চিকাৰ কাহিনী/চকৰদ বা চিকাৰীৰ স্বৰ্গ

[ ৬৫ ]

চকৰদ বা চিকাৰীৰ স্বৰ্গ

প্রথম অধ্যায়

 দক্ষিণ কামৰূপৰ অন্তৰ্গত খাচীয়৷ পৰ্বতত লগা শুধ মিকিৰৰ বসতি চকৰদ এখনি সৰু গাঁও। গাঁওখন ভৈয়ামত যদিও পৰ্বতৰ গাতে লগা আৰু নিচেই ঠেক, কিন্তু দীঘল।

 এই পৰ্বতীয়া মিকিৰবিলাক স্বভাৱতে সৰল আৰু অলপ ভয়াতুৰ৷ গুৱাহাটীৰ দহমাইল দূৰৈত থাকি এই মিকিৰকেইঘৰ আজিও হোজা হৈয়েই থাকিল—ই দুখৰো কথা, সন্তোষৰো কথা। সকলোৱে ধানৰ খেতি কৰে ৷ দুই-চাৰিজনে আকৌ পৰ্বতৰপৰা কাঠ কাটি আনি বেপাৰীত বেচে। ধানৰ খেতিত বাহিৰে তাত অইন খেতি নাই; তাকো হাতী আৰু পহুৰপৰা ৰক্ষা কৰা টান ।

 মিকিৰবিলাকে বিলৰপৰা মাছ মাৰি খায়। কেইজনমানৰ (মই জনাৰ ভিতৰত শ্ৰীমান টাবাক আৰু ঘলটঙ্গৰ) খাজি মৰা বন্দুকো আছে। সিহঁতে তাৰ মাজে মাজে দুটা-এটা গাহৰি আৰু পহু মাৰি খায়৷ এইদৰে পোৱা মঙহ সকলোৱে ভাগবাটি খায় আৰু সৰহীয়া হলে শুকায়ো থয়।

 ঠাইখনৰ দক্ষিণ-পশ্চিমে খাচীয়া আৰু গাৰোপাহাৰ, উত্তৰে যোজনবিস্তৃত বিল—নাম দীপৰ । কামৰূপৰ ভিতৰত এইখনেই সবাতোকৈ ডাঙৰ বিল। পানীমেটেকা পৰি বিলখন এতিয়া বহুতো বেয়া হ’ল । আগেয়ে মণিব পৰালৈকে ইয়াৰ কলীয়াপানী বতাহত থৌকিবাথৌ কৰি আছিল ৷ বিবিধ বিধৰ মাছমৰা নাও আৰু মানুহে বিলখন শোভন কৰি ৰাখে ৷ মূৰ-ফুলা, খেদেলী হাঁহ, তেল-গাজ, কলী-হাঁহ, বাটলুগুটীয়া শৰালী, নাক খেচখেচীয়া, চাকৈ-চকোৱা আদি [ ৬৬ ] চৰায়ে বিলখনত কোহাল লগাই থাকে। মাজে মাজে উচপ খাই এই চৰাইবিলাক জাকে জাকে উৰি গলে আকাশীজাহাজ যোৱা যেন বোধ হয় ।

 কাতিমাহৰপৰা জাকে জাকে ৰাজহাঁহ সশব্দে বিললৈ উৰি যোৱা গুৱাহাটীৰ ঘৰত বহিয়েই দেখোঁ আৰু সেই অনুসৰি খাৰ-বাৰুদ সংগ্ৰহ কৰি ধ্বংসলীলাৰ আয়োজন কৰোঁ ৷ চিকাৰে দয়া-মৰম মনৰ দুৰ্বলতাহে বুলি চিকাৰীক অনুভৱ কৰায়। হাঁহত বাজেও কোঢ়া, কাইঠা, দলমৰা, দলপুঙা, পানী-কাউৰী, চেঁচা-বগ, ওৱাক, কৰ্চন, ঘোগ বা দৈ-কলা, হাড়-গিলা, শামুক-খোলা, তেলীয়াসাৰেং, কনোৱা আদি অসংখ্য চৰাই দেখা যায়। এইবিলাক বিলৰ চৰাই। পর্বতত পোৱা যায় ডৰিক, দেও-ডৰিক, কইৰা, তিতৰ, হাইঠা ইত্যাদি চৰাই ৷ মাজে মাজে জাক বান্ধি বিলৰ ওপৰত ভেলা পৰে, দূৰৈৰ- পৰ৷ পালতৰ৷ নাৱৰ দৰে দেখা যায়। ভেলাই পলো বোৱা চাবলৈ ভাল লাগে ৷ সিহঁতে শাৰী বান্ধি পলোৰ দৰে বৰ বৰ ঠোটেৰে এফালৰপৰ৷ চবিয়াই যায় ৷ ৰৌ-বৰালী আদি ডাঙৰ মাছ পালে সিহঁতে ডিঙিৰ মোনাত সুমাই থয়—গলত দুখ পালে বা কিবা কাৰণত দিগদাৰি অনুভৱ কৰিলে উলিয়াই দিয়ে। খন্তেক পিচতে উলিয়াই দিয়া মাছৰে৷ বাকলি নোহোৱা হয়। সেই মাছৰ লোভাত অলপ দূৰৈত থাকি পাছে পাছে বহুতো মানুহ যায়, আৰু মাছো পায়।

 বিলত ৰৌ, বৰালী, বাহু, বাহ, কুঢ়ি, চেনিপুঠি, পাভ, কৰত, শাল, শ’ল, এলেং, ভাঙন, কান্ধুলি, কাৱৈ, মাগুৰ, শিঙি, পুঠি, খলিহনা, মোৱা, দৰিকণা, ককিলা আদি অলেখ প্ৰকাৰৰ মাছ পোৱা যায় ৷ বেৰ-জাল, পৰঙী-জাল, খোৱালি-জাল, ঘাট-জাল, চেপা, ডিঙৰি, পলো, আদিৰে বিলত মাছ ধৰা হয় ৷ বেং গাঠি দি বৰশীৰে শাল, শ’ল আদি মাছ মৰা প্ৰায়েই দেখা যায়। বিলত নিকৰি, শিঙৰি আৰু শেলুক যথেষ্ট পৰিমাণে পোৱা যায়। সেইবোৰৰ লোভতে জাকে জাকে হাঁহ আৰু পালে পালে বনৰীয়া হাতী গোটেই [ ৬৭ ] ৰাতি বিলত পৰি থাকে। ই সাধুকথা বা মনেগঢ়া গল্প নহয়।এই দীপৰ বিলতেই মাত্ৰ সিদিনা ৰাতিপুৱা ৫ বজাত দুকুৰি হাতী বিলত দেখা গৈছিল। তাৰে ভিতৰত দুটা হাতী গুলীত মৰা পৰিল। তলত সেই বিষয়ে বহলাই লিখা হ’ল।

 কুমলীয়া ঘাঁহ বিচাৰি জাকে জাকে পহু ৰাতি বিলৰ পাৰলৈ আহে। হাতে হাতে চুঙা-চাকি (টৰ্চ) লৈ অসংখ্য চিকাৰী বিলৰ কানত পহু বিচাৰি ফুৰা দেখা যায়। এই পোহৰবোৰ হঠাতে দেখিলে বৰ বৰ জোনাকী পৰুৱা উৰি ফুৰা বুলি অনুমান হয়।

 হাতী, হৰিণা, শৰ, গাহৰি, শহা আদি জন্তুৰে পৰ্বত ভৰা। পহু, গাহৰি আৰু বিশেষকৈ গৰুৰ লোভত বাঘ তাৰপৰা প্ৰায়েই নুগুচে। দিন দুপৰতে গৰখীয়াৰ প্ৰতিবাদ, বুকু ঢাকুৰণি আওকাণ কৰি ভালৰো ভাল হালোৱা, গাই বা চেউৰি বাঘে টানি লৈ যোৱা দেখা যায়। ভালুক আগেয়ে বহুতো আছিল, এতিয়া কমিছে; কিন্তু সময়ে সময়ে পৰ্বতত এটা দুটা লগ পোৱা যায়। জন্তুৰ ভিতৰত নাই কেৱল ম'হ আৰু মেথোন।

 জাৰৰ কেমাহ তাত থাকিবলৈ বৰ ভাল, বোকা-পানী নাই। পৰ্বতে-ভৈয়ামে বাঘ, পহু, চৰাই আদি বিচাৰি লুংলুঙাই ফুৰিব পৰা যায়।

 বাৰিষাৰ কেইমাহ কিন্তু ঠাইখন বৰ দুৰ্গম হয়, বোকা-পানীৰে চাৰিওফাল ভৰি পৰে, ঠায়ে ঠায়ে না জল না স্থল, নাও নচলে,বামেৰে যাব নোৱাৰি। সাঁজ লগাৰ লগে লগেই মহে নগাধিৰাজৰ বন্দনা আৰম্ভ কৰে। দিনত ডাঁহ, খৰকণা আৰু মাখিয়ে জীৱন দুঃসহ কৰি তোলে।বাৰিষাৰ কথা ভাবিলে অযোধ্যা কাণ্ডৰ পদ এফাকি মনত পৰে—

“জোক পোক মশ ডাশ
দেখি তুমি হৈবা ত্ৰাস
 স্বভাৱতে ডৰুক নাগৰ।”

[ ৬৮ ]  তথাপিও মিকিৰৰ বেৰ নোহোৱা ভঙা ঘৰত সোমাই চিকাৰৰ সপোন দেখা যায়। এদিন নহয়, দুদিন নহয়; এমাহ নহয়, দুমাহ নহয়; এবছৰ নহয়, দুবছৰ নহয়; আজি কুৰি-পঁচিশ বছৰে বাৰিষা খৰালি অশেষ দুৰ্যোগ উপেক্ষিও এই ঠাইলৈ আহি আছোঁ। কাৰণ,চহৰৰ কোলাহলত ত্যক্ত-বিৰক্ত হলে, ঘৰৰ জঞ্জালে সুখ-শান্তি

নাইকিয়া কৰিলে মনত পৰে দীপৰলৈ, মনত পৰে চকৰদৰ পৰ্বতলৈ,মনত পৰে শ্ৰীমান টাবাক মিকিৰৰ ভঙা পঁজালৈ আৰু মনলৈ আহে কুৰুৱাৰ ডাকে কলা ঘুমটিত জগাই দিয়া চিকাৰৰ বাতৰি, হাতীৰ চিঞৰ আৰু বাঘৰ হাওৰণি। সকলোকে পাছ পেলাই আৰু মনত পৰে দুখীয়া হোজা মিকিৰৰ হিয়াভৰা অকৃত্ৰিম প্ৰীতিলৈ।

 চিকাৰলৈ আহিলে পুৱতি নিশা তিনি-চাৰি বজাৰ ভিতৰত উঠিবই লাগিব, নহলে চিকাৰ মিছা। এবাৰ ঘড়ীটো পাহৰি এৰি থৈ আহিছিলোঁ; খঙে, ক্ষোভে চিকাৰৰ উৎসাহ দমাই দিয়াত বৃদ্ধ মিকিৰ স্বৰ্গীয় কাতিৰাম ওৰফে কাতি চৌকিদাৰে দুখভৰা হাঁহি লৈ আশ্বাস দি কলে,—“মোৰ এটা ঘড়ী আছে, আনি দিম। তই একো চিন্তা নকৰিবি।” তাৰ ঘড়ী থকা শুনি অলপ আচৰিত হলোঁ। তথাপিও আশীবছৰীয়া বৃদ্ধ মিকিৰৰ কথা মানি ললোঁ। নিজে বন্দুক মৰা দেখা নাই, কিন্তু তথাপি তাৰ দৰে চিকাৰৰ আওভাও জনা মানুহ খুব কমহে লগ পাইছোঁ। অলপ পিচতে সি এটা বৰ ৰাৱাল কুকুৰা আনি দি কলে, “নে ঘড়ী। চাবি দিব নালাগে। ৰাতি চাকি লগাই চাবও নালাগে। তিনি বাজি আধা ঘণ্টাত এবাৰ দুবাৰ মাতিব। উঠিলে উঠিবি নুঠিলে আকৌ পাঁচ বজাত মাতিব। কেতিয়াবা ঘড়ীৰ লগত মিলাই চাবি, ঠিক পাবি।” বুঢ়া মিকিৰে কোৱা কথা সত্য যে তাত আমাৰ সন্দেহ নাই। ৰাৱাল কুকুৰাৰ মাত এলাৰ্মৰ চৈধ্য পুৰুষ।

 আমাৰ চিকাৰৰ আন এজন লগৰীয়৷ আছিল—পূৰ্ণৰাম। তেওঁ বন্দুক ধৰিব নাজানিছিল; কিন্তু সৰুৰেপৰা আমাৰ লগ। চিকাৰৰ [ ৬৯ ] নামত তেওঁ পগলা আৰু সবাতোকৈ আগেয়ে তেওঁ সাজু হৈ ওলায়। জাৰকালি চিকাৰলৈ গলে পূৰ্ণৰামে বাহিৰতে জুইৰ ওচৰত শোৱে আৰু তিনিমান বজাৰপৰা গীত আৰম্ভ কৰে—স্পষ্ট, গম্ভীৰ, সুৱলা সুৰত। আজিও কাণত বাজি আছে সেই মাত, সেই গীত; আজিও কেম্পত থাকি কলাঘুমটিত শুনো পূৰ্ণৰামে গোৱা গীত—“ৰজনী বিদুৰ দিশ ধৱলী ই-ই-ই ব-ৰ-অ-অ-ণ (হাঁ ) তিমিৰ ফেৰি-ই-ই-য়া আইছে ৰবিৰ অ-অ কিৰণ অবে।”

 “শঙ্কৰ জাগো দিগাম্বৰ ৰাই,
বনৰ হৰিণা বনতে লুকাইলা
 পশু দশ দিশি গৈলাহে শঙ্কৰ
 জাগো দিগাম্বৰ ৰাই।”

“গোপাল, কিনো দুষ্ট ভৈলি তই
 তোৰ অপযশ কতেনো শুনিবো-”

“ওহে মুৰুগা মুচৰি মাৰিম মই তোক;
ৰাতি নৌপুহাতে তই কেনে ডাকিলি
 হৰি এৰি গৈলা মোক হে
 মুৰুগা মুচৰি মাৰিম মই তোক।”

আৰু যে কত গীত!আজিকালি ৰেকৰ্ডত চিঁচিঁওৱা তিৰোতাৰ গীত শুনিলে ডিঙিত টেপা মাৰি ধৰিবৰ মন যায়।

 বহু ঠাইতেই চিকাৰ কৰিছোঁ, বহু ঠাইত চিকাৰৰ কথা পঢ়িছোঁ;কিন্তু কেম্পত বহি বহি হাতী, বাঘ আৰু পহু মাৰিব পৰা ঠাই চকৰদৰ দৰে আৰু নাই। খোৱা-বোৱা, থকা-মেলা, অহা-যোৱা, নাও-মৰা,পহু কঢ়িওৱা আৰু হাতীৰ দাঁত উলিওৱা মানুহক অলপ-অচৰপ দিয়৷ আদি সমুদায় খৰচ হিচাপ কৰিলে পাওঁ যে কুৰি টকামানৰ ভিতৰতে গুৱাহাটীৰপৰা আহি ইয়াত এসপ্তাহমান থাকিব পৰা যায়। [ ৭০ ]  আজিও এই চকৰদক ঋষিৰ আশ্ৰম, মৃগয়াৰ ইন্দ্ৰপুৰী, চিকাৰীৰ স্বৰ্গ বুলি কলেও বঢ়াই কোৱা নহব। চিকাৰ বুলিলে মনত পৰে ঋষি বাক্য—

“একস্য ক্ষণিকা প্ৰীতিঃ
অন্যৈ প্ৰাণা: বিমুষ্যতে।”

অৰ্থাৎ,এজনৰ ক্ষন্তেকীয়া প্ৰীতি অন্ত কৰে আনৰ প্ৰাণৰ।

 মনক আকৌ প্ৰবোধ দিয়া যায় কবি বাক্যেৰে—

“মিথ্যৈব ব্যসনং বদন্তি

 মৃগয়ামী দৃগ্বিনোদঃ কুতঃ।”

অৰ্থাৎ, অতুল আনন্দৰ অনন্ত আধাৰ মৃগয়া, মিছাতে ব্যসন বোলে তাক।


দ্বিতীয় অধ্যায়

 চকৰদত চিকাৰ বিষয়ে এই প্ৰবন্ধত যে বঢ়াই কোৱা নাই তাৰ প্ৰমাণ স্বৰূপে পৰহিদিনাৰ (২-৭-৩৭ ) চিকাৰৰ বিৱৰণ তলত দিলোঁ।

 গোৱালপাৰাৰ অন্তৰ্গত লক্ষ্মীপুৰৰপৰা মটৰেৰে গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ পুৱা ১০ বজাত—দূৰ এশ এমাইল। বৰষুণৰ বাবে বাট বোকাময় হোৱা দেখি সোনকালে ওলালোঁ। খৰালি কালত তিনি ঘণ্টাতেই পোৱা যায়। দুধনৈৰ দলংখন ভগা, মাৰনাৱেৰে মটৰ পাৰ কৰে। নৈৰ পানী তেনেই কমি যোৱাত কোনোমতে ঠেলি-মেলি এঘণ্টামানৰ মুৰত পাৰ হলোঁ। তাৰ পিচৰপৰাই ধাৰাসাৰে বৰষুণ। বাট পিছল, সময়ে সময়ে মটৰখন বাটৰপৰা উফৰি গৈ পথাৰত পৰিব খোজে; কিন্তু জংছন ( ৰাভাৰ ল'ৰ৷ ) ড্ৰাইভাৰে গাড়ী ভাল চলায়। কোনো দুৰ্ঘটনা নোহোৱাকৈ ঘৰ পালোঁ। তিনিঘণ্টাৰ ঠাইত পাঁচ [ ৭১ ] ঘণ্টাই লাগিল। জোকাৰণিত সৰ্বাঙ্গ বিষাই গৈছিল, ভাবিলোঁ,তিনিদিনমান বিছনাৰপৰা নুঠোঁ।

 ঘৰ পোৱাৰ অলপ পিচতেই খবৰ পালোঁ দীপৰত হাতী নামিছে আৰু দঁতাল এটাই ‘ফৰেষ্ট’ৰ ঘৰ ভাঙিছে আৰু মানুহো খেদি ফুৰিছে। খবৰ শুনিয়েই দুখ-ভাগৰ বহুত কমা যেন লাগিল। লগুৱা শ্ৰীমান কুঁহিৰামক ন-কাপোৰ দিবলৈ কলোঁ, কাৰণ, পিন্ধি অহা কাপোৰেৰে বাজলৈ যোৱা টান।

 জয়জয়তেই গলোঁ ডিভিজনেল ফৰেষ্ট অফিচাৰ মিঃ ভদ্ৰনৰ তালৈ। দঁতাল হাতীটো মাৰিবৰ কাৰণে অনুমতি দিবলৈ ডেপুটী কমিশ্যনাৰ চাহাবক অনুৰোধ কৰিবলৈ তেওঁক কলোঁ, কাৰণ, সেই যোগত চকৰদ অফিচ ঘৰ ভাঙিছে।এখন্তেক পলম হোৱা হলে তেওঁক লগ নাপালোঁহেঁতেন—ক’ৰবালৈ যাবলৈ ওলাইছিল। লৰা- লৰিকৈ মই ডি-চিলৈ দিয়া দৰখাস্তৰ এচুকতে অনুমতি দিবলৈ অনুৰোধ কৰি লিখি দিলে। সেইখন লৈ গৈ ডি-চিক অনুমতিৰ কাৰণে ধৰিলোঁ। তেওঁ ভাবি-চিন্তি চাই তাৰ পিচদিনা অফিচত হুকুম দিব বুলি কলে। কিন্তু তেনে কৰিলে মোৰ পলম হয়, হাতী লগ পোৱাৰ সম্ভাৱনা নাথাকে। এই বিষয়ে ভালদৰে বুজাই কোৱাত তেওঁ মুখেৰেই মাৰিবলৈ অনুমতি দি লিখিত হুকুম পিচদিনাখন দিব বুলি কলে। হুকুম পাওঁতে ৰাতি হ'ল। যোগাৰ-যন্ত্ৰ কৰি ওলাওঁতে মিলোতে পুৱ৷ ৮ বাজিল। বিল পাৰ হৈ কেম্প পাওঁতে ১০॥ মান বাজিল।

 বিল পাৰ হওঁতেই শুনিলোঁ, অলপ আগতে বিলৰপৰা হাতী গৈ পৰ্বতত উঠিল। ইমান পৰলৈ হাতী বিলত নাথাকে বুলি জানো,কিন্তু সিদিনা ৰ'দ উঠালৈকে থকা কথা সকলোৱে কলে৷

 কথা-বতৰা কৈ নানা কল্পনা-জল্পনা কৰি দিনৰ সৰহপৰ বিছনাতে পৰি কটোৱা হ'ল। হাতী নমা খবৰ পালেও ৰাতি আৰু টৰ্চ দি মাৰিবৰ চেষ্টা নকৰাকেই স্থিৰ কৰি ১০মান বজাত শোৱা গ'ল। [ ৭২ ] বিলত হাতী মৰা এনেয়ে টান, তদুপৰি টৰ্চ দিলে হঠাতে চক খাই কোনোবা এপিনে লৰ মাৰিলে আৰু আন্ধাৰত মৰা অসম্ভৱ। ৰাতি দুইমান বজাত খবৰ দিলে হাতী নামিছে বুলি। লগে লগে হাতীৰ চিঞৰ-বাখৰো শুনিবলৈ পোৱা গ'ল। কৰিবলৈ একোৱেই নাই,কাতি হৈ আকৌ বাগৰ দিলো। টোপনি ততালিকে আহিল। ৪ বজাত আকৌ সাৰ পালো। কাপোৰ-কানি পিন্ধি-উৰি চাহ-জলপান খাই-মেলি গুলী-বন্দুক লৈ দুৰ্গা দুৰ্গা বুলি যাত্ৰা কৰিলেঁ৷ ৪॥ মান বজাত। লগত ওলাল মোৰ সদায় লগত ফুৰা শ্ৰীমান কুঁহিৰাম। হাতী মৰা বিষয়ত তাৰ বৰ আগ্ৰহ। কেবাবাৰে৷ হাতী বিচাৰি যোৱাত হাতীৰ খোজ চাই দণ্ডি ধৰি যোৱাত সি পাৰ্গত হৈ উঠিছে। মনত অলপ আশঙ্কা আহিলেও ডবিয়ালে সাহ কৰি পৰ্বতে-ভৈয়ামে হাতী চান্দি আগবাঢ়ি যায়। ধুতি এৰি সিয়ো চুটি পট্‌লুং পিন্ধিলে, কিন্তু বনিয়নটো পিন্ধিলে বগা, অলপ দূৰৈত গৈহে দেখিলোঁ। ঘোচা এটা শোধাবৰ মন আছিল; কিন্তু যাত্ৰা অসিদ্ধ হব বুলি মৰা নহল। বগা কাপোৰ দেখি হাতীয়ে খেদিলে সিহে মৰিব।তাক মই আগেয়ে কেবাবাৰো চিকাৰত বগা কাপোৰ নিপিন্ধিবলৈ কৈছিলোঁ।

 শ্ৰীমান টাবাক মিকিৰ আৰু ছৰ্দাৰ বলবাহাদুৰ নেপালীও আমাৰ লগত ওলাইছিল। মোৰ ভতিজা শ্ৰীমান বীৰেনে৷ মোৰ লগতে আছিল। তেওঁৰ বয়স কম হলেও চিকাৰী ভাল। পৰ্বতৰ কানে কানে গৈ বিলৰ পাৰ পালোগৈ। তাৰপৰা দেখিলে৷ ২০।২৫টামান হাতী পোৱালিয়ে পানীযু’ৱলিত আনন্দমনে ঘাঁহ খাই আছে। আৰু দেখিলোঁ চাহান এৰি অকলশৰে ধাহ খাই থকা দুটা ডাঙৰ হাতী সেই দুটাৰ ওপৰত লক্ষ্য ৰাখি আগবাঢ়িলোঁ। আমাক দেখি হাতী-বোৰ পৰ্বতমুৱা হ'ল। আমিও — মই, বলবাহাদুৰ আৰু কুহিৰাম-পৰ্বতত উঠিলো। এজোপা ডাঙৰ গছৰ আঁৰ লৈ তিনিও ৰলো। ১০।১৫ মিনিট যোৱাৰ পিচতেই চাহানৰ হাতী এটি-দুটিকৈ আমাৰ [ ৭৩ ] কাষেদি যাবলৈ ধৰিলে। আমি থকা ঠাইৰপৰা হাতী যোৱা ঠাইৰ ব্যৱধান পোন্ধৰ হাততকৈ বেছি নহয়। দেখিলোঁ, হাতীৰ মন সন্তোষপুৰ্ণ, চিত্ত নিৰুদ্বেগ। আগত ডাঙৰ মাখুন্দি এটা-দুটা-তিনিটা গজেন্দ্ৰ গমনে চলিছে। তাৰ পিচত পোৱালি দহ-পোন্ধৰটিমান চঞ্চল গতি আৰু অস্থিৰ মতি লৈ অগ্ৰসৰ হৈছে। তাৰ পিচত ওলাল দঁতাল তিনিটামান, নিচেই পোৱালি নহয়; দহৰপৰা ১৫/২০ বছৰমান হব। পিচত আকৌ কেইটামান মাথুন্দি। এইদৰে ২৫।৩০টামান হাতী কাষেৰে গ'ল। সৰ্বশেষত আহিল এটা দলৰ মখনা। সি মাৰিবৰ যোগ্য হলেও দলৰ মখনা বুলি নামাৰিলোঁ। চাহান গৈ শেষ হ'ল। কিন্তু বাকী দুটা হাতীৰ একো খা-খবৰ নাই। অলপ সময় সেই ঠাইতেই থাকি ওপৰলৈ গৈ আকৌ এডাল গছৰ আশ্ৰয় ললোগৈ। অলপ পৰৰ পিচত এটি সৰু শব্দ কাণত পৰা যেন লাগিল। শব্দ অহা ফাললৈ একান্তে চাই ৰলোঁ। ক্ষন্তেক পিচতেই অতি ধীৰে, গজেন্দ্ৰগমনে যাব ধৰা দেখিলোঁ এটা দঁতাল। মাৰিবৰ মন কপালত'। কিন্তু ভালকৈ দেখোঁ মানে মুৰটো অলপ আগবাঢ়িল। সি আমাৰ নিচেই ওচৰতে প্ৰায় কুৰি হাতমান নিলগত। ঠিক মূৰ বা কপাল নাপাই কাণৰ পাছেদি মগজু পোৱাৰ আন্দাজ কৰি মাৰিলোঁ গুলী। গুলী খাই সি বাওঁহাতলৈ ঘূৰিব ধৰোঁতেই কাষত মাৰিলোঁ দ্বিতীয় গুলী। সেই গুলী খায়েই সি নেদেখা হ'ল।

 বন্দুকত পুনৰ গুলী ভৰাই লৈ শব্দ আন্দাজ কৰি ক্ষন্তেক কাণ-পাতি ৰলোঁ। ওচৰতে ঘৰ ঘৰ কৰা যেন শব্দ শুনি অতি সাৱধানে আৰু সন্তৰ্পণে এখোজ দুখোজকৈ আগবাঢ়িলোঁ। গুলী খোৱা হাতী নপৰিলে সি খঙত উগ্ৰমূৰ্তি হয় আৰু কাণ মৰা বন্ধ কৰি নিতাল মাৰি থাকে—চিকাৰীয়ে দেখা নেদেখাতেই হেঁচা মাৰি ধৰে। এখোজ-দুখোজকৈ আগবাঢ়ি দেখোঁ—বাওঁফালে এটা শিলৰ কুৰুঙত থিয়ই বহাৰ দৰে সি পৰি আছে। আমাক দেখি সি উঠিবলৈ চেষ্টা [ ৭৪ ] কৰিছিল; কিন্তু চেষ্টা ব্যৰ্থ যেন পাই শুৰেৰে ধৰিবলৈ চালে। বুজিলোঁ, তাৰ পক্ষে উঠা অসম্ভৱ। নিশ্চিন্ত হৈ আৰু আগবাঢ়িলোঁ।

 মত্ত গজহস্তীৰ এনে অৱস্থা দেখি অলপ বেয়া লাগিল। তাৰ পিচত আন এটা গুলীৰে গজেন্দ্ৰৰ মুক্তিসাধন কৰা হ'ল।

 অলপ চাই-চিতি দা-কুঠাৰ আনিবৰ মনেৰে ঘৰমুৱা হৈ খোজ লওঁতেই দূৰৈত কোনোবাই ডাঙৰ মখনা এটা অহা বুলি চিঞৰা শুনিবলৈ পালোঁ। আকৌ আগবাঢ়ি পৰ্বতত উঠিলোগৈ। গছৰ আঁৰ লৈ ৰথ দিলোঁ। কুঁহিৰামক আগবাঢ়ি চাবলৈ কালোঁ। সি এখোজ দুখোজ গৈ ভয়তে আৰু আগ নাবাঢ়ে। অলপ ধমক দিয়াত আগবাঢ়ি গ'ল। ক্ষন্তেক পিচতে সি চুলি মেলি দৌৰি আহি কলে,“মখনা হাতী এটা আহিব লাগিছে।” কওঁতে কওঁতে তেওঁ আহি ওলালহিয়েই। অলপ দূৰৈ বুলি গুলী মাৰো নামাৰো কৰি থাকোতেই আমাক দেখি তেওঁ হাবিত লুকাল। মনটো কেনেবা লাগিল। লৰালৰিকৈ শব্দ অনুসৰণ কৰি পূবৰ পিনে আগবাঢ়ি গছ এজোপাৰ আঁৰত ৰলোঁ। শব্দ নোহোৱা হ'ল।

 কিন্তু চকুৰ পলকতে দেখিলোঁ, গছ এডালৰ আঁৰ লৈ কাণ থিয় কৰি আমাৰ পিনে তেওঁৰ লাগি চাই আছে, অৰ্থাৎ খেদিবৰ মন। চকুৰ পচাৰতে গছৰ গুৰি এৰি দুখোজ আগবাঢ়িলোঁ। হাতীয়েও আমাক লক্ষ্য কৰি খোজ ললে। তিলমানো পলম নকৰি সেই মুহূৰ্ততে ভুচুং চাই মাৰিলোঁ গুলী। গুলী খাই এখোজো নিদিয়া-কৈয়েই বাগৰ ললে গজৰাজে। বাগৰ লোৱাৰ আগতেই জীৱ বাজ হোৱা যেন লাগিল, কাৰণ, কাণ-শুৰ একো লৰোৱা দেখা নগল। গুলী মৰা ঠাইৰপৰা হাতী থকা ঠাইলৈ ১৫ গজৰ বেছি নহব।

 এঘণ্টাৰ ভিতৰতে দুটা হাতী পৰিল, চকৰদৰ পূৰ্ব সুনাম আকৌ উজ্জ্বল হৈ উঠিল। হাতী পৰা শুনি চাৰিওপিনে কোহাল লাগিল। গছৰপৰ৷ মিকিৰৰ ল'ৰাবোৰে বান্দৰৰ দৰে নামিবলৈ ধৰিলে। ডেকা-বুঢ়া সকলোৱে য’ৰে বস্তু ত’তে এৰি হাতীৰ চাৰিওফালে জুম [ ৭৫ ] বান্ধিলে। দিনৰ দিনটো হাতী চোৱা মানুহৰ অন্ত নাই। হাতী প্ৰায়েই দূৰৈৰ পৰ্বতত বা অটব্য বননিতহে মৰা পৰে। গাঁৱৰ ইমান ওচৰত হাতী মৰা চকৰদত বাহিৰে শুনা নাযায়। ই মাত্ৰ পৰহি দিনাৰ পুৱা ৫ বজাৰ ঘটনা।

 কেম্পলৈ আহি শুনিবলৈ পালো যে আমি হাতী মাৰি থকা সময়ত কেম্পৰ ওচৰতে বাঘ এটাই হাঁউৰিয়াই আছিল। খোজ চাই অনুমান কৰিলোঁ, বাঘ ডাঙৰ, ঢেকীয়াপতীয়া।

 দাঁত কাটি লৈ ঘৰলৈ যাওঁ বুলি ওলাইছোঁ, এনেতে খবৰ আহিল যে বিলত এটা দঁতাল হাতী পৰি আছে। সাজি-কাছি গৈ দেখিলোঁযে বিলৰ মাজত সি নিশ্চিন্ত মনে ঘাঁহ খাই আছে—আমালৈ ভ্ৰূক্ষেপেই নাই। দুখৰ বিষয় তাত নাও নাছিল। য'ত হাতীটো আছিল তালৈকে বন্দুকৰ গুলীয়ে ঢুকি নাপায়। তথাপি ঘৰলৈ অহাৰ ইচ্ছা এৰি দি হাতীটো লগ পোৱাৰ আশাত কেম্পলৈয়ে উভতিলোঁ। কিন্তু আশ৷ নফলিল।

 ইমানতো বিশ্বাস নহয় নে যে চকৰদ চিকাৰীৰ স্বৰ্গ?