পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
চিকাৰ কাহিনী


পোৱা টান। কেওট পাৰাৰপৰ৷ আগেয়ে নাও আৰু নাৱৰীয়া বিচাৰি নথলে বিলৰ পাৰত অপাৰ বিলৈ বিপত্তি সুনিশ্চিত।

 চুটিকৈ ঘুটমুটীয়া মানুহজন। জাতিত নমঃশূদ্ৰ, বয়স ৪০।৪৫ ৰ ভিতৰত হব। চকু দুটি সৰু, গাৰ বৰণ ঘোৰ কৃষ্ণ নহলেও উজ্জ্বল শ্যামবৰ্ণ নহয়, অৰ্থাৎ ক’লা। চুলি দীঘলকৈ ৰাখিছে, প্ৰায়ে মেলি থয়; কিন্তু সময়ত কেতিয়াবা পিন্ধি-উৰি ওলোৱাত বলেৰে টানি অতি কষ্টেৰে ডাঙৰ তামোল এটাৰ সমান খোপ৷ এটা বান্ধে। অঙ্গবস্ত্ৰ আঠুৰ তললৈ নাযায়। অন্য অঙ্গবস্ত্ৰ পাঁচ ঋতুতে নাথাকে, অতি শীতত চুটি কাপোৰ এডুখৰি গাত লয়। মুঠতে পৰিচ্ছদৰ পৰিমাণ আৰু প্ৰকাৰ ভেদত মহাত্মা গান্ধীক চেৰ পেলাই মহাদেৱৰ সমকক্ষ হয়। সদায় প্ৰসন্ন মুখ, নাই কোনো দুখ, অতি অকাতৰ চিত্ত। দীপৰ মহাসমুদ্ৰৰ একমাত্ৰ কাণ্ডাৰী এৱেঁই। এওঁৰেই নাম ডাঠি ভকত ওৰফে ডাঠি কালা। এওঁ জগৎ প্ৰখ্যাত নহলেও আজাৰা চকৰদ প্ৰখ্যাত। “ভকত” আৰু “কালা” এই দুয়ো নামৰ সাৰ্থকতালৈ চালে আমাৰ দীপৰ কাণ্ডাৰী ডাঠিয়ে। কাৰণ, শ্ৰৱণত তেওঁ বধিৰ, কীৰ্তনত তেওঁ পৰম বৈষ্ণৱ। শীতকালৰ মাজনিশা পাৰ কৰিবলৈ মাতিলে গিৰিসাই উঠি শিতানতে সজোৱ৷ বঠাপাত লৈ আমাৰ মুখলৈ চাই জাৰত দুখ পোৱাৰ বাবে আমাকহে পুতৌ কৰে।বনকৰ বিভাগৰ অনুগ্ৰহত বিনা কেৰেয়াতে নাও এখন পায়, কিন্তু তাৰ প্ৰতিদানত খাটি দিব লাগে বিনা পইচাত বাৰমাহ। আনে পাৰৰ কড়ি দিলেও দিয়ক, নিদিলেও তাত অসন্তোষ নাই। ডাঠি নৰিয়াত পৰা কেতিয়াও শুন৷ নাই, পৰিলে যে আমাৰ গতি কি হব তাক নভবাই ভাল। আৰু শুনা নাই, ডাঠি ভকতৰ মুখে তাৰ নিজৰ দুখৰ কথা আৰু পৰৰ নিন্দা। শিক্ষাৰ অভিমান দলিয়াই পেলাই এই বিষয়ত ডাঠি ভকতত দীক্ষা লবৰ মন যায়।

 ডাঠিৰ সহায়ত বিল পাৰ হৈ চকৰদলৈ আৰু এমাইলমান খোজ কাঢ়ি যাব লাগে। গাঁৱৰপৰা মানুহ নানিলে সেইডোখৰ বাট