পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
চিকাৰ কাহিনী


৪।৫ মাইল জুৰি টিলাৰ ওপৰত খেতি কৰে। থকা টিলাত প্ৰায়ে খেতি নকৰে। গাৰো পৰ্বতত শিল নাই; ৰঙামটীয়া পৰ্বত তেহেলেই যিমানেই ওখ নহওক। খেতি কৰা ঠাইত এটা খেতিৰ বস্তু জমা কৰা ঘৰ আৰু এটা বা দুটা আকাশী ঘৰ থাকে। আকাশী ঘৰ মানে ওখ গছৰ ওপৰত বন্ধা ঘৰ। হাতী আহিলে আত্মৰক্ষা কৰিবৰ কাৰণে খেতিত আৰু থকা ঠাইত সেইদৰে ঘৰ সাজি লয়। সবাতোকৈ ওখ আৰু ডাঙৰ গছৰ পাত-ঠানি কাটি তাতেই টংঘৰ সাজি লয়। ঘৰ ডাঙৰ-দীঘল আৰু মজবুত কৰে। থকা ঘৰ দেখোঁতে অতি সুন্দৰ। ঘাই ঘৰ দীঘলে তিনিকুৰি হাতমান হব কিন্তু খিৰিকী নাই বুলিলেই হয়, মুধেৰে এখন দুৱাৰ আৰু জুমি চাব পৰাকৈ এটি দুটি সুৰুঙা। দেখিলোঁ, থকা পৰ্বতৰ চাৰিওপিনে বাঁহ বন্ধা; কাৰণ সুধিলত কলে হাতীৰ ভয়ত বন্ধা হৈছে। দুডাল বাঁহেৰে কেনেকৈ হাতী অহা বন্ধ কৰিব বুজি নাপাই আকৌ সোধাত কলে যে ৰাতি হাতী আহিলে বাঁহ ভাঙিবই লাগিব আৰু বাঁহ ভাঙিলে এজনে নহয় আন এজনে সহাৰি পাবই; তেতিয়াই সকলোকে জান দি ল'ৰা-ছোৱালী সমন্বিতে আকাশী ঘৰত উঠেগৈ। ঘৰ এনে ধুনীয়াকৈ সাজে যে বাঁহৰ অভাৱ নথকা হলে তেনে এটা ঘৰ গাৰোৰ হতুৱাই সজাই লবৰ চেষ্ট৷ কৰিলোঁহেতেন।
 গাৰো একে ঠাইতে সৰহ দিন নাথাকে; উৰ্ধ সংখ্যায় তিনি বছৰ একে ঠাইতে থাকি খেতি কৰে; তাৰ কাৰণ একেৰাহে খেতি কৰিলে তিনি বছৰৰ অধিক মাটিৰ উৰ্বৰা শক্তি নাথাকে—গাৰোৰ এই বিশ্বাস।
 তিনি বছৰৰ মূৰত ঘৰ-দুৱাৰ সকলো এৰি অটব্য অৰণ্য পৰিষ্কাৰ কৰি ন-কৈ ঘৰ-দুৱাৰ বান্ধি খেতি আৰম্ভ কৰে। গাৰোবিলাক দীঘল আৰু বলিষ্ঠ, যদিও সিহঁত শাকান্নভোজী। কপাহ যথেষ্ট পৰিমাণে কৰে কিন্তু নিজে কৌপিনধাৰী। তিৰোতা-মুনিহে প্ৰায় সমানে পৰিশ্ৰম কৰে। পথাৰলৈ যাওঁতে ল’ৰা-ছোৱালী আৰু