰ্মা মৰ্মাহত হৈ নীৰৱে মোৰ লগত অহাত বিজুলী সঞ্চাৰে চৌদিশে বাতৰি প্ৰকাশ পালে, “পুৰন্দৰক ফুকনে নিলে, লৰাব নোৱাৰা খুটি ফুকনে উভালিলে।” এই সংবাদে মন্ত্ৰী- মণ্ডলীৰ চিত্তত চাঞ্চল্য ওপজালে। আৰু অনুসন্ধান কৰি জানিব পাৰিলো যে পুৰন্দৰে যুদ্ধ চলি থাকোতেই ফুকনৰ বুদ্ধিমতে মন্ত্ৰীপক্ষ সমৰ্থনকাৰী আৰু তিনিজনক পলুৱাই নিলে। আত্মপক্ষ ৰক্ষাৰ সম্ভাৱনা নেদেখি ৰসতে নাম থবৰ মনেৰে প্ৰধানমন্ত্ৰীয়ে এছেমব্লি মণ্ডপত থিয় দি স্পষ্টকৈ স্বীকাৰ কৰি কলে, “বৰ্তমান মন্ত্ৰীমণ্ডলীৰ ওপৰত সদস্যসকলৰ সৰহভাগৰে আস্থ৷ নাই, গতিকেই আমি মন্ত্ৰীপদ ত্যাগ কৰিলে৷; বিৰোধী দলক শলাগৰ শৰাই আগবঢ়ালে৷ আৰু পদমৰ্যাদাৰ আনন্দ উপভোগ কৰক, ইয়াকে বাঞ্ছা কৰিলোঁ।” উৎকণ্ঠাত সমজুৱাৰ কণ্ঠৰোধ হৈ আহিল। প্ৰধানমন্ত্ৰীৰ বাণী প্ৰচাৰত পৰ্বতত খলকনি তুলি জয়ধ্বনি কৰিলে—“বন্দে মাতৰম্।” মন্ত্ৰী-নিধন পৰ্বৰ ওৰ পৰিল। ততালিকে আকৌ “মন্ত্ৰী গঠন” পৰ্বৰ আৰম্ভ হ'ল।
সভাপতিয়ে সেইদিনালৈ সভা ভঙ্গ কৰি তাৰ পিচদিনা ২॥ বজাত সভ বহিব বুলি আদেশ প্ৰচাৰ কৰিলে। মন্ত্ৰী পদত্যাগৰ ফলত পক্ষাপক্ষৰ সালসলনি হ'ল। আগৰ পক্ষ বিপক্ষ হ'ল আৰু বিপক্ষ দল স্বপক্ষৰ সমৰ্থক হ'ল। ক্ষোভে, লাজে, খঙে কিংকৰ্তব্যবিমূঢ় হৈ বৰ্তমান বিপক্ষ দলে প্ৰথমতে শৰণ ললে প্লেণ্টাৰ প্ৰতিনিধি- সকলৰ। দ্বিতীয়তে, “মুছলমান ধৰ্ম” বিপন্ন বুলি বাণী প্ৰচাৰ কৰি আগৰ বিপক্ষ দলৰ মুছলমান সভ্যসকলক সপক্ষলৈ অনাৰ দিহ৷ [ ৪৪ ] কৰিলে।কংগ্ৰেছ বিৰোধী স্বাৰ্থান্ধ মদগৰ্বী প্লেণ্টাৰসকল বিপক্ষ দলৰ স্তোকবাক্যত ভোল গ'ল। ধৰ্মৰ নামত অনুপ্ৰাণিত হৈ নবাব চাহাব আলি হাইদৰৰ পক্ষ সমৰ্থক মুছলমানকেজনে নবাব চাহাবক এৰি বিপক্ষ দলভুক্ত হ'ল। চহী মোহাৰি কাগজ লৈ বৃদ্ধ পিতামহ প্লেণ্টাৰ প্ৰতিনিধি সমন্বিতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী গৱৰ্ণৰৰ ওচৰ পালেগৈ; অগ্নিৰ সাৰথি বায়ু হৈ কেন্দ্ৰীয় এছেমব্লিৰ ইংৰাজ প্ৰতিনিধি- জনো লগতে গ'ল। কংগ্ৰেছে মন্ত্ৰিত্ব গ্ৰহণ কৰিলে বিশেষতঃ অসম প্ৰবাসী ইংৰাজসকলৰ কিদৰে ব্যাঘাত ঘটিব তাক বিশদভাৱে বুজাই দি গৱৰ্ণৰকো পক্ষভুক্ত কৰিলে। ইয়াৰ প্ৰমাণ আমাৰ হাতত বহুতো আছে; লাগিলে দিব পৰা হব। প্লেণ্টাৰ আৰু যূথভ্ৰষ্ট মুছলমানসকলক লৈ প্ৰস্তাৱিত মন্ত্ৰীমণ্ডলীৰ ওপৰত অনাস্থা প্ৰস্তাৱ দাখিল কৰা হ'ল। আগ্ৰহাতিশয্যত শপত লোৱাই মন্ত্ৰীমণ্ডলী নিয়মমতে গঠন কৰাৰ আগেয়ে এই প্ৰস্তাৱ দাখিল কৰা হ'ল ৷ মনৰ ভাব আছিল, মন্ত্ৰীমণ্ডল গঠন কৰি গাদীত নৌ বহোতেই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি মন্ত্ৰীসকলক বেদখল দিয়া হব। উৎসাহ আৰু আগ্ৰহৰ সীমা নাই, কিন্তু কথাতে আছে, কেতিয়াবা কেতিয়াবা “দাতাই দিয়ে বিধাতাই নিয়ে।” স্পীকাৰ মহাশয়ে আদেশ জাৰি কৰিলে, “অনাস্থা প্ৰস্তাৱ অনাৰ এতিয়াও সময় হোৱা নাই। গতিকে সেই প্ৰস্তাৱ বাতিল কৰা হ'ল। আৰু ন-মন্ত্ৰীসকলক গৱৰ্ণৰে শপত খুউৱা নাই, গতিকে অনিৰ্দিষ্ট সময়ৰ কাৰণে এছেমব্লিৰ অধিবেশন স্থগিত ৰখা হ’ল।” বিনা মেঘে বজ্ৰপাত হ'ল। কেন্দ্ৰীয় এছেমব্লিৰ ইংৰাজ প্ৰতিনিধি উঠিবলৈ ধৰোঁতেই বজ্ৰপাতৰ শব্দত পিছলি পৰিল। গৱৰ্ণৰৰ ঘৰলৈ আশ্ৰয় বিচাৰি অশোভনভাৱে লৰি গ'ল। লগতে গ'ল মৰ্মাহত পাৰিষদবৰ্গ। এছেমব্লিৰ স্পীকাৰৰ ওপৰত বিৰক্তিত এওঁলোকৰ মন টেঙা হ'ল ৷ অক্ষমতাৰ ক্ষোভে গৱৰ্ণৰকে আদি কৰি বিপক্ষ দলৰ হিতাহিত জ্ঞান ৰহিত কৰিলে ৷ গৱৰ্ণৰে শপত খুৱাবলৈ ইস্তাহাৰ জাৰি কৰি মাতি নি কুৰি মিনিট বহুৱাই ৰাখি অতি অভদ্ৰ[ ৪৫ ] ভাৱে তেওঁলোকক বিদায় দিলে। শুনা গ'ল যে ইস্তাহাৰবিলাক প্ৰত্যাহাৰ কৰি মন্ত্ৰিত্বৰ ভাৰ গৱৰ্ণৰে নিজে লব। শুনি হাঁহি উঠিল; কিন্তু পিচত গৱৰ্ণৰৰ মনত হিত বুদ্ধি খেলালে। তেনে নকৰি পুনৰ শপত খাবলৈ সানুনয় অনুৰোধ জনালে আৰু প্ৰতিশ্ৰুতি দিলে যে তেনে অশোভন কাৰ্য আৰু কৰা নহব। সমাৰোহেৰে মন্ত্ৰীসকলে অস্বীকাৰ কৰি মন্ত্ৰিত্ব গ্ৰহণ কৰি গাদীত বহিল। গৱৰ্ণৰৰ উপস্থিতিত মন্ত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ল। বন্দে মাতৰম্ ধ্বনি-প্ৰতিধ্বনিত সুপ্ত ছিলং সজাগ হৈ উঠিল।
ৰথী, অতিৰথী, মহাৰৰ্থীসকলে এফেৰা ভুল কৰি নিজৰ আৰু আচলতে দুদিনলৈ অহা বেচেৰা গৱৰ্ণৰৰ এনে দুবৱস্থা কৰিলে। ইয়াতে মনত পৰে এফাকি ফকৰালৈ, “চোৰকো মোৰে পায়, লোহাকো মামৰে খায়।” ইমানতে পৰিল মন্ত্ৰী গঠন পৰ্বৰ ওৰ। পুনৰ মন্ত্ৰী-নিধন উদ্যোগ পৰ্বৰ আৰম্ভ হ'ল।
চাৰি ৰাতি লঘোণে-ভোকে টোপনি ক্ষতি কৰি অতিশয় ভাগৰ লাগিল। ঘৰলৈ গৈ নিটালে বিছনাত পৰিম বুলি মন কৰিলোঁ। ঘৰ পালোগৈ এঘাৰ বজাত। ছিলঙত যুদ্ধৰ কেইদিন নেৰানেপেৰা বৰষুণ। গৰমৰ লেশ নাই।গা চেঁচা, কিন্তু মূৰ গৰম। ঘৰ পাই গৰমত জীৱ যায় যায় যেন লাগিল। এনেতে খবৰ পালো, ক্ষেত্ৰী আৰু জাগীৰোডৰ মাজত কাঁহিকুছি গাঁৱত প্ৰকাণ্ড দন্তাল এটাই আজি কেবাদিনৰপৰা উপদ্ৰৱ কৰি আছে। সেই বিষয়ে ছিলঙলৈও এখন টেলিগ্ৰাম কৰা হৈছিল বোলে। টেলিগ্ৰাম মই নাপালো। মোৰ বিশ্বাস, সেই সংবাদ সেই সময়ত মই ছিলঙত পালে মোৰ চিত্ত চঞ্চল হব, এই আশংকাত টেলিগ্ৰামখন মোক দিয়া নহল। খবৰ পাই শ্ৰান্তি কিছু পৰিমাণে দূৰ হ’ল। অতিশয় পৰিশ্ৰমৰ ফলত দুৰ্বল শৰীৰত বল পালোঁ আৰু হাতী বিচাৰি যোৱাকে স্থিৰ কৰিলোঁ। বাইদেউৰ কাতৰ অনুনয় আওকাণ কৰি তেওঁৰ ভৰিৰ ধূলি লৈ যাত্ৰা কৰিলোঁ, তেতিয়াই দুৰ্গা দুৰ্গা বুলি। সাঁজ লাগিছে, ইমানতে ঢোপ[ ৪৬ ] গুড়িৰ শ্ৰীমান কমলা ডেকা ওৰফে কমলা মহাজনৰ ঘৰ পালোঁ। হাতীৰ খবৰ দিয়া তেৱেঁই—হাতী মৰা বিষয়েও তেৱেঁই আমাৰ প্ৰধান সাৰথি।
জয়জয়তে তেওঁ জনালে যে ইয়াত তেওঁৰ হাতী নাই, ডুৰুঙত আছে। খবৰ পাই মনটো কোঁচ খাই গ'ল। কৈ-মেলি এটা টকা দি দুজন মানুহক হাতী আনিবলৈ ডুৰুঙলৈ পঠিয়াই আমি ঢোপগুৰিৰ পৰ৷ তিনি মাইলমান দূৰৈৰ থাণু মহাজনৰ ঘৰ পালোহি। তেওঁ ঘৰতে ৰাতি থকাৰ দিহ৷ কৰি এপিয়লা চাহ খাই ৰাতিটোৰ কাৰণে বাগৰ দিলোঁ। চকু মুদা মাত্ৰকে ঘোৰ টোপনি আহিল। এঘণ্টা- মানৰ পিচতে কোঁহিকুছি গাঁৱৰপৰা খবৰ আহিল যে পথাৰত হাতী নামিছে। বস্তু-বাব তাতে এৰি মই হাতী ওলোৱা পথাৰলৈ গলোঁ । তাত গৈ শুনিলোঁ, হাতী সন্ধিয়াতে ওলাইছিল, গ'ল; আকৌ নিশ্চয় আহিব।
শ্ৰীমান পূৰ্ণ সিং নামেৰে কোচ মানুহ এঘৰত হাতী অহালৈ বাট চাম বুলি বহিলোঁ ৷ মানুহজন ভকত। বয়স ৬০ৰ ওপৰ হব, কিন্তু ডাঠে আছে; নিয়মমতে হাল বায় আৰু কোদাল পাৰে। পৰিয়ালৰ ভিতৰত এজনী বিধবা ছোৱালী আৰু তাইৰ ল'ৰা এটা, সৰুতে মাক মৰা আৰু এজনী সৰু ছোৱালী আৰু ল'ৰা এটা । অৱস্থা 'আগেয়ে ভাল আছিল, সম্প্ৰতি খাজনাৰ দায়ত ঘৰ ক্ৰোক কৰি মৌজাদাৰে গৰু-গাই, বস্তু-বাব, আনকি পূজাৰ সঁজুলি কোষা-অৰ্ঘা, শঙ্খ-ঘণ্টাও নিলাম কৰি নিছে। বুঢ়া ভকতৰ মনত বিশেষ অসন্তোষ নাই। আগেয়ে থামু মহাজনৰ দোতালা ঘৰত থকাৰ কথা আছিল, কিন্তু ভকতৰ ব্যৱহাৰ দেখি তেওঁৰ আশ্ৰয় ললোঁ । ঘৰ তিনিটি; মূৰ দোৱাই অতি কষ্টে সোমাব পাৰি, তাৰে দুটি ঘৰ আমাক এৰি দিলে- এটিত ৰান্ধিবৰ কাৰণে আৰু এটাত থকাৰ কাৰণে। চোতালখন বহুল, ফু মাৰি ভাত খাব পাৰি। থকা ঘৰটো পৰিষ্কাৰ-পৰিচ্ছন্ন, দেখিলে বিলাতী মাটি দিয়৷ ঘৰতকৈ ভাল যেন লাগে। [ ৪৭ ] বৃদ্ধ ভকতৰ আতিথ্য গ্ৰহণ কৰি শয়নৰ উদ্যোগ কৰোঁতেই খবৰ আহিল, পথাৰত আকৌ হাতী নামিছে । নিমিষতে পথাৰ পালোগৈ ; দেখিলোঁ, তিনিটা হাতীয়ে এঘৰৰ বাৰীত কল খাই আছে। টৰ্চ মাৰি চালোঁ, ডাঙৰ হাতী এটা আমাৰ পিনে পাছ দি থিয় দিছে। মতা নে মাইকী ঠিক কৰিব নোৱাৰিলোঁ ৷ গতিকেই মৰা নহল। অলপ পৰ থাকি লাহে লাহে গ'ল ৷ আকৌ বিচাৰি গলোঁ। ৰাতি এন্ধাৰ — ত্রয়োদশী হব পায় । লাহে লাহে গৈ আছোঁ, এনেতে গাৰ কাষৰ- পৰাই এট৷ হাতীয়ে জাজৰণি মাৰি খেদা মাৰিলে। পথাৰ মুকলি আছিল, লৰ মাৰি পলালোঁ ; কাৰণ, হাতীয়ে নিচেই ওচৰত আৰু আন্ধাৰত দেখা নাপায়। হাতী হাবিত সোমাল। আমি কথা- বতৰা পাতি শুলোঁ।
হাতী আহিল ১০।১১ মান বজাত, যাওঁতে দুইমান বাজিল। ই পৰ্বত সি পৰ্বত বিচাৰি বিচাৰি সাঁজে-সন্ধ্যায় ঘৰলৈ উভতি আহিলোঁ। হাতীৰ বিশেষ সন্ধান নাপালোঁ।
পিচদিনা পুৱ৷ ৭ মান বজাত মই আৰু বুঢ়াভকত দুয়ো যাত্ৰ৷ কৰিলোঁ ৷ বিচাৰি বিচাৰি ঠিক ন বজাত হাতীৰ শব্দ পালোঁ । অতি সাৱধানে মাত-বোল নকৰাকৈ গলোঁ ৷ কিছুদূৰ যোৱাৰ পিচত এটা দাঁতৰ মখনা হাতী এটা দেখিলোঁ। মাইকী নে মতা হঠাতে চিন ধৰিব নোৱাৰি ৷ ভালদৰে চাই চাই ঠিক পালোঁ, মখনা। বন্দুক তুলিলোঁ, নিচান কৰিলোঁ, কুমলৈ চাই গুলী মাৰিলোঁ ৷ লগা মাত্ৰকেই হাতীয়ে বাগৰ ললে। কাণ-মুৰ একণকে জোকৰা নেদেখিলোঁ। মুৰৰ লিপ্ লিপিডোকৰ কাটি লৈ ঘৰমুখে যাত্ৰা কৰিলোঁ ৷ দন্তাল নোপোৱাৰ দুখ মনতে ৰ'ল।
কিছুদূৰ যোৱাৰ পিচত আমি থকা ঠাইৰ তলত আকৌ বাঁহ ভঙাৰ শব্দ পালোঁ ; গুলী ভৰাই বন্দুক ললোঁ ৷ সাৱধানে হাতী চলালোঁ ; অলপ পৰতে অতিকায় দন্তাল আহি উপস্থিত হ'ল । গজেন্দ্ৰগমনে আমাৰ পিনে আহিবলৈ ধৰিলে। হাতীটোৰ “ভাঠি” . [ ৪৮ ] খুলিছে, হেমজুৰ গোন্ধত নাকত কাপোৰ দিব লাগে। হাতীৰ মূৰ্তি দেখি বাট চোৱা বিপজ্জনক ভাবি আৰু পূৰ্ণকাইৰ মুখৰ অৱস্থা দেখি গুলী মাৰিলোঁ। বাঁহপাতে অলপ আঁৰ কৰি আছিল, গুলী লাগিল;কিন্তু একে গুলীতে নপৰিল। দক্ষিণৰপৰা উত্তৰমুখ হ'ল, পুনৰ একাদিক্ৰমে দুই গুলী মাৰিলোঁ, অতি শব্দে হাতী বাগৰি পৰিল। হাতী পৰিলে নুঠে, ভয়ৰ একো কাৰণ নাই, ইত্যাদি প্ৰকাৰে আশ্বাস দি পূৰ্ণ ককাইক নমাই দিলোঁ আৰু ময়ো নামিবৰ দিহা কৰিছোঁ,এনেতে দন্তাল ভায়াই গিৰিসাই উঠিল। মই আচৰিত হলোঁ। পূৰ্ণ-কায়ে কঁপি কঁপি হাতীৰ পিচত আশ্ৰয় ললে। মোৰ বিশ্বাস, কাপোৰ সলাবলগীয়া হৈছিল। পুনৰ গুলী মাৰিলোঁ। দুগুলী খাই ঠাইতে আকৌ বাগৰ ললে। অলপ চাই-চিতি ঘৰলৈ আকৌ বাট ললোঁ। ৯॥ বজাত মৰা শেষ হ'ল।
ঘৰ পাই খাই-বৈ মানুহ-দুনুহ যোগাৰ কৰি দাঁত কাটিবলৈ যাওঁতে যাওঁতে দুই বাজিল। হাতী পাওঁতে পাওঁতে পাঁচমান বাজিল। মাজতে মৰা হাতী দুটা হেৰাল—ই বোলে উঠি গ'ল, সি বোলে উঠি গল। মোৰ কিন্তু খঙত তৰণি নাই; আচলতে ঠাই হেৰুৱাই এইখন বাৰেভচহু কথা উলিয়াইছে। আধাঘণ্টা বিচাৰি পালোঁগৈ। দাঁত কাটোতে সাত বাজিল। হাতী মৰা টান। তাতোকৈ অতি টান হাতীৰ দাঁত উলিওৱা। ৭ খনমান কুঠাৰ ভাঙি ৭ মান বজাত ঘৰলৈ যাত্ৰা কৰিলোঁ। টৰ্চ লগত নিছিলোঁ আৰু নিছিলোঁ এট৷ লেণ্টাৰ্ণ; কিন্তু অলপ পিচতে দেখা গ'ল তাত তেল নাই। অটব্য অৰণ্য, অন্ধকাৰ ৰাতি, কাকবাঁহে পৰ্বত ঢাকি ধৰি আছে, কি প্ৰকাৰে তিনিখন পৰ্বত পাৰ হৈ বাট লব পাৰোঁ—এই চিন্তাই বিকল কৰিলে। হাতী মৰাৰ আনন্দ কিছুপৰলৈ লয় পালে। পৰ্বতে ৰঘুনন্দন জানি তেওঁক প্ৰাৰ্থনা জনালোঁ উদ্ধাৰৰ কাৰণে। বাঁহৰ জোৰ সাজিবলৈ টৰ্চ ধৰি সহায় কৰিলোঁ। ততালিকে ৬/৭ টা জোৰ সজা হ’ল; কিন্তু জুইশলা কাৰো লগত নাই, কি কৰা যায় [ ৪৯ ] ভাবি-চিন্তি শিল যুঁজাই জুই উলিয়াবৰ কথা মনত পৰিল; বিচাৰি বিচাৰি শিল উলিয়াই হৰযুঁজ কৰি শুকান বাঁহপাতত অকণমান টুকি-টাকি কেৰাচিন দি জুই ধৰিলোঁ। জোৰৰ পোহৰত ১০ মান বজাত বহা পালোঁ। বস্তু-বাব বান্ধি-ছাটি দাঁত সমন্বিতে ৰাতি দুইমান বজাত ঘৰ পালোগৈ।