পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
চিকাৰ কাহিনী


যাবৰ উপায় নাই। বাটডুখৰি নাজল-নাথল। আঁঠুৱনী পানী ভাঙি যাব লাগে। তাতে জলৌকাসকলে দুৰ্লভ মনুষ্য ৰক্তৰ কাৰণে তপস্যা কৰি ৰৈ থাকে। পানীত ভৰি দিয়া মাত্ৰকে তপস্যাৰ ফল লাভৰ কাৰণে তপস্বীসকলে সত্যাগ্ৰহ কাৰ্যত ব্যাপৃত হয়। সেইডোখৰ বাট চুটি হলেও হস্তী, ব্যাঘ্ৰ, সৰ্পাদি সমাকুল। মিকিৰৰ সহায় ব্যাতিৰেকে যোৱা বিপজ্জনক। এই কথা অতীতৰো নহয়, অতিৰঞ্জিতও নহয়। মন কৰিলে তাৰ প্ৰমাণ আজিয়েই লব পাৰিব।

 সাত সমুদ্ৰ তেৰ নদী পাৰ হৈ গাতে লগা চকৰদ পাওঁতে বঙ্গযাত্ৰীৰ কৈলাস ভ্ৰমণৰ কথা মনত পৰে। চকৰদ পাওঁতে পাওঁতে সাজ গঢ়ি গ'ল। দেখিলো, মিকিৰৰ মুকলি ঘৰ বিষাদত মলিন হৈ আমালৈ ৰৈ আছে। আমাৰ আগমনত (পেট্ৰোমাক্সৰ সহায়ত) ক্ষন্তেকতে চৌদিশ আনন্দত পোহৰ হৈ উঠিল। ঘৰটোৰ বেৰ নাই, ভাল কাঠৰ খুটাৰে সজা, কিন্তু মিকিৰৰ চোৱা ঘৰ বাবে নহলেও মুধে উৰুখে। ভেটিটো কিন্তু পকাৰ দৰে আৰু চোতালত ফু মাৰি ভাত খাব পাৰি। বাৰিষা চোতাল আৰু ঘৰটোত বাজে পানী-পেক নগচকাগৈ খোজ লবই নোৱাৰি। মহ, ডাঁহ জোক অলেখ। তথাপিও ব্ৰহ্মপুত্ৰ নৈৰ কাণৰ নিজ ঘৰত শুই শুই কিদৰে সপোন দেখা যায়। ইয়াৰ নাম ইংৰাজীত “হবি” ( hobby )ৰাখে; ইয়াৰে নাম Sport বা মৃগয়া আৰু ইয়াৰে নাম Sheer madness বা শুদ্ধ বাতুলতা।

 যি হক, এইবাৰ চকৰদলৈ অহাৰ মুখ্য উদ্দেশ্য হাতী ধৰা আৰু গৌণ উদ্দেশ্য হাতী মৰা। দহদিনমান আগতে বিলৰ পাৰতে এটা হাতী ধৰা হৈছিল আৰু দুটা মৰা হৈছিল। তাৰ পিচতনো কি হৈছে কি নহৈছে খা-খবৰ কৰিবৰ মনেৰে তালৈ গলো। শুনিলো, বিলত নমা নাই। কিন্তু পৰ্বতত চাহান আছে। মাউত, ফান্দীক সুধি-পুছি পৰ্বত ঘূৰি অহাকে স্থিৰ কৰিলোঁ৷ লগত ললোঁ এটা হাতী