পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰণি স্মৃতি

[বকোৰ চিকাৰ]

 তেতিয়া গুৱাহাটীত মটৰগাড়ী নাছিল আৰু থাকিলেও বাটৰ অৱস্থালৈ চাই সেই সময়ত বাটেৰে মটৰ নিয়া অসম্ভৱ। আজিকালি এঘণ্টাত যাব পাৰি। ১৪টা হাতী লৈ মোৰ ককাইদেউ স্বৰ্গীয় নবীনৰাম ফুকনৰ লগত বকোলৈ চিকাৰ কৰিবলৈ যাত্ৰা কৰিলোঁ। লগত ওলাল শ্ৰীমান জ্ঞানদাভিৰাম বৰুৱা, শ্ৰীমান কামাখ্যাৰাম বৰুৱা আৰু শ্ৰীমান দেবেন্দ্ৰৰাম ফুকন। শ্ৰীমান জ্ঞান তেতিয়া বহুত দিন বিলাতত থকাৰ পিচত অসমলৈ উভতি আহিছে। তেওঁ সৰুৰেপৰা অলপ ভয়াতুৰ প্ৰকৃতিৰ (nervous ) মানুহ। কলিকতাত লগ ধৰি অসমলৈ অহাৰ কথা উলিওৱাত পোন প্ৰথমেই ডাক্তৰ থকা নথকাৰ খবৰ কৰিলে। মহে খালে মেলেৰিয়া হয় নে নহয়, ভাল ভাল কুইনাইন পোৱা যায় নে নাযায়৷ খোৱাপানীৰ কি ব্যৱস্থা,সাপসুপৰেইবা কেনে গতি-বিধি ইত্যাদি বহুবিধ প্ৰশ্নৰ সঁচাই-মিছাই উত্তৰ দি, কৈ-মেলি কোনোমতে গুৱাহাটী পোৱালোহি, লগত সৰু-সুৰা এটা ডাক্তৰখানা আহিল। গুৱাহাটী পোৱাৰ পিচতেই বকোত চিকাৰ কৰাৰ প্ৰস্তাৱ ওলাল।

 চিকাৰ যদিও ভাল তথাপি প্ৰাণীবধ কৰা অন্যায়, এই কথা লৈ কিছু যুক্তি-তৰ্কৰ পিচত চিকাৰলৈ যোৱাৰ স্থিৰ হল; কিন্তু তেনে দুৰ্গম ঠাইলৈ যোৱা উচিত নে অনুচিত সেই লৈয়ো কিছু তৰ্ক-বিতৰ্ক চলিল। তেওঁ নগলেও আমি যোৱা যেতিয়া সাব্যস্ত হ'ল, তেতিয়া তেওঁ কলে, “তোমালোকৰ যদি কিবা হয় আৰু মই নাযাওঁ, তেতিয়া মোৰ অন্যায় হব আৰু মনত ক্ষোভ থাকিব গতিকেই যি হয়