পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
চিকাৰ কাহিনী


ৰাতি বিলত পৰি থাকে। ই সাধুকথা বা মনেগঢ়া গল্প নহয়।এই দীপৰ বিলতেই মাত্ৰ সিদিনা ৰাতিপুৱা ৫ বজাত দুকুৰি হাতী বিলত দেখা গৈছিল। তাৰে ভিতৰত দুটা হাতী গুলীত মৰা পৰিল। তলত সেই বিষয়ে বহলাই লিখা হ’ল।

 কুমলীয়া ঘাঁহ বিচাৰি জাকে জাকে পহু ৰাতি বিলৰ পাৰলৈ আহে। হাতে হাতে চুঙা-চাকি (টৰ্চ) লৈ অসংখ্য চিকাৰী বিলৰ কানত পহু বিচাৰি ফুৰা দেখা যায়। এই পোহৰবোৰ হঠাতে দেখিলে বৰ বৰ জোনাকী পৰুৱা উৰি ফুৰা বুলি অনুমান হয়।

 হাতী, হৰিণা, শৰ, গাহৰি, শহা আদি জন্তুৰে পৰ্বত ভৰা। পহু, গাহৰি আৰু বিশেষকৈ গৰুৰ লোভত বাঘ তাৰপৰা প্ৰায়েই নুগুচে। দিন দুপৰতে গৰখীয়াৰ প্ৰতিবাদ, বুকু ঢাকুৰণি আওকাণ কৰি ভালৰো ভাল হালোৱা, গাই বা চেউৰি বাঘে টানি লৈ যোৱা দেখা যায়। ভালুক আগেয়ে বহুতো আছিল, এতিয়া কমিছে; কিন্তু সময়ে সময়ে পৰ্বতত এটা দুটা লগ পোৱা যায়। জন্তুৰ ভিতৰত নাই কেৱল ম'হ আৰু মেথোন।

 জাৰৰ কেমাহ তাত থাকিবলৈ বৰ ভাল, বোকা-পানী নাই। পৰ্বতে-ভৈয়ামে বাঘ, পহু, চৰাই আদি বিচাৰি লুংলুঙাই ফুৰিব পৰা যায়।

 বাৰিষাৰ কেইমাহ কিন্তু ঠাইখন বৰ দুৰ্গম হয়, বোকা-পানীৰে চাৰিওফাল ভৰি পৰে, ঠায়ে ঠায়ে না জল না স্থল, নাও নচলে,বামেৰে যাব নোৱাৰি। সাঁজ লগাৰ লগে লগেই মহে নগাধিৰাজৰ বন্দনা আৰম্ভ কৰে। দিনত ডাঁহ, খৰকণা আৰু মাখিয়ে জীৱন দুঃসহ কৰি তোলে।বাৰিষাৰ কথা ভাবিলে অযোধ্যা কাণ্ডৰ পদ এফাকি মনত পৰে—

“জোক পোক মশ ডাশ
দেখি তুমি হৈবা ত্ৰাস
 স্বভাৱতে ডৰুক নাগৰ।”