পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
চিকাৰ কাহিনী


নগৈ ৰাজবাটেৰে যোৱা দেখিলোঁ আৰু খোজ পালোঁ। অতি বেগেৰে হাতী চলায়ো, লগ পাওঁ পাওঁ হৈয়ো লগ ধৰিব নোৱাৰিলোঁ। চাতামাতাকৈ দেখোঁ, চুঙাচাকি মাৰিলে নাইকিয়া হয়। ইখন পথাৰ, সিখন পথাৰ, এইদৰে বিচাৰোঁতে বিচাৰোঁতে ৰাতি ২ মান বাজি গল; তথাপিও আশাৰ ছেদ নাই। “এইবাৰ নিশ্চয় পাম, সৌৱা পালোৱেই; এইবেলি চুঙাচাকি দিলেই মাৰিম।” দিলে টৰ্চ--কিন্তু দেখা নেদেখাতেই নাইকিয়া হ'ল। আশাত বন্দী হৈ তিনিমান বজালৈকে বিচাৰি নাপাই দুখে-ভাগৰে-অসন্তোষে বহালৈ উভতি আহিলোঁ। চাহ-মাহ খাওঁ মানে পুবে পোহৰ দিলে। মাল-বস্তু লৈ গাড়ী যাবলৈ কলোঁ। আমি আকৌ খোজ চাই বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। ধান খাই পথাৰ উদি কৰি দিছে, ঘৰ ভাঙি বগৰাই দিছে। পুৱা যোৱাৰ খোজ পাইছোঁ, কিন্তু অকাই-পকাই গৈয়ে আছে। অটব্য অৰণ্যৰ মাজেৰে গৈছে, গছনিৰ ভিতৰেৰে সৰু-সুৰা গছ ভাঙি গৈছে; পথাৰ ওলাই ধান খাইছে—এই পাওঁ, এই পাওঁ, কিন্তু ১০ বাজি গ'ল হাতী নাই। শেহত গৈ ভাবিলোঁ—ই মায়া-হস্তী, ইয়াৰ আশা পৰিত্যাগ কৰাই ভাল। ইয়াকে সাব্যস্ত কৰি ঘৰলৈ উভতিলোঁ। ঘৰ পাওঁতে ১২ উকলি গ'ল।

 হাতীত বহি বহি কঁকাল থৰ মাৰিছে, দেহ অৱশ হৈছে, পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে। হাতীৰপৰা নামি ভৰি পোনাবলৈ নৌপাওঁতেই এজনে আহি কলে, “হাতী ওচৰতে আছে।” খঙত গা জ্বলি গ'ল। ওৰেও ৰাতি খপি ৫ বজাৰপৰা ১২ বজালৈকে বিচাৰিও হাতীৰ নেগুৰ দেখা নাপালোঁ, সি ঘপৰাই ওচৰতে হাতী দেখিলে। খঙেৰে সুধিলোঁ, “তই কেনেকৈ জানিলি, ওচৰতে আছে বুলি।” ডাবি খাই কলে, “ওচৰতে শুই আছে, গেলি দেখেই দিবা পাৰিম।” “হেৰ, ঔ, কটাৰ পো বন্দী, তই হাতী শুই থকা কণ৷ চকুৰে দেখিছিলি নেকি?” “দেউতা, মই নিজ চকুই দেখা হলি নাই দে, শুই থাকা শব্দ হলি নিজ কাণে শুনচুং, গেলে