পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
চিকাৰ কাহিনী

দুট৷ মৰাশৰ দৰে দেখিলোঁ ৷ বিহ-ঢেকীয়া আৰু চিৰিলা-চিৰিলি পাতেৰে ঢকা আৰু এখন ন বগা কাপোৰেৰে টোপোলা এটা বুকৰ ওপৰতে বন্ধা আছিল । অলপ ওচৰলৈ গৈ চাওঁ যে শ দুট৷ ভালদৰে দেখা নাযায় ; তমালৰ ছাটনি, তলত ঢেকীয়া পাতেৰে ঢকা ; আৰু লেকেটা কোমল দীঘল বাঁহৰ লেজু দুডাল দুয়োফালে বন্ধা, অথচ তুলিবলৈ একো সঞ্জুক নাই। ভালদৰে জুমি চাই দেখিলোঁ, মৰাশ নহয়, দুখন চাঙিত দুটা শিল ৷ যি ঘৰত লোক মৰে তাৰ দুৱাৰমুখত শিল থিয়কৈ পোতা নিয়ম । শিল ডাঙৰ গতিকেই গাঁৱৰ সকলো মানুহে গোট খাই সেইদৰে টানি ওপৰলৈ অৰ্থাৎ ঘৰৰ দুৱাৰমুখলৈ নিয়ে। তাতে থিয়কৈ পুতি নাচ-বাগ কৰি শ্ৰাদ্ধৰ ভোজ খায় ৷ গাঁৱৰ সকলোৰে পৰম আনন্দ ; কিন্তু দেখিলোঁ, এজনী বুঢ়ীয়ে শিলডোখৰত সেৱা কৰি চকুলো টুকি ফুৰিছে। অনুমান কৰিলোঁ, নিশ্চয় তাইৰ ল'ৰা ঢুকাইছে। বুজিলোঁ, মাতৃৰ শোক সবাতোকৈ অধিক । অজ্ঞান অশিক্ষাই মাতৃ-হৃদয় কঠুৱা আৰু মমতামুন্য কৰিব নোৱাৰে ৷ শিক্ষায়ে৷ কোমল নকৰে । ওৰে ৰাতি ঢোলৰ কোবত, চিঞৰ-বাখৰত আমাৰ টোপনিতে৷ নাহিলেই, হাতী দুটায়ে৷ শুব নোৱাৰিলে। সকলোৱে নিঃপালি মাৰিলেহে হাতীয়ে শোৱে ৷ হাতী বাগৰি শোৱে, কিন্তু অলপ সহাৰি পালেই ঘপৰাই উঠে। মিকিৰৰ নাচ ইংৰাজৰ নাচৰ দৰে, ঢোলৰ ছেৱে ছেৱে ঘূৰি ঘূৰি ঠেও লগাই নাচে। দেখি বৰ ভাল লাগিল । কোনোব৷ উদয়শঙ্কৰে পোৱা হলে অলপ সালসলনি কৰি আধুনিক ধৰণৰ কৰি আমেৰিক৷ আদি ঠাইত প্ৰচাৰ কৰি ধন্যবাদো পালেহেঁতেন আৰু টকাও ঘটিলে- হেঁতেন । থাকিও নথকা দুর্কপলীয়৷ অসমীয়াৰ বৰ্তমান দুৰৱস্থাৰ ইয়ো এটা নমুনা ৷ পৰ্বতীয়া মিকিৰে অসমীয়৷ নাজানে বুলিলেই হয়। “বাঙঠাই” অর্থাৎ গাঁওবুঢ়াই অলপ জানে ৷

  থকা ঠাই পৰ্বতৰ টিঙত, এডাল তৃণ নোহোৱাকৈ পৰিষ্কাৰ কৰি ৰাখে, তাত বা ওচৰত খেতি নকৰে। কিছু দূৰৈত সৰু সৰু পৰ্বত