পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
চিকাৰ কাহিনী


হাতী বা মানুহ মাৰে। যাওঁতে যাওঁতে মানুহৰ উপৰিও দুটা কুন্‌কী হাতী মৰা সংবাদ পালোঁ। তথাপিও হাতী মৰাৰ আকাঙ্ক্ষা আৰু আগ্ৰহে সকলো আশঙ্কা দূৰ কৰিলে। চাৰিদিনৰ দিনা “দেবাৰা গিৰি” পাই অতি পৰিশ্ৰান্ত হৈ তাতেই কেম্প কৰিলোঁ। শ্ৰান্তিতকৈও নিৰাশাৰ অৱসাদে ক্ৰমে শৰীৰ আৰু মন অবসন্ন কৰি আনিছিল। “মোংমা দোংসা” অৰ্থাৎ “হাতী নাই” এই কথা শুনি শুনি মন তিতা হৈ গৈছিল। তথাপিও অভ্যাসমতে আৰু অন্তৰতে আশাৰ ক্ষীণ প্ৰদীপ লৈ চেমনীয়া ল'ৰা এটাক আগ্ৰহশূন্যচিত্তে পুনৰ প্ৰশ্ন কৰিলোঁ, “মোংমা দোঙা না দোংযা?” প্ৰশ্ন শুনিয়েই সি অতি আগ্ৰহেৰে উত্তৰ দিলে, “মোংমা দোঙা”। খবৰ সচাঁই হওক বা মিছাই হওক, শুনিয়েই ঘপৰাই হাতীৰপৰা নামিলোঁ আৰু নামিয়েই তাক সাবটি ধৰিবলৈ হাত মেলিলোঁ; সি কিন্তু ভয়তে লৰি গছত উঠিলগৈ। নিৰুপায় হৈ দোভাষীক মাতি তাৰ হতুৱাই পুনৰ প্ৰশ্ন কৰালোঁ। উত্তৰত দঢ়াই কলে, “দালাহা মোংমা দোঙা” অৰ্থাৎ ডাঙৰ হাতী আছে। বুজাই-বঢ়াই তাক গছৰপৰা নমাই, গাত হাত ফুৰাই সোধাত কলে বহুতো হাতী ওচৰতে আছে; ৰাতি ডেডনি শুনিছে আৰু পুৱা বাঁহ ভাঙি থকা শব্দও শুনিছে। তাৰ কথা শুনি থাকোঁতেই এটি দুটিকৈ গাৰো আহি ওচৰ চাপিল। “হাতী ওচৰতে আছে, গলেই পাব” ইত্যাদি প্ৰকাৰে আশ্বাস দি হাতী থক৷ ঠাই দুৰৈৰপৰা দেখুৱাবলৈ সন্মত হল, আমিও আশ্বস্ত হৈ মাল-পত্ৰ নমাই দুটা হাতীত ফান্দ দি দুটা হাতীত উঠি আমি দুয়ো দুৰ্গা দুৰ্গা বুলি যাত্ৰা কৰিলেঁ৷। লগতে এটা কুকুৰা চৰাই দিলে। দিয়াৰ কাৰণ সুধিলত কলে যে ন দণ্ডি পালে চৰাই এৰি দি দণ্ডি পূজা কৰিব লাগিব। কেম্পৰপৰা অলপমান গৈয়েই একুৰিমান হাতী থক৷ চিন পালোঁ। চিন পৰীক্ষা কৰি চাই প্ৰমাণ পালোঁ যে পুৱাতে তাতেই চাহান অৰ্থাৎ পাল হাতী আছিল। তাতেই চৰাই এৰি দি দণ্ডি পুজা কৰা হল আৰু সাৱধানে কিন্তু বেগেৰে হাতী চলাই যোৱা