পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোচবিহাৰৰ মহাৰজা স্বৰ্গীয় নৃপেন্দ্ৰনাৰায়ণ

ভূপ বাহাদুৰৰ লগত চিকাৰ

 মহাৰজা স্বৰ্গীয় নৃপেন্দ্ৰনাৰায়ণে আমি জনাৰেপৰা বছৰি একোবাৰ অসমলৈ চিকাৰ কৰিবলৈ আহিছিল।

 নিজৰ ল'ৰা-ছোৱালী আৰু দুই-চাৰিজন বন্ধু-বান্ধৱৰ বাহিৰে প্ৰায়ভাগ চিকাৰী বিলাতৰপৰা আহে। প্ৰত্যেক চিকাৰৰ খৰচ প্ৰায়েই লাখ টকামান পৰে। অসমৰ বিখ্যাত চিকাৰী স্বৰ্গীয় নবীনৰাম ফুকনদেৱে প্ৰায়েই তেখেতৰ চিকাৰলৈ নিমন্ত্ৰণ পায়। এবাৰ ময়ো পালোঁ।

 মেছপাৰাৰ জমিদাৰ শ্ৰীযুত ভোলানাথ চৌধুৰী ডাঙৰীয়াই গোৱালপাৰাত চিকাৰৰ নিমন্ত্ৰণ জনালে ৰজাক। নিমন্ত্ৰণ দিয়া প্ৰস্তাৱ ওলাওতেই বহুতে জমিদাৰক ভয় দেখুৱাব ধৰিলে। “এই-বেলি ফুকনৰ বুদ্ধিত পৰি জমিদাৰীৰ তলি উদং হব। ৰজাক নিমন্ত্ৰণ দি বাহাদুৰি লোৱাৰ মজা পাব।” ইত্যাদি ইত্যাদি।

 হওঁতে ময়েই মাতিবলৈ উদগাই দিয়৷ সঁচা; কিন্তু মই ভালদৰে জানিছিলোঁ যে জমিদাৰে নিমন্ত্ৰণ দিয়াৰ গৌৰৱ পাব, কিন্তু বিশেষ একো খৰচ নহয়, ৰজাই নিজেই সমুদায় খৰচ যোগাব।

 নিমন্ত্ৰণ জনোৱাৰ ভাৰ মোৰ ওপৰতেই পৰিল। নিমন্ত্ৰণ পাই ৰজাই বৰ সন্তোষ পালে আৰু আগ্ৰহেৰে গ্ৰহণ কৰিলে; ময়ো লগতে নিমন্ত্ৰণ পালো ৰজাৰ পক্ষৰপৰাও।

 জয়জয়তে ৰজাই তেখেতৰ দেৱানৰ লগত পৰিচয় কৰাই দিলে! তেওঁ কলে যে সম্প্ৰতি আমাৰ ইঞ্জিনিয়াৰে আপোনাৰ লগত দেখা কৰি কোন ঠাইত কেম্প কৰিলে সুবিধা হয়। সেই বিষয়ে পৰামৰ্শ কৰিব আৰু আপুনি লগত মানুহ দিলে তেওঁ ঠাই বিচাৰি লব।