পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
চিকাৰ কাহিনী

বান্ধিলে। দিনৰ দিনটো হাতী চোৱা মানুহৰ অন্ত নাই। হাতী প্ৰায়েই দূৰৈৰ পৰ্বতত বা অটব্য বননিতহে মৰা পৰে। গাঁৱৰ ইমান ওচৰত হাতী মৰা চকৰদত বাহিৰে শুনা নাযায়। ই মাত্ৰ পৰহি দিনাৰ পুৱা ৫ বজাৰ ঘটনা।

 কেম্পলৈ আহি শুনিবলৈ পালো যে আমি হাতী মাৰি থকা সময়ত কেম্পৰ ওচৰতে বাঘ এটাই হাঁউৰিয়াই আছিল। খোজ চাই অনুমান কৰিলোঁ, বাঘ ডাঙৰ, ঢেকীয়াপতীয়া।

 দাঁত কাটি লৈ ঘৰলৈ যাওঁ বুলি ওলাইছোঁ, এনেতে খবৰ আহিল যে বিলত এটা দঁতাল হাতী পৰি আছে। সাজি-কাছি গৈ দেখিলোঁযে বিলৰ মাজত সি নিশ্চিন্ত মনে ঘাঁহ খাই আছে—আমালৈ ভ্ৰূক্ষেপেই নাই। দুখৰ বিষয় তাত নাও নাছিল। য'ত হাতীটো আছিল তালৈকে বন্দুকৰ গুলীয়ে ঢুকি নাপায়। তথাপি ঘৰলৈ অহাৰ ইচ্ছা এৰি দি হাতীটো লগ পোৱাৰ আশাত কেম্পলৈয়ে উভতিলোঁ। কিন্তু আশ৷ নফলিল।

 ইমানতো বিশ্বাস নহয় নে যে চকৰদ চিকাৰীৰ স্বৰ্গ?