পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মিকিৰৰ লগত দুৰাতি—অৱশ্যে হাতী বিচাৰি

 খুজিলে মাজে-সময়ে কামৰূপৰ ডেপুটি কমিশ্যনাৰ চাহাবে চৰকাৰী হাতীজনী প্ৰায়ে দিয়ে। হাতীজনী দেখোঁতে যেনেকুৱা শোভন, সুন্দৰ আৰু সুঠাম, কামতো সেইদৰেই আচল কোমোৰা বান্ধৰ হাতী। পাছৰ ভৰি দুখন চুটি, পেট ডাঙৰ, নেজ দীঘল; কিন্তু মাটি চুচৰি নাযায়। মাটি চুচৰি যোৱাক ঝাড়ুডুমা বোলে। তেনেকুৱা হলে অলক্ষী বুলি কয়, গৃহস্থৰ সম্পত্তি উলিয়াই নিয়ে, কিন্তু ৰাশিছাৰ মানুহ হলে আকৌ আনৰ সম্পত্তি ঘৰলৈ অনা প্ৰবাদ আৰু প্ৰমাণে৷ পোৱা যায়। নেজৰ অন্তত সৰহ নোম, সৰু বিচনীৰ দৰে বহল। গাৰ ছাল ডাঠ আৰু কোৰপটা-কোৰপটি, মূৰ ডাঙৰ আৰু যাওঁতে মূৰ দাঙি যায়। তালু বগা। তালু ক’লা হাতীয়ে মানুহ মৰা প্ৰবাদ আছে আৰু সেইকাৰণে তালু ক'লা হাতী গৃহস্থই ৰাখিব নোখোজে আৰু সদাগৰে কিনিলেও দাম বহুতো কম দিয়ে। হাতীজনীৰ এটা মাত্ৰ লক্ষণ বেয়া আছে—তাইৰ নখ ১৬ টা। সাধাৰণতে নখ ১২ টা হোৱা উচিত। ১৬ নখী হাতী প্ৰায়েই পলায়; কিন্তু এই হাতী- জনীয়ে প্ৰবাদৰ অসত্যতা প্ৰমাণ কৰিছে। কাৰণ, পৰ্বতত এৰি দিলেও এৰি দিয়া ঠাইতে খাই থাকে, কিন্তু পলাবৰ চেষ্টা নকৰে। এনেকুৱা ধুনীয়া আৰু সৰ্বগুণী হাতী মই কমেই দেখিছোঁ।

 সাহ থকা ভাল চিকাৰীৰো সময়ত বুকু কঁপি উঠে, কিন্তু মৌহনমালাই ভয় কৰাৰ প্ৰমাণ আজিলৈকে পোৱা নাই৷ এতিয়া মানে বয়স ৭০ বছৰ পাৰ নহলেও নিচেই ওচৰ তাত সন্দেহ নাই। আজিও থিয় পৰ্বতত উঠা দেখিলে আচৰিত হব লাগে। বনৰীয়া আৰু ঘৰচীয়া দঁতাল, মখনা, মাথুন্দী, কোমোৰ৷ বান্ধৰ,