পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
চিকাৰ কাহিনী


নিনিলোঁ। গৈ পাই অনুভৱ কৰিলোঁ, নিজৰ মটৰখন অনা হলে ফুৰা-চকা বিষয়ে স্বাধীনতা অলপ বাঢ়িলেহেঁতেন। ঠিক কৰিলোঁ,গাড়ীখন অনোৱাই ভাল; আৰু ভাবিলোঁ, নিজে গৈ অনাই ভাল। এদিন থাকি আবেলি নামি আহিলোঁ। ৬॥ বজাত ঘৰ পায়েই শুনিলোঁ, বৰদুৱাৰ বাগিচাৰ ওচৰত এটা দন্তাল মাৰিবৰ আদেশ দিছে চৰকাৰৰপৰা। কাল বিলম্ব নকৰি শুনা মাত্ৰকে যাত্ৰা কৰিলোঁ বৰদুৱাৰ বাগিচা বুলি। লালীকৈ বৰষুণ দিয়াত পলাশবাৰী-বৰদুৱাৰ আলিৰ কি ভয়ঙ্কৰ অৱস্থা হৈছে তাক জানিও লোভ সামৰিব নোৱাৰিলোঁ। অনিচ্ছুক ড্ৰাইভাৰক সাদৰ বচনেৰে তুষ্ট কৰি অতি কষ্টেৰে সৎপুৰ পালোঁ। তাৰপৰা মটৰ নিয়া অসম্ভৱ। গতিকে মহানুভৱ শ্ৰীমান জয়ৰাম দলৈ মৌজাদাৰৰ সহায়প্ৰাৰ্থী হলোঁ। মনৰ ভাব, তেওঁৰ হাতী লৈ বাকী ৮ মাইল যাম। কিন্তু আমাৰ মনৰ ভাব অনুমান কৰি কলে, “মোৰ হাতীটো মৃতপ্ৰায়,ভালে থাকিলে একো কথা নাছিল। এতিয়া কি উপায়ে বৰদুৱাৰলৈ পঠিওৱা যায়? কালি পুৱা এটা দিহা কৰিব লাগিব। আজি ৰাতি ইয়াতে থাকক।” ৰাতি থকাত মই অমান্তি হলোঁ, কাৰণ, মোৰ ধাউতি হৈছে ৰাতিতে পোৱা আৰু প্ৰথম কুকুৰাই ডাক দিয়াৰ আগতেই হাতী বিচৰা আৰম্ভ কৰা। অতি কষ্টে এখন গৰুগাড়ী মৌজাদাৰৰ অনুগ্ৰহত পালোঁ। গাড়ীখনৰ ওপৰত এখন ছৈ আছে, কিন্তু সেইখনেৰে পানী সৰকে। পানী নপৰাকৈ এখন ঢাকনি দিবলৈ কোৱাত মৌজাদাৰ আৰু গাৰোৱান উভয়ে কলে, “আজি বৰষুণ দিয়াৰ অলপো আগন্তুক নাই, পলম কৰিব নালাগে, গাড়ীত উঠক।”নীৰৱে উপদেশ গ্ৰহণ কৰি শ্ৰীমান কুঁহিৰাম আৰু মই দুয়ো যাত্ৰা কৰিলোঁ। আধা মাইল নৌযাওঁতেই বৰষুণে কণিয়ালে। বাগিচা পাওঁতে ৰাতি ডেৰমান বাজিল। এই বতৰত ইমান ৰাতি দেখি আচৰিত হ'ল। মেনেজাৰ শ্ৰীযুত নগেন্দ্ৰনাথ ঠাকুৰৰ বিশেষ অনুৰোধত এপিয়লা চাহ খাই বিচনাত পৰি চকু মুদি থাকিলো তিনি