পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাৰো পৰ্বতত হাতী বিচাৰি আমি

প্ৰথম খণ্ড

 আমি, মানে ডেকা চিকাৰী শ্ৰীমান জ্যোৎস্নানাথ চৌধুৰী মেছপাড়াৰ জমিদাৰ আৰু মই। তেওঁ আচলতে ভাল চিকাৰী;আগেয়ে দুটা মখনা হাতী মাৰিছে আৰু বাঘো মাৰিছে একুৰিমান। তেওঁৰ বয়স দুকুৰিতকৈ কম; মোৰ বয়স তিনিকুৰিৰ ওচৰ চাপিছে। ময়ো পৰ্বতত হাতী মাৰিবলৈ ওলোৱা শুনি কিছুমানে নিৰস্ত কৰিবলৈ চেষ্টা কৰিছিল আৰু কিছুমানে মিচিকিয়াই হাঁহিছিল; হাঁহিৰ অৰ্থ,“বুঢ়াই কিদৰে আওমৰণে মৰে চোৱাহঁক।” হাতী চিকাৰ মানে হাতী মৰা আৰু হাতী ধৰা; লগতে কষ্ট স্বীকাৰো যথেষ্ট পৰিমাণে আছে। আমি হাতী মাৰিবলৈ অনুমতি লৈছিলো—নহলে ধৰাত বা মৰাত, দুয়োটাতে জগৰ।

 কষ্ট স্বীকাৰ কৰিব নোৱাৰিলে আৰু বুকু ডাঠ নহলে মনৰ বেগত হাতী মাৰিবলৈ কোনো নোলায় যেন–এয়েই মোৰ সৰল গোহাৰি। শ্ৰীযুত অনিলকুমাৰ অধিকাৰী গাৰো পৰ্বতৰ জংঘলী বিভাগৰ ডিপুটী কন্‌জাৰভেটৰ; তেখেতৰ নিমন্ত্ৰণতেই হাতী মাৰিবলৈ ওলাইছিলোঁ। আমি ৫টা হাতী লৈ লক্ষ্মীপুৰৰপৰা বৃহস্পতিবাৰে ১ মান বজাত যাত্ৰা কৰিলোঁ। হাতীয়েপতি তিনিজনকৈ মানুহ—এজন ফান্দী,এজন মাউত আৰু এজন ঘাঁহী। মোৰ লগত এজন লগুৱা,এজন ৰান্ধনি আৰু এজন আলধৰা; জ্যোৎস্নাৰ লগত এজন চাকৰ। দোভাষী নহলে গাৰো পৰ্বতত চলা টান, কাৰণ, পৰ্বতীয়া গাৰোৱে ভৈয়ামৰ কথা সমুলি নুবুজে। চাউল-দালি-লোণ-তেল আদি সাধাৰণ খোৱা-লোৱা বস্তু ১৫ দিনমানৰ সম্ভাৰ লগত লোৱা হ'ল আৰু ললোঁ