পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
চিকাৰ কাহিনী


লোকে কাৰ্য চলাইছে সেইদৰে সৰহদিন চলাব নোৱাৰিব; কিন্তু চৌধুৰীক এৰা মোৰ পক্ষে প্ৰায় অসম্ভৱ। আপুনি ভালদৰে বুজালে চৌধুৰীকো আনিব পাৰিব। তেতিয়াহলে সকলো কথা সহজ হব।” মই কলোঁ, “এই অৱস্থাত আজিয়েই চৌধুৰী অহাৰ সম্ভাৱনা নাই। তুমি নিৰপেক্ষ হলে তেওঁ পিছে-পৰে আহিবও পাৰে।” এনেদৰে নানা প্ৰকাৰে বুজোৱাত তেওঁ মোৰে সৈতে চৌধুৰীৰ তালৈ গৈ নিৰপেক্ষ থকাৰ অনুমতি বিচৰাৰ প্ৰস্তাৱ কৰিলে। নিৰুপায় হৈ অনিচ্ছা সত্ত্বেও ময়ো যাবলৈ ওলালোঁ। গৈয়েই দেখোঁ, চৌধুৰীৰ ঘৰ ভৰা। পুৰন্দৰৰ কথামতে ময়েই চৌধুৰীৰ আগত অতিশয় সংযতভাৱে কলোঁ, “শ্ৰীমান পুৰন্দৰ নিৰপেক্ষ হৈ থাকিব খোজে –তুমি বেজাৰ নাপাবা।” কথা শুনিয়েই উপস্থিত ভদ্ৰমণ্ডলী গুজৰি উঠিল। মোৰ প্ৰিয়বন্ধু শ্ৰীমান ধনীৰাম তালুকদাৰৰ ৰুদ্ৰমূৰ্তি মই আগেয়ে দেখিছিলোঁ, গতিকে ভয় নকৰিলোঁ যদিও যাত্ৰাৰ দলৰ ভীমৰ অভিনয়ৰ কথা মনত পৰিল। অৱস্থা বিষম জানি আমি দুয়ো গাড়ীত উঠিলোঁ। শ্ৰীমান পুৰন্দৰক লক্ষ্য কৰি অতিশয় অপমানসূচক বাক্য প্ৰয়োগ কৰিব ধৰিলে। মোৰ প্ৰতিও আদেশ হ'ল, পুৰন্দৰক এৰি ওলাই যাবলৈ। শ্ৰীযুত জ্যোতিষচন্দ্ৰ দাস ডাক্তৰ ডাঙৰীয়াই পুৰন্দৰক হাতত ধৰি বলেৰে নমাই নিবৰ চেষ্ট৷ কৰিলে। পুৰন্দৰে মিনতি জনালে, “মই ভাবি-চিন্তি যি ভাল হয় কৰিম, আপোনাসকলে ফুকন ডাঙৰীয়াক অপমান নকৰিব আৰু মোকো বলেৰে ধৰি ৰাখিবৰ চেষ্টা নকৰিব।”

  মই গাড়ী চলাবলৈ কলো ড্ৰাইভাৰক; তেতিয়া চৌধুৰী ডাঙৰীয়াই ফটক বন্ধ কৰিবলৈ আদেশ দিলে প্ৰহৰী হিন্দুস্থানীক। ড্ৰাইভাৰক হাতত ধৰি নমাই দি নিজেই ড্ৰাইভাৰৰ স্থান অধিকাৰ কৰি চক্ৰ ধাৰণ কৰিলে আৰু গৰ্জি কলে, “গাড়ী ইয়াৰপৰা যাব নোৱাৰে,আপুনি ইয়াৰপৰা য’ক।” মই গাড়ীৰপৰা নামিবলৈ বাধ্য হলোঁ। মোক নমা দেখি, শ্ৰীমান পুৰন্দৰো নামি আহিল। নামি দেখোঁ,