পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
চিকাৰ কাহিনী


সৌন্দৰ্যয়ো হিয়া আকৰ্ষণ কৰিব নোৱাৰা লোকৰ সংখ্যা অতি কম হব।

 চিকাৰ কৰা বা দেখা আৰম্ভ হ'ল; ৰাইমঙ্গল এৰি ‘বাৰবাঙিক’ নদীত সোমোৱাৰপৰা। ইপাৰ সিপাৰকৈ ‘বাৰবাঙিক’ এৰি যমুনাত পৰি যমুনাৰপৰা ইখালেৰে সোমাই, সিখালেৰে ওলাই 'মালঞ্চ'পালোগৈ। নৈৰ দুয়োকাষে পহু দেখিলোঁ বহুতো, ওচৰত পাই গুলীও মৰা হ'ল কেবাজায়ো। কিন্তু অতি আচৰিত কথা, এটিও নপৰিল। অভিমানী চিকাৰীক চকিত নয়নেৰে কটাক্ষপাত কৰি ধীৰে ধীৰে চলি গ'ল, চিত্ৰা হৰিণীৰ দল। মাংসলোভী চাৰেং,খালাচী আদিয়ে কিছু বেলি নিমাত হৈ থাকি আমাৰ অক্ষমতা প্ৰকাশ্যে জ্ঞাপন কৰি উদাসীন হৈ জাহাজ চলাব ধৰিলেই। এটা নহয়, দুটা নহয়, তিনিটামান গুলী মাৰিও লগাব নোৱাৰাত নিজৰে আত্মগ্লানি উপস্থিত হ'ল। ব্যৰ্থতাৰ অপমান গুচাবৰ মনেৰে হকা-বধা নামানি জাহাজৰপৰা নামিলো কুঁহিৰামক লগত লৈ। নামি দেখোঁ স্থান ভয়ংকৰ। বোকাত জোতা আঁট খাই ধৰে, খোজ দি গাৰ বলেৰে টানি তুলিব লাগে। তদুপৰি সমুদায় মুকলি ঠাই জুৰি আগলৈ সৰু গুৰিৰ পিনে ক্ৰমে ডাঙৰ এহাত এমুঠনমান দীঘল এবিধ উদ্ভিদ ওলায়। কাইটীয়া তাঁৰ দি সেনানিবাস বেঢ়ি থোৱাৰ দৰে হাবিত সোমাব নোৱাৰাকৈ কোনোবাই লো-শাল মাৰি থৈছে যেন লাগে। পাত-চাত একো নাই, কিন্তু বলেৰে ভাঙি চালে দেখা যায় কেচাঁ। কেনেবাকৈ উজুটি খাই পৰিলে ভীষ্মৰ শৰশয়্যাত-কৈও চৰা হব।

 অতি কষ্টে, অতি সাৱধানে কিছুদূৰ গৈ এখন মুকলি পথাৰ পালোঁ। এডাল গছৰ তলত বহাৰ ঠাই ঠিক কৰি গছৰ ঠানি আনি চাৰিওপিনে বেঢ়ি লৈ আমাক নেদেখাকৈ মই আৰু কুঁহিৰাম দুয়ো বহি ৰলোঁ। পাছৰপৰা বাঘ ককায়ে আহি সাৱটি ধৰে বুলি দুয়ো দুপিনে মুখ কৰি থাকিলোঁ। আধাঘণ্টামান বহাৰ পিচত দেখিলোঁ,