পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
চিকাৰ কাহিনী


ওপৰৰপৰা হুহঁকি তলত ভালদৰে পৰ্বত ক্ৰোড়শায়ী হ'ল। আমি বিজয় ঘোষণা কৰি কেম্পলৈ উভতি আহিলোঁ। তেতিয়া ভৰ-দুপৰীয়া। মহাদৰ্পী একছত্ৰী গজৰাজ ৰাজ-চক্ৰৱৰ্তীক ধৰাশায়ী দেখি জীৱৰ পৰিণাম ভাবোতে বিষাদৰ এচমকা কলা ডাৱৰে সূৰ্যৰ গৌৰৱ প্ৰখৰ ৰশ্মি খন্তেককৈ মলিন কৰি দি গল। হাতী মৰাৰ পিচত দাঁত উলিওৱা পৰ্ব আৰম্ভ হল। পুনৰ পৰ্বতবাসী গাৰোৰ শৰণাগত হলোঁ। ৮খন কুঠাৰ লৈ ১০।১৫ জন মানুহ ওলাল। পোনতে কুঠাৰৰ নাল ভাগিবলৈ আৰম্ভ কৰিলে; এখন ভাগে, এখন শালে। এইদৰে ৮খন কুঠাৰ ভাঙি অতি কষ্টে দুদিনে দাঁত উলিওৱা হল। দাঁতৰ সমানে এভাগ মঙহৰ ভিতৰত থাকে; আৰু মঙহৰ তলত দাঁততকৈও টান হাড়ৰ ভিতৰত থাকে। দাঁত উলিয়াই কুঠাৰ ৮খন তাতে দলিয়াই পেলাই আহিল, কাৰণ সেইকেইখন আৰু কুঠাৰ হৈ থকা নাছিল। দাঁত তিনিহাত দীঘল, এমোন ওজনৰ। ঘূৰি-পকি হাতী মৰা কেম্প পাওঁতে ৬ দিন লাগিল; কিন্তু হাতী মৰা কেম্পৰপৰা এদিনতে লক্ষ্মীপুৰ পালোঁগৈ। আঠদিনৰ দিনা দাঁতলৈ ঘৰ পালোঁহি।

 শ্ৰীমান জ্যোৎস্না ভায়াৰ সহায় নোপোৱ৷ হলে গাৰো পৰ্বতত হাতী মৰা অসম্ভৱ হলহেঁতেন। মানুহৰ ক্ষোভ সম্পূৰ্ণভাৱে দূৰ কৰা কঠোৰ সাধনাৰ কথা। হাতী মৰাৰ আনন্দ এতিয়া প্ৰায় লয় পোৱাৰ দৰে হৈছে। কিন্তু ফটো কেমেৰাটে৷ নিনিয়াৰ ক্ষোভ বহু দিনলৈকে স্পষ্টকৈ মনত থাকিব।