পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
চিকাৰ কাহিনী

ডাঙৰ গছ আছে, কৃষ্ণচূড়া গছৰ দৰে।তলত হাবি নাই, তাতেই পালে পালে পহু চৰে আৰু ৰ'দ লয়। প্ৰশস্ত বননিখণ্ড ভাগ কৰি অলেখ খাল আছে, দেখিলে মনত হয় যেন কাৰোবাৰ আদেশ আৰু উপদেশ মতে কোনোবাই সীমা নিৰ্দেশৰ কাৰণে অতি সাৱধানে সেই খাল খান্দি থৈছে। গছৰ গুৰি নিতৌ দুবাৰকৈ জোৱাৰৰ পানীত তল যায়। তলত অতি ক্ষুদ্ৰ তৃণ বুলিবলৈ এগছো নাই। ঢুকি-পোৱা গছৰ পাত পহুৱে নাখায়; তলত চিকুটি ধৰিবলৈ এডাল দুবৰিও নাই। ডাঙৰ গছৰ পাতৰ ওপৰতেই পহুৰ জীৱন নিৰ্ভৰ কৰে। দুখন ভৰিৰে থিয় হৈ কোনোমতে কেতিয়াবা যি পাৰে খায়—নহলে মলয়াৰ বা ধুমুহা-ধুপালনিয়ে পাত সৰোৱালৈ আশা কৰি থাকে। কিন্তু আচল জীৱন-মৰণৰ চাবি-কাঠী থাকে বনবিহাৰী বান্দৰৰ হাততেই। বান্দৰ নাথাকিলে তাত পহু নাই বুলি জানিবই লাগিব। সঙ্গৰ আনন্দত নহব পাৰে, কিন্তু পাতৰ লোভত আৰু পেটৰ দায়ত বান্দৰৰ সঙ্গ লৈ চলে হৰিণা পহু। বান্দৰেও পাত ছিঙি দি দি ইঙ্গিততে পহুবিলাকক লৈ ফুৰায়। ইডালৰপৰা সিডাললৈ যাওঁতে সৰাপাত বুটলি খাই ফুৰে পহুবিলাকে আৰু বান্দৰবিলাকেও নিজৰ কৃতিত্বত আনন্দিত হৈ নিতৌ পাত ছিঙি ছিঙি পহুক দিয়ে আৰু পোহা জন্তুৰ দৰে অনুগত কৰে। অযাচিত এই উপকাৰ নোপোৱা হলে সুন্দৰবনৰ পহুকুল নিশ্চয় নিৰ্মূল হলহেঁতেন। সৃষ্টিৰ পালন-নীতিৰ ইয়ো এটা উৎকৃষ্ট উদাহৰণ। যিপিনে ৰ'দ পৰে, সেইপিনেই পহু ওলায়; ৰ'দ লয় আৰু পাত বিচাৰি ফুৰে। যিপিনে ৰ'দ নোলায় সেইপিনে পহু নোলায়। ইয়ো এটা প্ৰকৃতিৰ নিয়ম। নিয়মানুগত আৰু প্ৰকৃতিগত মালাকৰৰ সহজ নিপুণতাৰে অতি যতনেৰে ৰখা যোজন বিস্তৃত এই বননি ৰাজচক্ৰৱৰ্তী ৰজাৰ ৰাজোদ্যান যেন অনুমান হয়। এই বনোদ্যান ৰক্ষাৰ কাৰণে পানীত অতিকায় কুম্ভীৰ আৰু যমোপম বাঘ শ শ নিয়োজিত আছে। জাহাজ দেখিলে ভয় নকৰে, নিৰ্ভয়চিত্তে