পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
চিকাৰ কাহিনী


পলাল । সন্তোষেই যদি সুখ হয়, সিহঁতৰ সুখৰ অভাৱ নাই ৷ সুস্থ শৰীৰ, নিৰুদ্বেগ মন, অতি অকাতৰ চিত্ত। ল'ৰা পিঠিত লৈ ওৰে দিনটে৷ পৰ্বতে-ভৈয়ামে কাম কৰি ফুৰে। অৱসৰ সময়ত সমনীয়াৰ লগত হাঁহি-খিকিন্দালি কৰি আনন্দ উৎসৱ কৰে । সময়ে সময়ে ঘৰতে মদ কৰি খায় আৰু নাচ-বাগ কৰে; কিন্তু গৃহ-কার্য অৱহেলা কৰা দেখা নাযায়। নৰিয়া হলে পূজা দিয়ে, জৰা-ফুক৷ কৰে আৰু গছপাতেৰে দৰবো দিয়ে। বেমাৰত সহৰকৈ মৰিলে ঘৰ-দুৱাৰ এৰি ঠাই সলায় ৷ নিঝৰাৰ পৰিষ্কাৰ পানী খায় আৰু খায় খেতিৰ ন ন শাক, কচু ; থাকে সৰহভাগ মুকলি পথাৰত । সেইবাবেই বেমাৰ কম আৰু দীর্ঘজীৱী হয় সিহঁত; কিন্তু সভ্যতাৰ কোবত আমি যি দুদিন জীয়াই থাকেঁ৷ তাতো যম-যন্ত্রণা ভুঞ্জি মৰে৷ ; শিক্ষাভিমানী ডাক্তৰ-কবিৰাজে ৰোগ নিৰ্ণয় কৰি, চিকিৎসা কৰি ৰক্ষাৰ হেতু উলিয়াব নোৱাৰে৷ বৰ্তমান শিক্ষাই প্রকৃত সত্যৰ স্বৰূপ কিমানদূৰ প্ৰকাশ কৰিব পাৰিছে তাক নিঃসন্দেহে কোৱ৷ টান । মোব বিশ্বাস, শিক্ষাই অশিক্ষাই এয়েই জীৱন ৷ দিনৰ পিচত দিন যাব, যুগৰ পিচত যুগ যাব—সুখ-দুখৰ সমাবেশত জীৱন চলিয়েই থাকিব। মনৰ গতিয়েই সুখ-দুখ নিৰাকৰণ কৰে, সুখ দুখৰ স্ৰজন, পালন আৰু সংহৰণ কৰে ৷ সেই চঞ্চল মনক সংযত কৰাৰ উপায় অর্জুনে সোধাত শ্রীকৃষ্ণই গীতাত অলপ কথাতে উত্তৰ দিছিল—

“অসংশয়ং মহাবাহে৷ মনোদুর্নি গ্রহং চলম্ ;
অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেন চ সৃহ্যতে।”

 মন অতি চঞ্চল, তাক বান্ধিবৰ দুটা প্ৰকৃত উপায় আছে। এটা হৈছে অভ্যাস পৰমযোগ আৰু দ্বিতীয় হৈছে বৈৰাগ্য, অর্থাৎ নিত্যা- নিত্যজ্ঞান, প্রকৃষ্ট জ্ঞান । পৰম জ্ঞানী আছিল ব্যাসদেৱ ; কিন্তু সুখ- দুখৰ অতীত পৰম আনন্দময় বৈৰাগ্য যোগসিদ্ধ জ্ঞানী মহাপুৰুষ আছিল শুকদেৱ ৷