পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খোজকাঢ়ি পৰ্বতত হাতী বিচাৰি

 শ্ৰীযুত বেজবৰুৱা ডাঙৰীয়াৰ টেলিগ্ৰাফ পাই হাতী মৰাৰ চিন্তা খন্তেকলৈ আঁতৰাই থৈ যোৰহাট পোৱাৰ কথা আগেয়ে লিখা হৈছিল।

 মোকৰ্দমা আপোচ কৰি তিনদিনমানতে উভতি গুৱাহাটী পালোঁহি। পায়েই খবৰ পালোঁ, হাতী দীপৰত মাজে-সময়ে নামিয়েই আছে; কিন্তু মোৰ ছোৱালীৰ বিয়া, লোকেল বোৰ্ডৰ নিৰ্বাচন আৰু উপৰুৱা কামে হাতীৰ চিন্তা কিছু পৰিমাণে আঁতৰাই ৰাখিবলৈ বাধ্য কৰিছিল। ইপিনে সপোনে-সচিতে থাকি থাকি হাতীৰ কথা মনত পৰিয়েই আছিল।

 ২ জুন তাৰিখত চেয়াৰমেন নিৰ্বাচন শেষ হল। তাৰ পিচদিনাই আকৌ দীপৰৰ পাৰ পালোঁগৈ। যোৱাৰ আগদিনা আবেলি ৪ মান বজাতে বিলৰ পাৰত দঁতাল ককাই চৰি থকাৰ সম্বাদ পালোঁ। সেইকাৰণে উভতি নাহি তাতে খাপ লোৱাৰ স্থিৰ কৰিলোঁ। কেম্প অৰ্থাৎ থকা ঠাই শ্ৰীমান তাবাক মিকিৰৰ টোল। ঘাই ঘৰত ল'ৰা-তিৰোতা লৈ শ্ৰীমান তাবাক বাস কৰে— তদুপৰি তেওঁৰ আন ঘৰ চাইটা। এটা গোহালি ঘৰ, এটা ঢেঁকিশাল—তাকো বতাহে বগৰাই থৈছে, এটা ভঁৰাল আৰু এটা খালী ঘৰ। খালী ঘৰটো ভালদৰে বান্ধিবৰ মনেৰে চাল নিছাই কাঠৰ খুটা লগাইছে। দুপিনৰ বেৰ সমূলি নাই—দখিণৰ বেৰ আছে—কিন্তু সিও নামমাত্ৰ, ৰ’দ-বৰষুণ যিমানে পাৰে পৰে। উপায়ান্তৰ নেদেখি তাতেই ৰন্ধাৰ কাৰবাৰ কৰি চাকৰ, বামুণ থকাৰ ব্যৱস্থা কৰা হ'ল। মোৰ ভাগত পৰিল ভঁৰাল ঘৰ। ভঁৰাল বাদ দি কেম্পখাটখন কোনোমতে পাতিব