পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতী চিকাৰ

 বিজনীৰ ৰজা শ্ৰীল শ্ৰীযুক্ত ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মোকৰ্দমা সম্পৰ্কে মই অসমৰ ৰাজধানী ছিলঙলৈ যাওঁ।তাত গৈ দুই তাৰিখত শুনিলোঁ, সেইবেলিৰ এছেমব্লি সভাত মন্ত্ৰীসকলক গৰিহণা দিয়া হব। ৫ তাৰিখত সভা বহিব, কিন্তু ৪ তাৰিখ সন্ধিয়া ৬ বজাত খবৰ কৰি জানিলোঁ, তেতিয়াও নেতা শ্ৰীযুত গোপীনাথ বৰদলৈ গুৱাহাটীৰপৰা আহি পোৱা নাই। কংগ্ৰেছৰ ফালৰপৰা তেতিয়াও একো বিশেষ তৎপৰতা নেদেখি ভাবিলোঁ, কাৰ্য সিদ্ধিৰ আশ৷ কম। তেতিয়ালৈকে মন্ত্ৰী ভঙা-পতাত মোৰ কোনো পক্ষে বিশেষ আগ্ৰহ নাছিল যদিও অনুভৱ কৰিছিলোঁ যে মন্ত্ৰী মহাশয়সকলে যিদৰে কাৰ্য চলাইছে তাত দেশ সন্তুষ্ট নহয়। দিনে দিনে তেওঁলোকৰ ওপৰত অনাস্থা বাঢ়ি গৈছে। অথচ সেই অনাস্থা ভাবৰ আশ্ৰয় লৈ মন্ত্ৰীসকলৰ বিৰুদ্ধে দেশবাসীক জগাই তুলিবৰ চেষ্টা ভালদৰে কংগ্ৰেছ পক্ষৰপৰা চলা নাছিল। অপৰ পক্ষে এটি ভোটত মানৰক্ষা হোৱাৰেপৰ৷ মন্ত্ৰী মহাশয়সকলে যৎপৰোনাস্তি চেষ্টা চলাইছিল, যাতে তেওঁলোকৰ সমৰ্থনকাৰীৰ সংখ্যা আৰু হ্ৰাস নহয়। অলপ দুৰ্বলচিতীয়া সভ্যসকলক সাৱধানে শত্ৰুপক্ষৰপৰা আঁতৰাই ৰাখি ক্ষীৰ-খিচা-লৱণু আদি সম্ভাৰ সমাদৰে যোগাই পৰিতুষ্ট কৰি ৰখাৰ ব্যৱস্থা কৰাইছিল তেতিয়াৰেপৰা।

 চাওঁতে চাওঁতে সভ্যৰ সমাৱেশ হ’ল। কংগ্ৰেছ নেতাসকলৰ অত্যন্ত আগ্ৰহত ময়ো অনাস্থা প্ৰকাশ আন্দোলনত যোগ দিবলৈ বাধ্য হলোঁ। কাৰ্য ভাও বুজি সুপ্ত খাচীয়া গিৰিশৃঙ্গক জগাই তুলিবৰ মনেৰে ৰাষ্ট্ৰপতি সুভাষচন্দ্ৰ আৰু মৌলানা আজাদক বিশেষ