পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
চিকাৰ কাহিনী


লভিছিল। আমি আহি দেখোঁ, গজেন্দ্ৰৰ দেহ ক্ষত-বিক্ষত; তাৰমানে সমনীয়া দঁতালৰ লগত যুদ্ধ চলিছিল নিশ্চয়। আৰু দেখিলোঁ,হাতীটে৷ আচলতে দঁতাল নহয় — চখনাহে—দাঁত চুটি কিন্তু মোটা।
 এইবেলি কিন্তু কেমেৰা এৰা নাই। থিয় পৰ্বতত নিজকে টানি নিয়৷ টান গতিকেই ডাঙৰ কেমেৰা নিয়া অসম্ভৱ। তথাপিও কেমেৰা নিবই লাগিব, সেই গতিকে সৰু কেমেৰা এটি পানী নপৰাকৈ টোপোলা বান্ধি নিছিলোঁ। হাতী ধৰাশায়ী হোৱা মাত্ৰকেই কেমেৰা উলিয়ালোঁ। ইকাতি-সিকাতি কৰি কত প্ৰকাৰে চালোঁ কিন্তু তাত কোনোমতেই হাতীৰ ছাঁ পেলাব নোৱাৰিলোঁ। দোপাল-পিটা বৰষুণ আৰু বাঁহতলৰ অন্ধকাৰ—কেমেৰা আনিও ননা যেন হ'ল—কপাল!
 কাল বিলম্ব নকৰি ঘৰলৈ উভতিলোঁ। বাটত আহোঁতে পটলুঙৰ ভিতৰত কটং কৰে কিহবাই কামোৰা যেন পালোঁ। কাপোৰ গুচাই চাওঁ, ১০টামান জোক—কেনি সোমাল, কেতিয়া সোমাল, একো গমকে ধৰিব নোৱাৰিলোঁ। জোকলৈ মোৰ ভয় নাই—নহলে নিশ্চয় মূৰ্ছা গলোঁহেতেন। কাপোৰ গুচাই লৈ লগুৱাটোৰ সহায়ত জোক টানি এৰুৱা হ'ল। বৰষুণ কমিল, কিন্তু তেজৰ স্ৰোত ববলৈ ধৰিলে। ঘৰ পাই গা-পা ধুই ওলালোঁ। তথাপি তেজ আৰু কোনোমতেই বন্ধ নহয় — অন্ততঃ দুসেৰমান তেজ গ'ল। টিনচাৰ আয়োডিন, কেহেৰাজ, ই-সি কত কি দিলোঁ, তেজ কোনোমতেই নৰয়।শেষত তাৰে এজন মিকিৰে এটা দৰব দিলে; তাকে দিয়াত বহুত পৰৰ মূৰত তেজ ৰ'ল। দৰবটো হৈছে কাপোৰ পুৰি তাৰ ছাই তেজ ওলোৱা ঠাইত দিয়া। আৰু অলপপৰ হোৱা হলে ডাক্তৰ মাতিব লগীয়া হলহেঁতেন।
 হাতী মৰা খবৰ ঘৰলৈ পঠিয়াই মোৰ লগুৱা শ্ৰীমান কুঁহিৰামক দাঁত কাটিবলৈ পঠিয়ালোঁ। দাঁত কাটি উলিওৱা হাতী মৰাৰ প্ৰায় সমানেই টান। কুঁহিৰামক নিজে আগত থাকি শিকাই