পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিকাৰ কাহিনী


মনত আছে। ব্যাঘ্ৰমূৰ্তি কাক বোলে সেইদিনা সেই মুহূৰ্ততেই উপলব্ধি কৰিলোঁ। কাণ দুখন ডিঙিত লগাকৈ সোঁ সোঁৱাই দাঁত নিকটাই হাও হাও কৰি কাঁড়বেগে খেদি আহি হাতীৰ ওপৰলৈ জাপ মাৰিলে। বন্দুক টোঁৱাবৰ সময়ো নাই, সুবিধাও নাই,বাঘলৈ চাই মাৰিলোঁ গুলী। বাঘ আহি হাতী নাপালে, হাবি ভাঙি থকালৈ যোৱা দেখিলোঁ। বেগাই হাতী চলাবলৈ কলোঁ। অনুমান হ'ল গুলী লাগিল; কাৰণ, নলগা হলে সেই জাপতে হাতীৰ মূৰ নিশ্চয় পালেহেঁতেন। “মাৰ মাৰ” বুলি মাউতক খুচি হাতী বেগাই চলোৱালোঁ।
 হঠাৎ ওখৰপৰা হাতীটে৷ হুৰুম্ কৰে পানীত পৰিল। পানী গাদীৰ সমানলৈ আহিল। বাঘিনী উভতি আমাৰ পিনে আহিব ধৰিলে। গুলী খোৱা বাঘে পানীত ইমান বেগেৰে সাঁতুৰি আহিব পাৰে বুলি মোৰ অনুমানেই নাছিল। নেদেখা মানুহক বুজাই কোৱা আজি সম্ভৱ নহয়। পানী আৰু অলপীয়া হাবি দুফাল কৰি মুখ মেলা, দাঁত ওলোৱা বাঘৰ প্ৰকাণ্ড মূৰ এটা কাঁড় অহাৰ দৰে অহা দেখিলোঁ। পানী তেজেৰে ৰাঙলী হৈছে; কিন্তু বেগ কমা নাই। এটা গুলী মাৰিছোঁ, আনটো গুলী সুমাবৰ সময় পোৱা নাই। মনৰ ভাব, যদিহে সিওটো মাৰোঁ আৰু উখামুখিত কেনেবাকৈ যদি নালাগে, তেন্তে বাঘ আহি পাব আৰু হাতীত উঠি দুটাৰ এটাক নিশ্চয় বধিব আৰু সম্ভৱতঃ দুয়োৰো প্ৰাণ যাব। ইফালে মাউতৰ চিঞৰ-বাখৰ হাওৰণিতকৈও ছাৰ—“মাৰ মাৰ, খালে খালে।”
 বিপদৰ উপৰি বিপদ—হাতী হ'ল “বাওঁহাতে, বাঘ ৰ’ল সোঁহাতে। মনত পৰিল গ্ৰাহগ্ৰস্ত গজেন্দ্ৰৰ উক্তি—“জানিলোঁহো বন্দী হৈলোঁ বিধিৰ পাশে।” মাউতৰ আকুল মিনতি উপেক্ষা কৰি,মৃত্যুক উপেক্ষা কৰি, বাওঁহাতে বন্দুক লৈ সোঁহাতে লিপলিপিত আঙুলি দি যমোপমা বাঘিনীৰ আক্ৰমণ প্ৰতীক্ষা কৰি ৰলোঁ। অনুমান হয়, সন্তানৰ অনিষ্ট আশঙ্কাত ক্ৰোধান্বিতা ক্ষতোন্মত্তা ব্যাঘ্ৰ-