পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
চিকাৰ কাহিনী

দুদিনমান “লক্ষ্মীপুৰ” অৰ্থাৎ চৌধুৰী ডাঙৰীয়া চিকাৰলৈ যাব নালাগে আৰু চিভিল ছাৰ্জনকে আদি কৰি সকলো লগতে থাকিব। এই কথাত চিভিল চাৰ্জনে প্ৰমাদ গণিলে, কাৰণ, তেওঁ আচলতে ভাল চিকাৰী, তেওঁ এই ব্যৱস্থাৰ কথা শুনি মোৰ শৰণাগত হ'ল। মই তেওঁক ৰক্ষা কৰাৰ আন উপায় নাপাই ৰজাৰ সহায় লবলৈ বাধ্য হলোঁ। আচল কথা ভাঙি কোৱাত ৰজাই মোৰ গাত চপৰিয়াই বৰকৈ হাঁহিলে। চিভিল ছাৰ্জন বপুৰা ৰক্ষা পৰিল আৰু সেইদিনাৰে পৰা মোৰ পৰমভক্ত হল।

 ওৰেও দিনটোৰ পৰিশ্ৰমৰ পিচত জিৰাবৰ বিশেষ সময় নাথাকে; কাৰণ, আহি পালেই ৰাতি ভোজনৰ কাৰণে মুখ ধুই, কাপোৰ-কানি পিন্ধি সাজু হবৰ সময় হয়েই। খোৱাৰ পিচত ১২।১ মান বজালৈকে গীত-বাজনা, নাচ-বাগ, খেলা আদি সদায়ে চলে। শোৱা হয় প্ৰায় ১॥ বা ২ মান বজাত। এদিন ৰাতি আমি তাচ খেলি আছোঁ, ৰাতি ১২ বাজি গৈছে। এনেতে আহিল ধুমুহা বতাহ আৰু ধাৰাসাৰ বৰষুণ। চাকি-চুকা নুমাই গ’ল, কাৰো মাত কোনেও নুশুনা হ’ল। লৰ মাৰি সকলো বাজলৈ ওলালোঁ; চাওঁতে চাওঁতে এটা দুটাকৈ গোটেই কেইটা তম্বু পৰি গ'ল।

 ৰজা থকা তম্বুটো এটা বঙলা ঘৰৰ সমান। তাত থাকে ৰজা আৰু তেওঁৰ দুজনী ছোৱালী। সেইটো পৰাৰ শব্দ পাই লৰি গৈ দেখোঁ সেইটে৷ পৰিছে হয়, ৰজা বা কুঁৱৰী কাৰো মাত-বোল নাই। আমি প্ৰমাদ গণিলো। চিঞৰ-বাখৰ কৰি তম্বুত ধৰি টনা-আজোৰা লগালো। কোলাহলৰ ভিতৰতো ৰজাৰ গুৰু-গম্ভীৰ মাত তম্বুৰ ভিতৰৰপৰা শুনিলোঁ, “আমি সম্প্ৰতি তিনিও বৰ আৰামেৰে আছোঁ। তোমালোকৰ খবৰ কেনে?” মাত শুনি কণ্ঠত ধাতু আহিল। দুই কুঁৱৰী সমন্বিতে ৰজা ওলাই আহিল আৰু আগেয়ে ভাৰতলৈ নহা খোৰা কাপোৰ পিন্ধা ইংৰাজ চাহাবকেজনৰ মুখলৈ চাই আৰু বান্দৰ ভিজাৰ দৰে ভিজি থকা চাহাবকেজনলৈ