পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
চিকাৰ কাহিনী


গুলীৰ শব্দ পালোঁ, দৌৰি আহি জনালে পশু পৰিল। সি নিশ্চয় গাতে লগাই মাৰিছিল; কাৰণ, এয়ে তাৰ প্ৰথম বন্দুক ধৰা। গতিকেই তাৰ আনন্দ সবাতোকৈ অধিক।

 পহু মৰা বন্ধ হ'ল; কাৰী, কাটলেট, কালিয়া কোৰ্মা চলিল জাহাজ চলাৰ লগে লগে। ইঞ্জিনিয়াৰ দে চাহাবে হুকুম কৰিলে, “আৰু পহু নালাগে; কিন্তু ফুকন চাহাবক সুন্দৰবনৰ ডাঙৰ মগৰ দেখুৱাব লাগিব।” বিচাৰি চাই মগৰ পোৱাৰ আশা এৰি ঘৰমুখে জাহাজ চলাওঁতে চলাওঁতে বাহিৰত গোলমাল শুনি গলোঁ ওলাই, শুনো প্ৰকাণ্ড আৰু বিখ্যাত সুন্দৰবনৰ মানুহ খোৱা মগৰ। চাৰেঙে আঙুলি টোৱাই দেখুৱালে, “সৌৱা।” সাৱধানে চায়ো দেখা নাপাওঁ,কিন্তু চাৰেঙৰ গাত গোসাঁই নাই, “সৌৱা, মাৰক মাৰক, খাব, যায়,গ’ল” ইত্যাদি। সি দেখুওৱা বস্তুটো মই দেখিছোঁ, কিন্তু সেইটো যে মগৰ হব পাৰে সেই ভাব মোৰ মনলৈ অহা নাছিল; হঠাতে দেখোঁ,হয় মগৰেই, কিন্তু ইমান অতিকায় মগৰ মোৰ জীৱনত দেখা নাই। হওঁতে ঘৰিয়াল মাৰিছোঁ কমপক্ষেও এহেজাৰ। তথাপিও দেখি বিস্ময় মানিলোঁ, কাৰণ, সেইবিলাক এই মগৰৰ লগত তুলনা নহয়। দেখা মাত্ৰকেই মাৰিলোঁ গুলী, ঠিক মুৰত নালাগি অলপ তললৈ লাগিল। জাহাজ চলি আছে, তদুপৰি চাৰেঙৰ আৰ্তনাদ—য'ত মাৰিবলৈ বুলি টোঁৱাইছিলোঁ তাত লগাহেঁতেন ৰলহেঁতেন। তথাপিও গুলী খাই জাহাজ সমন্বিতে গ্ৰাস কৰোঁ বুলি মুখ মেলিলে,অতি ভয়ংকৰ।

 মনত পৰিল, “গ্ৰাস-গজেন্দ্ৰৰ যুদ্ধৰ কথা! গ্ৰাসৰ বাঢ়িলা বল,পিয়ে জল-পানী” ভালদৰে গুলী লগাৰ বিশিষ্ট প্ৰমাণ দি। প্ৰবল প্ৰচেষ্টা কৰি পানীত পৰিল, তেজেৰে ঠাইডোখৰ ৰাঙলী হ'ল। গৃহাভিমুখী অৰ্ণৱপোতে নৈৰ হিয়া দুফাল কৰি অতি বেগে চলিবলৈ ধৰিলে। আমি আহাৰাদিত মনোনিবেশ কৰিলোঁ।