ভক্তি-ৰত্নাৱলী
[ ২ ]
ভক্তি-ৰত্নাৱলী
ভক্তি-ৰত্নাৱলী
প্ৰথম প্ৰকাশ : ১লা ভাদ্ৰ, ১৩৯১
শক (৫৩৫ শঙ্কৰাব্দ)
প্ৰকাশক : শ্ৰীবাসুদেৱ মেধি।
নাহৰকটীয়া,
জিলা : ডিব্ৰুগড় (অসম)
প্ৰধান বৈষ্ণৱী শাস্ত্ৰ
সন্ন্যাসী প্ৰবৰ বিষ্ণুপুৰী কৰ্তৃক ৰচিত।
বৈষ্ণৱ প্ৰধান মাধৱদেৱৰ দ্বাৰা সংস্কৃতৰ পৰা অসমীয়া
ভাষালৈ অনুবাদিত।
পৰিবেশক :
সুন্দৰ প্ৰকাশ
মূল্য : ১২:০০ টকা ( কেচা বন্ধা )
১৫'০০ টকা ( পকা বন্ধা )
মুদ্ৰক :
বৰ্ণালী
ঠাকুৰ বজাৰ, বৰপেটা
অসম।
[ ৪ ]
শ্ৰীশ্ৰীকৃষ্ণায় নমঃ
ভক্তি-ৰত্নাৱলী
গ্ৰন্থ আৰম্ভ
পদ
জয় জয় কৃষ্ণ কৃপা অমৃত সাগৰ।
যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ॥
মহা বিশ্বদ্ৰোহী তৰে যাৰ লৈলে নাম।
হেন কৃষ্ণপদে কৰো সদায় প্ৰণাম॥১॥
গুণ কাল কৰ্ম্ম মায়া অধীন যাহাৰ।
কৰে কটাক্ষতে সৃষ্টি পালন সংহাৰ॥
হেন মহেশ্বৰ কৃষ্ণ নিত্য নিৰঞ্জন।
সদায় প্ৰণামো তান অৰুণ চৰণ॥২॥
মোৰ নিজ গুৰু হৃদীশ্বৰ যদুৰায়।
দিয়ো উপদেশ মোক কৃপাদৃষ্টি চাই॥
পদবন্ধে নিবন্ধিবো তযু গুণচয়।
জানি কৃপাময় মোত হুয়োক সদয়॥৩॥
কৃষ্ণ পাদপদ্ম দুই হৃদয়ত ধৰি।
গুৰুৰ চৰণ মনে শিৰোগত কৰি॥
ভক্তি-ৰত্নাৱলী গ্ৰন্থ ভাগৱত সাৰ।
মুৰুখ মাধৱে পদ কৰিলা প্ৰচাৰ॥ ৪॥
কৃষ্ণক স্মৰণে আৰম্ভৰ সিদ্ধি হোক।
বোলো কৰযোড়ে শুনা সভাসদ লোক॥
অল্পমতি হুয়া বৰ কৰিলো আৰম্ভ।
জানি মহাজনে নকৰিবা উপালম্ভ॥৫॥
গৰুড়ৰ উৰাক যদ্যপি সম নুই।
পখা অনুৰূপে পক্ষী তেবেকি নুৰই॥
যদি অনুচিত হয় মোৰ ইটো কৰ্ম্ম।
তথাপিতো মহন্ত জনৰ ক্ষমা ধৰ্ম্ম॥৬॥
হেন জানি মোৰ যত দোষ পৰিহৰি।
কৃষ্ণ কথা ৰস পান কৰা কৰ্ণ ভৰি॥
নাহি ধৰ্ম্ম কৃষ্ণকথা শ্ৰৱণত পৰে।
যাক শুনি অতি অন্ত্য জাতিও নিস্তৰে॥৭॥
জানি শুনা আন যত ত্যজিয়া চতুৰী
আছিলন্ত সন্ন্যাসী নামত বিষ্ণুপুৰী॥
পৰম মহন্ত মহাজন মাজে সাৰ।
তেন্তে কৰিলন্ত ভাগৱত সাৰোদ্ধাৰ॥৮॥
ভক্তি-ৰত্নাৱলী নামে নাই পটন্তৰ।
পৰম অমূল্য ৰত্ন ভকত জনৰ॥
মতি অনুসাৰে পদ নিবন্ধিবো আৰ।
কৃষ্ণৰ প্ৰসাদে হৌক লোকত প্ৰচাৰ॥৯॥
মহাজন সবৰ সন্মত অনুসৰি।
কৃষ্ণৰ কীৰ্ত্তন ৰূপ মঙ্গল আচৰি॥
ভক্তসমে মাধৱক কৰিয়া সেৱলি।
বিৰচিল বিষ্ণুপুৰী ভক্তি-ৰত্নাৱলী॥১০॥
নিখিল বেদৰ সাৰ মহাভাগৱত।
সদ্য ভক্তিপ্ৰদ যাৰ অতুল্য মহত॥
এতেকেসে সমস্ত বেদত শ্ৰেষ্ঠতৰ।
পৰম গোপনী ইটো সমস্তে শাস্ত্ৰৰ॥১১॥
মহা অন্ধকাৰময় দুৰ্ঘোৰ সংসাৰ।
আক তৰিবাৰ প্ৰতি ইচ্ছা আছে যাৰ॥
তাক কৃপা কৰি যিটো মহামুনি শুকে।
পৃথিবীত ব্যক্ত আনি কৰিলা উৎসুকে॥১২॥
আত্মা প্ৰকাশক ইটো প্ৰদীপ সাক্ষাত।
ভকতি অমৃত ৰস পৰিপূৰ্ণ যাত॥
আকে শুনি অজ্ঞ লোকে তৰোক সংসাৰ।
হেন শুক গুৰু পদে কৰো নমস্কাৰ॥১৩॥
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পুৰুষাৰ্থ চাৰি।
ফুৰে যত লোকে আৰ উপায় বিচাৰি॥
কৃষ্ণৰ ভকতি তাৰ পৰম উপায়।
মহাপুৰুষাৰ্থ আত পৰে আন নাই॥১৪॥
এহি পৰমাৰ্থ অৰ্থ বেদব্যাস ঋষি।
নিবন্ধিলা ভাগৱত শাস্ত্ৰত হৰিষি॥
আন জ্ঞান কৰ্ম্ম মানে ভক্তিৰ সাধন।
জানিবা নিশ্চয়ে যত কহিলো লক্ষণ॥১৫॥
ভক্তিসে প্ৰধান মই জানিয়া মনত।
মিলিল উৎসুক মোৰ আৰ সংগ্ৰহত॥
ভক্তিপৰ শ্লোকচয় কৰো এক থান।
শুনা যেনমতে মোৰ উপজিল জ্ঞান॥১৬॥
ভাগৱত নামে এক অমৃত সাগৰ।
আছে হেন কথা শুনো মুখত লোকৰ।
গুৰু মুখে শাস্ত্ৰ পাছে আপুনি পঢ়িলো।
ভাগৱত অমৃত-সাগৰে বুৰ দিলো॥১৭॥
কৃষ্ণৰ কৰুণা দিব্য পৰম অঞ্জন।
কৰিলে নিৰ্ম্মল মোৰ হৃদয় লোচন॥
দেখিলোহো কৃষ্ণৰ ভজন ৰত্ন পাছে।
ভাগৱত অমৃত পয়োধি মাজে আছে॥১৮॥
পৰম অমূল্য ইটো হৰি ভক্তি-ৰত্ন।
আক উদ্ধাৰিতে মোৰ ভৈল মহাযত্ন॥
হৃদিগত কৃষ্ণৰ আদেশ অনুসৰি।
বৈষ্ণৱৰ প্ৰীতি অৰ্থে আনিলো উদ্ধাৰি॥১৯
যিটো কণ্ঠে পিন্ধে ৰত্ন পৰম উজ্জ্বল।
কৰে সালঙ্কৃত তাৰ পুৰুষ সকল॥
থাকে মাত্ৰ ৰত্নাৱলী যদিবা গৃহত।
অজ্ঞান আন্ধাৰ তাৰ গুচয় সমস্ত॥ ২০॥
যিটো পঢ়ে শুনে আক বিচাৰে সৰ্ব্বথা।
তাৰ হিত সাধিবেক ইটো কোন কথা॥
জানি ভক্তি-ৰত্নাৱলী মহা গুণৱতী।
কৰিয়োক শ্ৰদ্ধা আত সুকৃতি সম্প্ৰতি॥২১॥
শ্ৰৱণতে প্ৰেম উপজাৱে কৃষ্ণ পাৱে।
পূৰে যত মনোৰথ যেই যিবা চাৱে॥
ভাগৱতে আছে হেন বুলিবা বচন।
তোমাৰ কৃতত যত্ন কিবা প্ৰয়োজন॥২২॥
ইহাৰ উত্তৰ সাৱধানে শুনিয়োক।
পৰম বিষয়ী কৰ্ম্ম-জড় যত লোক॥
লাগিবে আলাস বহু কথা শুনি তাৰ।
এত কথা শুনিতে শকতি আছে কাৰ॥২৩॥
নাহিকে আলাস যাৰ শ্ৰদ্ধা শুনিবাক।
লাগে তাৰো অৱশ্যে কুটুম্ব পুষিবাক॥
নপাই অৱসৰ ভাগৱত নুশুনিব।
মোৰ ইটো কৃতত তাহাৰ শ্ৰদ্ধা হৈব॥২৪॥
কৰিলো সংগ্ৰহ মই তাকে লক্ষ্য কৰি।
নানা প্ৰকৰণ হন্তে শ্লোকক উদ্ধাৰি॥
বিচাৰিয়া যত সাৰ পাইলো বাৰস্কন্ধে।
এক বাক্য কৰি আনি লিখিলো প্ৰৱন্ধে॥২৫॥
প্ৰথমঃভক্তি-বিৰচন
পদ
কহিলো গ্ৰন্থৰ যত প্ৰযোজন মানে।
এবে ৰত্নাৱলী শুনিয়োক সাৱধানে॥
সামান্য বিশেষ ভক্তি কহিবাক প্ৰতি।
আৰম্ভিলো বিৰচন প্ৰথমে সম্প্ৰতি॥২৬॥
যতেক স্বধৰ্ম্ম হৰিভক্তিৰ কিঙ্কৰ।
ভকতিৰ মুখ চাই থাকে নিৰন্তৰ॥
সমস্তে ধৰ্ম্মৰ ভকতিসে মুখ্য ফল।
ভকতি নভৈলে ধৰ্ম্ম সকলে বিফল॥২৭॥
তাকেসে পৰম ধৰ্ম্ম বুলিয় নিশ্চয়।
যাত হন্তে মাধৱত ভকতি মিলয়॥
গুচে সবে কামনা প্ৰসন্ন হৱে চিত্ত।
ৰজ তম গুচি শুদ্ধ সত্বে হৱে স্থিত॥২॥
ভগৱন্ত বাসুদেৱে ভক্তি যিটো কৰে।
মিলে বিষয়ত তাৰ বৈৰাগ্য সত্বৰে॥
বেদ-শিৰোৰত্ন মন্ত্ৰে যাহাক প্ৰকাশে।
হেন তত্ত্ব জ্ঞান আসি মিলে অপ্ৰয়াসে॥২৯॥
একে বাসুদেৱতেসে কৰিব ভকতি।
নকৰিব আন একো দেৱতাত ৰতি॥
ভকতি পন্থত এক দেৱ নাৰায়ণ।
শুনা আৰ হেতু সাৱধান কৰি মন॥৩০॥
সত্ব ৰজ তম প্ৰকৃতিৰ তিনি গুণে।
ধৰা তিনি মূৰ্ত্তি একে পুৰুষ আপোনে॥৷
ৰজোগুণে ব্ৰহ্মা হৈয়া সৃজি চৰাচৰ।
সত্বগুণে বিষ্ণুৰূপে পালে নিৰন্তৰ॥৩১॥
তমোগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত।
তিনি গুণে তিনি মূৰ্ত্তি একে ভগৱন্ত॥
যদ্যপি ভজনি হন্ত তিনিও ঈশ্বৰ।
তথাপিতো বিষ্ণুতেসে সিদ্ধি মনুষ্যৰ॥৩২॥
জ্ঞানেসে জানিবা মুখ্য মোক্ষৰ নিদান।
শুদ্ধ সত্ত্ব গুণতেসে মিলে তত্ত্বজ্ঞান॥
এতেকেসে বিষ্ণু ভৈলা ভকতৰ ইষ্ট।
উপাধি বিশিষ্টে ফল হোৱয় বিশিষ্ট॥৩৩॥
পূৰ্ব্ব সদাচাৰে আর দেখাওঁ প্ৰমাণ।
যতেক মহন্ত মহা জ্ঞানত প্ৰধান॥
কৰন্ত ভকতি বাসুদেৱৰ চৰণে।
হোৱে চিত্ত নিৰ্ম্মল আনন্দ মিলে মনে॥৩৪॥
পিতৃ ভূতপতি লোকপাল নিৰন্তৰে।
শ্ৰাদ্ধ বলি পূজা নকৰিলে বিঘ্নি কৰে॥
বিস্তৰ আয়াসে ভজি পাৰে অল্প ফল।
জানি ঘোৰ ৰূপ ত্যজি মহন্ত সকল॥৩২॥৷
শান্ত মূৰ্ত্তি কৃষ্ণ অৱতাৰক ভজন্ত।
আন দেৱ সমস্তক নিন্দা নকৰন্ত॥
সুদৃঢ় বিশ্বাসে নিতে ভজি ভগৱন্ত।
পৰম দুৰ্লভ মোক্ষ পদক সাধন্ত॥৩৬॥
বুলিবা মুকুতি সুখে ইচ্ছা আছে যাৰ।
ভগৱন্ত ঈশ্বৰ ভজনী দেৱ তাৰ॥
অন্যত্ৰ সুখক ইচ্ছা কৰে যিটো নৰ।
তাহাৰ ভজনি দেৱ নহন্ত ঈশ্বৰ॥৩৭॥
শুনা নিৰন্তৰে আৰ উত্তৰ যুগুতি।
ভকতি জ্ঞানৰ ফল দেখাওঁ মুকুতি॥
ঈশ্বৰ কেশৱ দেৱ ভকতৰ নিধি।
যেই যিবা চাৱে তাৰ সেই হোৱে সিদ্ধি॥৩৮॥
এতেকেসে পৰম উদাৰ বুদ্ধি যাৰ।
তাৰা সবে নকৰে ভকতি ব্যভিচাৰ॥
পৰম পুৰুষ হৰি প্ৰকৃতিত পৰ।
মহা তীব্ৰ ভকতি ভজন্ত নিৰন্তৰ॥৩৯॥
আছে শ্ৰেয় সৱ যত অন্য মাৰ্গান্তৰ।
যাগ যোগ আদি নিয়ো নাৰায়ণপৰ।
কৃষ্ণকেসে কহে বেদ শাস্ত্ৰ আছে যত।
তাহাৰ বিহিত ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত॥৪০॥
সবে নাৰায়ণপৰ জানিবা নিশ্চয়।
অৰ্পণ নভৈলে একো ফল নধৰয়॥
নকৰি ভকতি যোগ-পথে কৰি শ্ৰম।
নহে চিত্ত শুদ্ধ নুগুচয় অহম্মম॥৪১৷
লোভে মোহে কামে পুনৰপি হোৱে হত।
নপাৱে মুকুতি সুখ নাহিকে মনত॥
মিলিল যাহাৰ শ্ৰদ্ধা মুকুন্দ সেৱাত।
হোৱে চিত্ত শান্ত মিলে আনন্দ সাক্ষাত॥৪২॥
সমস্তে শাস্ত্ৰৰ তাৎপৰ্য্য এহিমান।
সূত বাক্যে লৈয়ো আৰ সাক্ষাতে প্ৰমাণ॥
যত কৰ্ম্ম যোগ জ্ঞান আচৰি হৰিষি।
তথাপি নভৈলা শান্ত মতি ব্যাস ঋষি॥৪৩॥
একো মতে নুগুচে মনৰ মহা ক্লেশ।
নাৰদত হন্তে পাছে পাইলা উপদেশ॥
এক চিত্তে মাধৱত কৰিয়া ভকতি
তেবে তান নিৰ্ম্মল নিশ্চল ভৈলা মতি॥৪৪॥
ভকতিৰ পৰম আনন্দ ভৈলা জাত।
হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাত॥
কৃষ্ণৰ অধীন মায়াদেৱীকো দেখিল।
তেবেসে ব্যাসৰ যত সংশয় গুচিল॥ ৪৫॥
ভৈলা কৃতকৃত্য ভকতিৰ প্ৰসাদত।
দেখাইলো প্ৰমাণ জ্ঞান ভকতি যিমত॥
এবে শুনা ভকতিৰ মহিমা সকল।
নলাগে বিলম্ব অতিশীঘ্ৰে সাধে ফল॥৪৬॥
কপিল বচনে আৰ লৈয়োক প্ৰমাণ।
কহিলন্ত কপিলে মাতৃত বিদ্যমান॥
আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত।
অযত্নে প্ৰবৰ্ত্তে যেন নানা বিষয়ত॥৪৭॥
সেহি মতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে।
বিষয়ক এৰিয়া বিষ্ণুত ৰতি কৰে॥
নকৰে কামনা ভকতিক ত্যজি আন।
তাকে বুলি ভাগৱতী ভকতি প্ৰধান॥৪৮॥
কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম।
মনে পাদ-পদ্ম স্মৰে হস্তে কৰে কাম॥
কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুয়ে ভক্তক।
বিষ্ণু বুদ্ধি কৰি শিৰে নমে সমস্তক॥৪৯॥
নিৰ্ম্মাল্য তুলসী ঘ্ৰাণ লৱে নাসিকায়।
বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বায়॥
পদে বিষ্ণু-ক্ষেত্ৰ বৈষ্ণৱৰ ঠাইক যায়।
এহি মতে ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়৷৫০॥
বিষ্ণুতেসে প্ৰবৰ্ত্তে অযত্নে যেবে জানা।
মনে একে৷ বিষয়ক নকৰে কামনা॥
তেবে আৰ তাহাৰ মহিমা কৈবো কিক।
পাইলেক প্ৰসাদ সিটো মোক্ষতে৷ অধিক॥৫১॥
যদ্যপি মুকুতি পদ সুখ ৰূপ হয়।
তথাপি ভকতি শ্ৰেষ্ঠ কহিলো নিশ্চয়॥
সেৱাৰ আনন্দ সুখ মুকুতিত নাই।
মুকুতিৰ সুখ সুখে ভকতিতে পাই॥৫২॥
যেহেন শৰ্কৰাখণ্ড ভুঞ্জে যিটো জনে।
তাৰ যেনমত স্বাদ সিসি মাত্ৰ জানে॥
সেহিমতে মোক্ষৰ মুৰুতি হৰি দেৱ।
তাতেসে বেকত হন্ত যিটো কৰে সেৱ॥৫৩॥
এতেকে ভকতি শ্ৰেষ্ঠ মুকুতিত কৰি॥
নুহি আন সুখ আৰ ভকতিৰ সৰি॥
কহিলোহো ভকতিৰ উত্তম লক্ষণ।
মুকুতিৰ অৰ্থে ভিন্ন নলাগে যতন॥৫৪॥
মিলিবে মুকুতি ভকতিৰ প্ৰসাদত।
লিঙ্গ দেহ দহিবে অজ্ঞান প্ৰথমত॥
যেন প্ৰাণী অন্ন পান ভুঞ্জে যত যত।
উদৰৰ বহ্ণি জীৰ্ণ কৰয় সমস্ত॥৫৫॥
ভকতিও সেহিমতে লিঙ্গ জীৰ্ণ কৰে।
বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে॥
জানি ধৰা ভকতি ত্যজিয়া আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৫৬॥
⸺
দুলড়ী
কপিল বদতি, শুনা দেৱহুতি,
মাতৃ কৰি স্থিৰ চিত্ত।
কহিলোহো নিষ্ঠ, ভকতি গৰিষ্ঠ,
লক্ষণ কৰো বিদিত॥
আমাৰ একান্ত, ভকত সকলে,
দেখে সমস্তকে মিছা।
ভকতি বিৰোধী, জানিয়া সাযুজ্য,
মোক্ষকো নকৰে ইচ্ছা॥৫৭॥
একে মোতে মাত্ৰ, কায় বাক্য মনে,
ৰতি কৰে নিৰন্তৰে।
এড়িয়া কামনা, কৰয় অৰ্পণা,
যত কিছু চেষ্টা কৰে।
বিৰল ভকত, জনৰ শুনিয়ো,
যেন মূখ্য প্ৰয়োজন।
অন্যোঅন্যে এক, প্ৰাণ হৈয়া কৰে,
মোৰ যশ সভাজন॥৫৮॥
শ্ৰৱণ কীৰ্ত্তন, কৰি অনুক্ষণ,
প্ৰশংসন্ত মাত্ৰ মোক।
বুলিবা তাহাৰ, ফল কিবা তেবে,
কহো তাক শুনিয়োক॥
মোৰ গুণ নাম, কহন্তে শুনন্তে,
নিলে আসি মহাভাগ।
আনন্দ স্বৰূপ, মোৰ দিব্য ৰূপ
প্ৰত্যক্ষতে পাৱে লাগ॥৫৯॥
প্ৰসন্ন বদন, অৰুণ নয়ন,
তনু আতি অনুপাম।
ভকতক দয়া, কৃপাদৃষ্টি চায়া,
পূৰন্ত মনৰ কাম॥
দেখি কৃষ্ণমুখ, মিলে মহাসুখ,
দূৰ হৱে যত তাপ।
অতি মন প্ৰীতি, মাধৱে সহিতি,
মধুৰ কৰে আলাপ॥৬০॥
এহিমতে মহে -শ্বৰ দৰশন,
সুখ মুকুতিত নাই।
মোক্ষৰ আনন্দ, যিটো আত্ম সুখ,
ভকতিত সুখে পাই॥
পৰম সুন্দৰ, মহা মনোহৰ,
কৃষ্ণৰ অঙ্গ যতেক।
মন ইন্দ্ৰিয়ৰ, বৃত্তি নিৰন্তৰ
হৰয় দেখি প্ৰত্যেক॥৬১॥
ভকতি সুখত, কৰি অল্প দেখি,
ভকতে তাক নচাৱে।
তথাপিতো যিটো, সুখ মোক্ষ পদ,
ভকতি আনি মিলাৱে॥
অবিদ্যা নিবৃত্তি, ভৈলে অনন্তৰে,
যতেক ঐশ্বৰ্য্য আছে।
বৈকুণ্ঠ সম্পত্তি, সমন্বিতে আসি,
ভ্ৰমে ভকতৰ পাছে॥৬২॥
ভকতে যদ্যপি, নবাঞ্ছে তথাপি,
ভকতিৰ মহা বলে।
বৈকুণ্ঠ লোকত, মহা ভোগ যত,
ভকতে পাৱে সকলে॥
বুলিবা বৈকুণ্ঠ, লোকৰ ভিতৰ,
যেবে ভৈলা স্বৰূপত।
স্বৰ্গাদিৰ যেন, হৈবেক বিনাশ,
বৈকুণ্ঠৰ ভোগ যত॥৬৩॥
ইটো কুনিৰ্বন্ধ, শঙ্কা পৰিহৰি,
শুনিয়ো উত্তৰ তাৰ।
সিটো শুদ্ধ সত্ব, বৈকুণ্ঠ লোকত,
মায়াৰ নাহি সঞ্চাৰ॥
পৰম দুৰ্ঘোৰ, কাল চক্ৰ মোৰ,
পৰক গিলিবে লাগি।
নাহি নিদ্ৰা লেশ, নকৰে নিমেষ,
সৰ্ব্বদায়ে থাকে জাগি॥৬৪॥
প্ৰিয় আত্মা গুৰু, সখা ইষ্টদেৱ,
বুলি মোক সৰ্ব্বভাৱে।
ভজে যিটো তাক, সটো কালে আৰ,
আখিও মেলি নচাৱে॥
এতেকে বৈকুণ্ঠ, লোকত যতেক,
ভকত আছে আমাৰ।
জানা কদাচিতো, নুহি ভোগে হীন,
কহিলোহো সাবে সাৰ॥৬৫॥
কহিলোহো যত, প্ৰকৰণ অৰ্থ,
বিচাৰি কৰা নিৰ্ণয়।
প্ৰথমে কামনা, কৰি যিটো আসি,
ভকতিত প্ৰবৰ্ত্তয়॥
ভকতিৰ স্বাদ, জানিয়া পাচত,
কামনাক পৰিহৰে।
ভকতিক মাত্ৰ, বাঞ্ছিয়া মনত,
নিস্কামে ভকতি কৰে॥৬৬॥
কদাচিত তাৰ, কৰন্ত পূৰণ,
কামনা যত পূৰ্ব্বৰ।
ভকতে বাঞ্ছিলে, দিবাক লাগয়,
স্বভাৱ ইটো কৃষ্ণৰ॥
তাতেসে উকুত, কৰিলো ভকতে,
নোখোজন্তে সূক্ষ্ম- গতি।
পাৱয় পূৰ্ব্বত, কামনা মনত,
কৰিলে যিটো নিমিত্তি॥৬৭॥
যিটো মহাজনে, শুনি প্ৰসঙ্গত,
ভকতিৰ স্বাদ জানি।
পৰম নিস্কামে, পূৰ্ব্ব হন্তে ভজে,
ভগৱন্ত পদ্মপাণি॥
সিটো মহন্তৰ, ভকতিৰ সুখ,
সদায়ে হৈব নিশ্চয়।
বৈকুণ্ঠ লোকত, পৰম ঐশ্বৰ্য্য,
অধিক সুখ পাৱয়॥৬৮॥
মুকুতিত কৰি, ভকতি গৰিষ্ঠ,
এতেকে জানা সৰ্ব্বথা।
ভকতিৰ আগে, বিষয়ৰ সুখ,
তুচ্ছ হৈব কোন কথা॥
সদা ভক্তি সুখ, সহিতে বৈকুণ্ঠ,
ঐশ্বৰ্য্য সমে মুকুতি।
একান্ত ভকতে, পাৱে আন জনে,
নপাৱে শুনা যুগুতি॥৬৯॥
ইহ পৰলোক, সুখ ধন জন,
ভাৰ্য্যা পুত্ৰ গৃহ দেহ।
সমস্তকে ত্যজি, অনন্য ভকতি,
ভজি মোত কৰে স্নেহ॥
তাত পৰে মোৰ, মহা প্ৰিয়তম,
ভকত নাহি আমাৰ।
ভকতি মুকুতি, ভকতক দিয়া,
কৰো সংসাৰৰ পাৰ॥৭০॥
অনেক নিৰ্ব্বাণ, পদ আদি দান,
দেওঁ মই নিষ্ঠে নিষ্ঠ।
মুমুক্ষু ভকত, জনত কৰিয়া,
বেৱল ভক্ত গৰিষ্ঠ॥
হেন জানি সবে, ভজিয়ো কৃষ্ণক,
ত্যজিয়া সমস্ত কাম।
মুৰুখ মাধৱে, কহে নিৰন্তৰে,
ডাকি বোলা ৰাম ৰাম॥৭১॥
পদ
কপিল বদতি মাতৃ শুনা দেৱহুতি।
কদাচিতো অভকতে নপাৱে মুকুতি॥
মই পৰমাত্মা চৰাচৰ জগতৰ।
প্ৰধান পুৰুষ দুইৰো নিয়ন্তা ঈশ্বৰ॥৭২॥
ভকতি মুকুতি পদ দাতা মই দেৱ!
স্বতন্ত্ৰ ঈশ্বৰ মোত পৰে নাহি কেৱ॥
হেন মই মোকে ত্যজি আনক ভজয়!
নুগুচে তাহাৰ ঘোৰ সংসাৰৰ ভয়॥৭৩॥
জানি আন ত্যজি ভজনীয় মোৰ পাৱে।
পৰম শ্ৰদ্ধায়ে মাতৃ ভজা সৰ্ব্বভাৱে॥
মোৰ গুণ নামত কৰিয়ো মাত্ৰ ৰতি।
শ্ৰৱণ কীৰ্ত্তনে অনায়াসে পাইবা গতি॥৭৪॥
কপিলৰ বচন সংহৰি এবে থওঁ।
এহি পৰমাৰ্থ সুনীতিৰ বাক্যে কওঁ॥
কৃষ্ণ বিনে নাহিকে আনত হন্তে গতি।
শিখাইলন্ত সুনীতি ধ্ৰুৱক প্ৰতি প্ৰতি॥৭৫॥
শুন পুত্ৰ ধ্ৰুৱ তই মোহোৰ বচন।
স্বতন্ত্ৰ ঈশ্বৰ যিটো দেৱ নাৰায়ণ॥
তাহান্তে শৰণ লৈয়া কৰিয়োক সেৱ।
ভকত বৎসল কৃষ্ণ দেৱতাৰো দেৱ॥৭৬॥
মুমুক্ষু সকলে কাল হন্তে হৈয়া ভয়।
যাৰ পাদপদ্মৰ পন্থক বিচাৰয়॥
তয়ো নিজ ধৰ্ম্মে কৰি হৃদয় শোধিত।
তাতে স্থাপি কৃষ্ণ-পাদ-পদ্ম স্মৰ নিত॥৭৭॥
যেন শত্ৰু হন্তে মহা ভয় হৈয়া নৰে।
ৰাজাত শৰণ লৈয়া পাছে সেৱা কৰে॥
সেহি মতে সেৱা বাপ কৰিয়ো কৃষ্ণত।
তান্ত বিনে হিত সিদ্ধি নাহিকে আনত॥৭৮॥
কৃষ্ণ বিনে নাহি আন দেৱ সৰ্ব্বোত্তম।
আয়ত লোচন যাব পদ্মপত্ৰ সম॥
তোৰ ইটো শোক দুখ খেদ ছেদকাৰী।
কৃষ্ণ বিনে মনে আন নেদেখো বিচাৰি॥৭৯॥
ব্ৰহ্মা আদি সেৱন্ত কটাক্ষ বাঞ্ছা কৰি।
হেন লক্ষ্মীদেৱী হাতে পদ্ম গোট ধৰি॥
কৃষ্ণ পাদপদ্ম দুইকো বিচাৰি ফুৰন্ত।
জানি সৰ্ব্বোত্তম দেৱ ভজা ভগৱন্ত॥৮০॥
হেনবা বুলিবা লক্ষ্মী পৰম ঈশ্বৰী।
কিহেতু কৃষ্ণক সেৱা কৰন্ত সাদৰি॥
সকল পৌৰুষশালী সৰ্ব্বোত্তম জানি।
এতেকে কৃষ্ণক সেৱা কৰন্ত গোসানী॥৮১॥
ইহাৰ প্ৰমাণ কহো পৃথুৰ বচনে।
প্ৰাৰ্থিলন্ত পৃথু যেন কৃষ্ণৰ চৰণে॥
যাচিলা মাধৱে বৰ লোৱা পৃথুৰায়।
ৰাজায়ে বোলন্ত মোৰ বৰে কাৰ্য্য নাই॥৮২॥
তযু পাদপদ্মক ভজিয়া সৰ্ব্বভাৱে।
হাতত ধৰিয়া পদ্ম যেন লক্ষ্মী মাৱে॥
তোমাক সেৱন্ত মাত্ৰ ত্যজি আন বৰ।
ময়ো সেহি মতে তযু চৰণ কিঙ্কৰ॥৮৩॥
বুলিবা দু-হানো মই ভৈল এক পতি।
লাগিবে কন্দল লক্ষ্মী সহিতে সম্প্ৰতি॥
শুনিয়োক ইহাৰ উত্তৰ কৃপাময়।
উত্তম পুৰুষ তুমি গুণৰ আলয়॥৮৪॥
ভকতত তোমাৰ কৃপাৰ নাহি সীম৷।
নলাগিবে দ্বন্দ তযু চৰণ মহিমা॥
লাগে যদি কন্দল নকৰো তাকো ভয়।
লৱে ৰাজ্যভাৰ ভোগ সম্পত্তি হৰয়॥৮৫॥
তথাপি সেৱিবো প্ৰভু তোমাৰ চৰণ।
লক্ষ্মীত তোমাৰ নাহি কিছু প্ৰয়োজন॥
নিজানন্দ স্বৰূপ যিহেতু দামোদৰ।
লক্ষ্মীৰ বস্তুত নাহি এতেকে সাদৰ॥৮৬॥
তথাপি ভক্তৰ কৰা অল্পকো বিস্তৰ।
দৰিদ্ৰ বৎসল তুমি কৃপাৰ সাগৰ॥
স্বৰূপত লক্ষ্মী দ্বেষ নকৰে ভক্তক।
মাতৃ যেন অনুগ্ৰহ কৰয় পুত্ৰক॥৮৭॥
সেহি মতে জগত জননী লক্ষ্মীমাৱে।
তযু ভকতক দয়া কৰন্ত স্বভাৱে॥
জগতৰ আত্মা কৃষ্ণ তুষ্ট ভৈল যাৰ।
দেখাইলোহো লক্ষ্মী যেন তৃপিতি তাহাৰ॥৮৮॥
শ্ৰীৰুদ্ৰ দেৱৰ পৰম প্ৰিয় ভক্ত।
হৰি সেৱকৰো শঙ্কৰত অনুৰক্ত॥
মহেশৰ বাক্যে লৈয়ে৷ প্ৰমাণ সাক্ষাত।
কহিছে আপুনি হৰে দশ প্ৰচেতাত॥৮৯॥
প্ৰধান পুৰুষ দুইতে৷ পৰ বাসুদেৱ।
ভগৱন্ত ঈশ্বৰক যিটো কবে সেৱ॥
নজানি যদ্যপি মোৰ অপৰাধ কৰে।
তথাপিতো মোৰ প্ৰিয় নাহি তাত পৰে॥৯০॥
মহাভাগৱত তোৰা মোৰ প্ৰিয়তম।
দেখো তোমাসাক মই ভগৱন্ত সম॥
তুমিসবো মোত প্ৰীতি কৰিবা সদায়।
মোত পৰে ভকতৰ প্ৰিয় আন নাই॥৯১॥
থওঁ উপসংহৰি বচন মহেশৰ।
শুনা এবে কহো বিমৰিষি পূৰ্ব্বাপৰ॥
যিহেতু পৰম আত্মা হৰিসে জীৱৰ।
হৰি তুষ্ট ভৈলে তুষ্ট হোৱে চৰাচৰ॥৯২॥
এতেকেসে শাস্ত্ৰে কহে যতেক উপায়।
হৰিৰ প্ৰীতিসি তাৰ ফল সমুদায়॥
এহিমানে সমস্তে শাস্ত্ৰৰ তত্ত্ব মৰ্ম্ম।
হবি তুষ্ট হন্ত যাত তাকে বুলি ধৰ্ম্ম॥৯২॥
যাত হন্তে মতি অতি উপজে কৃষ্ণত।
তাকেসে বুলিয় বিদ্যা জানা সাৰ তত্ব॥
হৰিসি দেহিৰ মহ৷ প্ৰিয়তম গতি।
আপুনি ঈশ্বৰ হৰি আপুনি প্ৰকৃতি॥৯৪॥
এহি হেতুতেসে দেৱান্তৰ সেৱা যত।
হৈয়া আছে হৰি ভকতিৰ অন্তৰ্গত॥
ভকতিতে সিজে সবে সেৱা দেৱতাৰ।
প্ৰহলাদ বচনে লৈয়ো প্ৰমাণ ইহাৰ॥৯৫॥
বোলন্ত প্ৰহ্লাদে শুনা অসুৰ সমস্ত।
যাৰ আছে নিষ্কাম ভকতি মাধৱত॥
তাহাৰেসে পৰম নিৰ্ম্মল ভৈল চিত্ত।
মহা প্ৰেম ৰস তাতে হোৱয় বিদিত॥৯৬॥
হোৱে কৃতকৃত্য ভকতিৰ প্ৰসাদত।
ধৰ্ম্ম জ্ঞান সহিতে দেৱতা আছে যত॥
পৰম শ্ৰদ্ধায়ে তাক কৰন্ত আশ্ৰয়।
ভৈল সিটো নৰ সৰ্ব্ব গুণৰ আলয়॥৯৭॥
যিটো দুবাশয় ত্যজি হৰিৰ ভকতি।
গৃহৰ সুখত ৰাত্ৰি দিনে আসকতি॥
ফুৰে বহিৰ্ম্মুখ হৈয়া মিছা বিষয়ত।
নাহি কদাচিতো তাত মহাগুণ যত॥৯৮॥
গৃহাদি আসক্ত ভক্তি হীন লোক যত।
সিসৱ লোকতো দেখি মহত্ত্ব সাম্প্ৰত॥
হেন যদি বোল৷ শুনা ইহাৰ উত্তৰ।
বাঞ্ছিত জীৱন যেন জলেসে মৎসৰ॥৯৯॥
সেহি মতে আত্মা হৰি সমস্তে জীৱৰ।
পৰম প্ৰসিদ্ধ ইটো সমস্ত শাস্ত্ৰৰ॥
হৰি এৰিলতে মিলে তেখনে মৰণ।
জল বিনে নাহি যেন মৎসৰ জীৱন॥১০০॥
হেন হৰি এৰি কৰে গৃহে আসকতি।
তাৰ যেন মহত্ত্ব শুনিয়ে৷ প্ৰতি প্ৰতি॥
বৃদ্ধক পূজয় যেন শূদ্ৰৰ মাজত।
ভাৰ্য্যাৰ উপৰি যেন স্বামীৰ মহত্ত্ব॥১০১॥
পিতৃৰ মহত্ত্ব যেন পুত্ৰৰ উপৰে।
কনিষ্ঠে জ্যেষ্ঠক যেন মতে মান্য কৰে॥
হৰি-বিমুখৰ জানা তেহ্ণয় মহত্ত্ব।
নাহি কদাচিতে৷ তাত মহাগুণ যত॥১০২॥
কালে যাক অধিকাৰ কৰে বিদ্যমান।
তাহাৰ মহত্ত্ব উপহাস্যৰেসে স্থান॥
এতেকে জানিবা "সৰ্ব্বভাৱে পুৰুষৰ।
ভগৱন্ত মাত্ৰ ভৈল ভজনী ঈশ্বৰ॥১০৩॥
হৰি বিনে আছন্ত যতেক আন দেৱ।
আপোনাকো ৰাখিবাক সক্ষম নহে কেৱ॥
নাহি আপোনাৰ পুৰী কালৰ ভয়তে।
তাৰা সবে ৰাখিবে আনক কেন মতে॥১০৪
কেৱলে নিৰ্ভয় এক ঈশ্বৰ মুৰাৰি।
কাল মায়৷ আদি সমস্তৰে অধিকাৰী॥
আত্মলাভ বিনে সুখ আন নমানন্ত।
সৰ্ব্ব ভাৱে ভয়াতুৰ জনক ৰাখন্ত॥১০৫॥
জানিয়া তাহান দুই অভয় চৰণে।
হৈয়োক শৰণাপন্ন কায় বাক্য মনে॥
সত কুলে জন্ম তান তুষ্টৰ কাৰণ।
নোহে শুনা কহো হনুমন্তৰ বচন॥১০৬॥
কিম্পুৰুষ বৰিষত ৰামক উপাসি।
আছন্ত সবাতে কন্ত ভকতি প্ৰকাশি॥
শুনা সৰ্ব্বজনে কথা কহো সাৰ তত্ত্ব।
সুৰাস্থৰ নৰ আন লোক আছে যত॥১০৭॥
তাহাৰ মাজত যিটো হৰিক ভজয়।
সি সি মহাজনে তান তোষক পাৱয়॥
পৰম কৃতজ্ঞ ৰাম প্ৰভু ভগৱন্ত।
অল্প ভজনতে কৰে বহু মান্যৱন্ত॥১০৮॥
অযোধ্যা নিবাসী জীৱ জন্তু সমস্তক।
নিলা অতি কৌতুকে সবাকো বৈকুণ্ঠক॥
অল্প সেৱা মাত্ৰে যেন কৰে বহু মান।
আপোনাতে দৃষ্টান্ত দেখাওঁ বিদ্যমান॥১০৯॥
নুহিকো উত্তম জন্ম আকৃতি সুন্দৰ।
বাক্যৰো চাতুৰী নাহি বুদ্ধিও বিস্তৰ॥
নাহি একো গুণ আমি বনৰ বানৰ।
অনুগ্ৰহ পাত্ৰ ভৈলে৷ তথাপি ৰামৰ॥১১০॥
এতেকে ভকতি হৰি তোষৰ কাৰণ।
ব্যৰ্থ হৰি বিষয়ত আনি গুণ গণ॥
কিন্তু তাতে কৰে যিটো নিষ্কামে ভকতি।
পৰম কৃতাৰ্থ ভৈল সিসি মহামতি॥১১১॥
ভজিয়া কৃষ্ণত যিটো কামনা কৰয়।
কৰন্ত পূৰণ তাক ইটে৷ সত্য হয়॥
তথাপি কৃষ্ণৰ নাহি সন্তোষ মনত।
সবে মায়াময় ইন্দ্ৰিয়ৰ ভোগ যত॥১১২॥
ব্ৰহ্মলোক আদি কৰি সমস্তে নিবাসী।
পুণ্য ক্ষয় ভৈলে পুনঃ প্ৰাৰ্থিবন্ত আসি॥
নেদন্ত মাধৱে যোনো কিছু নুখুজিলে।
নকৰিবা শঙ্কা ইটো মনত সমুলে॥১১৩॥
নবাঞ্ছয় কিছু যিটো ভজি মাধৱক।
দিবন্ত আপুনি নিজ পাদ পল্লৱক॥
যাক পাইলে ভকতৰ পূৰ্ণ হোৱে মন।
সৰ্ব্বকাম বৰিষণ কৃষ্ণৰ চৰণ॥১১৪॥
মোক্ষ আদি কবি সুখ যতেক আছয়।
চৰণ সেৱাক পাইলে একো নবাঞ্ছয়॥
কৃষ্ণ পাদপদ্ম মকৰন্দ কৰি পান।
হৈয়া পৰিপূৰ্ণ মনে নোখোজয় আন॥১১৫॥
কামনা পূৰ্ব্বকে যদি কৃষ্ণক ভজয়।
তাহাৰো পৰম হিত চিন্তে কৃপাময়॥
বাৰেকাদি কামনা পূৰন্ত কৃষ্ণে তাৰ।
পুনঃ পুনঃ খুজিলে নেদন্ত আৰ বাৰ॥১১৬॥
অনৰ্থ বিষয় পৰমাৰ্থ দাত৷ হৰি।
এতেকে ভক্তৰ বিষয়ক দূৰ কৰি॥
নোখোজন্তে নিজ পদ পল্লৱ সুখক।
দেন্ত যাক পাইলে আৰ নোখোজে আনক॥১১৭॥৷
যেন শিশুসবে কৰে মৃত্তিকা ভোজন।
তাক দেখি অনৰ্থক ভয়ে মাতৃগণ॥
খাইবাকে৷ নেদয় আৰ মুখৰো গুচাৱে।
কান্দিবাক দেখি নোখোজন্তে আনি মাৱে॥১১৮॥
দেয় খণ্ড শৰ্কৰা ভুঞ্জয় শিশু তাক।
জানিয়া মধুৰ স্বাদ ত্যজে মৃত্তিকাক॥
শৰ্কৰাকে মাত্ৰ শিশু খোজয় পাছত।
হৰি ভক্ত সবৰো স্বভাৱ সেহি মত॥১১৯॥
এতেকে নিষ্কাম ভক্ত স্বভাৱে কৃতাৰ্থ।
এহিমানে সমস্তে শাস্ত্ৰৰ পৰমাৰ্থ॥
বুলিবা ই সব কথা কৈলা সবে ব্যৰ্থে।
মহন্তো কৰয় যত্ন কাম ভোগ অৰ্থে॥১২০॥
শুনা এক চিত্ত কৰি ইহাৰ সিদ্ধান্ত।
কদাচিতো শাস্ত্ৰে তাক নোবোলে মহন্ত॥
বিষয়ৰ ভোগক এৰিয়া যিটে৷ জন।
পৰম শ্ৰদ্ধায়ে ভজে কৃষ্ণৰ চৰণ॥১২১॥
তাকেসে বুলিয় সাধু লৈয়োক প্ৰমাণ।
প্ৰহ্লাদৰ বচনে দেখাওঁ বিদ্যমান॥
বোলন্ত প্ৰহ্লাদে শুনা পিতৃ মহাভাগ
গৃহ অন্ধ কূপত এৰিয়ো অনুৰাগ॥১২২॥
অসন্ত বিষয় অণু মাত্ৰ সুখ নাই।
মিছা অহং মম ভাগ এৰিয়ো সদাই॥
হৰিক চিন্তিয়ো মাত্ৰ গৈয়া তপোবনে।
ই সি সাধু কাৰ্য্য বুলি মানে মোৰ মনে॥১২৩॥
এহি মানে মাত্ৰ শ্ৰেষ্ঠ ধৰ্ম্ম পুৰুষৰ।
এক চিত্তে ভক্তি আচৰিয়া মাধৱৰ॥
শ্ৰৱণ কীৰ্ত্তন তাঁন কৰিব সদায়।
ভকতিয়ো আৰ আত পৰে শ্ৰেষ্ঠ নাই॥১২৪॥
কৰিবা সংশয় দেৱ পিতৃ নভজিলে।
তাসম্বাত হন্তে যোনে৷ মহাভয় মিলে॥
নকৰিবা শঙ্কা শুনা ইহাৰ উত্তৰ।
ভৈল যাব৷ সবো আমি নাৰায়ণ-পৰ॥১২৫॥
কৃষ্ণৰ অভয় দুই চৰণত ধৰি।
স্বৰ্গ মোক্ষ নৰকক মানে তুল্য কৰি॥
এতেকেসে স্ত্ৰী শূদ্ৰ আদি ভক্ত চয়।
নকৰন্ত কাতো হন্তে অণু মাত্ৰ ভয়॥১২৬॥
ভকতিৰ প্ৰসাদত মিলে মহাভাগ।
নাহি তাৰা সবৰো কাহাতো অনুৰাগ॥
ভকতিৰ সাধ্য জ্ঞান বৈৰাগ্যৰ বলে।
নাহি কিছু সাৰ মিছা দেখন্ত সকলে॥১২৭॥
বুলিবা ভক্তিত যেবে গুচে সবে ভয়।
কি হেতু কৃষ্ণক ভেবে সবে নভজয়॥
শুনিয়ো ইহাৰ কহো উত্তৰ সম্প্ৰতি।
পৰম বিষয়ী যত লোক গৃহবৰ্ত্তী॥১২৮॥
ইন্দ্ৰিয়ৰ সুখে যাৰ সদা আসকতি।
কদাচিতো কৃষ্ণত নোপজে তাৰ মতি॥
গুৰু উপদেশত বা আপোনাত হন্তে।
নপাইবেক বোধ অন্যোঅন্যে বিচাৰন্তে॥১২৯॥
নাহি ইন্দ্ৰিয়ৰ উপৰতি বিষয়ত।
চোবোৱাকে চোবাই ফুৰে ঘোৰ সংসাৰত॥
হোৱে অন্ধ ভাৰ্য্যা পুত্ৰ ধনৰ আক্ৰোশে।
নভজে কৃষ্ণক বিষয়ৰ সঙ্গ দোষে॥১৩০॥
বুলিবা পৰমানন্দ কৃষ্ণৰ মুৰুতি।
নভজে তাহাক সবে কমন যুগুতি॥
শুনিয়োক স্থিৰ চিত্তে ইহাৰ নিৰ্ণয়।
অজ্ঞানত থাকিয়া কৃষ্ণক নভজয়॥১৩১॥
কৃষ্ণেসে ভৈলন্ত মাত্ৰ যাৰ প্ৰয়োজন।
তাৰেসে কেবলে প্ৰাপ্য প্ৰভু নাৰায়ণ॥
বিষয় বাসনা বন্ধ যাহাৰ হৃদয়।
নজানে বিষ্ণুক জানা সিটো দুৰাশয়॥১৩২৷
বুলিবা জানিবে সিটো গুৰু উপদেশে।
ইহাৰ উত্তৰ যেন শুনিয়ো নিঃশেষে॥
আপুনি বিষয়ী বিষয়ীক গুৰু মানে।
তাৰ উপদেশে সিটো বিষ্ণুক নজানে॥১৩৩॥
যেন অন্ধলাক অন্ধে পন্থ উপদেশে।
পৰিবেক দুয়ো গৈয়া গৰ্ত্তত অৱশ্যে॥
সেহিমতে মাধৱৰ বেদ-জৰী ছন্দি।
পৰিবে সংসাৰ গৰ্ত্তে দুয়ো হৈয়া বন্দি॥১৩২॥
বিষয়ত অতি আসকতি ভৈল যাৰ।
কৃষ্ণক পাইবাৰ আশা নিবৰ্ত্তিল তাৰ॥
যেন বায়ু বস্ত্ৰ পশ্চিমক লৈয়া যাই।
পূবক খেদিলে জানা সি কি বস্ত্ৰ পায়॥১৩৫॥
হেন জানি বিষয়ৰ বাসনা যাৱত।
নতো ধৰে আসি হৰি ভজিয়ো তাৱত॥
সবে অৱস্থাতে ভক্তি কৰা সাৱধানে।
সকল শাস্ত্ৰৰ তাৎপৰ্য্য এহি মানে॥১৩৬॥
পৰম দুৰ্লভ নৰ তনু আছা পাই।
নুহিকে শাশ্বত ইটো ক্ষণিকে পড়য়॥
জানিয়া বিষয় সুখে যত্ন দূৰ কৰি।
কুমাৰ কালৰে পৰা ভজিয়োক হৰি॥১৩৭॥
নাহিকে বিস্তৰ শ্ৰম হৰিৰ সেৱাত।
বাল্য বৃদ্ধ সবো পাৰে ভজিবে সাক্ষাত॥
সমস্তে ভূতৰে হৰি আত্মা প্ৰিয়তম।
আপোনাকে আপুনি ভজন্তে কোন শ্ৰম॥১৩৮॥
আপোনাৰ নিজ সখা আত্মা ভগৱন্ত।
সবাৰো হিয়াতে হৰি স্বভাৱে আছন্ত।
আন স্থানে বিচাৰিবে নলাগে কৃষ্ণক।
ভজিয়োক মাত্ৰ ত্যজি আন বিষয়ক॥১৩৯॥
মনুষ্য হৈবাৰ এহি মানে মাত্ৰ ফল।
পশু শৰীৰতো পাই বিষয় সকল॥
হেন বিষয়ত কৰে মনুষ্যে হৰিষ।
পশুএৰে তেবে কিবা ভৈল বিসদৃশ॥১৪০॥
মনুষ্যৰ আয়ু ক্ষণভঙ্গুৰ সদায়।
পড়ে কেতিক্ষণে এই আছে এই নাই॥
তাহাৰ বিষয় আশা পৰম নিষ্ফল।
পুত্ৰ দাৰা ধন জন সদায় চঞ্চল॥১৪১॥
একে নিমিষতে সবে হৈব এড়া এড়ি।
অসাৰ সংসাৰ যেন টাটেকৰ খেড়ি॥
যদি স্বৰ্গ পাৱে কৰ্ম্ম কৰিয়া বিশিষ্ট।
তহিতো নাহিকে সুখ জানা নিষ্ঠে নিষ্ঠ॥১৪২॥
পূণ্য তাৰতম্যে পাৱে বঢ়া টুটা সুখ।
অশ্ৰদ্ধা অসুয়া আদি তৈতো আছে দুঃখ॥
অন্যে অন্যে সৰ্ব্বক্ষণে নুগুচে কন্দল।
এতেকে স্বৰ্গৰ সুখ জানিবা নিষ্ফল॥১৪৩॥
ইহ পৰ লোকৰ সুখত এৰি আশ।
ঈশ্বৰ কৃষ্ণত মাত্ৰ কৰিও বিশ্বাস॥
ভজি নব বিধ ভক্তি মাধৱৰ পাৱে।
ধৰ্ম্ম অৰ্থ কাম যেই চাৱে সেই পাৱে॥১৪৪॥
বুলিবা অবোধ আমি দৈত্যৰ ছৱাল।
কেশৱক ভজিবে আমাৰ নোহে ভাল॥
পুণ্যৱন্ত জনৰসে অতি অধিকাৰ।
ইটো শঙ্কা ত্যজি শুনা উত্তৰ ইহাৰ॥১৪৫॥
দেৱ দ্বিজ ঋষি তপ জপ যজ্ঞ দান।
যত শৌচাচাৰ তীৰ্থ ব্ৰত মহা জ্ঞান॥
ইটো সবে বিড়ম্বন জানা নিষ্ঠ কৰি।
কেৱলে ভক্তিতে মাত্ৰ তুষ্ট হোন্ত হৰি॥১৪৬॥
এতেকে ভক্তিত সমস্তৰে অধিকাৰ।
নাহি বৰ্ণাশ্ৰম অতি নিয়ম বিচাৰ॥
নাহিকে সঞ্জাত যদি মোহোৰ বাক্যত
লয়ো তেবে প্ৰমাণ সাক্ষাতে গজেন্দ্ৰত॥১৪৭॥
নাহি কুল শীল ৰূপ নুহিকে পণ্ডিত।
নাহি বল বুদ্ধি তেজ প্ৰভাৱ কিঞ্চিত॥
লৈলা ভক্তি ভাৱে মাত্ৰ কেৱলে শৰণ।
এতেকে সন্তুষ্ট তাত ভৈল নাৰায়ণ॥১৪৮॥
বুলিবা হস্তীত যোগ্য গুণ একো নাই।
কিয় তুষ্ট ভৈল তাৰ শুনা অভিপ্ৰায়॥
আন একো গুণে কেহো কৃষ্ণক নপাৱে।
ভক্তি মাত্ৰ গ্ৰাহ্য হবি জানিবা স্বভাৱে॥১৪৯॥
ইহাৰ প্ৰমাণ এবে লৈয়োক সম্প্ৰতি।
বামনৰ আগত প্ৰহ্লাদ নিগদতি॥
পৰম আশ্চৰ্য্য প্ৰভু তোমাৰ সৃষ্টিত।
তুমি জগততে সম আত্মা মহা হিত॥১৫০॥
অচিন্ত্য মায়াক লৈয়া তুমি নাৰায়ণ।
কৰা জগতৰ সৃষ্টি প্ৰলয় পালন॥
লাগে যদি পালিতে সবাকো সম ভাবে।
ভকতক মাত্ৰ কৰা কৰুণা স্বভাৱে॥১৫১॥
তথাপিতো তোমাৰ বিষম মতি নাই।
যেন কল্পতৰুত প্ৰাৰ্থিলি ফল পাই॥
নুখুজিলে কদাচিতো যাচি নেদে গাছে।
তবে কোনে বৃক্ষক বিষম বুলি আছে॥১৫২॥
সেহি মতে ভকতৰ বশ্য হৰি দেৱ।
সুদৃঢ় বিশ্বাসে তাঙ্ক নিতে কৰা সেৱ॥
নাহি ভকতিত জাতি আচাৰ বিচাৰ।
কৃষ্ণত ভকতি সমস্তৰে অধিকাৰ॥১৫৩॥
ভকতিসে মাত্ৰ হৰি তোষৰ কাৰণ।
লৈয়ো সৰ্ব্ব জনে জানি কৃষ্ণত শৰণ॥
এতেকে তৰিবা ঘোৰ সংসাৰত সুখে।
পলাওক পাতক ৰাম ৰাম বোলা মুখে॥১৫৪॥
ছবি
যেন মতে দামোদৰ বশ্য হন্ত ভকতৰ
শুনিলাহা পৰম উৎসুকে।
শুনা আৰো সাবধানে, পৰীক্ষিত বিদ্যমানে,
কৈলা যেন মহা মুনি শুকে॥
কদাচিতো দেৱহৰি, নবনীত চুৰি কৰি,
খাইলা দেখি যশোদা সুন্দৰী।
ক্ৰোধে খেদি ধৰি আনি, উড়ুখলে টানি টানি,
বান্ধন্ত গৰুৰ লৈয়া জৰী॥১৫৫॥
অনন্ত ব্ৰহ্মাণ্ডপতি, বাহিৰে ভিতৰে অতি,
নাহি পূৰ্ব্বাপৰ আদি অন্ত।
বেদে নজানন্ত যাক, তাহাঙ্ক গৃহতে পাই,
পুত্ৰ বুলি যশোদা বান্ধন্ত॥
ফোকাৰন্ত শ্ৰান্ত পাই, গোড়ে ঘাম বহি যাই,
খসিয়া খোপাৰ পৰে ফুল।
মাতৃৰ দেখিয়া শ্ৰম, কৃপায়ে বন্ধন পাছে,
লৈলা জগতৰ আদি মূল॥১৫৬॥
মোৰ বশ্য চৰাচৰ ময়ো বশ্য ভকতৰ
হেনসে দেখাইলা দামোদৰ।
তথাপি কৃষ্ণক এড়ে আনক ভজিয়া মৰে,
কিনো লোক অধম পামৰ॥
ব্ৰহ্মা লক্ষ্মী মহাদেৱে নপাইলা প্ৰসাদ হেন,
পাইলা যেন যশোদা কৃষ্ণত।
ভকতে সুলভে পাৱে ইটো গোপীকাৰ পোক
নপাৱয় জ্ঞানী কৰ্ম্মী যত॥১৫৭॥
বুলিবাহা সুখে জ্ঞানী নপাইলেও নাহি হানি,
জ্ঞানে গতি সাধিবে তাহাৰ।
ভকতি বিহীন ভৈলে নাহিকে জ্ঞানত সিদ্ধি,
শুনা কহো বচন ব্ৰহ্মাৰ॥
কৰন্তে নাহিকে দুঃখ মিলাৱে মুকুতি সুখ,
ত্যজি হেন তোমাৰ ভকতি।
কেৱলে বোধৰ অৰ্থে ধ্যান ধাৰণা আদি,
বহু বিধ শ্ৰমে কৰে ৰতি॥১৫৮॥
নুহি মুকুতিৰ পাত্ৰ তাৰ লাভ শ্ৰম মাত্ৰ,
কদাচিতো সিদ্ধি নাহি আন।
অল্প বুলি ধান এৰি তণ্ডুলক আশা কৰি,
যেন মৰে বাহানি পতান॥
দেখাওঁ আৰ সদাচাৰ যত মহাজ্ঞানী সাৰ,
জ্ঞানে গতি নপায়া পূৰ্ব্বত।
পাচে যোগ ধ্যান এড়ি তোমাতে অৰ্পণা কৰি,
লৌকিক বৈদিক কৰ্ম্ম যত॥১৫৯॥
সাধু সঙ্গ অনুসৰি শ্ৰৱণ কীৰ্ত্তন কৰি,
আচৰিয়া তোমাৰ ভক্তিক।
তযু সেৱা প্ৰসাদত জানি আপোনাৰ তত্ত্ব,
সুখে পাইল পৰম গতিক॥
ভকতৰ কৃত্য শেষ নাহি আৰ লয় লেশ,
ভৈল পৰিপূৰ্ণ অনায়াসে।
লৈয়োক প্ৰমাণ আৰ আগে নন্দ যশোদাৰ,
কহিলা উদ্ধৱ হৰি দাসে॥১৬০॥
জগত কাৰণ যিটো নিখিল জীৱৰ আত্মা,
নাৰায়ণ পৰম পুৰুষ।
পৰম ঈশ্বৰ হৰি নিজ মায়া বশ্য কৰি,
কাৰণেসে ভৈলন্ত মানুষ॥
তাহান্তে ভকতি নিতে কৰাহা একান্ত চিত্তে,
বাঢ়িবে কৃষ্ণত দুইৰো স্নেহ।
দ্বিতীয় কৰ্ত্তব্য আৰ নাহি জানা সাৰে সাৰ,
নকৰিবা ইহাত সন্দেহ॥১৬১॥
তপ জপ যজ্ঞ যাগ যোগ তীৰ্থ ব্ৰত দান,
কৰে যেবে মহা শুদ্ধ ভাৱে।
তেবেসে সুদৃঢ় চিত্তে ভকতি কৰিতে পাৰে,
ঈশ্বৰ কৃষ্ণৰ দুই পাৱে।
নাহিকে আমাত একো ধৰ্ম্ম হেন খেদ চিত্তে,
নকৰিবা তুমি গোপৰাজ।
সমস্তে ধৰ্ম্মৰ ফল ভকতিক পাইলে যিটো,
তাৰ আন কৰ্ম্মে কোন কাজ॥১৬২॥
নন্দৰ আগত যত কহিলা উদ্ধৱে তাক,
সংহৰিয়া এহিমানে থওঁ।
বৰ্ণাইলন্ত আৰো যেন গোপীৰ ভকতি দেখি,
শুনিয়োক তাক কিছু কওঁ॥
জাতি কুলাচাৰ ধৰ্ম্ম জ্ঞানে কৃষ্ণ দেৱতাৰ,
নুহি অনুগ্ৰহৰ কাৰণ।
কিন্তু ভক্তিভাৱে অতি ভজোক অজাতি জাতি,
তাতেসে সন্তুষ্ট নাৰায়ণ॥১৬৩॥
কৈৰ কামাতুৰা নাৰী দুষ্টা মহা ব্যভিচাৰী,
কামভাবে ভজিয়া কৃষ্ণক।
তথাপিতো দেখা কেন কৃষ্ণদেৱ বিষয়ত,
পাইল মহা আৰূঢ় ভাৱক॥
ইটো গোপীকাক প্ৰতি কৃষ্ণৰ পৰম প্ৰীতি,
ভৈল আক দেখিলো সাক্ষাত।
এতেকে জানিলো মহা অজ্ঞ সবো পাৱে গতি,
ইটো কৃষ্ণ দেৱৰ সেৱাত॥১৬৪॥
ৰাসোৎসৱে ৰঙ্গ কৰি গোপীৰ কণ্ঠত ধৰি,
মহাবাহু মেলি আলিঙ্গন্তে।
পৰম আনন্দে যিটো পাইলেক প্ৰসাদ ইটো,
গোপী সবে মাধৱত হন্তে।
হৃদয়তে থাকি নিত্য লক্ষ্মী তাক নতো পান্ত,
আন দেৱ ৰমণী সৰ্ব্বথা।
নতো পাৱে দেখিবাক ইটো মহা প্ৰসাদক,
আৰ আন স্ত্ৰীৰ কোন কথা॥১৬৫॥
গোপীৰ ভাগ্যৰ কথা থাকোক বৰ্ণাইবো কত,
মোৰ হেন প্ৰাৰ্থনা মনত।
তাসম্বাৰ পদৰেণু যিটো তৃণ বনে পৰে,
ইটো বৃন্দাবনৰ মাজত॥
তাৰ এক গাছি তৃণ হৈয়া থাকো তেবে মোৰ,
মিলে মহা ভাগ্য বিপৰীত।
ইটো গোপী সকলৰ পৰম পৱিত্ৰতৰ,
চৰণ ৰেণুক পাইবো নিত॥১৬৬॥
গৃহৰ দুস্ত্যজ আশা কুলাচাৰ ধৰ্ম্ম ত্যজি,
ভজিলন্ত কৃষ্ণৰ চৰণে।
দুৰ্ল্লভ জানিয়া মনে বিচাৰিয়া সৰ্ব্বক্ষণে,
ফুৰন্ত সমস্ত দেৱগণে॥
উত্তম ক্ষত্ৰিয় জাতি উদ্ধৱে প্ৰাৰ্থিলা অতি,
যিটো স্ত্ৰীৰ চৰণৰ ধূলি।
এতেকে কৃষ্ণক যত পাইবাৰ উপায় যদি,
দোষ সিও গুণেসে সমুলি॥১৬৭॥
শুনিয়োক সভাসদ{{gap|3em}ভক্তি-ৰত্নাৱলী পদ
ভকতৰ ই সে মহাধন।
জানিবা সমস্তে তত্ত্ব গুচিবে সংশয় যত,
পৰম নিৰ্ম্মল হৈবে মন॥
ভকতিত পৰে আৰ নাহিকে শাস্ত্ৰৰ সাৰ,
জানি সবে এৰা আন কাম।
গুচিবে সংসাৰ দুখ লভিবা পৰম সুখ,
নিৰন্তৰে বোলা ৰাম ৰাম॥১৫৮॥
পদ
জাতি কুলাচাৰ ধৰ্ম্ম জ্ঞান আদি কৰি।
ইসব গুণত বশ্য নুহিকন্ত হৰি॥
ভকতিসি মাত্ৰ বশ্য হন্ত কৃপাময়।
প্ৰপঞ্চিয়া ইটো কথা কহিলো নিশ্চয়॥১৬৯॥
নপাইব ভক্তিত হেন শঙ্কা বিপৰ্য্যয়।
নাৰদৰ বাক্যে আৰ গুচাওঁ সংশয়॥
নাৰদ বদতি শুনিয়োক পৰংব্ৰহ্ম।
নাহি আত্ম পৰ তুমি সমস্ততে সম॥১৭০॥
যিহেতু পৰম আত্মা ইটো জগতৰ।
এতেকে সবাতো সম দৃষ্টি নিৰন্তৰ।
নিজানন্দ লাভে পূৰ্ণ তুমি লক্ষ্মীপতি।
নাহি অনুৰাগ আন বিষয়ক প্ৰতি॥১৭১॥
তথাপিতো ভক্তে মাত্ৰ সেৱা অনুৰূপে।
তোমাৰ প্ৰসাদ পাৱে কহিলো স্বৰূপে॥
কদাচিতো অভকতে তোমাক নপাৱে।
তথাপি বিষম তুমি নুহিকা স্বভাৱে॥১৭২॥
যেন কল্পতৰু যদি সবাতো সমান।
মাগন্তা জনক মাত্ৰ কৰে ফল দান॥
ভকতিসি গ্ৰাহ্য হৰি আপুনি প্ৰমাণ।
কহিয়া আছন্ত গোপিকাৰ বিদ্যমান॥১৭৩॥
শুনা সখী সব মই কহো স্বৰূপত।
মোৰ ভকতিসে মোক্ষ পাৱে প্ৰাণী যত॥
মইসে ঈশ্বৰ আন নাহি মোত পৰ।
মোহোৰ অধীন যত দেৱ নিৰন্তৰ॥
হেন মই মোত স্নেহ ভৈল তোমসাৰ।
দেখিয়া কৌতুক বৰ মিলিল আমাৰ॥
মোকেসে সুহৃদ প্ৰিয় আত্মা বুলি মানা।
মুখে মোক পাইলা সখীসব হেন জানা॥১৭৫॥
কৃষ্ণৰ বচন থওঁ এহি মানে মাত্ৰ।
বুলিবা নোপজে জ্ঞান বিনে জ্ঞান-শাস্ত্ৰ॥
জ্ঞান বিনে মুকুতি মুহিবে কদাচিত।
বুলিবা কিসক মোক্ষ পাইব ভকতিত॥১৭৬॥
ইহাৰ উত্তৰ শুনা কৰি মন স্থিৰ।
জ্ঞান সাধিবাক কোন শ্ৰম ভকতিৰ॥
নলাগে জ্ঞানৰ পদে পৃথক সাধন।
অযত্নে হৈবেক ভকতিতে উতপন॥১৭৭॥
লৈয়োক প্ৰমাণ কবি সিদ্ধৰ বচনে।
কহিয়াছে নিমি নৃপতিৰ বিদ্যমানে॥
সমস্তে লোকৰ বৰ্ণাশ্ৰম আছে যত।
মনু আদি ঋষি মুখে কৰায়া বেকত॥১৭৮॥
পৰম ৰহস্য জানি প্ৰভু ভগৱন্ত।
মুখ্য শাস্ত্ৰ মানে নিজ মুখে কহিলন্ত॥
যি সব উপায় কহি আছে কৃপাময়।
অজ্ঞানী সকলে কৰি তাহাকে আশ্ৰয়॥১৭৯॥
মহা সুখে আত্ম তত্ত্ব জানে সমুদায়।
তাকে বুলি ভাগৱতী ধৰ্ম্ম নিমিৰায়॥
যেন মহা সুখ ভাগৱত ধৰ্ম্মচয়।
প্ৰপঞ্চিয়া কহো তাক শুনা মহাশয়॥১৮০॥
চাৰি বেদ অষ্ট দশ স্মৃতি নিৰন্তৰ।
এই দুই চক্ষু জানা ব্ৰাহ্মণ সবৰ॥
তাকে বুলি কণা যাৰ এক চক্ষু নাই।
দুইকো নজানিলে অন্ধ বুলি সমুদায়॥ ১৮১॥
হেন অন্ধ সবো ভাগৱত ধৰ্ম্ম ধৰি।
লৱৰি ফুৰন্তে তাৰ নিপিছলে ভৰি॥
হৰিৰ ভকতি ধৰ্ম্ম যি জনে আচৰে।
নিত্য নৈমিত্তিক কৰ্ম্ম কৰে কতো এৰে॥ ১৮২॥
তথাপিতো ধৰ্ম্ম ভ্ৰষ্ট নোহে সিটো নৰ।
নকৰিয়ো পাৱে ফল সমস্তে ধৰ্মৰ।
এতেকেসে ভাগৱত ধৰ্ম্ম সুখকৰ।
কহিলো তোমাত ইটো ধৰ্ম্ম নৃপবৰ॥১৮৩॥
বুলিবাহা কোন ভাগৱত ধৰ্ম্মচয়।
শুনিয়োক কহো তাক তোমাত নিশ্চয়॥
তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ।
ধন জন গৃহ পুত্ৰ ভাৰ্য্যা আপোনাৰ॥১৮৪॥
সমস্তকে শুদ্ধ ভাবে আপব কৃষ্ণত।
ইহাকে বোলয় মহা ধৰ্ম্ম ভাগৱত॥
আত হন্তে মাধৱত উপজিবে ৰতি।
সমস্তে ধৰ্ম্মৰ ফল জানিবা ভকতি॥১৮৫॥
এহি ভক্তি হেতু হৈবে জ্ঞানৰ উদয়।
ইহাত কিঞ্চিত আৰ নাহিকে সংশয়॥
ইহাৰ যুগুতি কহো শুনা কৰ্ণ পাতি।
যাহাৰ মায়াত দ্বৈত ভয় ভৈল অতি॥১৮৬॥
কৰোক ভকতি তান্তে পশিয়া শৰণ।
এতেকে হৈবেক দ্বৈত ভয় নিবৰ্ত্তন॥
বুলিবাহা ভয় হৈয়া আছে অজ্ঞানত।
স্বৰূপ পাসৰি কৰে দেহত মমত॥১৮৭॥
মিলিবে স্বৰূপ বোধ জ্ঞান অভ্যাসত।
তেবেসে গুচিবে দ্বৈত ভয় আছে যত।
হৰিৰ মায়ায়ে আত কিবা কৰে ক্ষতি।
কিবা কাৰ্য্য সাধিবেক হৰিৰ ভকতি॥১৮৮॥
ইহাৰ উত্তৰ এবে শুনা সাৱধানে।
নজানিলা যিবা হেতু পাইলেক অজ্ঞানে॥
কহো অজ্ঞানৰ যেন কাৰণ সাক্ষাত।
যেখনে বিমুখ ভৈল কৃষ্ণৰ সেৱাত॥১৮৯॥
তেখনে কৃষ্ণৰ মায়া পাইলেক জীৱক।
মহা মোহ হৈয়া পাসৰিলে স্বৰূপক॥
ভৈল বিপৰ্য্যয় অহং বুদ্ধি শৰীৰত।
পাইলে আসি ভেদ ভয় ভ্ৰান্তি নানা মত॥১৯০॥
যেন নটে আপোনাৰ বেশ ছন্ন কবি।
আসে ব্যাঘ্ৰ ভল্লুকৰ স্বৰূপক ধৰি॥
বালক সকলে যেন নটক নজানি।
হৱে মহা ভয় ভীত তাকে সত্য জানি॥১৯১॥
সেহি মতে কৃষ্ণৰ মায়াত জীৱ যত।
বহু বিধ দুঃখ ভুঞ্জি ভ্ৰমে সংসাৰত।
কৃষ্ণত শৰণ লৈয়া নভজে যাৱত।
নেৰে মায়া নুগুচয় অজ্ঞান তাৱত॥১৯২॥
গুৰুক ঈশ্বৰ আত্মা বুলি মানি মনে।
কৰিব ভকতি এক কৃষ্ণৰ চৰণে॥
এতেকে কৃষ্ণৰ কৃপা মিলিবেক তাক।
অনায়াসে তৰিবেক দুস্তৰ মায়াক॥১৯৩॥
ভকতৰ হন্ত হৰি সহায় আপুনি।
নপাৱে ভক্তক আসি একোয়ে বিঘিনি॥
বিঘ্নিকেসে পৰাভৱ কৰে ভক্ত জনে।
লৈয়োক প্ৰমাণ কামদেৱৰ বচনে॥১৯৪॥
নৰ নাৰায়ণৰ আগত কামদেৱ।
কৃতাঞ্জলি বচন বোলন্ত কৰি সেৱ॥
তোমাতেসে ভক্তি যিটো কৰে সমুদায়।
তাক দেখি দেৱতাৰ নযাই নুপুহাই॥১৯৫॥
একে আৰ আমাসাক নুপূজে সদায়।
আৰো ছেড়াই গৈয়া বৈকুণ্ঠত লৱে ঠাই॥
ইহাত আমাৰ এবে জীৱে লাগে কিক।
আমাৰ দেৱতা পদ আছে ধিক ধিক॥১৯৬॥
এহি বুলি ইন্দ্ৰ আদি দেৱ নিৰন্তৰে।
তোমাৰ ভক্তক পাৰে মানে বিঘ্নি কৰে॥
তযু চৰণত প্ৰভু সেৱা যাৰ নাই।
নকৰে বিঘিনি তাক পূজা খাইবে পাই॥১৯৭॥
কৰে উপদ্ৰৱ মাত্ৰ ভক্তৰ উপৰে।
তোমাৰ প্ৰসাদে ভক্তে কটাক্ষো নকৰে॥
পৰম ঈশ্বৰ ভৈল যাহাৰ সহায়।
দেৱে বিঘ্নি কৰি তাৰ উডুৱাইবে ছাই॥১৯৮॥
ভকতক লঙ্ঘিবে নপাৰে একো দুঃখে।
বিঘ্নিৰ মুণ্ডত ভৰি দিয়া ফুৰে সুখে॥
এহি মানে থওঁ কামদেৱৰ বচন।
কহো পৰমাৰ্থ শুনিয়োক সৰ্ব্বজন॥১৯৯॥
মুকুতিৰ অৰ্থে আন পন্থা আছে যত।
দেৱৰ বিঘিনি নষ্ট কৰয় সমস্ত॥
নাহি একো দোষ হৰি-ভকতি পন্থত।
জানিয়া ভকতি কৰিয়োক মাধৱত॥২০০॥
ভকতিৰ অৰ্থে আন নলাগে সাধন।
কৰা সুখে হৰি গুণ শ্ৰৱণ কীৰ্ত্তন॥
এতেকে কৃষ্ণৰ পাইবা পৰম প্ৰসাদ।
তৰিবা সংসাৰ একো নপাইবা প্ৰমাদ॥২০১॥
কহিলোহো যেন ইষ্ট সিদ্ধি ভকতৰ।
শুনিয়োক কথা এবে আত অনন্তৰ।
কদাচিতো অভকতে নপাৱে মুকুতি।
চমস বচনে লয়ো ইহাৰ যুগুতি॥২০২॥
কৃষ্ণৰ মুখত ভৈল বিপ্ৰ উতপন।
ক্ষত্ৰিসব বাহুত উৰুত বৈশ্যগণ॥
চৰণত হন্তে শূদ্ৰসব ভৈল জাত।
চাৰিয়ো জাতিৰ কৃষ্ণ জনক সাক্ষাত॥২০৩॥
হেনয় কৃষ্ণক যিটো নিজ পিতৃ বুলি।
নজানি নভজে কৃষ্ণদেৱক সমূলি॥
জানিও অবজ্ঞা কৰে সিটো মন্দমতি।
গুৰু-পিতৃ দ্ৰোহ পাপে যাইবে অধোগতি॥২০৪॥
নজানিসি যিটো জনে নভজে সাক্ষাত।
নুগুছে সংসাৰ তাৰ হোৱে অধঃপাত॥
জানি অবহেলা অতি কৰে যিটোজন।
নৰকৰ পৰা তাৰ নাহি নিবৰ্ত্তন॥২০৫॥
সবাকো ঈশ্বৰ কৃষ্ণে কৰন্ত পোষণ।
নভজে পামৰ যিটো তাঁহান চৰণ॥
কৃতঘ্ন পাতক সম ধৰ্ম্ম ভ্ৰষ্ট হুই।
ঘোৰ নৰকত সিটো পৰে অধো মুই॥২০৬॥
কৃষ্ণেসে পৰম গুৰু পিতৃ ইষ্ট দেৱ।
একান্ত শৰণে ভজি কৰা নিতে সেৱ॥
ঘোৰ কলিযুগ আত পাপেসে প্ৰচুৰ।
যত ধৰ্ম্ম কৰ্ম্ম মানে সবে ভৈল দূৰ॥২০৭॥
বাসুদেৱপৰ ভৈল যিটো মহামতি।
পৰম কৃতাৰ্থ সিসি কলিত সম্প্ৰতি॥
দুৰ্ঘোৰ সংসাৰ ইটো অন্ধ কূপময়।
পৰি আছে আতে কাল-ভুজঙ্গে দংশয়॥২০৮॥
বিষয় বিষত অতি ভৈল অচেতন।
নাহি জ্ঞান স্মৃতি যেন মৃতক লক্ষণ॥
হেনয় প্ৰাণীক কৃষ্ণদেৱ বিনে আন।
কোনে আসি কলিত কৰিবে পৰিত্ৰাণ॥২০৯॥
বুলিবা বিষয় বিষ পৰম দুৰ্ঘোৰ।
হেন বিষে চেতন হৰিল যিজনৰ॥
তাক কেনমতে কৃষ্ণে কৰিবে উদ্ধাৰ।
ইহাৰ উত্তৰ ভক্তি বিনে নাহি আৰ॥২১০॥
লৈয়ো আৰ সাক্ষী কৃষ্ণদেৱৰ বচনে।
উদ্ধৱত আপুনি কহিলা নাৰায়ণে॥
শুনিয়ো উদ্ধৱ মোৰ ভক্তিৰ মহত্ত্ব।
নপাওঁ অন্ত ভক্তিৰ সামৰ্থ আছে কত॥২১১॥
বিষয়ে আক্ৰোশি নিলে যাহাৰ চিত্তক।
নপাৰে জিনিতে কদাচিতো ইন্দ্ৰিয়ক॥
হোৱে সিও কৃতাৰ্থ মোহোৰ ভকতিতে।
বিষয়ৰ দোষে তাক নপাৰে বাধিতে॥২১২॥
ইন্দ্ৰি পৰাধিনো হোৱে আমাৰ ভকত।
জিতেন্দ্ৰিয় সবৰ মহিমা কৈবো কত॥
স্ত্ৰী পৰাধিনো গতি পাৱে ভকতিত।
আন বিষয়ত মাত্ৰ লুব্ধ যাৰ চিত্ত॥২১৩॥
কোন শ্ৰম ভকতিৰ তাহাক মোক্ষণে।
লৈয়ো আৰ সাক্ষী পুৰু ৰাজাৰ বচনে।
উৰ্ব্বশীত হন্তে ৰাজা হৈয়া বিৰকত।
মহা খেদ কৰি বসি গুণন্ত মনত॥২১৪॥
পূৰ্ব্বাপৰ বিমৰিষি কৰিলন্ত সাৰ।
মাধৱত পৰে গতি নাহিকে আমাৰ॥
ভগৱন্ত দেৱ মহেশ্বৰ আত্মা ৰাম।
মহাপাপী সবৰো পূৰন্ত মনস্কাম॥২১৫॥
দুষ্টানাৰী সবে মন হৰিলেক যাৰ।
তান্ত বিনে কোনে গতি সাধিবেক তাৰ॥
এহি বুলি ৰাজা পাছে এৰি উৰ্ব্বশীক।
কৃষ্ণত ভকতি কৰি সাধিলা গতিক॥২১৬॥
এতেকে জানিবা হৰি-ভকতি বিনায়।
কৃষ্ণক পাইবাৰ আন নাহিকে উপায়॥
কহন্ত ঈশ্বৰে উদ্ধৱত প্ৰতি প্ৰতি।
শুনিয়োক স্বৰূপ উদ্ধৱ মহামতি॥২১৭॥
মইসে ঈশ্বৰ চৰাচৰ জগতৰ।
মোত হন্তে হৱে সৃষ্টি স্থিতি নিৰন্তৰ।
ব্ৰহ্মাৰো জনক মই বেদৰো কাৰণ।
নাহি গতি দাতা মোত পৰে আন জন॥২১৮॥
জানি যিটো কৰে মোত কেৱল ভকতি।
পাৱে মোক সুখে সখি কহিলো সম্প্ৰতি॥
যদিবা প্ৰমাদ আসি মিলে কদাচিত।
তথাপি ভক্তৰ নাহি আন প্ৰায়শ্চিত॥২১৯॥
বস্তু পাক অৰ্থে যেন অগ্নি জ্বালে নৰে।
সেহি অগ্নি দহি তৃণ কাষ্ঠ ভস্ম কৰে॥
সেহি মতে বিষয়ত মাত্ৰ যাৰ চিত্ত।
অব্যভিচাৰিণী ভক্তি কৰে কথঞ্চিত॥২২০॥
তথাপি সমস্তে পাপ ভস্ম কৰে তাৰ।
আশ্চৰ্য্য মহিমা দেখা ভক্তিৰ আমাৰ॥
এতেকে উদ্ধৱ মোৰ ভকতি বিনাই।
এবম্বিধ কুশল আনত হন্তে নাই॥২২৩॥
নকৰয় বশ্য মোক কৰ্ম্ম যোগ জ্ঞানে।
তপ যাগ বেদ মন্ত্ৰ জপ তীৰ্থ স্নানে॥
কেৱল ভক্তিসে মোক বশ্য কৰে নৰে।
নাহিকে উত্তম পন্থ ভকতিত পৰে॥২২২॥
পৰম শ্ৰদ্ধায়ে মোৰ ভকতি আচৰি।
চাণ্ডালো পৱিত্ৰ হোৱে জানা নিষ্ঠ কৰি॥
আন জাতি পৱিত্ৰ হৈবেক কোন চিত্ৰ৷
নাহি ভকতৰ মোত পৰে মহা মিত্ৰ॥২২৩॥
ভকতি বিনায় আন যতেক সাধন।
জানা সবে ব্যৰ্থ সখি কহিলো বচন॥
সত্য ভুত-দয়া সমে আচৰে ধৰ্ম্মক।
তপে সমন্বিতে কৰে উপাসা দেৱক॥২২৪॥
তথাপিতো পৱিত্ৰ নুহিকে তনু চিত।
ভৈলা যিটো জন মোৰ ভকতি বৰ্জিত॥
শুনিয়ো উদ্ধৱ সখি কহো প্ৰসঙ্গত।
ভকতিৰ চিহ্ন যাৰ নভৈল বেকত॥২২৫॥
নোহে চিত্ত দ্ৰৱ যাৰ শৰীৰ পুলক।
যাহাৰ নেত্ৰৰ নাহি আনন্দ লোতক॥
তবে কেত মতে তাৰ লক্ষিবা ভকতি।
বিনে ভক্তি চিত্ত শুদ্ধ নোহে মহামতি॥২২৬॥
শুনিয়ো উদ্ধৱ ইটো কহে৷ তত্ত্ব সাৰ।
বাক্য গদ্ গদ্ আদি ভকতি আমাৰ॥
সিটো ভকতিক কৰে যিজনে আশ্ৰয়।
কৰিবে পৱিত্ৰ তাক অদভুত নয়॥২২৭॥
কিন্তু মোত ভৈল প্ৰেম-ভকতি যাহাৰ।
হৈবেক পৱিত্ৰ যত পুৰুষ তাহাৰ॥
নুহিকে আশ্চৰ্য্য ইটো জানা মহাশয়।
সমস্তে জগত সিটো পৱিত্ৰ কৰয়॥২২৮॥
বাক্য গদ্ গদ্ কৰে প্ৰেমৰ ভৰত।
দ্ৰৱে চিত্ত স্মৰি মোৰ মহিমা মনত॥
ভকতৰ বশ্য মই হেনয় আকলি।
পৰম আনন্দে হাসি তোলে খলখলি॥২২৯॥
এত কাল ভৈলো তযু সেৱাৱে বঞ্চিত।
এহি বুলি শোকে অতি কান্দে কদাচিত॥
এবে পাইলো পাইলো বুলি কতো গাৱে গীত।
পৰম হৰিষে উঠি কতো কৰে নৃত্য॥২৩০॥
এহি মত ভাব যাৰ মিলিল প্ৰচুৰ।
গুচে লজ্জা আদি মায়া এৰি হৱে দূৰ॥
মুকুতিতো অধিক আনন্দ অতি মিলে।
জগত পৱিত্ৰ হোৱে তাহাঙ্ক দেখিলে॥২৩১॥
হেনয় ভক্তিক ত্যজি যিটো নৰাধম।
মোক্ষৰ নিমিত্তে আন মতে কৰে শ্ৰম॥
নপাৱে মুকুতি চিত্ত শুদ্ধ নহে তাৰ।
দৃষ্টান্ত সহিতে কহো কাৰণ ইহাৰ॥২৩২॥
যেন খাব আমলে পখালে সুৱৰ্ণক।
নপাৰে গুচাইবে অভ্যন্তৰৰ মলক॥
খপন্তে খপন্তে বহ্ণি ভৈল অন্তৰ্গত।
তেবে নিজ বৰ্ণ ধৰে গুচে মল যত॥২৩৩॥
সেহি মতে যাগ যোগ আদি নিৰন্তৰে।
কৰ্ম্ম-মল বাসনাক পৱিত্ৰ নকৰে॥
শ্ৰৱণ কীৰ্ত্তনে মোক ভজে যিটো জন।
গুচে কৰ্ম্ম-মল তাৰ শুদ্ধ হোৱে মন॥২৩৪॥
মোৰ ভক্তি বলে দহি লিঙ্গ-শৰীৰক।
পাৱে অনায়াসে মোৰ নিজ স্বৰূপক॥
ভকতিৰ মহিমা দেখিয়ো অদভুত।
ভৈল কৃতকৃত্য সিটো জীৱন্তে মুকুত॥২৩৫॥
তথাপিতে৷ প্ৰাৰ্থনা কৰয় ভকতিক।
জানিয়া আনন্দ অতি মোক্ষতো অধিক॥
লৈয়োক সাক্ষাতে উদাহৰণ সম্প্ৰতি।
মহেশৰ আগে মাৰ্কণ্ডেয় নিগদতি॥২৩৬॥
পৰিপূৰ্ণ কাম তুমি প্ৰভু মহেশ্বৰ।
কৰাহা পূৰণ মন ভকত জনৰ॥
মাগোহো তোমাত এক বৰ পশুপতি।
ঈশ্বৰ কৃষ্ণত হোক একান্ত ভকতি॥২৩৭॥
তযু চৰণত নিতে সেৱা নুগুচোক।
বৈষ্ণৱ জনত মোৰ সদা ৰতি হোক॥
নুহিকে অন্তৰ হৰি ভকত সহিতি।
থৈলো মাৰ্কণ্ডৰ বাক্য সংহৰি সম্প্ৰতি॥২৩৮॥
সৰ্ব্ব সাধনতে শ্ৰেষ্ঠ ভকতি উত্তম।
পূৰ্ব্বাপৰ চাহি সাধু কৰিল নিয়ম॥
বুলিবা মোক্ষৰ আছে অনেক উপায়।
ভকতিসি ভৈল কিয় শ্ৰেষ্ঠ সমুদায়॥২৩৯॥
হেন যদি কদাচিত শঙ্ক৷ হোৱে মনে।
ইহাৰ উত্তৰ কহো তত্ত্বৰ বচনে॥
সৃষ্টিৰ কাৰণে যত তত্ত্ব নিৰন্তৰে।
কৃষ্ণক কৰন্ত স্তুতি পৰম সাদৰে॥২৪০॥
যত জ্ঞানীগণে মন নিয়মি সকলে ৷
জিনিয়া দুৰ্জয় মায়া জ্ঞান যোগ বলে॥
ভোমাৰ ভকতি তাতো কৰিয়া সহায়।
তৰি ইটো সংসাৰ তোমাত লীন যায়॥২৪১॥
বুলিবা জ্ঞানীও হোৱে আমাত প্ৰবেশ।
ভকত সকল ভৈল কিমতে বিশেষ॥
শুনিয়োক ইহাৰ উত্তৰ যেন মত।
ভক্তি বিনে নিষ্ফল কেৱল যোগ যত॥২৪২॥
ভকতি সহিতে জ্ঞান অভ্যাস দুষ্কৰ।
অনেক শ্ৰমেসে আত মোক্ষ পাৱে নৰ॥
তোমাৰ ভকতি একো সহায় নচাৱে।
কেৱল ভকতি সুখে বৈকুণ্ঠক পাৱে॥২৪৩॥
বুলিবা ভক্তিত যেবে সুখে পাৱে গতি।
নকৰে সমস্তে কিয় হৰিত ভকতি॥
ইহাৰ উত্তৰ শুনা ব্ৰহ্মাৰ বচনে।
সব লোকে কৃষ্ণক নভজে যিকাৰণে॥২৪৪॥
পৰম বিষয়ী যত হৰিত বিমুখ।
নাহিকে দিনতো একো ইন্দ্ৰিয়ৰ সুখ॥
নানাবিধ শ্ৰমে দিন গোট বহি যাই।
নিশাতো নিদ্ৰাত থাকে একো সুখ নাই॥২৪৫॥
স্বপ্ন দেখি নিদ্ৰাৰে৷ জাগয় ক্ষণে ক্ষণে।
তাতো নানাবিধ মনোৰথ চিন্তে মনে॥
বহু বিধ অৰ্থ আশা কৰি থাকে যত।
তাহাৰে৷ নাহিকে সিদ্ধি দৈৱে কৰে হত॥২৪৬॥
এহি মতে ৰাত্ৰি দিনে বিষয়ত মতি।
কৃষ্ণৰ কথাত কদাচিতে৷ নাহি ৰতি॥
মহা মূঢ় বিষয়ীৰ আছে ইটো কথা।
শ্ৰৱণ কীৰ্ত্তন যিটো বিমুখ সৰ্ব্বথা॥২৪৭॥
জীৱন্তে মুকুত মহা মুনিসব যত।
তাৰা সবো এহি মতে ভ্ৰমে সংসাৰত॥
মোক্ষৰ পৰম মহা উত্তম কাৰণ।
কহো শুনা পুনৰপি ব্ৰহ্মাৰ বচন॥২৪৮॥
কহন্ত ব্ৰহ্মায়ে দেৱ সবৰ আগত।
ইসি মহা খেদ শুনা দেৱতা সমস্ত॥
আমৰা সবৰো মহা প্ৰাৰ্থনি মনত।
হেনয় দুৰ্লভ জন্ম লভি ভাৰতত॥২৪৯॥
ইসি মহা ধৰ্ম্ম তত্ত্ব জ্ঞানৰ সাধন।
জানিও নকৰে মাধৱক আৰাধন॥
শ্ৰৱণ কীৰ্ত্তন যিটো নকৰে সদায়।
জানিবা মোহিলে তাক কৃষ্ণৰ মায়ায়॥২৫০॥
মনুষ্য শৰীৰ পায়া নেৰাইলে সংসাৰ।
কদাচিতো নাহি আৰ তাহাৰ নিস্তাৰ॥
বুলিবা ভকতি বিনে নতৰে মায়াক।
ভক্তিও দুৰ্লভ মায়া মোহি আছে যাক॥
তাহাৰ নিস্তাৰ এবে হৈবে কেনমতে।
ইহাৰ উত্তৰ শুনা ব্ৰহ্মাৰ বাক্যতে॥
সৃষ্টি স্থিতি প্ৰলয় কৰন্ত যিটে৷ দেৱ।
জগত কাৰণ যাত পৰে নাহি কেৱ॥২৫২॥
তাঁন যোগ মায়া অতি পৰম দুস্তৰ।
যোগেশ্বৰ সমস্তৰ তৰণ দুষ্কৰ॥
হেন নাৰায়ণ তিনি গুণৰ ঈশ্বৰ।
বিহিবন্ত কুশল আপুনি দামোদৰ॥২৫৩॥
কৃষ্ণৰ কৃপাত হৈব কল্যাণ আমাৰ।
আমৰা সবৰ আত নলাগে বিচাৰ॥
এহি মতে অনুগ্ৰহ প্ৰাৰ্থন্তে কৃষ্ণৰ।
অহঙ্কাৰ শূন্য অতি ভৈল যিটো নৰ॥২৫৪॥
কদাচিত কৃষ্ণে তাক কৰিবন্ত দয়া।
হৈবেক ভকতি সুখে তৰিবেক মায়া॥
উত্তম উপায় আৰ নাহি আত পৰ।
লৈয়ো আৰ প্ৰমাণ বচনে নাৰদৰ॥২৫৫॥
প্ৰাচীনবৰ্হিৰ আগে কৈলা নিষ্ঠ কৰি।
যাক যি কালত অনুগ্ৰহ কৰে হৰি॥
তবে সিটো লৌকিক বৈদিক কৰ্ম্ম-পথে।
পৰম নৈষ্ঠিক মতি ত্যজিব সমস্তে॥২৫৬॥
কাহাকো কৰন্ত কৃপা কাকো নকৰন্ত।
ইমত বিষম কিয় ভৈল ভগৱন্ত॥
ইটো সংশয়ৰ শুন৷ উত্তৰ উত্তম।
নাহি শত্ৰু মিত্ৰ হৰি সমস্ততে সম॥২৫৭॥
ভকতিসি তাঙ্ক অতি বিষম কৰাৱে।
ভকতৰ বশ্য হৰি জানিবা স্বভাৱে॥
এতেকে চিন্তন্ত তাঙ্ক মাত্ৰ যিটো নৰে।
সমস্তৰে কৰ্ত্তা বুলি ভাবে নিৰন্তৰে॥২৫৮॥
তাতেসে কৃষ্ণৰ কৃপা মিলে তাক প্ৰতি।
সকলে ধৰ্ম্মক পাচে ত্যজে তাৰ মতি॥
শ্ৰৱণ কীৰ্ত্তন মহা লাভকেসে ভজে।
মোক্ষতো অধিক মহা আনন্দতে মজে॥২৫১॥
এহিমতে অতি ইটো প্ৰসঙ্গ সংহৰি।
দেখাইলো ভক্তৰ যেন বশ্য হন্ত হৰি॥
অৱশ্যকে ঈশ্বৰক লাগে ভজিবাক।
ইহাৰ কাৰণ যেন শুনা এবে তাক॥২৬০॥
অনুচৰী সম লক্ষ্মী দেৱী প্ৰবৰ্ত্তন্ত।
তথাপি তাহাঙ্ক ভাৰ্য্যা বুলি নভজন্ত॥
যতেক সকামী ৰাজাগণ দেৱঝাক।
কদাচিতো শ্ৰেষ্ঠ বুলি নভজন্ত তাক॥২৬১॥
কাহাতো নাহিকে অনুৰাগ মাধৱৰ।
যেহেতু আপুনি পূৰ্ণকাম মহেশ্বৰ॥
নিজ ভৃত্যবৰ্গৰ অধীন তথাপিতো।
হেনয় পৰম ৰহস্যক জানে যিটো॥২৬২॥
সিটো কেন মতে আৰ ত্যজিবে কৃষ্ণক।
নুহি অজ্ঞ জানে যিটো ভকতি ৰসক॥
ভকতৰ বশ্য হৰি দেখায়া সম্প্ৰতি।
পৰম দুৰ্লভ যেন কৃষ্ণৰ ভকতি॥২৬৩॥
শুকৰ বচনে আব কহো অভিপ্ৰায়।
বোলন্ত শুনিয়ো পৰীক্ষিত মহাশয়॥
যাদৱ পাণ্ডৱ ইটো দুতয় কুলৰ।
ভাগ্যক বৰ্ণায়া সীমা পাইবে কোন নৰ॥২৬৪॥
পুৰাণ পুৰুষ যিটো কৃষ্ণ মহেশ্বৰ।
তেন্তে বশ্য হৈয়া অতি উভয় বংশৰ॥
পৰম আৰাধ্য ইষ্ট দেৱ আছিলন্ত।
গুৰু হৈয়া মহা হিত উপদেশ দেন্ত॥২৬৫॥
দুয়ো কুল ৰক্ষক আছিলা মহা হিত।
কিঙ্কবালি কৰ্ম্মকো কৰিলা কদাচিত॥
কৃষ্ণ বিনে দুয়ো কুলে নজানিলে জান।
আছিলন্ত সবাৰে৷ কৃষ্ণেসে জীৱ প্ৰাণ॥২৬৬॥
এহি মতে নিজ ভকতক ভগৱন্ত।
বশ্য হৈয়া অনুকম্পা কৰা অপৰ্য্যন্ত॥
নিজ যশ প্ৰিয় প্ৰভু দেৱ দামোদৰ।
তাঙ্ক ত্যজি আন মতে ভজে যিটো নৰ॥২৭৭॥
সিজনত তৃপিতি নুহিকে তাক সৰি।
এতেকে মুকুতি মাত্ৰ দেন্ত দেৱহৰি॥
কদাচিতে৷ প্ৰেম ৰস সহিতে ভকতি।
নেদন্ত ৰহস্য পদে জানা মহামতি॥২৬৮॥
সিহেতু ভকতি সুখ পৰম দুৰ্লভ।
কৃষ্ণৰ কৰুণা বিনে নুহিকে সুলভ॥
এহি তাতপৰ্য্য কহে ভাগৱত গ্ৰন্থ।
ইহলোকে হৰি ভকতিসি মুখ্য পন্থ॥২৬৯॥
পৰম কল্যাণ ইসি বিঘিনি ৰহিত।
কাতে৷ হন্তে ভয় আত নাহি কদাচিত॥
পৰম উৎসুকে অতি যতেক মহন্ত।
ভকতি-পন্থত মাত্ৰ সদা প্ৰবৰ্ত্তন্ত॥২৭০॥
কহিলোহেঁ৷ একো ভয় নাহি ভকতিত।
যাৰ বচনে তাক কৰোহো বিদিত॥
শিখান্ত আপুনি যমে দূত সমস্তক।
সমভাৱে যাৰা সবে ভজন্ত কৃষ্ণক॥২৭১॥
পৰম পৱিত্ৰ যশ তাহাৰা সবৰ।
গাৱে ৰাত্ৰি দিনে দেৱ সিদ্ধে নিৰন্তৰ॥
মাধৱৰ যিটো মহা কৌমুদকী গদা।
তাহাৰা সবকে৷ ৰক্ষা কৰি ফুৰে সদা॥২৭২॥
নচাপিবি দূত তাসম্বাৰ সন্নিহিত।
গদায়ে কোবায়৷ কৰিবেক চূৰ্ণীকৃত॥
ময়ো তাৰ উপৰি নুহিকে দণ্ডধৰ।
কালো প্ৰভু নহে আৰ তাহাৰা সবৰ॥২৭৩॥
ভকতক মাত্ৰ ৰক্ষা কৰে ভগৱন্ত।
বুলিবাহা তবে হৰি বিষম ভৈলন্ত॥
শুনিয়ো সংশয় ত্যজি ইহাৰ উত্তৰ।
কদাচিতো বিষম নুহিকে দামোদৰ॥২৭৪॥
নাহি তান বল্লভ সুহৃদ প্ৰিয়তম।
শত্ৰু মিত্ৰ উদাসীন সমস্ততে সম॥
তথাপিতে৷ যেন মতে ভজন্ত ভকতে।
কৰে অনুগ্ৰহ তাসম্বাকো সেহি মতে॥২৭৫॥
যেন কল্পতৰু সম সবাতো স্বভাৱে।
তথাপিতো মাগন্তা জনেসে ফলপাৱে।
সেহি মতে ভজন্তাক ভজন্ত ঈশ্বৰে।
তাহাঙ্ক বিষম বোলে কমন পামৰে॥২৭৬॥
ভকত জনক মাত্ৰ ভজা নাৰায়ণে।
লৈয়োক প্ৰমাণ ভগৱন্তৰ বচনে॥
পশু পক্ষী বৃক্ষ গৰু গোপিকা প্ৰভৃতি।
সৎসঙ্গ লভিয়া কৰে আমাত পিৰিতি॥২৭৭॥
এতেকে কৃতাৰ্থ হৈয়া পাইলে মোক সুখে।
মহা জ্ঞানী সকলে নপাৱে যাক দুঃখে॥
কৃষ্ণৰ বচন এবে থৈলোহো সংহৰি।
নাহি আন সুখ পন্থ ভকতিৰ সৰি॥২৭৮॥
জানি সাধুজন ভকতিক কৰা সাৰ।
তৰিবাহা সুখে ঘোৰ সংসাৰ নিকাৰ॥
ভজিয়া কৃষ্ণক মুখে ধৰা গুণ নাম।
সমস্ত সমাজে ডাকি বোলা ৰাম ৰাম॥২৭৯॥
দুলড়ী
কৃষ্ণৰ ভকতি অপ্ৰয়াসে গতি,
সাধয় সবে লোকৰ।
ভকতি বিহীন জ্ঞান কৰ্ম্ম যেন,
শুনা এবে আত পৰ॥
পৰম নিৰ্ম্মল, যিটো জ্ঞানে অতি,
এড়াইলে কৰ্ম্মৰ হাত।
নানাবিধ ভেদ, প্ৰপঞ্চ লুকাইল,
ভৈলন্ত আত্মা সাক্ষাত॥২৮০॥
ভকতি বৰ্জ্জিত ভৈলে হেন জ্ঞানে,
শোভা অতি নকৰয়।
পৰম নিষ্কাম কৰ্ম্মো নোশোভয়,
কৃষ্ণত যাৱে নৰ্পয়॥
ভকতি সহায় নভৈলে যিহেতু,
জ্ঞানৰো হেন অৱস্থা।
সদা দুঃখ ময় যিটো কাম্য কৰ্ম,
কৈবো কিবা তাৰ কথা॥ ২৮১॥
ভকতি সহায় বিনে জ্ঞানে কৰ্মে,
নসাধে কাৰো মুকুতি।
কাহাকো সহায় নচাৱে ভকতি,
গৰিষ্ঠ এহি সুগুতি॥
জ্ঞান কৰ্ম্ম যত সমস্ততো কৰি,
কহিলো শ্ৰেষ্ঠ ভকতি।
ইদানীকো সবে মোক্ষতো অধিক,
দঢ়ায়া কৰো সম্প্ৰতি॥২৮২॥
জীৱন্তে মুকুত ভৈলে যিটো অতি,
আত্মাত মাত্ৰ ৰময়।
শাস্ত্ৰ বহিৰ্ভুত ভৈল হৃদয়ৰো,
ভকতি কৰে কৃষ্ণত॥
মোক্ষতো অধিক ভকতিৰ সুখ,
জানিয়া অতি মনত॥২৮৩॥
মুকুত সকলো নেৰয় ভকতি,
কিনো অতি অদভুত।
শঙ্কা দূৰ কৰি জানা দেৱ হৰি,
হেনয় গুণ যুগুত॥
এতেকে ভকতে স্বৰ্গ-ব্ৰহ্ম-পদ,
সাৰ্ব্বভৌম অধিপতি।
পাতালৰো ভোগ অষ্টাঙ্গ ঐশ্বৰ্য্য,
মোক্ষতো নকৰে বতি॥২৮৪॥
ভকতিৰ ফল ভকতিসি মাত্ৰ,
জানিবা আক নিশ্চয়।
এহি পৰমাৰ্থ উদ্ধৱৰ আগে,
কৈলা কৃষ্ণ কৃপাময়॥
মোতে মাত্ৰ চিত্ত ভৈল যাব তাৰ,
নলাগে জ্ঞান বৈৰাগ্য।
কেৱলে মোহোৰ ভকতিতে সুখে,
পাইব শ্ৰেয়সৰ লাগ॥২৮৫॥
তপ জপ যজ্ঞ যাগ যোগ ব্ৰত,
তীৰ্থ স্নান মহা জ্ঞানে।
আনো সব কৰ্ম্ম আচৰিয়া নৰে,
পাৰে ফল যত মানে॥
আমাৰ ভকতে ভকতিত সুখে,
সমস্তে তাক পাৱয়।
স্বৰ্গ অপবৰ্গ বৈকুণ্ঠকো পাৱে,
কিন্তু তাক নবাঞ্ছয়॥২৮৬॥
পৰম মহন্ত যিটো বুদ্ধিমন্ত,
একান্ত ভক্ত আমাৰ।
আত্যন্তিক মোক্ষ বৈকুণ্ঠ লোককো,
নোখোজে কহিলো সাৰ॥
যিহেতু মোতেসে কায় বাক্য মনে,
পীৰিতি কৰে সৰ্ব্বথা।
এতেকেসে মই যচিন্তে নলৱে,
জানা ইতো সত্য কথা॥২৮৭॥
ভকতি কৰিয়া একোৱে অপেক্ষা,
নকৰে যাৰা সকল।
এহি মানে মাত্ৰ জানিবা নিশ্চয়,
ভকতিৰ মহা ফল॥
ইহাৰ সাধন কহো শুনিয়োক,
সুহৃদ তুমি সাক্ষাত।
ভকতি বিনায় আন কিছু কাম,
নবাঞ্ছে যিটো আমাত॥২৮৮॥
তাৰা সবে পাইব ভকতিৰ সুখ,
নাহিকে আত সংশয়।
হোক উদাসীন হোক বা গৃহস্থ
দু-হানো হোক নিশ্চয়॥
প্ৰকৃতিত পৰ মই মহেশ্বৰ,
নাহি আন মোত পৰে।
মোতে মাত্ৰ সম ভাবে যিটো নৰে,
একান্ত ভকতি কৰে॥২৮৯॥
বিধি নিষেধৰ যত গুণ দোষ,
নোছোৱে কহিলে৷ নিষ্ঠ।
যিহেতু একান্ত ভকত জনৰ,
মই ভৈলো মহ৷ ইষ্ট॥
প্ৰকৰণ অৰ্থ উপসংহৰিয়া,
শুনিয়ো কহো তোমাত।
দিলো উপদেশ পন্থ যিটো ইটো,
প্ৰবৰ্ত্তে আত সাক্ষাত॥২৯০॥
নিৰ্গুণ পুৰুষ যিটো পৰমব্ৰহ্ম,
জানিব সুলভে মোক।
কালৰ মায়াৰ বিক্ৰম ৰহিত,
পাইব সুখে মোৰ লোক॥
শুনা বুদ্ধজন কৰি স্থিৰ মন,
কহিল যেন ঈশ্বৰে।
সকলে শাস্ত্ৰৰ এহি মানে সাৰ
নাহি আৰ আত পৰে॥১৯১॥
ভাগৱত-শাস্ত্ৰ চাহি পূৰ্ব্বাপৰ
ঈশ্বৰ বাক্য প্ৰমাণি।
কহিলো ভকতি ধৰিয়ো সম্প্ৰতি
এহি সত্য হেন জানি॥
শ্ৰীমন্ত উত্তম পুৰুষ দৈৱকী-
নন্দন আনন্দ সিন্ধু।
তাঁহাৰ চৰণ পঙ্কজৰ যিটো,
কৃপা মকৰন্দ বিন্দু॥২৯২॥
তাহাৰ প্ৰসাদে মোহোৰ পৰম
বিবেক বাঢ়িল আসি।
সেহি মই বিষ্ণু- পুৰি ত্ৰিহুতীয়া,
পৰমহংস সন্ন্যাসী॥
ভক্তি-ৰত্নাৱলী কৰিলো গ্ৰন্থন,
যেন লৈল মোৰ মতি।
তাহাৰ প্ৰথম বিৰচন কথা,
এহি মানে সমাপতি॥২৯৩॥
দুৰ্ঘোৰ সংসাৰ সাগৰ নিকাৰ,
তৰিবাক ইচ্ছা যাৰ।
কেৱল কৃষ্ণৰ চৰণ পঙ্কজে,
ভকতিক কৰা সাৰ॥
এতেকে বৈকুণ্ঠ সহিতে ভকতি,
আনন্দ লভিবা সুখে।
ধৰা গুণ নাম ত্যজি আন কাম,
ৰাম ৰাম বোলা মুখে॥২৯৪॥
⸻
দ্বিতীয় সৎসঙ্গ-বিৰচন
পদ
পূৰ্ব্ব বিৰচনত ভকতি কৰি সাৰ।
আৰম্ভিলোঁ মই বিৰচন আৰোবাৰ॥
ভকতিৰ হেতু নিৰূপণৰ নিমিত্তে।
জানি সভাসদ শুনিয়োক একচিত্তে॥২৯৫॥
শ্ৰীমন্ত ঈশ্বৰ কৃষ্ণ ভকতৰ গুৰু।
তাঁহান পৰম কৃপা ৰস কল্পতৰু॥
তাহাৰ উত্তম ফল সৎসঙ্গ প্ৰধান।
ভাগৱত শাস্ত্ৰে অভিপ্ৰায় এহিমান॥২৯৬॥
এহি পৰমাৰ্থ দেখাইবাক প্ৰথমত।
আৰম্ভিলোঁ কপিলৰ বাক্য অভিমত॥
কপিলে কহন্ত দেৱহুতিৰ আগত।
একান্ত বৈষ্ণব সমস্তৰ প্ৰসঙ্গত॥২৯৭॥
হোৱয় উদ্ভৱ মোৰ নিৰ্ম্মল চৰিত।
তাক যিটো পৰম শ্ৰদ্ধায়ে শুনে নিত॥
মোক্ষদাতা মই মোত শীঘ্ৰে অতিশয়।
অনুক্ৰমে শ্ৰদ্ধা ৰতি ভকতি মিলয়॥২৯৮॥
ভকতৰ সঙ্গ যিটো লৱয় সৰ্ব্বথা।
হৈবেক ভকতি তাৰ ইটো কোন কথা॥
অল্প সঙ্গে তাৰয় ভকতি দিয়া দান।
ভগৱন্ত বাক্যে লৈয়ো ইহাৰ প্ৰমাণ॥২৯৯॥
আকাশত থাকি নাৰদত নিগদতি।
শুনিয়ো বালক মোৰ বচন সম্প্ৰতি॥
অল্প মাত্ৰ সাধু সেৱা কৰিলি সাক্ষাত।
এতেকতে মোত দৃঢ় মতি হৈল জাত॥৩০০॥
ত্যজিয়া নিন্দিত দাসীসুত কলেৱৰ।
পাইবি মোৰ পাৰিষদী তনু শ্ৰেষ্ঠতৰ॥
হৈবেক নাৰদ নাম দিব্য ৰূপ ধৰ।
ফুৰিবি পৱিত্ৰ কৰি লোক নিৰন্তৰ॥৩০১॥
ভগৱন্ত বাক্য থওঁ সংহৰি সম্প্ৰতি।
স্বৰ্গাদিতো কৰি শ্ৰেষ্ঠ সাধুৰ সঙ্গতি॥
লৈয়োক প্ৰমাণ শৌনকৰ বচনত।
সাক্ষাতে কহিয়া আছে সূতৰ আগত॥৩০২॥
অতি অল্পকাল মাত্ৰ সন্তৰ সঙ্গৰ।
তাকো স্বৰ্গ মোক্ষ পদে নোহে সমসৰ॥
স্বৰ্গ সুখ হন্তে পুনৰপি পাত হয়।
মোক্ষতো ভকতি শূন্য জানিবা নিশ্চয়॥৩০৩॥
আন সব সুখ আৰ কিবা পটন্তৰ।
এতেকে সবাতো শ্ৰেষ্ঠ সঙ্গ ভকতৰ॥
এবে আৰ হেতু শুনা সূত মহাশয়।
কৃষ্ণ-পদ-যুগ মাত্ৰ যাহাৰ আশ্ৰয়॥৩০৪॥
তাৰা সবে মহামুনি পৰম মহন্ত।
সন্নিধি মাত্ৰকে সদ্যে পৱিত্ৰ কৰন্ত॥
ভকতিৰ প্ৰতিবন্ধ যত পাপ চয়।
ভকত জনৰ সেৱাতেসে নষ্ট হয়॥৩০৫॥
হৰি পদ হন্তে গঙ্গ৷ হৈয়া উতপতি।
ভৈল এৰা এৰি সিটো চৰণে সহিতি॥
কৃষ্ণৰ চৰণ সম্বন্ধত গঙ্গাদেৱী।
কৰন্ত পৱিত্ৰ যেবে চিৰকাল সেৱি॥৩০৬॥
সন্তৰ হিয়াত হৰি সদা প্ৰবৰ্ত্তন্ত।
এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত॥
তাসম্বাৰ সঙ্গ সদ৷ লৈলে যিটো জনে।
নুহিবে ভকতি শঙ্কা নকৰিবা মনে॥৩০৭॥
ভকত সঙ্গত আন নলাগে সহায়।
সুতৰ বচনে আৰ লৈয়ো অভিপ্ৰায়॥
অভক্তৰ স্বভাৱ মলিন অতিশয়।
ম্লেছাদি শৰীৰ তাৰ হৈবেক নিশ্চয়॥৩০৮॥
সম্প্ৰতি যতেক কৰ্ম্ম কৰে বিদ্যমান।
নোহে সিটো শোভন সমস্তে অকল্যাণ॥
কৃষ্ণৰ সেৱক সব পৰম নিৰ্ম্মল।
জগত পৱিত্ৰ কৰে তাহাৰা সকল॥৩০৯॥
তাসম্বাক সেৱা অতি কৰন্তে সদায়।
ভক্তি প্ৰতিবন্ধ নষ্ট হোৱে সমুদায়॥
গুচে সবে চিত্তৰ বিক্ষোভ আছে যত।
নিশ্চল ভকতি হোৱে কৃষ্ণ-চৰণত॥৩১০॥
অধমো উদ্ধাৰ হোৱে সন্তৰ সঙ্গত।
ইহাৰ প্ৰমাণ লৈয়ো সূতৰ বাক্যত॥
আজি মোৰ মহ৷ হৰিষৰ নাহি সীমা।
সঙ্গৰ কিনো আশ্চৰ্য্য মহিমা॥৩১১॥
ক্ষত্ৰিয়ত হন্তে ব্ৰাহ্মণত ভৈলো জাত।
অপৱিত্ৰ সূতজাতি জগতে প্ৰখ্যাত॥
হেন মই ভৈল মোৰ জন্মৰ সফল।
তোমাসাৰ সঙ্গে মোক কৰিলা নিৰ্ম্মল॥৩১২॥
অকুলীন হেন দুঃখ মনত আছিল।
শুক গুৰু প্ৰসাদত সমস্তে গুচিল॥
শৌনক প্ৰভৃতি তোৰাসব মহাজন।
তুমি সবে মোক সাদৰাহা অনুক্ষণ॥৩১৩॥
তোৰাসব সমে কৰে লৌকিক আলাপ।
তথাপিতো দূৰ হৱে তাৰ যত পাপ॥
আছোক ভকতৰ সম্ভাষণ ইটো কথা।
সন্তৰ স্মৰণে শুদ্ধি কৰয় সৰ্ব্বথা॥৩১৪॥
সঙ্গ লৈয়া শুশ্ৰূষা কৰয় মহন্তক।
তেবে কি কহিবো আৰ তাহাৰ ভাগ্যক॥
বুলিবাহা ইটো কথা যেবে সত্য হয়।
তেবে কিয় ভকতক সবে নভজয়॥৩১৫॥
বচনে লৈয়ো ইহাৰ উত্তৰ।
যাক নতু অনুগ্ৰহ মিলয় কৃষ্ণৰ॥
মহন্তৰ সেৱা তাৰ পৰম দুৰ্ল্লভ।
কৃষ্ণৰ কৰুণা বিনে নুহিকে সুলভ॥৩১৬॥
বৈকুণ্ঠৰ পতি যিটো প্ৰভু ভগৱন্ত।
তাহাঙ্ক পাইবাৰ পন্থ যতেক মহন্ত॥
তাসম্বাৰ চিহ্ন যেন শুনিয়োক তাক।
গাৱে ৰাত্ৰি দিনে মাত্ৰ কৃষ্ণৰ কথাক॥৩১৭॥
কহো মহন্তক সেৱা কৰিবাৰ ফল।
কৃষ্ণ-কথা শুনন্তে চিত্তৰ গুছে মল॥
তেবেসে হৈবেক ৰতি কৃষ্ণ-চৰণত।
মহা প্ৰেমোৎসৱ আসি মিলয় মনত॥৩১৮॥
মোক্ষতো অধিক সুখ লভয় প্ৰচুৰ।
অপ্ৰয়াসে সংসাৰৰ দুঃখ যায় দূৰ॥
বুলিবাহা যাৰা সবে কুশলক চায়।
অসন্তৰ সঙ্গ যেন এৰে সমুদায়॥৩১৯॥
সেহি মতে সন্তসঙ্গো লাগয় ভজিতে।
নকৰি সংশয় শুন৷ স্থিৰ কৰি চিত্তে॥
কৰয় প্ৰসঙ্গ যিটো মহন্ত সবৰ।
পাইলে মুকুতিৰ সিটো মেলান দুৱাৰ॥৩২০॥
অসাধুৰ সঙ্গৰ সুদৃঢ় পাশ-জড়ী।
বান্ধয় জীৱক অতি জৰপুৰ কৰি॥
এতেকেসে জ্ঞানী গণে কৰিয়া বিচাৰ।
এড়িয়া দুঃসঙ্গ সাধু সঙ্গ কৰে সাৰ॥৩২১॥
প্ৰসঙ্গত মহন্তৰ দেখায়া লক্ষণ।
এহি অৰ্থে কহোঁ শুনা কপিল বচন॥
কপিল বদতি দেৱহুতি শুনিয়োক।
আমাক একান্ত চিত্তে ভজে যিটো লোক॥৩২২॥
তাহাৰা সবৰ কৰে৷ লক্ষণ বিদিত।
সবাৰো সুহৃদ মহা কাৰুণিক চিত্ত॥
ক্ষমাশীল শান্ত সাধু সুশীল ভূষণ।
তাসম্বাৰ শত্ৰু কৈতো নাহি উতপন॥৩২৩॥
নিষ্কামে ভকতি মোত কৰন্ত একান্তে।
মোক ত্যজি নভজন্ত আনক প্ৰাণান্তে॥
সুহৃদ বান্ধৱ ধন জন কৰ্ম্ম যত।
মোৰ প্ৰীতি অৰ্থে সবে ত্যজন্ত সমস্ত॥৩২৪॥
মোৰ সুনিৰ্ম্মল কথা কহন্ত শুনন্ত।
মোত বিনে চিত্ত আৰ আনত নেদন্ত॥
পৰম আনন্দ অতি মনত মিলয়।
তাসম্বাক আৰ তিনি তাপে নোছোৱয়॥৩২৫॥
সমস্তৰে সঙ্গ এড়ি মোকেসে ভজয়।
তাৰাসবে সাধু মাতৃ কহিলো নিশ্চয়॥
দেওঁ উপদেশ মই তাক শুনিয়োক।
কৰিয়া যতন সাধু সঙ্গক লৈয়োক॥৩২৬॥
তোমাৰ দুঃসঙ্গ দোষ সবে হৰিবন্ত।
স্বভাৱে তোমাক মহা কৃপা কৰিবন্ত॥
পৰম কৰুণাশীল ভকত সকল।
আশ্ৰয় মাত্ৰকে দূৰ কৰে কৰ্ম্ম-মল॥৩২৭॥
থৈলো উপসংহৰি কপিল বাক্য যত।
এড়িব সাধুৰ সঙ্গ হেন যাৰ মত॥
পৰম অজ্ঞানী তাৰ বচন নিস্ফল।
বিনে সাধু সঙ্গে নাহি কাহাৰো কুশল॥৩২৮॥
মুকুতি সুখক প্ৰতি ইচ্ছা আছে যাৰ।
কহিলো সন্তৰ সঙ্গ প্ৰাৰ্থনি তাহাৰ॥
লভিয়া মুকুতি পায়া সাক্ষাতে কৃষ্ণক।
তাৰা সবো বাঞ্ছা কৰে সাধুৰ সঙ্গক॥৩২৯॥
লৈয়োক প্ৰমাণ আৰ ধ্ৰুবৰ বচনে।
কৰন্ত প্ৰাৰ্থনা অতি কৃষ্ণৰ চৰণে॥
সদায়ে তোমাত যিটো কৰয় ভকতি।
পৰম নিৰ্ম্মল তাৰা সমস্তৰ মতি॥৩৩০॥
তাসম্বাৰ প্ৰসঙ্গ সততে মোৰ হোক।
হেন অনুগ্ৰহ নাথ কৰিয়োক মোক॥
বুলিবা কিসক মোত নোখোজে মুকুতি।
নলাগে মাগিবে তাক শুনিয়ো যুগুতি॥৩৩১॥
ভকতৰ মুখে তযু চৰিত্ৰ অমৃত।
পৰম সন্তোষে অতি পীউ প্ৰতি নিত॥
কথামৃত পান কৰি হৈৰো মহা মত্ত।
তৰিবোহো সুখে সংসাৰৰ দুঃখ যত॥৩৩২॥
নাহি কথামৃত পান সুখ মুকুতিত।
কথাতে মুকুতি-সুখ হোৱয় বিদিত॥
তযু কথামৃত পানে হোৱে যেন মত্ত।
কৰোহো বেকত প্ৰভু তোমাৰ আগত॥৩৩৩॥
তযু পাদপদ্মত লুবুধ যাৰ মন।
তেসম্বে সহিতে কৰে প্ৰসঙ্গ যিজন॥
তাৰা সবে নুসুমৰে প্ৰিয়তম দেহ।
ভাৰ্য্যা পুত্ৰ বিত্ত সুহৃদতো এৰে স্নেহ॥৩৩৪॥
ভকতত হন্তে কথামৃত পান কৰে।
মহা মত্ত হৈয়া অতি সবাকো পাসৰে॥
ধ্ৰুবৰ বচন এবে থৈলো এহি মানে।
সৎ সঙ্গৰ মহিমা দেখাইলো বিদ্যমানে॥৩৩৫॥
মহন্ত সবৰ কথা থাকোক তাৱত।
শুনা তাসম্বাৰ পদ ৰেণুৰ মহত্ত্ব॥
প্ৰাৰ্থিলন্ত পৃথু মহাজন সমস্তত।
শুনিয়ো মহন্ত সব মোৰ অভিমত॥৩৩৬॥
ভকতৰ পদৰেণু যাৱে জীৱমানে।
কিৰীটিৰ অগ্ৰত বহিবো সাৱধানে॥
তেবেসে মোহোৰ হৈবে জন্মৰ সফল।
পৰশ মাত্ৰকে কৰে পাপীকো নিৰ্ম্মল॥৩৩৭॥
হেন পদৰেণুক নিতান্তে যিটো ধৰে।
সমস্ত গুণৰে পাত্ৰ হোৱে সিটো নৰে॥
থৈলো এহি মানে ইটো বচন পৃথুৰ।
দেখাইলোহো মহন্তৰ মহিমা প্ৰচুৰ॥৩৩৮॥
বৈষ্ণৱৰ সঙ্গৰ মহিমা কৈবো কত।
কহন্তা শুনন্তা যত সবাৰো সম্মত॥
জানি মহাজনৰ সঙ্গক কৰা সাৰ।
সবাৰো সুখক অতি কৰয় বিস্তাৰ॥৩৩৯॥
কহিলো সাধুৰ সঙ্গ প্ৰাৰ্থনি বিশেষ।
পৰকো সাধুৰ সঙ্গ দিবা উপদেশ॥
এহি মানে পৰক পৰম উপকাৰ।
ৰুদ্ৰৰ বচনে লৈয়ো প্ৰমাণ ইহাৰ॥৩৪০॥
দেন্ত উপদেশ হৰে দশ প্ৰচেতাক।
শুনিয়োক ৰাজপুত্ৰ সব মোৰ বাক॥
কহো তোমসাত সবে শাস্ত্ৰৰ সম্মত।
কৰিবা প্ৰাৰ্থনা হেন ঈশ্বৰ কৃষ্ণত।৩৪১॥
তযু পদ স্মৰণে সংহৰে পাপ যত।
কৰো আমি প্ৰাৰ্থনা তোমাৰ চৰণত॥
তব কথা স্মৰণে মনৰ মল হৰে।
পাদোদক গঙ্গায়ে বাহিৰ শুদ্ধি কৰে॥৩৪২॥
হেন দুই তীৰ্থ সেৱি মহন্ত সকল।
বাহিৰে ভিতৰে অতি হোৱয় নিৰ্ম্মল॥
এতেকে ভূতক দয়া কৰে নিৰন্তৰ।
ৰাগ লোভ কাম ক্ৰোধ গুচিল মনৰ॥৩৪৩॥
হেন মহন্তৰ সঙ্গ কৰিয়োক দান।
আমাক তোমাৰ অনুগ্ৰহ এহি মান॥
মহেশৰ বচনক এহি মানে থওঁ।
দশ প্ৰচেতাৰ বাক্যে প্ৰপঞ্চিয়া কওঁ॥৩৪৪৷
পায়া দশ জনে উপদেশ মহেশৰ।
কৰিলন্ত তপ দশ হাজাৰ বৎসৰ॥
তাসম্বাৰ তপে তুষ্ট হৈয়া অতিশয়।
সাক্ষাতে দিলন্ত দেখা কৃষ্ণ কৃপাময়॥৩৪৫॥
বৰলোৱা বুলি প্ৰলোভিলা বাৰে বাৰ।
বিনাৱন্ত দশ পাচে কৰি নমস্কাৰ।
পাইলো আমি আসি সুখে তযু পদমূল।
আছে আৰু আন কোন বৰ আক তুল॥৩৪৬॥
যেন মধুকৰে সুখে পাৰিজাত পাই।
তাক ত্যজি পুন্নু আন বৃক্ষক নযাই॥
সেহি মতে পায়া প্ৰভু তযু চৰণক।
আক ত্যজি কেনে আমি প্ৰাৰ্থিবো আনক॥৩২৭॥
ব্ৰহ্মপদ পায়ো মনোৰথ সীমা নাই।
তথাপিতো এক বৰ দিয়োক গোসাঁই॥
তোমাৰ মায়ায়ে আমি নিজ কৰ্ম্ম গতি।
ভ্ৰমোহো যাৱত ইটো সংসাৰে সম্প্ৰতি॥৩২৮॥
জন্মে জন্মে হোক তযু সঙ্গ ভকতৰ।
মিলোক প্ৰসঙ্গ প্ৰভু দিয়ো এহি বৰ॥
বুলিবা মোহোৰ সঙ্গ নুখুজিলা কিক।
ভকত সবৰ সঙ্গ তোমাতো অধিক॥৩৪৯॥
কৰোহো বিদিত তাক তোমাৰ আগত।
মহন্ত জনৰ সঙ্গ শ্ৰেষ্ঠ যেন মত॥
থাকন্ত যথাত তযু একান্ত ভকত।
তোমাৰ নিৰ্ম্মল কথা তৈতেসে বেকত॥৩৫০॥
সিটো কথামৃত পান কৰে যিটোজন।
গুছে তৃষ্ণা আদি তাৰ শুদ্ধ হৱে মন॥
দূৰ হৱে বৈৰ ভাব সমস্তে ভূতত।
একোৱে উদ্বেগ আৰো নোপজে মনত॥৩৫১॥
বাঢ়ে তৃষ্ণা আদি যত অসত সঙ্গত।
সন্তৰ সঙ্গত ক্ষয় হোৱয় সমস্ত॥
হেনয় মহন্ত সব থাকয় যথাত।
থাকা তুমি নাৰায়ণ সাক্ষাতে তথাত॥৩৫২॥
একান্ত সম্ভৰ গতি তুমিসি সৰ্ব্বথা।
মুক্ত সঙ্গ সকলো তোমাৰ শান্ত কথা॥
শ্ৰৱণ কীৰ্ত্তন সদা কৰন্ত সাক্ষাত।
হৃদয়ত পৰম আনন্দ হোৱে জাত॥৩৫৩॥
হেনয় মহন্ত সব যথায় ভ্ৰমন্ত।
সমস্তে তীৰ্থকে অতি পৱিত্ৰ কৰন্ত॥
সংসাৰ তাপত হন্তে ভয় আছে যাৰ।
সাধুৰ সঙ্গক শ্ৰদ্ধা নুহিবে কি তাৰ॥৩৫৪॥
দশ প্ৰচেতাৰ কথা থৈলো এহি মানে।
শুনা যেন পৰমাৰ্থ কহো বিদ্যমানে॥
সাধু সঙ্গ বিনে নাহি সংসাৰ নিস্তাৰ।
ভাগৱত শাস্ত্ৰে জানা এহি মানে সাৰ॥৩৫৫॥
হোক সাধু সঙ্গ শ্ৰেষ্ঠ মানিলো ইহাক।
অসন্তৰ সঙ্গ কিয় লাগে ত্যজিবাক॥
হেন যদি বোলা শুনা ইহাৰ উত্তৰ।
দেখাইবোহো ফল যেন উভয় সঙ্গৰ॥৩৫৬॥
পৰিচয় অৰ্থে সাধু সবৰ লক্ষণ।
কহো শুনা ভগৱন্ত ঋষভ বচন॥
মহন্তৰ সেৱা মুকুতিৰ মুখ্য দ্বাৰ।
স্ত্ৰী সঙ্গীৰ সঙ্গ নৰক যাইবাৰ॥৩৫৭॥
সাধু সমস্তৰ সমস্ততে সম চিত্ত।
সবাৰো সুহৃদ ক্ৰোধ নোপজে কিঞ্চিত॥
উৰ্ম্মি ৰহিত শান্ত মতি অতিশয়।
কদাচিতো সাধু সদাচাৰ নলঙ্ঘয়॥৩৫৮॥
মোতেসে সৌহৃদ্য ভাব মাত্ৰ প্ৰয়োজন।
কদাচিতো বিষয় সুখত নাহি মন॥
পুত্ৰ দাৰা ধন জন সমৃদ্ধি সহিত।
হেন গৃহ সম্পত্তিতো নাহি স্নেহ চিত্ত॥৩৫৯॥
দেহ মাত্ৰ প্ৰবৰ্ত্তয় যিসব উপায়।
তাত পৰে সন্তৰ অধিক স্পৃহা নাই॥
ভৰত প্ৰমুখ্য কৰি শুনা পুত্ৰগণ।
কহো তোমাসাত মই স্বৰূপ বচন॥৩৬০॥
মৃত্যুৰ মুখত পড়ি আছে যিটো নৰ।
ভকতিৰ উপদেশ দিয়া মাধৱৰ।
নপাৰে মেলাইবে ঘোৰ সংসাৰ সঙ্কটে।
গুৰু আদি একো তাত সম্বন্ধ নঘটে॥৩৬১॥
কেন মতে গুৰু সিটো সুহৃদ কিসৰ।
কেন মতে পিতৃ মাতৃ ভৈল সিটো নৰ॥
ৰক্ষা কৰ্ত্তা অধিকাৰী ভৈল কেন কৰি।
কিসক লৱয় পূজা দেৱ নাম ধৰি॥৩৬২॥
সিও কেনে গুৰু আদি বোলে তাসম্বাক।
যাত হন্তে নপাৰে মৃত্যুক এৰাইবাক॥
সিও গুৰু আদি কৰি নাম নধৰোক।
মৃত্যু এৰুৱাইবে নপাৰয় যিটো লোক।৩৬৩॥
তাঙ্কেসে ধৰিবে লাগে সম্বন্ধ নিঃশেষ।
যিটো জনে দেন্ত ভকতিৰ উপদেশ॥
দিলো তোমাসাক মই ইটো মহা দান।
ঋষভ দেৱৰ বাক্য থৈলো এহিমান॥৩৬৪॥
ভগৱন্ত ভক্তি যুক্ত নোহে যিটো নৰ।
স্বভাৱে অনুপকাৰী বৈষ্ণৱ জনৰ॥
এতেকে সবাতে আশা এড়ে সাধু জনে।
এহি অৰ্থ কহো শুনা প্ৰহ্লাদ বচনে॥৩৬৫॥
গৃহ পুত্ৰ ভাৰ্য্যা ধন জন বন্ধু বিত্ত।
নোহোকক তাসম্বাৰ সঙ্গ কদাচিত॥
যেবে মোৰ মহা ভাগ্য আছে কথঞ্চিত।
মিলোক প্ৰসঙ্গ প্ৰভু বৈষ্ণৱে সহিত॥৩৬৬॥
ভগৱন্ত প্ৰিয় সঙ্গী ভৈলা যিটো নৰ।
প্ৰাণ ধাৰণাতে তুষ্ট হন্ত নিৰস্তৰ॥
অতি শীঘ্ৰে প্ৰয়োজন সিজে তাসম্বাৰ।
গৃহাদিত মাত্ৰ আসকতি ভৈল যাৰ॥৩৬৭॥
ইন্দ্ৰিয়ৰ সুখত গোৱাৱে ৰাত্ৰি দিন।
নাহি তাৰ সিদ্ধি সিটো ভৈল ভাগ্য হীন॥
প্ৰহ্লাদ বচন থওঁ সম্প্ৰতি সংহৰি।
বুলিবাহা অসম্ভাৱনাক আদি কৰি॥৩৬৮॥
বহু বিধ কুতৰ্কে আকুল মন যাৰ।
সদায়ে সাধুৰ সঙ্গ হৈব কেনে তাৰ॥
ইটো আশঙ্কায়ে মন নকৰিবা ভঙ্গ।
কিসক বিস্তৰ লাগে বৈষ্ণৱৰ সঙ্গ।৩৬৯॥
অল্প সাধু সঙ্গে সাধে সকলে কল্যাণ।
ৰহুগণ বাক্যে লৈয়ো ইহাৰ প্ৰমাণ॥
জড় ভৰতক বুলিলন্ত ৰহুগণ।
সমস্তে জন্মত কৰি মনুষ্য শোভন॥৩৭০॥
দেৱাদি জন্মত কৰি শ্ৰেষ্ঠ অতিশয়।
স্বৰ্গত লভিয়া জন্ম কি কাৰ্য্য সাধয়॥
তুমি সব হেন মহাজনক সাক্ষাত।
নপাৱে প্ৰচুৰ সমাগম ৰস জাত॥৩৭১॥
এতেকে মনুষ্য জন্ম সবাতো উত্তম।
পাৱে আত মহন্তৰ প্ৰচুৰ সঙ্গম॥
কৃষ্ণ যশে যাহাৰ শোধিত ভৈল চিত্ত।
তাসম্বাৰ সঙ্গৰ মহিমা বিপৰীত॥৩৭২॥
পাইলো মই আজি হেৰা সাক্ষাত প্ৰমাণ।
তোমাক আলাপ কৰো দণ্ড দুই মান॥
অনেক দুস্তৰ্কে বদ্ধ হৃদয় আমাৰ।
মোত পৰে নাহিকে অজ্ঞানী অনাচাৰ॥৩৭৩॥
দুই দণ্ডে সিটো অবিবেক নষ্ট গৈল।
তযু পদ প্ৰসাদে সমস্তে বোধ ভৈল॥
সততে উপাসে যিটো তোমাৰ চৰণ।
কৰিলে পাতক নষ্ট শুদ্ধ হৈল মন॥৩৭৪॥
নিৰ্ম্মল ভকতি তাৰ হৈবেক কৃষ্ণত।
নুহি অদভুত ইটো মোহোৰ মনত॥
ৰহুগণ বাক্য থৈলো সম্প্ৰতি তাৱত।
সন্তৰ চৰণ ৰেণুৰেসে প্ৰসাদত॥৩৭৫॥
হৈবেক ভকতি ভগৱন্ত ঈশ্বৰত।
অন্যথা নুহিকে ইটো প্ৰহ্লাদৰ মত॥
ভৈল যিটো জন অতিশয় গৃহব্ৰতী।
কৃষ্ণ পাদপদ্মক নোছোৱে তাৰ মতি॥৩৭৬॥
পৰশিলে যাৰ চিত্তে চৰণ কৃষ্ণৰ।
হোৱে তাৰ দূৰ দুঃখচয় নিৰন্তৰ॥
সিটো কৃষ্ণ চৰণক নজানে তাৱত।
বৈষ্ণৱৰ পদৰেণু নলৱে যাৱত॥৩৭৭॥
অণুমাত্ৰ কৃষ্ণ বিনে সাৰ নাহি যাৰ।
কৰা অভিষেক পদৰেণু তাসম্বাৰ॥
তেবেসে হৈবেক হৰি-চৰণত ৰতি।
মুক্তৰো দুৰ্লভ কৃষ্ণ দেৱৰ ভকতি॥৩৭৮॥
প্ৰকৰণ অৰ্থ উপসংহৰি নিঃশেষ।
প্ৰহ্লাদ বচনে শুনা কহো সবিশেষ॥
নৃসিংহৰ পাদপদ্ম ধৰিয়া প্ৰহ্লাদে।
পৰম বিনয় ভাবে বোলন্ত আহ্লাদে॥৩৭৯॥
শুনা প্ৰভু ব্ৰহ্মা আদি কৰি জীৱ যত।
জানো সাঙ্গোপাঙ্গে মই সবাৰো মহত্ত্ব॥
আয়ু শ্ৰী যশ যত বিভৱ প্ৰধান।
জানো ইন্দ্ৰিয়ৰ ভোগ যাৰ যত মান॥ ৩৮০॥
নাহি তাক ইচ্ছা মই বোলো নিষ্ঠ কৰি।
তুমি কাল ৰূপে নিয়া ক্ষণেকে সংহৰি॥
অণিমা লঘিমা আদি ঐশ্বৰ্য্য যতেক।
তাকো কালে বিধ্বংসন কৰয় প্ৰত্যেক॥৩৮১॥
জনম মৰণ মহা সৰ্প অদভূত।
ইটো ভৱ-কূপে সেহি ভূজঙ্গে যুগুত॥
ইহাতে পড়িয়া সদা আছে সৰ্ব্বজন।
ময়ো তাসম্বাৰ সঙ্গী জানা নাৰায়ণ॥৩৮২॥
তুমি কৃপাময় প্ৰভু নাৰদৰ হাতে।
পূৰ্ব্বে অনুগ্ৰহ মোক কৰিছা সাক্ষাতে॥
এৰুৱাইলা নাথ মোক কালৰ হাতৰ।
আপোনাৰ ভৃত্য কৰি লৈলা দামোদৰ॥৩৮৩॥
সেই মই তযু নিজ ভৃত্য দেৱহৰি।
নাৰদৰ গুণ পাসৰিবো কেন কৰি॥
সম্প্ৰতি তোমাৰ অনুগ্ৰহ এবে হোক।
তযু নিজ ভৃত্যৰ পাশক নিয়ো মোক॥৩৮৪॥
প্ৰহ্লাদে প্ৰাৰ্থিলা অতি সঙ্গ মহন্তৰ।
সংসাৰত মগ্ন হৈয়া আছে যিটো নৰ॥
সাধু সঙ্গ বিনা তাৰ নাহি আন গতি।
এহি মানে শাস্ত্ৰ ফল শুনিয়ো সম্প্ৰতি॥৩৮৫॥
শুনে কৃষ্ণকথা যিটো মহন্ত সঙ্গত।
কৰ্ণ পথে হৰি তাৰ হন্ত অন্তৰ্গত॥
আছে দুৰ্ব্বাসনা যত অনাদি জন্মৰ।
কৰন্ত সবাকো দূৰ দেৱ দামোদৰ॥৩৮৬॥
গঙ্গা আদি কৰি যত তীৰ্থ নিৰন্তৰ।
হৰন্ত কেৱল মাত্ৰ পাপ শৰীৰৰ॥
সন্ত সঙ্গে বাহিৰে ভিতৰে শুদ্ধি কৰে।
হেন সাধু সেৱা নকৰিবে কোন নৰে।৩৮৭॥
বুলিবাহা কিবা কাজ মহন্ত সেৱাত।
কিসক নকৰে সেৱা কৃষ্ণক সাক্ষাত॥
স্বতন্ত্ৰ ঈশ্বৰ আন অধীন সকল।
তাসম্বাক সেৱা কৰিবাৰ কোন ফল॥৩৮৮॥
নুবুলিবা হেন শুনা ইহাৰ উত্তৰ।
নুহিকে স্বতন্ত্ৰ হৰি অধীন সন্তৰ।
ভকতৰ অনুগ্ৰহতেসে তাক পায়।
বৈকুণ্ঠনাথৰ বাক্যে লৈয়ো অভিপ্ৰায়॥৩৮৯॥
দুৰ্ব্বাসাৰ আগত বদতি দামোদৰ।
শুনিয়ো দুৰ্ব্বাসা মই নোহো স্বতন্ত্ৰৰ॥
হওঁ মই ঈশ্বৰ সমস্তে জগতৰ।
তথাপি অধীন মই ভৈলো বৈষ্ণৱৰ॥৩৯০॥
তোমাৰ আগত নই কহো স্বৰূপত।
কায় বাক্য মন মোৰ খাটে ভকতত॥
মই সি পৰম গতি ভৈল যিজনৰ।
মোৰ প্ৰিয়তম আৰ নাহি তাত পৰ॥৩৯১॥
নিজ ভাৰ্য্য়া লক্ষ্মী ইটো প্ৰিয়তম দেহ।
সাধু জন বিনে আতে৷ নাহি মোৰ স্নেহ॥
গৃহ পুত্ৰ দাৰা ধন জন প্ৰাণ বিত্ত।
ইহ পৰ লোকৰ সুখত এৰি চিত্ত॥৩৯২॥
কেৱল মোতেসে যিটো পশিল শৰণ।
হৈব কেন মতে তাক ত্যজিবাক মন॥
বুলিবাহা আপোনাৰ কুশল কাৰণে।
পশিল শৰণ সিটো তোমাৰ চৰণে॥৩৯৩॥
তুমি কিবা কাৰ্য্যে বশ্য হোৱা তাসম্বাৰ।
দৃষ্টান্তে সহিতে শুনা কাৰণ ইহাৰ।
যেন স্বভাৱতে সতী নাৰী নিৰন্তৰে।
পতিব্ৰতা ধৰ্ম্মে শান্ত পতি বশ্য কৰে॥৩১৪॥
সেহি মতে সাধু সবো জানিবা নিশ্চয়।
মোতেসে কেৱলে বন্ধ কৰিলে হৃদয়॥
একান্ত ভকতি ভাৱে কৰে মোক বশ্য।
কহিলো দুৰ্ব্বাসা ইটো তোমাত ৰহস্য॥৩৯৫॥
স্বামী সেৱা কৰে নাৰী সুখক আশায়।
কিন্তু মোৰ ভক্ত সব নিষ্কাম সদায়॥
তাতো যেবে মই বশ্য নভৈলো সম্প্ৰতি।
মোত পৰে নাহি তবে পৰম কপটী॥৩৯৬॥
বৈকুণ্ঠৰ চাৰি পদ সালোক্য প্ৰমুখ্যে।
মোহোৰ সেৱাত আসি পাৱে মহা সুখে॥
নলৱন্ত সেৱাৰসে পূৰ্ণ হৈয়া চিত্ত।
কাল বশ্য স্বৰ্গাদিকো নকৰে ইঙ্গিত॥৩৯৭॥
কহিবো বিস্তৰ কিবা তোমাৰ আগত।
মোহোৰ হৃদয় নিষ্ঠে জানিবা ভকত॥
ভকতৰো হৃদয় মইসে সাৰে সাৰ।
মোত পৰে অণু মাত্ৰ নজানন্ত আৰ॥৩৯৮॥
মই ভকতত পৰে নজানোহো আন।
কৰো ৰাত্ৰি দিনে মাত্ৰ তাসম্বাক ধ্যান॥
কহিলো তোমাত ইটো তত্ত্ব নিৰন্তৰ।
এহি মানে থৈলো বাক্য বৈকুণ্ঠনাথৰ॥৩৯৯॥
কহো তাতপৰ্য্য উপসংহৰি প্ৰত্যেক।
সাধু সমস্তৰ অনুগ্ৰহ ব্যতিৰেক।
ভগৱন্ত ঈশ্বৰক জানন দুৰ্লভ।
অন্য কোন সাধনত নাহিকে সুলভ॥৪০০॥
এহি মানে মাত্ৰ পৰমাৰ্থ সমুদায়।
ভাগৱত গ্ৰন্থৰ কহিলো অভিপ্ৰায়॥
বুলিবা দেৱক ভজি পাইবা মাধৱক।
কিসক কৰিবে লাগে সেৱা মনুষ্যক॥৪০১॥
নুবুলিবা কদাচিতো ইটো বচনক।
শুনা যেন কৃষ্ণে বুলিলন্ত অক্ৰূৰক॥
তুমি সব মহা ভাগৱত শ্ৰেষ্ঠতম।
সমস্তে লোকৰ তোৰ৷ পূজনী উত্তম॥৪০২॥
মোৰ ভকতিক মাত্ৰ চাহে যিটো নৰ।
নাহিকে ভজনী তাৰ তোমসাত পৰ॥
আপোনাৰ কাৰ্য্য মাত্ৰ সাধে দেৱগণে।
পৰকেসে অনুগ্ৰহ কৰন্ত সজ্জনে॥৪০৩
এতেকেসে পৰমাৰ্থে মহন্তেসে দেৱ।
তাসম্বাক মাত্ৰ কৰিবাক লাগে সেৱ॥
যদ্যাপি দেৱক সেৱা কৰি অতিশয়।
কদাচিতো নৰে হৰি ভকতি পাৱয়॥৪০8
তাতো বহু কালে সিদ্ধি কৰে কি নকৰে।
সদ্যে সাধু সেৱাত সাক্ষাতে ফল ধৰে।
তাতেসে সৎসঙ্গ শ্ৰেষ্ঠ দেৱতাত কৰি।
শুনা কহো মুচুকুন্দ বচন উদ্ধাৰি॥৪০৫॥
কৃষ্ণক কৰন্ত স্তুতি মুচুকুন্দ ৰায়।
শুনিয়োক প্ৰভু হৰি মোৰ অভিপ্ৰায়॥
সংসাৰত ভ্ৰমি মৰে যত জীৱ ৰাশি।
তযু অনুগ্ৰহে যাৰ যিকালত আসি॥৪০৬॥
ভৱ-বন্ধ অপবৰ্গ সীমা ভৈল যেৱে।
বৈষ্ণৱ জনৰ সিটো সঙ্গ পাৱে তেৱে।
জগত ঈশ্বৰ তুমি মহন্তৰ গতি।
তযু পদে সদ্যে তাৰ হোৱয় ভকাতি॥৪০৭॥
তৱে তৰে সিটো সুখে ঘোৰ সংসাৰক।
থৈলো এহিমানে মুচুকুন্দৰ বাক্যক
সাধুসঙ্গ বিনে সদ্যে নোপজে ভকতি।
এহি মানে তাতপৰ্য্য দেখাইলো সম্প্ৰতি॥৪০৮॥
পুনঃ সাধু সঙ্গে সদ্যে ফল যেন মত।
দেখাওঁ স্পষ্ট কৰি ভগৱন্তৰ বাক্যত॥
সিও তীৰ্থ হয় জলময় তীৰ্থ যত।
শিলাৰ প্ৰতিমা সিও দেৱ স্বৰূপত॥৪০৯॥
কিন্তু দেৱে তীৰ্থে চিৰকালে কৰে শুদ্ধি
দেখিলাত মহন্তে নিৰ্ম্মল কৰে বুদ্ধি॥
ক্ষীণ পাপ পুৰুষৰ ভকতি সুলভ।
কিন্তু মহন্তৰ সেৱা দেৱৰো দুৰ্লভ॥৪১০॥
দেৱে সাধু সঙ্গে সম হৈবে কদাচিত।
নানিবা মনত ইটো শঙ্কা বিপৰীত।
দেৱে নপাৱন্ত দুঃখে সন্তৰ সঙ্গতি।
মুনিগণ আগে কৃষ্ণ দেৱ নিগদতি॥৪১১॥
কিনো আমসাৰ আজি ভৈল সুপ্ৰভাত।
লভিলো জন্মৰ সবে ফলক সাক্ষাত।
যাক দেখিবাক নপাৱন্ত দেৱগণ।
হেন তোমসাক 'আমি ভৈলো দৰশন॥৪১২॥
আমি অল্প পুণ্য মতি একোয়ে নজানো।
তীৰ্থ স্নান আদিক তপস্যা কৰি মানো।
প্ৰতিমাতে কেৱল দেৱতা বুদ্ধি কৰে৷।
অল্প দান দক্ষিণাকে ধৰ্ম্ম বুলি ধৰে৷॥৪১৩॥
তথাপিতো দৰশন ভৈলো তোমসাক।
নম্ৰভাবে পাইলোহো চৰণ অচিবাক॥
আশ্চৰ্য্য আমাৰ মহাভাগ্য বিপৰীত।
অঘটনো ঘটে আসি কিনো আচৰিত॥৪১৪॥
পায়৷ পদৰেণু অতি ভৈলোহো নিৰ্ম্মল।
আজিসে ধৰিল নৰ শৰীৰৰ ফল॥
বুলিবাহা ভক্তি প্ৰতিবন্ধ পাপ যত।
অগ্নি আদি দেৱতায়ে হৰন্ত সমস্ত॥৪১৫॥
এহিসি প্ৰসিদ্ধ কথা সমস্তে শাস্ত্ৰৰ।
শুনিয়ো ইহাৰ যেন যুগুতি উত্তৰ।
অগ্নি, চন্দ্ৰ, সূৰ্য্য, বায়ু, পৃথিবী আকাশ।
ইত্যাদি দেৱতা পাপ নকৰন্ত নাশ॥৪১৬॥
আত্ম পৰ ভেদ বুদ্ধি কৰন্ত সবাক।
নপাৰন্ত এহি হেতু পাপ হৰিবাক॥
ঈশ্বৰ সেৱক সব মহন্ত উত্তম।
নিৰন্তৰে প্ৰাণীক দেখন্ত আত্মসম॥৪১৭॥
অণুমাত্ৰ ভেদ বুদ্ধি নাহিকে মনত।
মুহূৰ্ত্ত মাত্ৰকে তাৰা কৰে পাপ হত।
এতেকে ভকত শ্ৰেষ্ঠ দেৱতাতো কৰি।
নাহি সংসাৰত বিষ্ণু-ভকতক সৰি॥৪১৮॥
হেন মহাজনক এড়িয়া মূঢ় নৰে।
শৱ তুল্য শৰীৰক আত্ম বুদ্ধি কৰে॥
বোলে মোৰ পুত্ৰ ভাৰ্য্যা অপৰ সবক।
মানয় দেৱতা বুলি প্ৰতিমা সবক॥৪১৯॥
জলত কৰয় তীৰ্থ বুদ্ধি নিৰন্তৰে।
ইটো চাৰি বুদ্ধি মহাজনত নকৰে॥
জানিবা গৰ্দ্দভ সিটো গৰুতো অধম।
মহা নন্দ মতি আৰ নাহি তাক সম॥৪২০॥
শুনা সৰ্ব্বজন ইটো কৃষ্ণৰ বচন।
কৰিয়োক জানি সাধু সঙ্গক যতন॥
ভাগৱত শাস্ত্ৰে এহি মানে মাত্ৰ সাৰ।
বোলা ৰাম ৰাম সুখে তৰিবা সংসাৰ॥৪২১॥
ছবি
দেৱে তীৰ্থে চিৰকালে, কদাচিতো শুদ্ধি কৰে,
সাধু সবে সদ্যে পাপ হৰে।
হেন সাধুসঙ্গ এৰে, মোক্ষ চাহে যিটো নৰে,
নাহি মুঢ়মতি তাত পৰে॥
হেনবা বুলিবা বাক, পাপ নষ্ট কৰিবাক,
আছে কোন সমৰ্থ সন্তৰ।
শুনা মন সাবধানে, গঙ্গাদেৱী বিদ্যমানে,
যেন ভগীৰথৰ উত্তৰ॥৪২২॥
গঙ্গাদেৱী বুলিলন্ত, শুনা বাপু ভগীৰথ,
হৰিবো সবাৰো পাপচয়।
মই কেনমতে শুদ্ধি, হৈবো নজানোহো বুদ্ধি,
কি কৰিবো কহিয়ো নিৰ্ণয়॥
শুনি ভগীৰথে পাছে, বুলিলা গঙ্গাৰ আগে,
শুনা মাৱ বচন আমাৰ।
নকৰিবা তুমি ডৰ, তযু পাপ নিৰন্তৰ,
সাধু সবে কৰিবে সংহাৰ॥৪২৩॥
নজানে ব্ৰহ্মত পৰে, সিটো সাধু সন্ত নৰে,
জগতকে পৱিত্ৰ কৰন্ত।
তাসম্বাৰ সঙ্গী যিটো, তাৰো শুদ্ধ হৃদয়ত,
প্ৰকটে আছন্ত ভগৱন্ত॥
এহি হেতু মহন্তক, নোছোৱে কিঞ্চিতো পাপে,
যেহেন সূৰ্য্যক অন্ধকাৰ।
তাৰা সবে অঙ্গে সঙ্গে, পৰশিলে পাপ মানে,
সমূলঞ্চে হৈবে বুন্দামাৰ॥৪২৪
দেৱ সবে মনুষ্যৰ, সুখ দুঃখ দুইৰো হেতু,
সুখ হেতু মাত্ৰ সাধুজন।
এতেকেসে সাধুসঙ্গ, পৰম দুৰ্ল্লভ অতি,
শুনা বসুদেৱৰ বচন॥
দেৱঋষি নাৰদক, বুলিলন্ত বসুদেৱে,
শুনা মুনিৰাজ মহাশয়।
দেৱৰ চৰিত্ৰ যত, ইটো প্ৰাণী সমস্তত,
সুখ দুঃখ দুয়ো মিলাৱয়॥৪২৫॥
অচ্যুতেসে আত্মা যাৰ, হেন তুমি সব মহা-,
জনৰ চৰিত্ৰ নিৰন্তৰ।
গুচাৱে সংসাৰ দুঃখ, মিলাৱে মুকুতি সুখ,
চৰাচৰ যত জগতৰ॥
ভজে যিটো যেন মতে, দেৱসবো সেহিমতে,
মনুষ্যক কৰে ফল দান।
শুনিয়ো দৃষ্টান্ত যেন, যিবা বস্তু যত মান,
ছায়া তাৰ হয় সেহি মান॥৪২৬॥
তুমি সব মহাজনে, কেবল পৰৰ দুঃখ,
হৰা মাত্ৰ নচাই উপকাৰ।
হেন মহা মহন্তক, দৰশন ভৈলো আজি,
কিনো ভাগ্য মিলিল আমাৰ॥
বসুদেৱ বাক্য থওঁ, জনক বচন কওঁ,
সাধুসব শ্ৰেষ্ঠ যেনমত।
যদ্যাপি ক্ষণিক কাল, জীৱন মনুষ্য দেহ,
তথাপিতো দুৰ্ল্লভ সবাত॥৪২৭॥
মহা পুৰুষাৰ্থ হেতু, তাহাতো দুৰ্ল্লভ মানো,
বৈকুণ্ঠৰ প্ৰিয় দৰশন।
হেন সাধু উপাসিয়া, ভকতি নসাধে যিটো,
পৰম দুৰ্ম্মতি সিটো জন॥
শুনা উদ্ধৱত যেন, কহিলন্ত ভগৱন্তে,
সাধু সঙ্গ যিমত উত্তম।
সৰ্ব্ব সাধনত শ্ৰেষ্ঠ, সন্তৰ উপাসা আত,
নাহি অধিকাৰীৰ নিয়ম॥৪২৮॥
দুলড়ি
সংগোপে বোলন্ত, শুনিয়ো উদ্ধৱ,
তোমাত কহো ৰহস্য।
সাধু সঙ্গ বিনে, আন একো বৰ্ম্মে,
নকবে আমাক বশ্য॥
তপ জপ যজ্ঞ, ব্ৰত একাদশী,
অহিংসা ধৰ্ম্ম সন্ন্যাস।
কূপাদি নিৰ্ম্মাণ, দান মহাজ্ঞান,
কৰয় যোগ অভ্যাস॥৪২৯॥
গঙ্গা আদি কৰি, যত তীৰ্থ স্নান,
সংযম আৰ নিয়ম।
বেদ পাঠ আদি, আনো যত যত,
আছয় ধৰ্ম্ম উত্তম॥
ইসৱ ধৰ্ম্মক, মহা শুদ্ধভাৱে,
আচৰয় যিটে৷ নৰে।
তথাপি আমাক, নপাৱে যিমতে
সাধুসঙ্গে বশ্য কৰে॥৪৩০॥
সন্তৰ সঙ্গত, থাকি মহা সুখে,
পাইল মোক যত লোক।
তাসম্বাৰ লেখা, দেওঁ প্ৰতি প্ৰতি,
তাক সখি শুনিয়োক॥
বৃষপৰ্ব্বা বৃত, বলি, বাণ, ময়
বিভীষণ, হনুমন্ত।
জটায়ু, সুগ্ৰীৱ, তুলাধাৰ, ধৰ্ম্ম,
ব্যাধ বৃদ্ধ জাম্বৱন্ত॥৪৩১॥
দ্বিজ ভাৰ্য্যা গণ, কুঁজী কংস-দাসী,
যত গোপী গোকুলৰ।
তাসম্বাৰ আৰ, একোয়ে সাধন,
নাহিকে আন জন্মৰ॥
এহি জন্মে মাত্ৰ, সাধু সঙ্গ পায়া,
কৰিয়া ৰতি আমাত।
এতেকে পৰম সুখে মোৰ লোক,
পাইলেক গৈয়া সাক্ষাত॥৪৩২॥
মোৰ সঙ্গ হন্তে মহন্তৰ সঙ্গ,
নুহিকে কিছু অন্তৰ।
এতেকে দুঃসঙ্গ, এৰি সাধু সঙ্গ,
লৌক বুদ্ধিমন্ত নৰ॥
ভক্তি প্ৰতিবন্ধ দুৰ্ব্বাসনা আদি,
যত দোষ দুঃসঙ্গৰ।
ভক্তিৰ মহিমা, কহি সাধু সবে,
ছেদিৱন্ত নিৰন্তৰ॥৪৩৩॥
হেন সাধুসঙ্গ, এড়িয়া অসাধু-,
সহিতে যিসব নৰে।
শিশ্ন উদৰৰ, অৰ্থে অতিশয়,
বিষয়ত ৰতি কৰে॥
মুক্ত হেন যদি, ভৈল তথাপিতো
ভ্ৰষ্ট হৈয়া পূৰ্ব্বৱত।
নিকাৰ ভুঞ্জিয়া, ফুৰিবেক পুনু,
তমোময় সংসাৰত॥৪৩৪৷
সত্য শৌচ দয়া, মৌন বুদ্ধি লজ্জা
শ্ৰী যশ ক্ষমা মত।
সম দম মহা, ভাগ্য ইটো সবে,
নষ্ট হৱে দুঃসঙ্গত॥
শুনিয়োক এবে, অসাধু সবৰ,
লক্ষণ কৰো বিদিত।
মহা অহমিকা, নুগুছে মনত,
সদা ক্ৰোধপৰ চিত্ত॥৪৩৫॥
সিটো মূঢ়সব, স্ত্ৰী সমস্তৰ,
ক্ৰীড়াৰ যেন বানৰ॥
নজানে আত্মাক, পাপতেসে মাত্ৰ,
কৰয় ৰতি পামৰ॥
দেহ অহঙ্কাৰে, মহন্ত জনক,
কৰয় নিন্দা অধিক।
ইটো দুৰ্জ্জনৰ, নলৈবেক সঙ্গ,
ভকতি যিটো ৰসিক॥৪৩৬॥
অসন্ত সবক, নিন্দিয়া সন্তৰ
মহিমা কৰো বিদিত।
উপদেশ দিবে, নলাগে সন্তৰ,
চাপোক মাত্ৰ সন্নিত॥
এতেকে সংসাৰ, তৰিবেক সুখে,
শুনিয়ো দৃষ্টান্ত আৰ।
অগ্নিৰ আশ্ৰয়, পাইলে যেন গুচে,
ভয় শীত অন্ধকাৰ॥৪৩৭॥
সন্তৰ আশ্ৰয়, পাইলে সেহিমতে,
ত্ৰিতয় কাৰ্য্য সাধয়।
গুছে কৰ্ম্ম-জড়, অজ্ঞান আন্ধাৰ,
আৱৰ সংসাৰ ভয়।
কিৰা বহুতৰ, কহিবো সন্তৰ,
মহিমাৰ নাহি পাৰ।
যেন সমুদ্ৰত, মজে লোক যত,
নৌকাসে আশ্ৰয় তাৰ॥৪৩৮॥
সেহিমতে ঘোৰ সংসাৰ সাগৰে,
মজে যত প্ৰাণী চয়।
তাৰ আন গতি, নাহিকে কেৱল,
সন্তেসে মাত্ৰ আশ্ৰয়॥
আনো নানা বিধ, দৃষ্টান্ত দেখায়া,
ইহাকে কৰো বিদিত।
যেন অন্নে মাত্ৰ, প্ৰাণীৰ জীৱন,
ধৰ্ম্মে পৰলোক বিত॥৪৩৯॥
মই যেন মাত্ৰ, দুখীৰ শৰণ,
নাহি মোত পৰে আৰ।
সেহিমতে ইটো, সংসাৰ তাপত,
হন্তে ভয় ভৈল যাৰ॥
সন্তেসে তাহাৰ, কেৱলে শৰণ,
কহিলোহো নিষ্ঠ কৰি।
সাঙ্গপাঙ্গে ইটো, প্ৰকৰণ অৰ্থ,
শুনিয়ো উপসংহৰি॥৪৪০॥
সাক্ষাতে আদিত্য, উদয় ভৈলেয়ো,
বাহিৰ মাত্ৰ প্ৰসন্ন।
ঘট পট জ্ঞান, ওপজে কেৱলে,
নুহিকে প্ৰকাশ মন॥
সন্ত সূৰ্য্য যাৰ, ভৈলন্ত প্ৰকাশ,
কি কৈবো ভাগ্য তাহাৰ।
সগুণ নিৰ্গুণ, ভকতি প্ৰকাশে
প্ৰকাশে চক্ষু অপাৰ॥৪৪১॥
এতেকে সন্তেসে, দেৱতা বান্ধৱ,
আত্মাময় মহেশ্বৰ।
মহন্তে সহিতে, অণুমাত্ৰ মোৰ,
নাহিকে জানা অন্তৰ॥
হেন জানি নৰে, মহন্তৰ সঙ্গে,
কৰোক মোত ভকতি।
সাধু সঙ্গ বিৰ -চন কথামৃত,
এহিমানে সমাপতি॥৪৪২॥
শুনা সভাসদ কৃষ্ণৰ মুখৰ,
বচন বেদৰ সাৰ।
পূৰ্ব্বাপৰ ইটো, কথা হুই নূই,
দেখিয়ো কৰি বিচাৰ॥
ভাগৱত ক্ষীৰ -সাগৰ মথিয়া,
বিষ্ণুপুৰী মহামতি।
ভক্তি-ৰত্নাৱলী, অমৃত প্ৰচাৰ,
কৰিলা লোকক প্ৰতি॥৪৪৩॥
ইহাৰ অৰ্থত, মহাজন যত,
তেসম্বো হন্ত বিস্ময়।
আমি অতি মহা মূৰ্খতো অধম,
আমাক কোনে গণয়॥
তথাপিতো হৃদী -শ্বৰ নাৰায়ণে,
দিলা যেন মোক মতি।
সেহি অনুৰূপে, ভক্তি-ৰত্নাৱলী
ৰচিলো পদ সম্প্ৰতি॥৪৪৪॥
তুমি সবে আত, নিন্দা নকৰিবা,
মোক মূৰ্খ হেন জানি।
কোননো মহন্ত, পণ্ডিতে মূৰ্খক,
বুলি আছে নিন্দাবাণী॥
যদি নিন্দা বাণী, বোলো তথাপিতো,
মোৰ হানি নাহি কাজ।
কিন্তু পৰমাৰ্থে, মূৰ্খক নিন্দিয়া,
পণ্ডিতেসে পাৱে লাজ॥৪৪৫॥
যি হোক সি হোক, ই কথা থাকোক,
আপোনাৰ চিন্তা হিত।
অলস ত্যজিয়া, ভজিয়ো হৰিক,
তৰিবা যেবে কলিত॥
হৰি গুণ নাম, শ্ৰৱণ কীৰ্ত্তন,
বিনে ধৰ্ম্ম নাহি আন।
ত্যজি আন কাম, বোলা ৰাম ৰাম,
পাইবা বৈকুণ্ঠত স্থান॥৪৪৬॥
⸻০⸻
পদ
কহিবাক প্ৰতি ভকতিৰ বিশেষণ।
পুনৰপি মই আৰম্ভিলো বিৰচন॥
বহুবিধ মাধৱৰ ভকতি আছয়।
তাহাতে প্ৰধান নৱ বিধ অতিশয়॥৪৪৭॥
প্ৰথমতে তাক মই দেখাইবাক প্ৰতি।
কহো প্ৰহ্লাদৰ যেন বচন সম্প্ৰতি॥
শ্ৰৱণ, কীৰ্ত্তন, পদ-সেৱন, স্মৰণ।
অৰ্চ্চন, বন্দন, দাস্য, দেহ-নিবেদন॥৪৪৮॥
সখিত্ব সহিতে নৱ বিধ এহি মান।
ইহাৰ লক্ষণ শুনা যাৰ যেন ঠান॥
অন্যে বা আপুনে গুণ নাম উক্ত কৰে।
তাহাকে শ্ৰৱণ বুলি কৰ্ণে যাক ধৰে॥৪৪৯॥
নিজ মুখে উচ্চাৰিলে বোলয় কীৰ্ত্তন।
মনে নাম ৰূপ সুমৰণক স্মৰণ॥
প্ৰতিমা আদিত পৰিচৰ্য্যা সাধাৰণ।
কৰে যিটো বুলি তাক পদ-নিসেবন॥৪৫০॥
বুলিয় অৰ্চ্চন জল আদিত পূজয়।
তাকে বুলি দাস্য যত কৰ্ম্ম সমৰ্পয়।
বুলিয় সখিত্ব তান্তে বিশ্বাসাদি কৰে।
কৃষ্ণত শৰীৰ সমৰ্পয় যিটো নৰে॥৪৫১৷
সিজনৰ লক্ষণ শুনিয়ো যেনমত।
যেন গবাদিক যিটো বিকিলে পৰত॥
পালন পোষণ চিন্তা নকৰে সিজনে।
সেহিমতে দেহ অৰ্পি কৃষ্ণৰ চৰণে॥৪৫২।
শৰীৰৰ অৰ্থে চিন্তা এড়য় সমস্ত।
ভকতিৰ এহি নৱ লক্ষণ প্ৰশস্ত॥
সমস্তকে প্ৰথমতে কৃষ্ণত অৰ্পিব।
পাছে সাৱধান মতে ভকতি কৰিব॥৪৫৩॥
ইহাকে বুলিয় মহা উত্তম ভকতি।
দেখাওঁ শিষ্টাচাৰ শুক বচনে সম্প্ৰতি॥
শুক নিগদতি পৰীক্ষিত মহাৰায়।
শুনা অম্বৰীষে যেন কৰিলে সদায়॥৪৫৪॥
কৃষ্ণ-পাদ-পদ্ম মাত্ৰ স্মৰিলন্ত মনে।
হৰি-গুণ-নাম মাত্ৰ বৰ্ণাইলা বচনে।
হস্ত দুই সদা হৰি কৰ্ম্ম কৰিলন্ত।
অচ্যুতৰ সন্ত কথা শ্ৰৱণে শুনন্ত॥৪৫৫॥
মুকুন্দৰ স্থান দেখি আছিল নয়ন।
কৰে সদা শৰীৰে ভক্তক আলিঙ্গন॥
হৰিপদ পঙ্কজ নিৰ্ম্মাল্য তুলসীৰ
সদায়ে সৌৰভী ঘ্ৰাণ লৈলা মহাবীৰ॥৪৫৬॥
কৃষ্ণত অৰ্পিত অন্ন আদি কৰি যত।
তাহাৰ স্বাদক লৈলা জিহ্বায়ে সতত॥
কৰিলা চৰণে হৰি ক্ষেত্ৰক গমন।
শিৰে হৰি চৰণক কৰিলা বন্দন॥৪৫৭॥
ঈশ্বৰ প্ৰসাদ বুদ্ধি কৰি মহা যশী।
চন্দনাদি কৰি ভোগ কৰিলা হৰিষি॥
ভাল ইন্দ্ৰিয়ৰ ভোগ কৰোহো সম্প্ৰতি।
কদাচিতো ইটো তাঁন নাছিল কুমতি॥৪৫৮॥
সমস্তে ভকতি ইটো আচৰি কৃষ্ণৰ।
প্ৰাৰ্থিলা ইহাৰ ফল সঙ্গ ভকতৰ॥
সদায় পৰম তাঁন ভাব ভকতত।
আছিলেক মাত্ৰ আক কৰিলো বেকত॥৪৫৯॥
শুক বাক্যে দেখাইলোহো পূৰ্ব্ব সদাচাৰ।
শুনা ভকতিৰ এবে যেন ব্যৱহাৰ॥
মন্দিৰ মাৰ্জ্জন আদি ভকতি যতেক।
প্ৰসঙ্গ সঙ্গত থাকি কহিলো প্ৰত্যেক॥৪৬০৷
শ্ৰৱণ কীৰ্ত্তন আদি প্ৰধান ভকতি
তাকেসে কৰিবো মাত্ৰ বিবক্ষা সম্প্ৰতি॥
শ্ৰৱণ কীৰ্ত্তন ধ্যান অৰ্চ্চন আদৰ।
ইসব ভক্তিৰ ফল শুনা নিৰন্তৰ॥৪৬১॥
হৃদিগত হুয়া আসি প্ৰভু ভগৱন্ত।
অনাদি জন্মৰ দুৰ্ব্বাসনা সংহৰন্ত॥
শ্ৰৱণ কীৰ্ত্তন আদি ভক্তি যত যত।
একেকে সমস্তে পাপ হৰিবে শকত॥৪৬২॥
যেন ফল পাৱে সবে পাপ হৈলে নষ্ট।
কুন্তীৰ বচনে সাঙ্গোপাঙ্গে কৰো স্পষ্ট॥
কৃষ্ণক কৰন্ত কুন্তী স্তুতি অতিশয়।
বোলন্ত শুনিয়ো মোৰ মত কৃপাময়॥৪৬৩॥
তযু নাম শুনে বা ভণে বা মনে স্মৰে।
অন্যে বা গাৱন্তে যিটো অভিনন্দা কৰে॥
সেহিসে এড়াইবে ঘোৰ মৃত্যুৰ সঙ্কট।
পাৱে অল্পকালে তযু চৰণ নিকট॥৪৬৪॥
কুন্তীৰ বচনে দেখাইলোহো ইটো ফল।
শ্ৰৱণাদি-পৰ ভৈল যাহাৰা সকল॥
নুহিকে সংসাৰ তাৰ দুঃখৰ কাৰণ।
শুনিয়োক কহো হেতু বৃত্ৰৰ বচন॥৪৬৫॥
কৃষ্ণক প্ৰাৰ্থন্ত বৃত্ৰে কৰিয়া বেকত।
শুনিয়োক প্ৰভু যেন মোৰ অভিমত॥
তযু পাদপদ্মত যাহাৰ ভৈল বাস।
জন্মে জন্মে তাহাৰ দাসৰো হৈবো দাস॥৪৬৬॥
তুমি প্ৰাণ নাথৰেসে গুণ সৰ্ব্বক্ষণে।
কৰোক কীৰ্ত্তন বাক্যে সুমৰোক মনে॥
শৰীৰে তোমাৰ কৰ্ম্ম কৰোক সদায়।
আতপৰে মোৰ আৰ একো ইচ্ছা নাই॥৪৬৭॥
বৃত্ৰৰ প্ৰাৰ্থনে আক জানিবা নিশ্চয়।
সংসাৰৰ দুঃখে ভকতক নলঙ্ঘয়॥
বুলিবাহা কিনো অতি মিলিল অসুখ।
বৃত্ৰৰ সাক্ষাতে দেখো সংসাৰিক দুঃখ॥৪৬৮॥
কাটিলন্ত শিৰ তাৰ ইন্দ্ৰে বজ্ৰ হানি।
নাহি ভকতৰ দুঃখ বৃথা বোলা বাণী॥
নকৰিবা মনে ইটো সংশয় সৰ্ব্বথা।
আৰূঢ় ভক্তৰ দুঃখ নাহি কোন কথা॥৪৬৯॥
কেৱলে কৃষ্ণৰ পাৱে পশিয়া শৰণ।
তানে গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন॥
এতেকতে ইহ পৰ লোক দুঃখ যত।
নথাকয় শেষ নিৰন্তৰে হোৱে হত॥৪৭০॥
কৃষ্ণ পাদপদ্মৰ পৰাগ সেৱা ৰতি।
মহা ভাগ্য যাৰ মনে মিলিল সম্প্ৰতি॥
তাসম্বাৰ দুঃখ নষ্ট হৈব সমুদায়।
কি কহিবো ইটো কথা কহন নযায়॥৪৭১॥
কদাচিতো মনে নেদেখিবা বিপৰীত।
কহো আৰ হেতু শুনা স্থিৰ কৰি চিত॥
উত্তম শ্লোকৰ কথামৃত পান কৰে।
কৃষ্ণ-পাদ-পঙ্কজক মনত সুমৰে॥৪৭২॥
নোপজয় ভয় তাৰ মৰণ কালত।
স্বস্থ সময়ৰ আৰ কি কৈবো মহত্ত্ব॥
দেখাইলোহো ভকতৰ নাহি একো দুঃখ।
সিসি জানে কৰে যিটো ভকতিৰ সুখ॥৪৭৩॥
শুনিয়োক কহো এবে কৰিয়া যুগুতি।
জীৱন মুকুতি আৰ পৰম মুকুতি॥
এই দুই ফল মহা ভক্তিৰ প্ৰধান।
অন্য ফলান্তৰ যেন কহো বিদ্যমান॥৪৭৪॥
কৃষ্ণৰ শ্ৰীমন্ত কথামৃত যিটো জন।
কৰে ঘৰে বসি সুখে শ্ৰৱণ কীৰ্ত্তন॥
অনুবৃত্তি চিন্তি যিটো ভকতি বঢ়াৱে।
দুৰ্ল্লভ বৈকুণ্ঠ সিটো সুখে গৈয়া পাৱে॥৪৭৫॥
যদ্যপি বাক্যত বৈকুণ্ঠকো লোক বুলি।
তথাপি দুৰ্জ্জয় কালে নেদেখে সমুলি॥
এহি মানে পৰম দুৰ্ল্লভ্য পুৰুষাৰ্থ।
নৃপতিত শুকে কহিলন্ত পৰমাৰ্থ॥৪৭৬॥
যাৰ অৰ্থে অতি ক্ষিতি ভুজ নিৰন্তৰে।
গ্ৰাম এড়ি বনত দুষ্কৰ তপ কৰে॥
তাক ঘৰে বসি পাৱে ভকত সকল।
দেখাইলোহো কথা শুনিবাৰ যেন ফল॥৪৭৭॥
কিন্তু কথা শ্ৰৱণৰ মহিমা আছোক।
কেৱলে প্ৰশংসা মাত্ৰ কৰে যিটো লোক॥
কথা শুনিবাৰ ফল পাৱে সিটো জনে।
ইহাৰ প্ৰমাণ লৈয়ো শুকৰ বচনে॥৪৭৮॥
সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু নিৰন্তৰ।
অনন্ত বিচিত্ৰ কৰ্ম্ম কৰে দামোদৰ॥
যিটো শুনে গাৱে আৰু প্ৰশংসে সম্প্ৰতি।
হোৱে তাৰ ভগৱন্ত কৃষ্ণত ভকতি॥৪৭৯॥
এহি হেতু যত সংসাৰৰ দুঃখচয়।
নপাৱে ভক্তক সাধু কৰিলো নিৰ্ণয়॥
শ্ৰৱণাদি পৰম ভকতি ভৈল যাৰ।
নৰকাদি যাতনায়ো দুঃখ নোহে তাৰ॥৪৮০॥
যিহেতু প্ৰাৰ্থনা অতি কৰে জ্ঞানীগণ।
জ্ঞানাদিতো কৰি শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্ত্তন॥
সনকাদি বাক্যে লৈয়ো ইহাৰ প্ৰমাণ।
বৈকুণ্ঠত কৃষ্ণক প্ৰাৰ্থন্ত বিদ্যমান॥৪৮১॥
কৃতাঞ্জলি হৈয়া সবে বচন বোলন্ত।
শুনিয়োক পৰম ঈশ্বৰ ভগৱন্ত॥
আজি সীমা কৰি পূৰ্ব্ব বয়স যতেক।
নভৈল আমাৰ তাত কিঞ্চিত পাতক॥৪৮২॥
আজি আসি সমস্ত পাতক ভৈল জাত।
যিহেতু শাপিলো তযু ভক্তক সাক্ষাত॥
এতেকে জানিলো নিজ পাপে স্বৰূপত।
হৈবেক আমাৰ জন্ম সবে নৰকত॥৪৮৩॥।
হোক শূকৰাদি জন্ম বাঞ্ছো আমি তাক।
কিন্তু যদি হেন কৃপা কৰাহা আমাক॥
জগত দুৰ্লভ ইটো তোমাৰ চৰণ।
নগনি বিঘিনি চিত্তে স্মৰে সৰ্ব্বক্ষণ॥৪৮৪॥
যদি বাক্যে কৰে তবু চৰিত্ৰ কীৰ্ত্তন।
কৰ্ণ ভৰি থাকয় তোমাৰ গুণগণ॥
কৰা যেবে এহি অনুগ্ৰহ কৃপাময়।
নাহিকে আমাৰ তবে নৰককো ভয়॥৪৮৫॥
থওঁ এহি মানে সনকাদিৰ বচন।
জ্ঞানীও প্ৰাৰ্থিলা অতি শ্ৰৱণ কীৰ্ত্তন॥
জানিবা ভকতি শ্ৰেষ্ঠ নাহি আতপৰ।
কহো আৰ শুনা যেন বচন নন্দৰ॥৪৮৬॥
মিলিল নন্দৰ মহা মনত উৎসৱ।
বোলন্ত শুনিয়ো মোৰ বচন উদ্ধৱ॥
আমাৰ মনৰ যত বৃত্তি নিৰন্তৰ।
থাকোক সুমৰি পদ-পঙ্কজ কৃষ্ণৰ॥৪৮৭॥
বচনে ৰহোক গুণ নামক সুমৰি।
ৰহোক শৰীৰ তাঁনে মাত্ৰ কৰ্ম্ম কৰি॥
এহি মানে মাত্ৰ মোৰ প্ৰাৰ্থনি মনত।
জনাইবা উদ্ধৱ বাপ কৃষ্ণ চৰণত॥৪৮৮॥
নন্দৰ বচন এবে থৈলোহো সংহৰি।
বুলিবাহা শ্ৰৱণ কীৰ্ত্তনে দেৱহৰি॥।
হৃদিগত হুয়া হৰন্তক পাপ চয়।
ইহাত আমাৰ কিছু আছয় সংশয়॥৪৮৯॥
শ্ৰৱণ কীৰ্ত্তনে পাপ মাত্ৰক সংহৰে।
ব্ৰতাদিও দানেও চিত্তক শুদ্ধি কৰে॥
শ্ৰৱণ কীৰ্ত্তন ভৈল কিমতে বিশেষ।
শুনিয়ো ইহাৰ দেওঁ উত্তৰ নিঃশেষ॥৪৯০॥
কৃষ্ণৰ নিৰ্ম্মল মহা উদাৰ চৰিত্ৰ।
শ্ৰৱণ কীৰ্ত্তন যিটো কৰে প্ৰতি নিত॥
সিটো শুদ্ধ ভাৱে ভকতিৰ অতিশয়।
পুৰুষৰ মন যেন পৱিত্ৰ কৰয়॥৪৯১॥
ব্ৰত দানে তীৰ্থে শুদ্ধি নকৰে সিমতে।
এতেকে ভকতি শ্ৰেষ্ঠ ভৈল স্বভাৱতে॥
কৰে হৰি গুণ নামে পৰম নিৰ্ম্মল।
এৰে মন শুদ্ধিৰ শুনিয়ো যেন ফল॥৪৯২॥
কহন্ত আপুনি ভগৱন্তে উদ্ধৱত।
মোহোৰ কথাৰ সখি শুনিয়ো মহত্ত্ব॥
শ্ৰদ্ধা ৰূপে কৰি অতি শ্ৰৱণ কীৰ্ত্তন।
যেই যেন মতে কৰে চিত্তক শোধন॥৪৯৩॥
সেই সেহি ৰূপে মোৰ স্বৰূপ হিয়াত।
দেখে শুনা কহো আৰ দৃষ্টান্ত সাক্ষাত॥
বেড়িছে পটালে যাৰ চক্ষু অতিশয়।
সিজনে প্ৰথমে একো বস্তু নেদেখয়॥৪৯৪॥।
দিব্য অঞ্জনে মল গুছাইলেক যেৱে।
সূক্ষ্মৰেণু পৰ্য্যন্তকো দেখে সিটো তেৱে॥
এহি মানে থৈলো বাক্য কৃষ্ণ দেৱতাৰ।
ঈশ্বৰৰ বচনে দেখাইলো বেদ সাৰ॥৪৯৫॥
বুলিবাহা এতেকে ফলৰ নাহি নষ্ট।
এবে ভকতিৰ ফল সদ্যে কৰো স্পষ্ট॥
পৰম শ্ৰদ্ধায়ে নিতে হৰিগুণ যত।
শ্ৰৱণ কীৰ্ত্তন সুখে কৰয় সতত॥৪৯৬॥
অতি অল্প কালে আসি প্ৰভু ভগৱন্ত।
হিয়াত সাক্ষাতে তাৰ প্ৰকাশ হোৱন্ত॥
এহি হেতু আছে আন উপায় যতেক।
তাত কৰি শ্ৰেষ্ঠ আক দেখিবা প্ৰত্যেক॥৪৯৭॥
কহো এবে হৰি প্ৰকাশৰ যেন ফল।
শ্ৰৱণ কীৰ্ত্তন কৰে যাহাৰা সকল॥
তাহাৰ চিত্তত আসি প্ৰবেশি অনন্ত।
সুবাসনা নিঃশেষে দুঃখক সংহৰন্ত॥৪৯৮॥
গুচে অন্ধকাৰ যেন সূৰ্য্য উদয়ত।
দিলোহো দৃষ্টান্ত ইটো প্ৰকাশ মাত্ৰত॥
যাৰ হৃদয়ত হৰি কৰন্ত ব্যাপাৰ।
শুনিয়োক অপৰ দৃষ্টান্ত কহো তাৰ॥৪৯৯॥
পাইলেক মেঘক যেন প্ৰচণ্ড বতাসে।
উৰুৱাৱে লৱলেশো নথাকে আকাশে॥।
সেহিমতে ভকতৰ দুঃখ দামোদৰে।
হৃদয়ত প্ৰবেশি হৰন্ত নিৰন্তৰে॥৫০০॥
নিজ ভৃত্য বৰ্গৰ সুহৃদ ভগৱন্ত।
মোক্ষ আদি কৰি যত সুখ মিলাৱন্ত॥
হৰি যাৰ হৃদয়ত নভৈল প্ৰকাশ।
নাহি কদাচিতো তাৰ দুঃখৰ বিনাশ॥৫০১॥
শুক মুনি বোলন্ত শুনিয়ো নৃপবৰ।
দুঃখ এড়াই মোক্ষ সুখ চাহে যিটো নৰ॥
কায় বাক্য মনে ভগৱন্তক স্মৰোক।
শ্ৰৱণ কীৰ্ত্তন তাঁন সততে কৰোক॥৫০২॥
এতেকে পৰম সুখে পাইবেক মুকুতি।
আন মতে নাহি মোক্ষ কহিলো যুগুতি॥
কিন্তু পৰমাৰ্থ অৰ্থ শুনা কৰ্ণপাতি।
মোক্ষতো অধিক ভকতিৰ সুখ অতি॥৫০৩॥
এতেকে যতেক আছে পুৰুষাৰ্থচয়।
অনায়াসে ভকতিতে সমস্তে মিলয়॥
লৈয়োক ইহাৰ সাক্ষী ধ্ৰুৱৰ বাক্যত।
বোলন্ত উৎসুকে ধ্ৰুৱে কৃষ্ণৰ আগত॥৫০৪॥
শুনা প্ৰভু নাৰায়ণ মোৰ অভিমত।
তযু ভক্ত সকলে কহন্ত কথা যত॥
তাক অতি শ্ৰদ্ধায়ে শুনন্তে নিৰন্তৰ।
মিলে যেন সুখ দেহধাৰী সমস্তৰ॥৫০৫॥
সিটো সুখ নাহি মহা মোক্ষ অৱস্থাত।
কালৰূপ খড়গে ছেদন কৰে যাত॥
হেন স্বৰ্গ হন্তে যিটো পৰয় সৰ্ব্বথা।
নাহি তাত সিটো সুখ ইটো কোন কথা॥৫০৬॥
কৃষ্ণৰ কথাৰ যেন সুখ বিপৰীত।
ধ্ৰুবৰ বচনে তাক কৰিলো বিদিত॥
জানিয়া ইহাত লজ্জা আদি নকৰিব।
কেৱলে কথাক মাত্ৰ কহিব শুনিব॥৫০৭॥
পাঞ্জৰ কৰিয়া থৈয়ো ইহাৰ সংশয়।
কবি-সিদ্ধ বচনত লৈয়োক নিৰ্ণয়॥
কবি নিগদতি এবে শুনিয়ো নৃপতি।
কহিলো তোমাত ইটো দুষ্কৰ ভকতি॥৫০৮॥
কহো এবে সুগম ভকতি যেন মত।
কৃষ্ণ জন্ম কৰ্ম্ম যত প্ৰসিদ্ধ লোকত॥
কৰিবেক তাকে মাত্ৰ শ্ৰৱণ কীৰ্ত্তন।
নেদিবেক আন একো বিষয়ত মন॥৫০৯॥
যাৰ যেন সুখ সেহি মতে আচৰোক।
কিন্তু আত ভয় লজ্জা আদি নকৰোক॥
কহিলো তোমাত ইটো সুগম ভকতি।
অনায়াসে সমস্তে লোকৰ সাধে গতি॥৫১০॥
কবিৰ বচন এবে এহিমানে থওঁ।
অন্যথা অনিষ্ট যেন তাৰ কথা কওঁ॥
শ্ৰৱণ কীৰ্ত্তন নাহি কৃষ্ণৰ যথাত।
তথাত ৰাক্ষসী সবে মিলাৱে বিঘাত॥৫১১॥
নকৰে ভকতি নিজ কৰ্ম্মসে আচৰে।
বহুবিধ বিঘ্নে তাক উপদ্ৰৱ কৰে॥
আছে পৰলোকতো বিস্তৰ ভয় তাৰ।
যমৰ বচনে লৈয়ো প্ৰমাণ ইহাৰ॥৫১২॥
দূতৰ আগত যমে কহন্ত নিশ্চয়।
যাহাৰ জিহ্বায়ে হৰিনাম নলৱয়॥
কৃষ্ণ পাদপদ্ম চিত্তে নুসুমৰে যাৰ।
শিৰে নমস্কাৰ নকৰিল একবাৰ॥৫১৩॥
পূজা আদি একো কৃত্য নকৰে কৃষ্ণৰ।
তাতপৰে নাহি দুষ্ট অধম পামৰ॥
সেহি মোৰ পৰয়া তাহাক আন ধৰি।
হাতে গলে ভৰিত চামৰ লগাই জৰী॥৫১৪॥
বান্ধি জড়পুৰ কৰি পেলায়ো নৰকত।
পাৰমানে ভুঞ্জায়ো যাতনা আছে যত॥
এহি মানে থৈলো যম ৰাজাৰ বচন।
ভক্তি হীন পুৰুষৰ নিষ্ফল জীৱন॥৫১৫॥
কৰিলেক ব্যৰ্থ দেহ ইন্দ্ৰিয় সমস্ত।
লৈয়োক প্ৰমাণ শৌনকৰ বচনত॥
শৌনক বদতি শুনা সূত মহাশয়।
ইসি মোৰ মহাখেদ ভৈল অতিশয়॥৫১৬॥
লভিয়া দুৰ্ল্ল ভ তনু ভাৰত ভূমিত।
কৃষ্ণৰ চৰিত্ৰ নুশুনিলে কদাচিত॥
বৃথা কৰ্ণৰন্ধ্ৰ তাৰ দেখিয়ো সাক্ষাত।
দেখিয়ো দু-গোটা যেন অপৱিত্ৰ গাঁত॥৫১৭॥
যাহাৰ জিহ্বায়ে হৰি চৰিত্ৰ নগাৱে।
বেঙ্গৰ সদৃশ তাক জানিবা স্বভাৱে॥
সুৱৰ্ণৰ কিৰীটি যুগুত সৰ্ব্বক্ষণ।
কিন্তু মুকুন্দৰ পদে নকৰে বন্দন॥৫১৮॥
তাত পৰে নাহি আৰ অধম বৰ্ব্বৰ।
বহয়ে মিছাত মহা ভাৰ মস্তকৰ॥
সুৱৰ্ণৰ ভূষণে প্ৰকাশে দুয়ো হাত।
হৰিৰ কৰ্ম্মক যেৱে নকৰে সাক্ষাত॥৫১৯॥
অন্যসে কৰ্ম্মক আচৰিলে দিনে ৰাতি
মৃতকৰ শৱ যেন ভৈল সিটো অতি॥
যাৰ চক্ষে নেদেখিলে হৰিৰ ৰূপক।
ময়ূৰৰ পুৰ্চ্ছ যেন কৰে চকমক॥৫২০॥
হৰিৰ ক্ষেত্ৰক নগৈলেক এক বাৰ।
বৃক্ষ শিপা সদৃশ জানিবা ভৰি তাৰ॥
বৈষ্ণৱৰ পদ-ৰেণু নলৈলা সাদৰি।
জীৱন্ততে শৱ সিটো জানা নিষ্ঠ কৰি॥৫২১॥
বিষ্ণুপদ লগ্ন তুলসীৰ যিটো জনে।
ঘ্ৰাণ লৈয়া অভিনন্দা নকৰিল মনে॥
নিশ্বাস কাঢ়ন্তে সিটো শৱ সম অতি।
ফাট ফোট কৰে যেন কমাৰৰ ভাটী॥৫২২॥
ই সব ইন্দ্ৰিয় ব্যৰ্থ মাত্ৰ সমুদায়।
কিন্তু আৰ প্ৰতিকুল আচৰে সদায়॥
অসন্ত বিষয়ে ৰাত্ৰি দিনে আসকতি।
এহি হেতু জানিবা যাইবেক অধোগতি॥৫২৩॥
হেনবা বুলিবা ইটো ইন্দ্ৰিয় সকল।
কেন মতে মনুষ্যৰ হোৱয় সাফল॥
ইহাৰ উত্তৰ শুনিয়োক এক মনে।
দেখাইবো প্ৰমাণ পৰীক্ষিতৰ বচনে॥৫২৪॥
শুকৰ আগত বিনাৱন্ত নৃপবৰ।
যিটো বাক্যে লৱে গুণ নাম মাধৱৰ॥
তাকেসে বচন বুলি মহন্তে মানয়।
সিসি হাত যিটো হৰি কৰ্ম্মক কৰয়॥৫২৫॥
সমস্ত ভূতত হৰি আছে নিৰন্তৰে।
সিসি মন যিটো মাত্ৰ হৰিক সুমৰে॥
শুনে মাত্ৰ যিটো মাধৱৰ পুণ্য কথা।
তাকেসে বুলিয় কৰ্ণ জানিবা সৰ্ব্বথা॥৫২৬॥
প্ৰতিমা স্বৰূপ ভক্ত ৰূপ মাধৱৰ।
দুইকো প্ৰণামে মাথা সিসি শ্ৰেষ্ঠতৰ॥
ইটো দুই ৰূপক কৃষ্ণৰ যিটো দেখে।
চক্ষু বুলি তাকেসে মহন্ত সবে লেখে॥৫২৭॥
বিষ্ণু পাদোদক বা ভক্তৰ পদ জল।
লৱে যিটো নিতে অঙ্গ সেহিসে সফল॥
এহি মতে ইন্দিয়ৰ বৃত্তি নিৰন্তৰে।
সৰ্ব্ব ভাৱে মাত্ৰ কৃষ্ণতেসে ৰতি কৰে॥৫২৮॥
তবে তাৰ ভাগ্যক বৰ্ণাইবা কিবা আৰ।
মহা সুখে নিস্তৰিল দুৰ্ঘোৰ সংসাৰ॥
থৈলো পৰীক্ষিতৰ বচন এহি।
শ্ৰৱণ কীৰ্ত্তন আদি কহিলো সমানে॥৫২৯॥
এবে পৃথু নৃপতিৰ বচন উদ্ধাৰি।
শ্ৰৱণ কীৰ্ত্তন দুইকো কহো শ্ৰেষ্ঠ কৰি॥
যাৰ যেন নতি কৃষ্ণ কথাক শুনয়।
সেহি বুদ্ধি অনুসাৰে কীৰ্ত্তন কৰয়॥৫৩০॥
এতেকে অৱশ্যে নৰে পাইবেক মুকুতি।
ভৈল দুইয়ো ভক্তি শ্ৰেষ্ঠ এহিসে যুগুতি॥
পুণ্য শ্লোক সবৰ মুকুট ৰূপ হৰি।
হৰি গুণ গণকেসে বচনে সাদৰি॥৫৩১॥
বাক্যৰ একান্ত লাভ এহি মানে মাত্ৰ।
কীৰ্ত্তনতে হোৱে সুখে মুকুতিৰ পাত্ৰ॥
মহাজন সকলে কহন্ত কথামৃত।
ওচৰতে মাত্ৰ কৰ্ণ পাতি শুনে নিত্য॥৫৩২॥
এহি মানে মহা লাভ জানিবা কৰ্ণৰ।
অৱশ্যে মুকুতি বণ্টা পাইবেক কৃষ্ণৰ॥
দুইৰো মাজত একে তাৰিবে সমৰ্থ।
কহো এবে সংহৰিয়া প্ৰকৰণ অৰ্থ॥৫৩৩॥
মনোহৰ যতেক চৰিত্ৰ গোবিন্দৰ।
সম্পুৰ্ণ আনন্দ ৰসে পৰম সুন্দৰ।
শ্ৰৱণ কীৰ্ত্তন আক কৰে যিটো নিত্য।
নাহিকে সংশয় সিটো ভৈল কৃতকৃত্য॥৫৩৪॥
এহিমানে ইটো বিৰচন সমাপতি।
ৰচিল মাধৱ মহা দীন হীন মতি॥
শুনা সভাসদ সাধু জন স্থিৰ মনে।
লভিবা পৰম পদ শ্ৰৱণ কীৰ্ত্তনে॥৫৩৫॥
মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম্ম এহি মানে মাত্ৰ।
দেখিয়ো বিচাৰি মহা ভাগৱত-শাস্ত্ৰ॥
কলিত নাহিকে গতি বিনে হৰিনাম।
জানিয়া আলস্য ত্যজি বোলা ৰাম ৰাম॥৫৩৬॥
চতুৰ্থ : শ্ৰবণ বিৰচন
দুলড়ি
শ্ৰৱণ কীৰ্ত্তন, উপদেশ ক্ৰমে,
ভকতিৰ নিৰূপণ।
কহিবাক প্ৰতি, পুনশ্চ সম্প্ৰতি,
আৰম্ভিলো বিৰচন॥
দুৰ্ব্বাসনা মুখ্য বীজ সংসাৰৰ,
যতেক অনৰ্থ চয়।
কেৱলে কৃষ্ণৰ কথা শুনিলেসে,
সিটো সবে নিবৰ্ত্তয়॥৫৩৭॥
ভকত জনৰ, পৰম সুহৃদ,
উপকাৰী ভগৱন্ত।
তাঁনে গুণ নাম, শুনন্তে আসিয়া,
হৃদয়ত প্ৰবেশন্ত॥
অনাদি জন্মৰ, আছে তাৰ যত,
দুৰ্ব্বাসনা হৃদয়ত।
তথাতে থাকিয়া, প্ৰভু নাৰায়ণ,
হৰন্ত তাক সমস্ত॥৫৩৮॥
দুৰ্ব্বাসনা নষ্ট, ভৈলে নিৰন্তৰে,
শুনা যেন ফল পাৱে।
মহন্ত সবৰ, আত্মাৰূপে হৰি,
প্ৰকাশ হন্ত স্বভাৱে॥
ভকত সবৰ, মুখত তাঁহান,
কথায়ে হন্ত অমৃত।
তাক শ্ৰদ্ধা কৰি, কৰ্ণাঞ্জলি ভৰি,
পীয়ে যিটো প্ৰতি নিত॥৫৩৯॥
বিষয় বাসনা, মলিন মনক,
কৰয় সিটো শোধিত।
কৃষ্ণৰ অভয়, চৰণ পদ্মৰ,
পাৱয় গৈয়া সন্নিত॥
বুলিবা সংশয়, স্বধৰ্ম্মে পাৰয়,
ইমান কাৰ্য্য সাধিত।
মাধৱৰ কথা, কিবা কাৰ্য্যে বৃথা,
শুনিবাক লাগে নিত॥৫৪০॥
ভাল ইটো প্ৰশ্ন, কৰিলা শুনিয়ো,
উত্তৰ দেওঁ ইহাৰ।
স্বধৰ্ম্মত বুদ্ধি, যদি হৱে শুদ্ধি,
তথাপি কথাৰ দ্বাৰ॥
যাৰ যেন ধৰ্ম্ম, সুনিশ্চিত ভাবে
আচৰয় শুদ্ধমতি।
তথাপিতো যদি, ঈশ্বৰ কৃষ্ণৰ,
কথাত নকৰে বতি॥৫৪১॥
তবে সিটো ধৰ্ম্ম, জানিবা কেৱলে,
শ্ৰম মাত্ৰ সমুদায়।
হৰি কথা বিনে, অন্য যত ফল,
বিনাশী সিটো সদায়॥
এতেকে কৃষ্ণৰ, কথাত যাহাৰ,
উতপন্ন ভৈল ৰতি।
কথাৰ সাধন, কৰ্ম্মত জ্ঞানত,
এৰিয়া যত্ন সম্প্ৰতি॥৫৪২॥
কথাকেসে মাত্ৰ, শুনি শ্ৰদ্ধা ভাৱে,
কৃষ্ণক কৰিব বশ্য।
শুনিয়োক এবে, ব্ৰহ্মাৰ বচনে,
দেখাওঁ ইটো ৰহস্য॥
কৃতাঞ্জলি হৈয়া, ব্ৰহ্মায়ে বোলন্ত,
কৃষ্ণৰ চাই চৰণ।
অণুমাত্ৰ জ্ঞান, পথত প্ৰয়াস,
নকৰিয়া নাৰায়ণ॥৫৪৩॥
তীৰ্থ আদি আন, পথত ভ্ৰমণ,
ক্লেশ আদি নকৰয়।
নিজ স্থানে থাকি, মহন্তৰ মুখে,
তোমাৰ কথা শুনয়॥
তিনিও লোকত, যদ্যাপি তোমাক,
একোজনে নজানয়।
কথাকে সৎকাৰ, কৰে যিটে৷ সিটো,
তোমাক বশ্য কৰয়॥৫৪৪॥
ব্ৰহ্মাৰ বচনে, দেখাইলো জ্ঞানতো
অধিক কথা-শ্ৰৱণ।
বুলিবাহা জ্ঞান, সদ্যে মোক্ষ ফল,
এড়িবে কেনে যতন॥
সনত কুমাৰ, বচনে ইহাৰ,
উত্তৰ লৈয়ো নিশ্চয়।
মুকুতিতো কৰি, কথা-শ্ৰৱণৰ,
অধিক সুখ আছয়॥৫৪৫॥
চাৰিও সনকে, কৃষ্ণৰ আগত,
বোলন্ত বাক্য বিনয়।
তোমাৰ পৱিত্ৰ, কথা অমৃতৰ,
ৰসক যিটো জানয়॥
তাৰা সবে প্ৰভু, তোমাৰ মুকুতি,
প্ৰসাদকো নাদৰন্ত।
কালৰ অধীন, যত স্বৰ্গ সুখ,
তাহাকো কৈত গণন্ত॥৫৪৬॥
সনত কুমাৰ,{{gap|3em}বচনে দেখাইলো
কথা শুনিবাৰ ফল।
সমস্তে পাপত, পৱিত্ৰ হৈবেক,
চাহয় যাৰা সকল॥
হৰিৰ পৰম, নিৰ্ম্মল চৰিত্ৰ,
শুনোক মাত্ৰ সৰ্ব্বথা।
চতুঃ পাদ পূৰ্ণ, কলিৰ মলক,
হৰয় কৃষ্ণৰ কথা॥৫৪৭॥
শুনিয়োক এবে, দৃষ্টান্ত সহিতে,
কথাৰ কহো মহত্ত্ব।
কৰ্ণ ৰন্ধ্ৰে হৰি, হোৱন্ত প্ৰবেশ,
ভকতৰ হৃদয়ত॥
তথাতে থাকিয়া, বাসনা সহিতে,
হৰন্ত মল সকল।
যেন জল যত, শৰত কালত,
স্বভাবে হোৱে নিৰ্ম্মল॥৫৪৮॥
বাৰিষা কালৰ জলক নিৰ্ম্মল,
কৰিবে চাহে যি জন।
কোন দ্ৰব্য দিয়া, কেৱল কুম্ভৰ,
কৰয় মাত্ৰ শোধন॥
নদী পুখুৰীৰ, পানীক নিৰ্ম্মল,
কৰিতে নোহে শকত।
কলসৰো নষ্ট, নোহে সমুদায়,
পৰিয়া থাকে তলত॥৫৪৯॥
কলস চালিলে, পুনু পূৰ্ব্বৱতে,
হোৱে জল নিৰন্তৰে।
সেহি মতে তপ, জপ দান আদি,
প্ৰায়শ্চিত্ত যিটো কৰে॥
সিটো প্ৰায়শ্চিত্তে সবাৰো সমস্তে,
পাপক নকৰে শুদ্ধি।
কোন পুৰুষৰ, কিঞ্চিতেক মান,
পৱিত্ৰ কৰয় বুদ্ধি॥৫৫০॥
তাহাৰো সমূলি, বীজ নুগুচয়,
বাসনা থাকে চিত্তত।
পুনৰপি চিত্ত, চলিলে দুনাই,
হোৱে পাপী পূৰ্ব্বৱত॥
হৃদয়ত কৃষ্ণ, প্ৰবেশ মাত্ৰকে,
ষত পাপ সমস্তৰে।
হৰয় নিঃশেষে, যেন সবে জল,
শৰতে নিৰ্ম্মল কৰে॥৫৫১॥
দেৱৰ বচনে, ইটো দৃষ্টান্তৰ,
তাতপৰ্য্য কৰো স্পষ্ট।
আন ধৰ্ম্মে কৰ্ম্মে, সিমতে পাপীৰ,
পাপক নকৰে নষ্ট॥
যেন মতে তযু, চৰিত্ৰ অমৃত,
শুনিয়া মহন্ত নৰে।
বঢ়ায়া ভকতি, হৈয়া শুদ্ধ মতি,
জগত পৱিত্ৰ কৰে॥৫৫২॥
দেৱৰ বচনে, দেখাইলো কৃষ্ণৰ,
কথাৰ যেন মহত্ত্ব।
এতেকে কৃষ্ণৰ, কথা শুনিলেসে,
জানে ভকতিৰ তত্ত্ব॥
হেন জানি সভা- সদ নিৰন্তৰে,
শুনিয়ো কৃষ্ণৰ কথা।
ডাকি মুখ ভৰি, বোলা হৰি হৰি,
নকৰা জন্মক বৃথা॥৫৫৩॥
পদ
বুলিবা পাপত শুদ্ধি হৈবে যাৰ মন।
কৃষ্ণকথা অমৃত পীয়োক সিটো জন॥
জীৱন মুকুত সব ভৈল কৃতকৃত্য।
তাৰ কথা শুনিতে নলাগে কদাচিত॥৫৫৪॥
মুকুত হৈবাক প্ৰতি চাহে যিটো নৰ।
সিয়ো যোগ জ্ঞান অভ্যাসয় নিৰন্তৰ॥
কথা শুনিবাৰ প্ৰয়োজন নাহি তাৰ।
বিষয়ত অতি আসকতি চিত্ত যাৰ॥৫৫৫॥
ইন্দ্ৰিয়ৰ প্ৰীতি মাত্ৰ সাধে সৰ্ব্বক্ষণ।
তাৰ হৰি-কথাত কমন প্ৰয়োজন॥
এহি তিনি বিধ মাত্ৰ লোক সংসাৰত।
নাহিকে তিনিৰো কাৰ্য্য কথা শ্ৰৱণত॥৫৫৬॥
কেৱলে পাতকী মাত্ৰ শুনিবেক কথা।
ইসব সংশয় কিছু নকৰিয়ো বৃথা॥
শুনিয়ো উত্তৰ ইটো ত্যজি কু-নিৰ্ব্বন্ধ।
কথাক শুনিতে কেনে এতেক প্ৰবন্ধ॥৫৫৭॥
সমস্তে শাস্ত্ৰৰ এহি মানে মাত্ৰ সাৰ।
ভৈলন্ত মুকুত তৃষ্ণা নিবৰ্ত্তিল যাৰ॥
তাৰা সবো কৰে সদা শ্ৰৱণ কীৰ্ত্তন।
মুকুত হৈবাৰ এহি মান প্ৰয়োজন॥৫৫৮॥
দেখাইলোহো মুকুতৰো পৰম সম্মত।
মুকুত হৈবাক যিটো খোজে সংসাৰত॥
সিয়ো হৰি চৰিত্ৰ ঔষধ কৰি পান।
দুৰ্ঘোৰ সংসাৰ ব্যাধি কৰয় নিৰ্য্যাণ॥৫৫৯॥
মুমুক্ষু জনৰো দেখাইলোহো প্ৰয়োজন।
বিষয়ৰ সুখত কেৱল যাৰ মন॥
উত্তম শ্লোকৰ গুণ চৰিত্ৰ সম্বাদে।
তাৰো মন কৰ্ণৰ পৰম সুখ সাধে॥৫৬০॥
বিষয়ীৰো পৰম শ্লাঘনী হৰি-কথা।
ইহাত বিমুখ যিটো পামৰ সৰ্ব্বথা॥
তাত পৰে নাহিকে অধম মন্দমতি।
শুনিয়োক তাৰ এবে যিমত দুৰ্গতি॥৫৬১॥
সেহিসে চাণ্ডাল মহা ব্যাধ আত্মঘাতী।
অসুৰ ৰাক্ষস সিসি মৰা শৱ অতি॥
যজ্ঞৰ ঈশ্বৰ হৰি তাহাক নভজে।
বলি দান কৰি আন দেৱতাক যজে॥৫৬২॥
বৃথা বধ ভাগী যদি নুহিকে সাক্ষাত।
যিহেতু নকৰে ৰতি কৃষ্ণৰ কথাত॥
এহি হেতু ভৈল বৃথা পশু বধ ভাগী।
যাইবেক অবশ্যে ঘোৰ নৰকক লাগি॥৫৬৩॥
বুলিবা যাহাৰ ইচ্ছা আছে মুকুতিক।
সদায়ে যিসব নৰ ভকতি ৰসিক॥
সি সবে সাধক সিদ্ধি হৰি-কথা শুনি।
জীৱন মুকুত সব কৃতাৰ্থ আপুনি॥৫৬৪॥
তাৰ কিবা কাজ কৃষ্ণ-কথা শুনিবাক।
ইহাৰ উত্তৰ যেন শুনিয়োক তাক॥
মোক্ষতো অধিক কথা ৰস বিপৰীত।
এহি হেতু মুকুতৰ শুনিতে উচিত॥৫৬৫॥
মহাজন সবৰ আশ্ৰয় ভগৱন্ত।
তাঁন মহা নিৰ্ম্মল গুণৰ নাহি অন্ত॥
ব্ৰহ্মা হৰ আদি যত আছে যোগেশ্বৰ।
তাহাৰা নপাৱে অন্ত নিৰ্গুণ কৃষ্ণৰ॥৫৬৬॥
তাঁহান কথাৰ মহা ৰস যিটো জানে।
সি কি বুলিবেক তুষ্ট ভৈলো এহি মানে॥
এতেকে মুকুত সবে শুনে সৰ্ব্বক্ষণ।
শুনা শ্ৰৱণৰ আৰ কহো গুণগণ॥৫৬৭॥
পৰম নিৰ্ম্মল জ্ঞান হোৱে উতপন।
হোৱে সংসাৰৰ যত ঊৰ্ম্মি নিবৰ্ত্তন॥
গুছে কৰ্ম্ম-বাসনা প্ৰসন্ন হৱে মতি।
ইহ পৰলোক সুখে মিলে বিৰকতি॥৫৬৮॥
মোক্ষৰো সম্মত ভক্তি যোগ ওপজয়।
শুনি যিটো আনন্দ লভিল অতিশয়॥
হৰিৰ কথাত সি কি নকৰিবে ৰতি।
সংসাৰৰ তাপ যত এড়াইবে সম্প্ৰতি॥৫৬৯॥
দেখাইলোহো শ্ৰৱণৰ গুণ নিৰন্তৰ।
হেন হৰি-কথাত বিমুখ যিটো নৰ॥
তাৰ যেন গতি তাক শুনিয়ো সাম্প্ৰত।
যাই জগতৰ আয়ু সূৰ্য্যৰ লগত॥৫৭০॥
এক ক্ষণ মাত্ৰ কথা শুনে মাধৱৰ।
হৱয় সাফল তাৰ আয়ু সি দিনৰ॥
সিও ক্ষণ কথা নুশুনয় মাধৱৰ।
বিফলে হৰন্ত সূৰ্য্যে আয়ু সি জনৰ॥৫৭১॥
বুলিবা জীৱন আদি আয়ুৰ সাফল।
তাহাৰা উত্তৰ যেন শুনিয়ো সকল॥
হৰি-কথা হীনো যদি জীয়ে স্বৰূপত।
নিজীয়ে কি জানা ইটো তৰু বন যত॥৫৭২॥
বুলিবা বৃক্ষৰ নাহি নিশ্বাস ভোজন।
কেন মতে বৃক্ষ তুল্য হৈব সিটো জন॥
দেখিয়ো সাক্ষাতে ভোজনাদি সবে কৰে।
ইহাৰ উত্তৰ শুনিয়োক নিৰন্তৰে॥৫৭৩॥
কমাৰৰ ভাটী যত ফোকাৰ ত্যজয়।
তাক কোন জনে জীয়া বুলিয়া আছয়॥
বিষ্ঠাক ভোজন আদি কৰয় শূকৰে।
তবে তাক প্ৰশংসা কৰয় কোন নৰে॥৫৭৪॥
তৰু লতা আদিৰ জীৱন যেন বৃথা।
সেহি মত যিজনে নুশুনে হৰি-কথা॥
যাৰ কৰ্ণ পথক নগৈল দামোদৰ।
পশুতো অধম পশু অজ্ঞানী বৰ্ব্বৰ॥৫৭৫॥
অৱজ্ঞাৰ স্থলী সিটো কুক্কুৰ সদৃশ।
বিষ্ঠা ভুঞ্জি কৰে যেন শূকৰে হৰিষ॥
উটে যেন কণ্টক চোবায়া অতি মৰে।
ভাৰ পায়া গৰ্দ্দভে আনন্দ যেন কৰে॥৫৭৬॥
হৰি কথা এড়ি বিষয়ত ৰতি যাৰ।
এহি চাৰি গোটা পশু পটন্তৰ তাৰ॥
কিন্তু পশু সব নুহি ভকতিৰ পাত্ৰ।
ভকতিত অধিকাৰ মনুষ্যৰ মাত্ৰ॥৫৭৭॥
হেনয় মনুষ্যে কৃষ্ণ-কথা নুশুনয়।
চাৰিয়ো পশুত সিটো অধম নিশ্চয়॥
যতেক নিন্দিত লোক আছে নিৰন্তৰ।
তাহাৰো নিন্দিত হৰি-বিমুখ পামৰ॥৫৭৮॥
বিদুৰ বচনে লৈয়ো ইহাৰ প্ৰমাণ।
বুলিলা বিদুৰ মৈত্ৰেয়ৰ বিদ্যমান॥
শুনিয়ো মৈত্ৰেয় মোৰ যেন অভিমত।
যতেক শোচনা আছে ইটো জগতত॥৫৭৯॥
সি সবো তাহাক প্ৰতি কৰয় ক্ৰন্দন।
নজানিয়া কৃষ্ণ-কথা নুশুনি যিজন॥
সিও বোলে মোক প্ৰতি নকান্দ সদায়।
নজানোহো আমি একো শাস্ত্ৰ অভিপ্ৰায়॥৫৮০॥
তুমি আমি দুইয়ে আহা কান্দো তাক প্ৰতি।
সবে শাস্ত্ৰ তাতপৰ্য্য জানিয়া সম্প্ৰতি॥
তথাপি কৃষ্ণৰ কথা নকৰে শ্ৰৱণ।
মিছাত পঢ়িলে মাত্ৰ শাস্ত্ৰ সিটো জন॥৫৮১॥
সমস্তে শাস্ত্ৰৰ সাৰ মাধৱৰ কথা।
তাহাক নুশুনি জন্ম কৰিলেক বৃথা॥
অনেক জন্মৰ দুৰ্ব্বাসনা আছে তাৰ।
তাতেসে কৰিলে কালে আয়ুক সংহাৰ॥৫৮২॥
বাক্য মন শৰীৰৰ ব্যাপাৰ সকল।
হৰি-কথা বিনে তাৰ সকলে বিফল॥
তাত পৰে জানিবা নাহিকে আত্মঘাতী।
তাক লাগি ময়ো অনুশৌচ কৰো অতি॥৫৮৩॥
বিদুৰৰ বচনক এহি মানে থওঁ।
আৰো তাৰ যিমত অবস্থা তাক কওঁ॥
কেৱল ব্যৰ্থেসে আয়ু ভৈল সমাপতি।
কিন্তু সিটো অবশ্যে যাইবেক অধোগতি॥৫৮৪॥
লৈয়োক ইহাৰ সাক্ষী ব্ৰহ্মাৰ বাক্যত।
কহন্ত ব্ৰহ্মায়ে দেৱসবৰ আগত॥
সৃষ্টি আদি কৰি মাধৱৰ লীলা যত।
তাত বহিৰ্ভূত অন্য কুকথা সমস্ত॥৫৮৫॥
সিটো কুকথাক কৰে যিজনে শ্ৰৱণ।
কদাচিতো বৈকুণ্ঠক নযায় সিটোজন॥
ভৈল সিটো মহা ভাগ্য হীন সমুদায়।
পূৰ্ব্ব পুণ্য মানে নষ্ট কৰে কুকথায়॥৫৮৬॥
পেলাৱে তাহাক মহা ঘোৰ নৰকত।
আপোনাৰ পাতকে আপুনি ভৈল হত॥
দেখাইলো ব্ৰহ্মাৰ বাক্যে কুকথাৰ ফল॥
শুনে মাধৱৰ কথা যাহাৰা সকল॥৫৮৭॥
কৰো তাৰ ফল স্পষ্ট তত্ত্বৰ বচনে।
কৃষ্ণৰ আগত বাক্য বলে তত্ত্বগণে॥
তযু কথা অমৃতক পীয়ে যিটো জন।
তাহাৰ ভকতি অতি বাঢ়ে অনুক্ষণ॥৫৮৮॥
হৱে চিত্ত শুদ্ধ মিলে আনন্দ সাক্ষাত।
হোৱয় নিৰ্ম্মল বোধ হৃদয়ত জাত॥
শ্ৰৱণ বিৰাম আৰ নুহিবেক মন।
এহি মানে থৈলা সিদ্ধ সবৰ বচন॥৬০০॥
দেখাইলো মুকুতি তুল্য সুখ শ্ৰৱণৰ।
পুনু পৰমাৰ্থ তাতো কৰি শ্ৰেষ্ঠতৰ॥
লৈয়োক ইহাৰ সাক্ষী পৃথুৰ বচনে।
প্ৰাৰ্থিলন্ত পৃথু যেন কৃষ্ণৰ চৰণে॥৬০১॥
বোসন্ত কৃষ্ণক প্ৰভু কোননো পণ্ডিতে।
তোমাৰ চৰণ আৰাধিয়া এক চিত্তে॥
ইন্দ্ৰিয়ৰ সুখ অৰ্থে প্ৰাৰ্থিৱন্ত বৰ।
নৰকীয়ো নিত্য যাক পাৱে নিৰন্তৰ॥৬০২॥
অহঙ্কাৰী দেৱ যত ব্ৰহ্মা প্ৰতি মুখ।
তাসম্বাতো হন্তে পাই ইন্দ্ৰিয়ৰ সুখ॥
নিৰ্গুণ ঈশ্বৰ তুমি কৈবল্যৰ পতি।
নোখোজোহো তাক মই তোমাত সম্প্ৰতি॥৬০৩॥
বুলিবা কৈবল্য পতি বুলিলা আমাক।
খোজা যেবে দেওঁ তেবে মুকুতি তোমাক॥
শুনিয়ো উত্তৰ মোৰ মনৰ যুগুতি।
কদাচিতো নাথ মই নোখোজো মুকুতি॥৬০৪॥
পৰম মহন্ত মহা একান্ত ভকত।
তযু পাদ পদ্ম মকৰন্দ যশ যত॥
হৃদয়ৰ পৰা মুখে কৰন্ত বিদিত।
নপাই তাক শুনিবাক যিটো মুকুতিত॥৬০৫॥
সিসব মুকুতি পদে মোৰ কাৰ্য্য নাই।
কিন্তু এক বৰ মই মাগোহো গোসাঁই॥
মহন্তৰ মুখে পাওঁ কথা শুনিবাক।
হাজাৰ দশেক কৰ্ণ দিয়োক আমাক॥৬০৬॥
বুলিবা ইহাক নতু খোজে একো জন।
ইহাৰ উত্তৰ শুনিয়োক নাৰায়ণ॥
আনৰ চিন্তাত মোৰ কিবা প্ৰয়োজন।
এহিসে বৰক মোৰ অভিৰুচি মন॥৬০৭॥
বুলিবাহা ভৈল যিটো মুকুতি বিহীন।
ৰাগ দ্বেষে হৈব মন পৰম মলিন॥
নুগুচিবে তাৰ একো সংসাৰৰ দুঃখ।
নপাইবেক সিটো কথা-শ্ৰৱণৰ সুখ॥৬০৮॥
ইহাৰ উত্তৰ শুনিয়োক ভগৱন্ত।
তোমাৰ একান্ত যত ভকত মহন্ত |
তাৰা সবে তযু কথা-অমৃত প্ৰকাশে।
তাৰ এক কণা মান আনিব বতাসে॥৬০৯॥
তাক কৰ্ণ পথে যিটো শুনে কদাচিত।
কুযোগীৰো আত্মতত্ত্ব হোৱয় বিদিত॥
আমি পুনু সাৰ গ্ৰাহী তোমাৰ ভকত।
নাহিকে আমাৰ কাৰ্য্য অন্যত্ৰ বৰত॥৬১০॥
মোক্ষ আদি কৰি সুখ আছে যত যত।
শ্ৰৱণ সুখৰ হৈয়া আছে অন্তৰ্গত॥
কথাক শুনন্তে সবে সুখে লাগ পাৱে।
তাসম্বাৰ ৰাগ দ্বেষ নাহিকে স্বভাৱে॥৬১১॥
বুলিবা মুকুতি ফল যেবেসে শ্ৰৱণ।
ফল এড়ি কৰা কেন সাধনে যতন॥
শুনিয়োক ইহাৰ উত্তৰ কৃপাময়।
কেৱল মঙ্গল ৰূপ তযু গুণ চয়॥৬১২॥
মহন্তৰ সঙ্গে যিটো শুনে এক বাৰ।
নুহি পশু জানে যেৱে গুণক তাহাৰ॥
তবে কেন মতে আৰ ত্যজিবে কথাক।
পৰম শ্ৰদ্ধায়ে লক্ষ্মী বৰন্ত যাহাক॥৬১৩॥
সবে পুৰুষাৰ্থ সমাপতি হোৱে যাত।
জানি যশ মাত্ৰ লক্ষ্মী বৰন্ত সাক্ষাত॥
এতেকে মুকুতি এৰি খুজিলো শ্ৰৱণ।
থৈলো এহি মানে পৃথুৰাজাৰ বচন॥৬১৪॥
দেখাইলো শ্ৰৱণ-সুখ মোক্ষতো অধিক।
নোখোজে মুকুতি যিটো শ্ৰৱণ-ৰসিক॥
শ্ৰৱণৰ মহাসুখ মুকুতিত নাই।
মোক্ষ আদি কৰি সুখ শ্ৰৱণত পায়॥৬১৫॥
ভাগৱত শাস্ত্ৰৰ কহিলো তত্ত্ব মৰ্ম্ম।
বুলিবাহা ক্ষুধা আদি প্ৰাণীৰ স্বধৰ্ম্ম॥
বুলিলা কিমতে ভকতক নবাধয়।
যেবে বা ইসব ধৰ্ম্ম যাহাত থাকয়॥৬১৬॥
হৈব কেন মতে তাত শ্ৰৱণৰ সুখ।
নাহি মুকুতিত ক্ষুধা আদি একো দুঃখ॥
শ্ৰৱণত কৰি শ্ৰেষ্ঠ এতেকে মুকুতি।
বুলিলা শ্ৰৱণ শ্ৰেষ্ঠ কমন যুগুতি॥৬১৭॥
নকৰি সংশয়চয় শুনা স্থিৰ মনে।
ইহাৰ প্ৰমাণ লৈয়ো নাৰদ বচনে॥
প্ৰাচীন বৰ্হিক মুনি দেন্ত উপদেশ।
বোলন্ত শুনিয়ো মোৰ বচন নিঃশেষ॥৬১৮॥
সাধু সমস্তৰ সঙ্গ লৈবা যত্ন কৰি।
কৰিবা শুশ্ৰূষা তাৰাসবক সাদৰি॥
হৰি কথা ৰসে তাৰাসবৰ জীৱন।
পৰম শ্ৰদ্ধায়ে অতি কহে সৰ্ব্বক্ষণ॥৬১৯॥
তাসম্বাৰ মুখে যত হৰিৰ চৰিত্ৰ।
নুহিকে অসাৰ সিটো সাক্ষাতে অমৃত॥
নদী ৰূপে সিটো দশো দিশক বহয়।
তাক যিটো স্থিৰ কৰ্ণ কৰি অতিশয়॥৬২০॥
পৰম শ্ৰদ্ধায়ে পান কৰে প্ৰতি নিতি।
তথাপিতো মনে যাৰ নখণ্ডে তৃপিতি॥
তেবে তাক ক্ষুধায়ে পীয়াসে নোচোৱয়।
নপাৱে ওচৰ আসি শোক মোহ ভয়॥৬২১॥
বুলিবাহা কথা মাত্ৰ যি জনে শুনয়।
যেবে তাক ক্ষুধা আদি একো নবাধয়॥
তবে কিয় কথাক নুশুনে সৰ্ব্ব লোক।
ইহাৰ উত্তৰ যেন তাক শুনিয়োক॥৬২২॥
ক্ষুধা আদি কৰি ইটো দুঃখ নিৰন্তৰে।
সহজে সবাকে মহা উপদ্ৰৱ কৰে॥
এতেকে দুৰ্লভ কথা-অমৃত নিধিত।
নকৰয় সৰ্ব্ব জনে ৰতি কদাচিত॥৬২৩॥
শুনিয়োক যেন আৰ পৰমাৰ্থ তত্ত্ব।
কৰিয়ো যতন মহাজনৰ সঙ্গত॥
কথাৰ মহিমা জানি নুশুনে যাৱত।
ক্ষুধা আদি কৰি বাধা কৰয় তাৱত॥৬২৪॥
নুবুজয় যদ্যাপি কথাৰ একো তত্ত্ব।
তথাপি শুনোক নিত্য সাধুৰ সঙ্গত॥
শুনন্তে শুনন্তে পাছে ৰতি হৈব জাত।
তেবে ক্ষুধা আদি বাধা এৰিবে সাক্ষাত॥৬২৫॥
নাৰদৰ বাক্য এবে থৈলোহোঁ সাম্প্ৰত।
নাহি একো দুঃখ হৰি-কথা শ্ৰৱণত॥
তথাপি সঞ্জাত যদি নাহি বিদ্যমান।
পৰীক্ষিত অনুভৱে লৈয়োক প্ৰমাণ॥৬২৬॥
শুকৰ আগত পৰীক্ষিতে বিনাৱন্ত।
বোলন্ত শুনিয়ো শুক মুনি মহা শান্ত॥
সাক্ষাতে অমৃত ইটো কৃষ্ণ কথাচয়।
তোমাৰ বদন-পদ্ম হন্তে বাজ হয়॥৬২৭॥
লাগিছো কৰিবে পান পৰম শ্ৰদ্ধায়।
জল মাত্ৰ ভোজন ত্যজিয়া সমুদায়॥
তথাপিতো পৰম দুঃসহ ক্ষুধা দুঃখে।
নকৰয় বাধা মোক আছো মহা সুখে॥৬২৮॥
নপাওঁ শুনিবাক হেন কৃষ্ণ-কথা যেৱে।
সদ্যে মোৰ শৰীৰ পড়িব প্ৰভু তেৱে॥
পৰীক্ষিত অনুভৱে কৰিলো বেকত।
নাহি অন্ত কথাৰ মহিমা আছে যত॥৬২৯॥
ইহাৰ ফলক কিবা বৰ্ণাইবো অধিক।
ভৈল যিটো জন অতি শ্ৰৱণ ৰসিক॥
মৰণতো হন্তে ভয় নোপজয় তাৰ।
পৰীক্ষিত প্ৰাৰ্থনে প্ৰমাণ লৈয়ো আৰ॥৬৩০॥
বোলন্ত শুনিয়ো বিপ্ৰসব আছা যত।
মাৱ গঙ্গাদেৱী সাক্ষী হৈবাহা সাম্প্ৰত॥
ঈশ্বৰ কৃষ্ণৰ যিটো অভয় চৰণ।
লৈলো সৰ্ব্বভাৱে হেৰা তাহাতে শৰণ॥৬৩১॥
বিপ্ৰ-শাপ-স্বৰূপ তক্ষক মায়াচয়।
দংশোক আমাক তাক নকৰোহো ভয়॥
মিলোক মোহোৰ মহা মৰণ সৰ্ব্বথা।
কিন্তু তুমি সবে মাত্ৰ কৈয়ো কৃষ্ণ-কথা॥৬৩২॥
কৃষ্ণেসে সুহৃদ আত্মা কৃষ্ণে ইষ্টদেৱ।
কৃষ্ণ বিনে মোহোৰ বান্ধৱ নাহি কেৱ॥
এতেকে জানিয়া লৈলো কৃষ্ণত শৰণ।
থৈলো এহিমানে পৰীক্ষিতৰ বচন॥৬৩৩॥
কৃষ্ণ্কথা শুনন্তে মৃত্যুৰ গুছে ভয়।
নেদেখিবা আক বিপৰীত অতিশয়॥
কৃষ্ণৰ একান্ত যত ভকত সকল।
তাহাৰা সবৰো যশ পৰম নিৰ্ম্মল॥৬৩৪॥
তাক শ্ৰদ্ধা ৰূপে যিটো শুনয় সতত।
তাহাৰ সমস্তে পাপ তাপ হোৱে হত॥
পৰম আনন্দ আৰো মিলয় মনত।
কৃষ্ণৰ কথাৰ কিবা কহিবো মহত্ত্ব॥৬৩৫॥
এহি অৰ্থ শুক বাক্যে কৰোহো বিদিত।
বোলন্ত শুনিয়ো বুদ্ধিমন্ত পৰীক্ষিত॥
গোবিন্দৰ পুণ্য কথা সাক্ষাতে অমৃত।
পৰম শ্ৰদ্ধায়ে আক শুনে প্ৰতি নিত॥৬৩৬॥
এতেকতে তাহাৰ সংসাৰ নিবৰ্ত্তয়।
জানি মাধৱৰ কথা শুনা মহাশয়॥
শুকৰ বচন থৈলো সম্প্ৰতি সংহৰি।
জনক বচনে আক কহো স্পষ্ট কৰি॥৬৩৭॥
নৱ সিদ্ধ সমস্তৰ আগত সাক্ষাত।
নম্ৰ ভাৱে ৰাজা বিনাৱন্ত যোৰ হাত॥
তোমাৰ মুখৰ হৰি চৰিত্ৰ অমৃত।
পীউ নাহি তথাপিতো তৃপিতি কিঞ্চিত॥৬৩৮॥
সংসাৰ তাপত পড়ি আছো সমুদায়।
ইহাৰ ঔষধ হৰি কথা বিনে নাই॥
জানিয়া বিস্তৰ কৰি পীয়ায়োক বাপ।
পাসৰিয়া থাকো সংসাৰৰ তিনি তাপ॥৬৩৯॥
থৈলো উপসংহৰিয়া জনক বাক্যক।
কৃষ্ণকথা বিনে নাহি সংসাৰ তাৰক॥
কহো তাক পুনৰপি বচনে শুকৰ।
বোলন্ত শুনিয়ো পৰীক্ষিত নৃপবৰ॥৬৪০॥
দাবানল তুল্য তিনি তাপ বিপৰীত।
জীৱক দগধ অতি কৰে প্ৰতি নিত॥
বহুবিধ দুঃখ ইটো অপাৰ সাগৰ।
পৰম দুস্তৰ আৰু জানিবা জীৱৰ॥৬৪১॥
আক অতিশয় তৰিবাক যিটো চায়।
কৃষ্ণ-কথামৃত সেৱা কৰোক সদায়॥
তেবেসে তৰিবে ঘোৰ সংসাৰ-সাগৰে।
নাহি আন নৌকা কথা-শ্ৰৱণত পৰে॥৬৪২॥
এহি হেতু আছে যাৰ যিমান শকতি।
শুনিয়োক মাধৱৰ চৰিত্ৰ সম্প্ৰতি॥
এহি মতে শুকে শিক্ষা দিলন্ত ৰাজাক।
জানিয়া যতনে শুনা কৃষ্ণৰ কথাক॥৬৪৩॥
বুলিবা অজ্ঞান আদি নিবৰ্ত্তিল যাৰ।
হোৱে নিৱৰ্ত্তন তাৰ দুৰ্ঘোৰ সংসাৰ॥
গুচিবে অজ্ঞান কেন কথাৰ শ্ৰৱণে।
ইহাৰ উত্তৰ শুনিয়োক এক মনে॥৬৪৪॥
অজ্ঞানক গুচাইবাৰ সাধনা যতেক।
বহুবিধ বিঘ্ন গ্ৰস্ত জানিবা প্ৰত্যেক॥
যদি কদাচিত একো বিঘিনি নপাৱে।
সিও যেবে শ্ৰৱণত ৰতি উপজাৱে॥৬৪৫॥
তেবেসে তাহাৰ গুচে যতেক অজ্ঞান।
যুধিষ্ঠিৰ বাক্যে লৈয়ো ইহাৰ প্ৰমাণ॥
বোলন্ত কৃষ্ণক শুনিয়োক কৃপাময়।
তযু পাদপদ্ম মকৰন্দ যশচয়॥৬৪৬॥
মহাজন মন হন্তে মুখে বাজ হয়।
তাক যিটো কৰ্ণে পান কৰে অতিশয়॥
নাহি কদাচিতো আৰ তাৰ অকল্যাণ।
গুচে মহা সুখে আছে যতেক অজ্ঞান॥৬৪৭॥
যুধিষ্ঠিৰ বাক্য এবে এহি মানে থৈলো।
অজ্ঞান গুচিবে যেনমতে তাকো কৈলো॥
বুলিবাহা নমানো তোমাৰ ইটো মত।
কেৱল অজ্ঞান গুছে জ্ঞান অভ্যাসত॥৬৪৮॥
বুলিবা কিমতে গুচে কথাতে অজ্ঞান।
ইহাৰ উত্তৰ শুনা কহো বিদ্যমান॥
নিৰ্ম্মল মনত হৱে জ্ঞানৰ উদয়।
কৃষ্ণৰ কথায়ে মন নিৰ্ম্মল কৰয়॥৬৪৯॥
দেৱৰ বচনে লৈয়ো প্ৰমাণ সাক্ষাত।
কৰন্ত কৃষ্ণক দেৱে স্তুতি দ্বাৰকাত॥
কৃতাঞ্জলি বোলন্ত শুনিয়ো দামোদৰ।
তযু কথা অমৃত নিৰ্ম্মল নদী বৰ॥৬৫০॥
পাদোদক গঙ্গা তিনি জগতে প্ৰশস্ত।
ত্ৰৈলোক্যৰ পাপ দুইয়ো হৰয় সমস্ত॥
কীৰ্ত্তি নদী সেৱা কৰে কৰ্ণে মহা ৰঙ্গে।
গঙ্গাক কৰয় অভিষেক অঙ্গে সঙ্গে॥৬৫১॥
এহি মতে দুইয়ো তীৰ্থ উপাসি মহন্তে।
বাহিৰে ভিতৰে শুদ্ধি হোৱয় একান্তে॥
অনায়াসে তৰে ইটো দুৰ্ঘোৰ সংসাৰ।
এহি মানে থৈলোহো বচন দেৱতাৰ॥৬৫২॥
শুনা পৰমাৰ্থ ফল কথা শ্ৰৱণৰ।
সাক্ষাতে অজ্ঞান নিবৰ্ত্তাৱে নিৰন্তৰ॥
দেখাওঁ প্ৰমাণ উদ্ধৱৰ বচনত।
বোলন্ত বিনয়ে কৃষ্ণদেৱৰ আগত॥৬৫৩॥
পৰম মঙ্গল তযু চৰিত্ৰ অমৃত।
কৰ্ণ পথে যিটো আৰ স্বাদ লৱে নিত্য॥
অন্যত্ৰ যতেক সাধ্য সাধন আছয়।
এৰে সমস্তৰ বাঞ্ছা সিটো মহাশয়॥৬৫৪॥
কৰ্ম্ম-পথে ভ্ৰমো আমি যত গৃহবাসী।
তযু মহা ভকতৰ সঙ্গ লৈয়া আসি॥
তোমাৰ চৰিত্ৰ কথাৰস কৰি পান।
তৰিবো বাসনা সমে যতেক অজ্ঞান॥৬৫৫॥
এহিমানে থৈলো উদ্ধৱৰ বচনক।
বুলিবা বিচাৰ কৰি কৰ্ম্ম অকৰ্ম্মক॥
নিৰ্ণয় জানিয়া আক এৰিবাহা পাচে।
অন্যথা এৰিলে আত মহাদোষ আছে॥৬৫৬॥
ইহাৰ সিদ্ধান্ত লৈয়ো বচনে কৃষ্ণৰ।
বুজাই উদ্ধৱত কহি আছে দামোদৰ॥
যাহাৰ ভোগত নতো হোৱে বিৰকতি।
স্বৰ্গাদিৰ অৰ্থে কৰ্ম্ম কৰিব সম্প্ৰতি॥৬৫৭॥
ইন্দ্ৰিয়ৰ ভোগে বিৰকতি ভৈল যাৰ।
নিত্য নৈমিত্তিক কৰিবাক লাগে তাৰ॥
ভৈল যাৰ শ্ৰদ্ধা মোৰ কথা-শ্ৰৱণত।
নিত্য নৈমিত্তিক আদি কৰি কৰ্ম্ম যত॥৬৫৮॥
কথাৰ বিৰোধী জানি ত্যজিবে সকল।
সমস্তে কৰ্ম্মৰ কথা-শ্ৰৱণসে ফল॥
কৃষ্ণৰ বচন চয় থৈলো এহিমানে।
ইহাক কৰোহো স্পষ্ট শৌনক বচনে॥৬৫৯॥
মহা বিৰকত শৌনকাদি ঋষি যত।
কৰন্ত বিদিত সবে সূতৰ আগত॥
শুনিয়োক সূত কহো তোমাত স্বৰূপ।
কৰো আমি সবে ইটো কৰ্ম্ম সূত্ৰ ৰূপ॥৬৬০॥
গুচিল আমাৰ আত বিশ্বাস সমস্ত।
নাহি ফল নিশ্চয় বিস্তৰ বিঘ্নি গ্ৰস্ত॥
ভৈলো ধুম্ৰবৰ্ণ হোমৰ ধূঁৱাত।
শৰীৰক দগ্ধ অতি কৰিলো সাক্ষাত॥৬৬১॥
এবে আমাসাক দয়া কৰা মহাশয়।
কৃষ্ণ পাদপদ্ম মকৰন্দ মধুচয়॥
কৰায়োক পান হৌক শৰীৰ শীতল।
গুচি কৰ্ম্মমল মহা মিলোক মঙ্গল॥৬৬২॥
শৌনক বচন এবে এহি মানে থওঁ।
শুনা তাতপৰ্য্য উপসংহৰিয়া কওঁ॥
পৰম চতুৰ মহা বিবেকী যি জন।
তাহাৰ কৰ্ত্তব্য মাত্ৰ কথাসে শ্ৰৱণ॥৬৬৩॥
এহিমানে সমস্তে শাস্ত্ৰৰ তত্ত্ব অৰ্থ।
অন্যথা যতেক পাঠ আদি সবে ব্যৰ্থ॥
গুৰুক শুশ্ৰূষা কৰি পৰম যতনে।
চিৰকাল বেদ আদি পঢ়ে যিটো জনে॥৬৬৪॥
সি সব শ্ৰমৰ এহিমানে মাত্ৰ ফল।
কহিয়া আছন্ত মহা মহন্ত সকল॥
হৰি পাদপদ্ম যাৰ হিয়াত সাক্ষাত।
শুনিব কৃষ্ণৰ গুণ নাম তাসম্বাত॥৬৬৫॥
শুনা সভাসদ সব যুগুতি বচন।
হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ॥
মহন্তৰ মুখে কথা শুনে প্ৰথমত।
তেবেসে পুৰুষে পাৱে ভকতিৰ তত্ত্ব॥৬৬৬॥
কথা শুনিলেসে গুচে মনৰ সংশয়।
কৃষ্ণৰ সেৱাত ৰতি তেবেসে বাঢ়য়॥
জানি হৰি কথা শুনা মহন্তৰ মুখে।
বোলা ৰাম ৰাম তেবে তৰিবাহা সুখে॥৬৬৭॥
ছবি
সমস্তে ধৰ্ম্মৰ ফল, কথা শ্ৰৱণেসে মাত্ৰ,
দেখাইলোহো যুগুতি পূৰ্ব্বত।
পৰম যোগীৰ কৃত্য, জানা এহিমানে মাত্ৰ,
দেখাওঁ মৈত্ৰেয় বচনত॥
মৈত্ৰেয়ে বোলন্ত মাতি, শুনিয়ো বিদুৰ ধীৰ,
কহোঁ মই স্বৰূপ তোমাত!
যিটো মহা যোগীগণ, অভ্যাসিয়া অনুক্ষণ,
কৰিলন্ত আত্মাক সাক্ষাত॥৬৬৮॥
মিলে যোগ সিদ্ধি যত, তাকো স্পৃহা নকৰন্ত
যিহেতু আত্মাত মাত্ৰ ৰত।
যিটো মহা জ্ঞানে ইটো ছেদিলে সংশয় যত,
তাকো সবে ত্যজন্ত পাচত॥
সাধ্য পাইলে সাধনত, নাহি কিছো প্ৰয়োজন,
থাকে ব্ৰহ্ম এৰে এক হুই।
হেনয় যতেক যতি, পাইয়া সিটো যোগ গতি,
তথাপিতো অপ্ৰমত্ত নুই॥৬৬৯॥
কৃষ্ণ কথা শ্ৰৱণত, যাৱত নকৰে ৰতি,
তাৱে মল নুগুচে চিত্তৰ।
এতেকে যোগীৰো জানা নাহিকে কৰ্ত্তব্য আন,
কৃষ্ণ কথা শ্ৰৱণত পৰ॥
এহিমানে মৈত্ৰেয়ৰ, বচন সংহৰি থৈলো,
হেনবা বুলিবা কদাচিত।
যোগৰ সিদ্ধিত স্পৃহা, এৰিবেক কিবা হেতু,
শুনা কহো সিদ্ধান্ত বিদিত॥৬৭০॥
ভগৱন্ত ঈশ্বৰৰ, কথা শ্ৰৱণত পৰ,
নাহি মহা লাভ ত্ৰিভুৱনে।
এতেকে সমস্ত এৰি, কথাক শুনিব মাত্ৰ,
লৈয়ো সাক্ষী গোপীৰ বচনে॥
কৃষ্ণ দৰশন আশে, গোপী সবে গাৱে গীত,
বোলে শুনা প্ৰভু লক্ষ্মীপতি।
তযু কথা অমৃতেসে, মৰাকো জীয়াৱে অতি,
লৈয়ো আৰ যুগুতি সম্প্ৰতি॥৬৭১॥
দেৱতা সবৰ ভোগ্য, প্ৰসিদ্ধ অমৃত যিটো,
কথামৃত শ্ৰেষ্ঠ তাত কৰি।
ব্ৰহ্মজ্ঞানী গণে সিটো, অমৃত কৰিয়া তুচ্ছ,
কথামৃত পীয়ন্ত সাদৰি॥
ভোগ্যৰ অমৃতে অতি, বঢ়াৱে সকাম কৰ্ম্ম,
কথামৃতে কৰে কৰ্ম্ম নাশ।
নচাৱয় অনুষ্ঠান, শ্ৰৱণ মাত্ৰকে মহা,
মুকুতিকো কৰন্ত প্ৰকাশ॥৬৭২॥
দেৱৰ অমৃতে মহা, উন্মত্ত কৰায় মাত্ৰ,
কথামৃতে কৰয় সুশান্ত।
হেন কথা পৃথিবীত, কৰে যিটো বিস্তাৰিত,
নাহি তাত পৰে দাতাৱন্ত॥
যিজনে কেৱল মাত্ৰ, কথাকে গ্ৰহণ কৰে,
তাহাৰ ভাগ্যৰ নাহি সীমা।
যি পুনু তোমাক আনি, কৰিল সাক্ষাত প্ৰভু,
তাৰ আৰ কি কৈবো মহিমা॥৬৭৩॥
গোপীৰ বচন থওঁ, এহি অৰ্থ পুনু কওঁ,
যি ভৈল কৃষ্ণক দৰশন।
তাৰ যত পাপ ক্ষয়, হৈব অদভুত নয়,
কিন্তু ভৈল কৃতাৰ্থ সি জন॥
যাহাৰ নামক মাত্ৰ, এক বাৰ শ্ৰৱণত,
অধম চণ্ডাল অতিশয়।
সেহিটো শৰীৰ সমে, সমস্তে পাপত হন্তে,
হোৱে মহা পৱিত্ৰ নিশ্চয়॥৬৮৪॥
বুলিবা সবাকে শুদ্ধি, কৰয় কেৱলে পুনু,
নুহি ধীৰ সমস্তে লাভত।
লৈয়োক সিদ্ধান্ত আৰ, কৃষ্ণ কথা শুনিবাৰ
মহিমা কহিবো মই কত॥
পুৰুষাৰ্থ মাজে সাৰ, জানিয়া মহন্ত সবে,
পূৰ্ব্বে কহি আছে বিদ্যমান।
ভগৱন্ত মাধৱৰ, চৰিত্ৰ অমৃত কথা,
সংসাৰক কৰয় নিৰ্য্যাণ॥৬৭৫॥
হেন কথা অমৃতক, মহন্ত সবৰ মুখে,
পীয়ে যিটো কৰ্ণাঞ্জলি ভৰি।
নুহি যেবে পশু সিটো, জানয় কথাৰ ৰস
নুশুনিবে কোননো সাদৰি॥
কৃষ্ণ কথামৃত এড়ি, শুনে বিষয়ৰ কথা,
পশুতো অধম সিটো অতি।
প্ৰতিকূল কৰ্ণ দিয়া, জানিবা নিশ্চয় তাক,
বিধাতায়ে কৰিলন্ত শাস্তি॥৬৭৬॥
কলা হৈলে ভাল তাৰ, কুকথাক শুনিবাৰ,
নপাইলেক হন্তে দোষে আসি।
কৃষ্ণৰ কথাত কৰি, কুকথা যিমত তুচ্ছ,
শুনা কহো দৃষ্টান্ত প্ৰকাশি॥
অমৃত পড়িয়া থাকে, যেন শূকৰৰ জাকে,
বিষ্ঠাকেসে কৰন্ত ভোজন।
জানিয়া কুকথা বিষ্ঠা, ত্যজিয়া কৃষ্ণৰ কথা,
অমৃতক কৰিয়ো যতন॥৬৭৭॥
দুলড়ী
কৃষ্ণৰ চৰিত্ৰ, শ্ৰৱণেসে মাত্ৰ
পৰম শ্ৰেষ্ঠ ভকতি।
শুক মহামুনি, নৃপতিৰ আগে,
কহিলন্ত প্ৰতি প্ৰতি॥
উত্তম শ্লোকৰ, গুণ বাদ কথা,
যিটো শুনে একবাৰ।
এতেকে যতেক, অমঙ্গল তাৰ,
নষ্ট হৱে বাৰম্বাৰ॥৬৭৮॥
হেন জানি মহা নিৰ্ম্মল ভকতি,
যি জনে চাহে কৃষ্ণত।
তাহান কথাক, পৰম শ্ৰদ্ধায়ে,
শুনোক মাত্ৰ সতত॥
ইটো প্ৰকৰণ, ঊপসং হৰিয়া,
কহো অৰ্থ নিৰন্তৰ।
নিজ ধৰ্ম্ম পথ, ৰক্ষাৰ নিমিত্তে,
যিটো কৃষ্ণ মহেশ্বৰ॥৬৭৯॥
শুদ্ধ সত্ত্ব গুণে, লীলায়ে ধৰন্ত,
ৰাম আদি অৱতাৰ।
তেহে ভগৱন্ত, দেৱ যদুত্তম,
জানিবাহা সাৰে সাৰ॥
আন অৱতাৰ, সদৃশ যতেক,
কৰিলা কৰ্ম্ম লীলায়।
সেহি কৰ্ম্মে বেদ বিহিত কৰ্ম্মক,
নিবৰ্ত্তাৱে সমুদায়॥৬৮০॥
হেনয় কৃষ্ণৰ, চৰণে যি সবে,
সেৱা মাত্ৰ বাঞ্ছা কৰে।
তাহান চৰিত্ৰ, অমৃতক মাত্ৰ,
শুনোক সিসব নৰে॥
এতেকে কৃষ্ণৰ, চৰণে হৈবেক,
পৰম শ্ৰেষ্ঠ ভকতি।
কথা শ্ৰৱণৰ, বিৰচন ভৈল,
এহি মানে সমাপতি॥৬৮১॥
নমো নমো কৃষ্ণ, প্ৰভু মহেশ্বৰ,
কৰা কৃপা কিছু মোক।
ভকত সঙ্গত, তযু কথামৃত,
শ্ৰৱণত ৰতি হোক॥
তোমাৰ চৰণে, কায় বাক্য মনে,
শৰণ লৈলো সম্প্ৰতি।
মই মূঢ় মতি, প্ৰণতি মিনতি,
নজানো স্তুতি ভকতি॥৬৮২॥
তুমিসি পৰম, প্ৰিয়তম আত্মা,
ইষ্টদেৱ গুৰু নিষ্ঠ।
তুমিসি সুহৃদ ,বান্ধৱ তোমাক,
নজানো মই পাপিষ্ঠ॥
পৰম কৃতঘ্ন, পাপী মোত পৰে,
নাহি জানা দামোদৰ।
শুনি আছো মহা পতিত পাৱন,
নাহিকে তোমাত পৰ॥৬৮৩॥
সংসাৰ সাগৰে, উপকাৰ চিন্তা,
কৰিব মোক যি জন।
তুমি বিনে হেন, বান্ধৱ নেদেখো,
জানিয়া লৈলো শৰণ॥
শৰণাগতক, যেন লাগে কৃষ্ণ,
কৰা যথোচিত কাম।
নছাড়িবা মোক, সামাজিক লোক,
ডাকি বোলা ৰাম ৰাম॥৬৮৪॥
⸻
পঞ্চম : কীৰ্ত্তন বিৰচন
পদ
দেখাইলো মহিমা কৃষ্ণ কথা শ্ৰৱণৰ।
শুনিলা কৌতুকে সভাসদ নিৰন্তৰ॥
শুনিয়োক আৰো আৰম্ভিলো বিৰচন।
কৃষ্ণৰ কীৰ্ত্তন এৱে কৰো নিৰূপণ॥৬৮৫॥
সংসাৰত যত ধৰ্ম্ম আছে শ্ৰেষ্ঠতৰ।
সমস্ততে কৰি শ্ৰেষ্ঠ কীৰ্ত্তন কৃষ্ণৰ॥
এহি মান অভিপ্ৰায় সকল শাস্ত্ৰৰ।
তপ জপ আদি যত ধৰ্ম্ম পুৰুষৰ॥৬৮৬॥
কৰে বেদ পাঠ যজ্ঞ যাগ যোগ দান।
সমস্তৰে অভিলাষী ফল এহি মান॥
উত্তম শ্লোকৰ গুণ নামৰ কীৰ্ত্তন।
ইহাকেসে কহি আছে মহা জ্ঞানীগণ॥৬৮৭॥
কৰয় কীৰ্ত্তন যিটো জানিবা সাক্ষাত।
সকল কৰ্ম্মক কৰি আছয় পূৰ্ব্বত॥
ভগৱন্ত মাধৱৰ কীৰ্ত্তন নকৰে।
জানিবা তাহাৰ ব্যৰ্থ ধৰ্ম্ম নিৰন্তৰে॥৬৮৮॥
দেখাওঁ বেকতে কীৰ্ত্তনৰ ফল যত।
সূত নিগদতি শৌনকৰ সমাজত॥
শুনিয়ো শৌনক মোৰ স্বৰূপ উত্তৰ।
সমস্তে অসতী যত কথা অসন্তৰ॥৬৮৯॥
যিসব কথাত মাধৱক নকহয়।
সিসব সকলে মিছা জানিবা নিশ্চয়॥
সেহিসে সকলে সত্য সেহিসে মঙ্গল।
সেহিসে পৰম পুণ্য সেহিসে কুশল॥৬৯০॥
সেহি ৰম্য সেহিসে ৰুচিৰ নৱ নৱ।
সেহিসে বঢ়াৱে মহা মনৰ উৎসৱ।
সেহি শোক সাগৰ শোষয় মনুষ্যৰ।
সেহিসে ঐশ্বৰ্য্য আনি মিলাৱে কৃষ্ণৰ॥৬৯১॥
যিটো বাক্যে কৰে হৰি-চৰিত্ৰ কীৰ্ত্তন।
সেহি নৰ হয় সব গুণৰ ভাজন॥
নুহিকে আশ্চৰ্য্য ইটো শুনিয়ো যুগুতি।
যিহেতু কীৰ্ত্তনে সাধে পৰম মুকুতি॥৬৯২॥
ঘোৰ সংসাৰক পাইয়া আছে যিটো জন।
যদি অজ্ঞানতো কৰে শ্ৰৱণ কীৰ্ত্তন॥
সিও সদ্যে সংসাৰত হোৱয় মুকুত।
আক অতি মনে নেদেখিবা অদভুত॥৬৯৩॥
যিটো নাম গ্ৰহণ কৰন্তে অতিশয়।
কাল মৃত্যু দুয়ো তৰতৰিয়া কাম্পয়॥
ইহাক জানিও যিটো নকৰে কীৰ্ত্তন।
সিটো অধমৰ জানা নিষ্ফল জীৱন॥৬৯৪॥
যাৰ বচনত কৃষ্ণ গুণ নাম নাই।
তাৰ বাক্য পাঠ আদি ব্যৰ্থ সমুদাই॥
জগত পৱিত্ৰকাৰী কৃষ্ণৰ চৰিত্ৰ।
নকৰে গ্ৰহণ যিটো বাক্যে কদাচিত॥৬৯৫॥
যদি চিত্ৰ বিচিত্ৰ বচন সৰ্ব্বোত্তম।
তথাপি জানিবা উচ্ছিষ্টৰ গৰ্ত্ত সম॥
কাক তুল্য কামাতুৰ নৰ যিটো জন।
সিসি সৰ্ব্বক্ষণে কৰে তাহাতে ৰমণ॥৬৯৬॥
ৰাজহংস সদৃশ পৰম সাধুনৰে।
শুদ্ধ সত্ত্ব মন সৰোবৰে মাত্ৰ চৰে॥
কৃষ্ণ পাদ-পদ্মে বাস কৰয় কেৱল।
কৰে পান কৃষ্ণ যশ জল সুনিৰ্ম্মল॥৬৯৭॥
যেহেন প্ৰসিদ্ধ যত ৰাজহংসচয়।
কেৱলে মানস সৰোবৰত চৰয়॥
কৰে বাসা কমনীয় পদ্ম সমুহত।
বিচিত্ৰ অন্নাদি যুক্ত উচ্ছিষ্ট গৰ্ত্তত॥৬৯৮॥
কদাচিতো তাত ৰাজহংস নপৰয়।
জানিবা কাকেসে মাত্ৰ সদায় ৰময়॥
দেখাইলো কৃষ্ণৰ গুণ নাম নাহি যাত।
অপৱিত্ৰ সিটো বাক্য জানিবা সাক্ষাত॥৬৯৯॥
কৃষ্ণ গুণ নাম মাত্ৰ কৰয় বেকত।
যদি পদ চাতুৰী নাহিকে বচনত॥
তথাপিতো জগতকে পৱিত্ৰ কৰয়।
সিসি বচনক মহাজনে সাদৰয়॥৭০०॥
কহন্তা থাকিলে কৰ্ণ পাতিয়া শুনয়।
শুনন্তা থাকিলে মহা শ্ৰদ্ধায়ে কহয়॥
কহিবাক শুনিবাক যেবে নপাৱন্ত।
পৰম শ্ৰদ্ধায়ে বসি আপুনি গাৱন্ত॥৭০১॥
হেন হৰি গুণ যদি কীৰ্ত্তন নকৰে।
কদাচিতো তত্ত্ব নজানিব সিটো নৰে॥
নাৰদে বোলন্ত শুনা ব্যাস মহাশয়।
দেওঁ ইটো উপদেশ তোমাক নিশ্চয়॥৭০২॥
কৰা সাৱধানে মহা ভাগৱত শাস্ত্ৰ।
বৰ্ণাইবা কেৱলে কৃষ্ণ গুণ নাম মাত্ৰ॥
তেবেসে তোমাৰ মহা শান্ত হৈবে মন।
কৰা যেবে অনাদৰ মোহোৰ বচন॥৭০৩॥
উৰুক্ৰম চৰিত্ৰত কৰিয়া পৃথক।
বৰ্ণাইবা শাস্ত্ৰত যদি অন্যত্ৰ অৰ্থক॥
কদাচিতো বিষয়ে তোমাৰ ইটো মতি।
নপাইবেক স্থিতি আক জানিবা সম্প্ৰতি॥৭০৪॥
প্ৰচণ্ড বতাসে যেন নাৱ সাগৰৰ।
কাণ্ডাৰী বিহীনে পাক ফুৰে নিৰন্তৰ॥
সেহি মতে পাক ফুৰিবেক তযু মন।
জানিয়া কৰিয়ো ব্যাস কৃষ্ণৰ কীৰ্ত্তন॥৭০৫॥
পৰম আনন্দে মতি মজিবে তোমাৰ॥
তবে সদ্যে হৈবে স্থিৰ কহিলোহো সাৰ।
তথাপিতো তুমি যেবে নযোৱা সঞ্জাত।
লৈয়ো মোৰ অনুভৱে প্ৰমাণ সাক্ষাত॥৭০৬॥
নিবীড় স্বৰূপে কৰো যেখন কীৰ্ত্তন।
আনন্দ সমুদ্ৰে মন হোৱয় মগন॥
তীৰ্থ পদ ভগৱন্ত জগত নিবাস।
তেখনে হৈৱন্ত আসি হিয়াত প্ৰকাশ॥৭०৭॥
যেন কোন জনে ডাক দিলে পুৰুষক।
সি জন পুৰুষ আসে তেখনে আগক॥
এহিমানে থৈলোহো বচন নাৰদৰ।
শুনা এহি ফল কহো বচনে সূতৰ॥৭০৮॥
বোলন্ত শুনিয়ো শৌনকাদি ঋষি যত।
বিস্তাৰ কহিবো কিবা তোমাৰ আগত॥
এহিমানে পৰম কৰ্ত্তব্য মনুষ্যৰ।
কহো তোমাসাত সাৰ সকল শাস্ত্ৰৰ॥৭০৯॥
কৃষ্ণ গুণ নামচয় অমৃত সাক্ষাত।
আছয় আশ্ৰয় কৰি যি সব কথাত॥
তাকে মাত্ৰ সেৱা কৰিবেক প্ৰতি নিত।
নিৰ্বিষয় হৈবাক আছয় যাৰ চিত॥৭১০॥
অন্যথা নুগুচে ঘোৰ সংসাৰৰ ভয়।
এহিমানে থাকোক সূতৰ বাক্যচয়॥
শুক বাক্যে এহি অৰ্থ কৰোহো বিদিত।
বোলন্ত শুনিয়ো মহাৰাজ পৰীক্ষিত॥৭১১॥
দেওঁ পৰিচ্ছেদ মই সকল শাস্ত্ৰৰ।
সংসাৰত হন্তে মোক্ষ চাহে যিটো নৰ॥
কৃষ্ণ কীৰ্ত্তনেসে তাৰ মোক্ষৰ সাধন।
বিষয় ভোগক ইচ্ছা কৰে যিটো জন॥৭১২॥
কীৰ্ত্তনেসে দেয় তাকো সেই সেই ফল।
ভৈলন্ত মুকুত অতি যাহাৰা সকল।
তাসম্বাৰো এহি মানে ফল সমুদায়।
কৃষ্ণৰ কীৰ্ত্তন মাত্ৰ কৰিব সদায়॥৭১৩॥
এহি মানে স্পষ্ট সৰ্ব্ব শাস্ত্ৰৰ নিৰ্ণয়।
ইহাৰ প্ৰমাণ নুখুজিবা মহাশয়॥
প্ৰমাণৰ উপৰি প্ৰমাণ নাহি আৰ।
বিষয় বাসনা বদ্ধ ভৈল মন যাৰ॥৭১৪॥
পৰম আতুৰ চিত্ত বিষয় চিন্তাত।
ঘোৰ আপদত মজি আছয় সাক্ষাত॥
তাহাৰো সংসাৰ সিন্ধু তৰিবাক প্ৰতি।
বিহি আছে নাৱ-কৃষ্ণ-কীৰ্ত্তন সম্প্ৰতি॥৭১৫॥
নুবুলিবা বেদ মাত্ৰ কেৱল প্ৰমাণ।
কিন্তু লৌকিকতো আক দেখি বিদ্যমান॥
কীৰ্ত্তন নকৰি নতু তবে একো জন।
পৰম বিষয়ী তৰে কৰিয়া কীৰ্ত্তন॥৭১৬॥
এহি মানে থৈলো এবে বচন শুকৰ।
সদায় কীৰ্ত্তন যিটো কৰয় কৃষ্ণৰ॥
কি কহিবো তাসম্বাৰ মহিমা আছোক।
অন্তকালে কীৰ্ত্তন কৰয় যিটো লোক॥৭১৭॥
এতেকে মুকুত হোৱে ঘোৰ সংসাৰত।
লৈয়োক প্ৰমাণ ব্ৰহ্মাদেৱৰ বাক্যত॥
নাহি জন্ম কৰ্ম্ম কৃষ্ণ জগত কাৰণ।
তাঁন জন্ম কৰ্ম্ম গুণ নাম বিৰম্বন॥৭১৮॥
সেহি জন্ম কৰ্ম্মময় নাম মাধৱৰ।
মৃত্যুকালে অজ্ঞানতো লৱে যিটো মৰ॥
এতেকে তেখনে তাৰ চিণ্ডে কৰ্ম্ম-বন্ধ।
মিলয় মনত আসি পৰম আনন্দ॥৭১৯॥
হোৱয় প্ৰৱেশ পৰমব্ৰহ্ম স্বৰূপত।
প্ৰণামো সদায় হেন কৃষ্ণ চৰণত॥
থৈলোহো সংহৰি ব্ৰহ্মাদেৱৰ বচন।
অজ্ঞানতো অন্তকালে কৰিয়া কীৰ্ত্তন॥৭২০॥
অনায়াসে গৈল ঘোৰ সংসাৰক তৰি।
বিষ্ণুদূত বচনে দেখাওঁ স্পষ্ট কৰি॥
মাধৱৰ মুখ্য পাৰিষদ চাৰি জন।
যমৰ দূতক চাহি বুলিলা বচন॥৭২১॥
শুন অৰে যমদূত পৰম পামৰ।
নজানস কিছু তোৰা মহিমা নামৰ॥
যদ্যপি অজ্ঞানী ইটো বিপ্ৰ অজামিল।
তথাপি সাক্ষাতে হৰি নাম উচ্চাৰিল॥৭২২॥
এতেকেসে বিপ্ৰে কোটি জন্মৰ পাপৰ।
কৰিলে সবাৰো প্ৰায়শ্চিত্ত শ্ৰেষ্ঠতৰ॥
হেন নুবুলিবি ভৈল প্ৰায়শ্চিত্ত মাত্ৰ।
কিন্তু ভৈল দ্বিজ মহা মুকুতিৰ পাত্ৰ॥৭২৩॥
হেন বা হৈবেক তোৰ সংশয় মনত।
কৰ্ম্ম মাত্ৰ হৱে সাঙ্গ নাম-কীৰ্ত্তনত॥
স্বতন্ত্ৰে কিমতে নামে সংহাৰিবে পাপ।
ইহাৰ উত্তৰ শুন ত্যজিয়া সন্তাপ॥৭২৪॥
হৈবে লাগি মাত্ৰ পাপ মানে প্ৰায়শ্চিত্ত।
সম্পূৰ্ণ নলাগে হৰিনাম উচ্চাৰিত।
পৰম মঙ্গল হৰিনামৰ আভাষে।
সমস্তে লোকৰ মহা পাপক বিনাশে॥৭২৫॥
দেখিলি সাক্ষাতে ইটো বিপ্ৰ অজামিল।
পূৰ্ণ চাৰি অক্ষৰে নামক উচ্চাৰিল॥
নাৰায়ণ আইস বুলি আৰ্ত্তনাদ কৰি।
ডাকিলে প্ৰভুক ইটো পুত্ৰ নাম ধৰি॥৭২৬॥
কৃষ্ণৰো আসিবে লাগে ইহাৰ পাশক।
কোন অদভূত ইটো নাশিল পাতক॥
বুলিবি ব্ৰাহ্মণ মহা পাতকী প্ৰধান।
কৰিলে সমস্তে পাপ আছে যতমান॥৭২৭॥
অনেক সহস্ৰ বাৰ কৰিয়াছে নিত্য।
কৰে যদি ইটো কোটি কোটি প্ৰায়শ্চিত্ত॥
তথাপিতো পাপ নষ্ট নুহিকে ইহাৰ।
একে নামে হৈবে কেনে পতিক সংহাৰ॥৭২৮॥
ইহাৰ উত্তৰ দেওঁ শুন দূতগণ।
ব্ৰাহ্মণৰ সুৱৰ্ণক হৰে যিটো জন॥
মিত্ৰ দ্ৰোহ সুৰাপান ব্ৰহ্ম বধ কৰে।
স্ত্ৰী বধ ৰাজবধ গুৰু ভাৰ্য্যা হৰে॥৭২৯॥
গো বধ পিতৃবধ কৰে দুৰাশয়।
সংসাৰত আছে আনো যত পাপচয়॥
সমস্তৰে মুখ্য প্ৰায়শ্চিত্ত হৰিনাম।
উচ্চাৰন্তে হোৱে নষ্ট পাতকৰ দাম॥৭৩০॥
নকৰিবি দূতচয় ইহাত সংশয়।
যিটো জনে মুখে হৰিনাম উচ্চাৰয়॥
ইটো মোৰ ভৈল বুলি প্ৰভু ভগৱন্ত।
সমস্ত ভয়ত তাক ৰাখিয়া ফুৰন্ত॥৭৩১॥
এতেকেসে শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত হৰিনাম।
আত যম দূত শঙ্কা কৰ কোন কাম॥
মনু প্ৰতি মুখ্য কৰি যত ব্ৰহ্ম বাদী।
বিহিয়া আছন্ত যত যাগ যোগ আদি॥৭৩২॥
সিটো প্ৰায়শ্চিত্তে শুদ্ধি নকৰে সিমতে।
নাম উচ্চাৰন্তে পাপ গুচে যেন মতে॥
শুন দূত নামৰ মহিমা বিপৰীত।
নেৰে নামে পুৰুষক কৰাই প্ৰায়শ্চিত্ত॥৭৩৩॥
উত্তম শ্লোকৰ আছে গুণ গণ যত।
তাকো আনি নামে মিলাৱয় পুৰুষত॥
আন প্ৰায়শ্চিত্তে যদি পৱিত্ৰ কৰয়।
কদাচিতো পাতকৰ বীজ নুগুচয়॥৭৩৪॥
প্ৰায়শ্চিত্ত কৰিও পাপক ধাৱে মনে।
বীজ নষ্ট কৰিবাক চাহে যিটোজনে॥
হৰি গুণ নাম মাত্ৰ কৰোক কীৰ্ত্তন।
কৰয় প্ৰভুৰ নামে চিত্তক শোধন॥৭৩৫॥
গুচাইলো সংশয়চয় তোহোৰ মনৰ।
কৰোহো আদেশ শুন যমৰ কিঙ্কৰ॥
নিনিবি দ্বিজক তই পাপৰ পথক।
মৰন্তে লৈলেক ইটো হৰিৰ নামক॥৭৩৬॥
কৰিলেক প্ৰায়শ্চিত্ত নিঃশেষ পাপৰ।
উচ্চাৰিল নাৰায়ণ চাৰিও অক্ষৰ॥
এতেকে মুকুতি দ্বিজে পাইলে হেন জান।
নাম এক দশ কৰে পাপক নিৰ্যান॥৭৩৭॥
যি বুলি লৈলে নাম মৃত্যু সময়ত।
নুপজিল পাপ পুনৰপি ব্ৰাহ্মণত॥
তাতেসে মৰণ কাল কৰিলো মুকুত।
নকহিলে বিধি তই জান যমদূত॥৭৩৮॥
কৃচ্ছ চান্দ্ৰায়ণ আদি কৰি বিধি যত।
কহে হেন প্ৰায়শ্চিত্ত পাপৰ অন্তত॥
সিমত বিধান নাহি হৰিৰ নামত।
যেই সেই বেলা লৈলে পাপ কৰে হত॥৭৩৯॥
যেন আকস্মিকে কাক উড়াৱ কৰিল।
পকা তালফল সেই সময় সৰিল॥
সেহি তাল পৰি যেন কাক হৈল হত।
হৰিৰ নামৰ জান তেহ্নয় মহত্ত্ব॥৭৪০॥
বুলিবি নলৈলে বিপ্ৰে হৰিৰ নামক।
মৰণ সময়ে ডাক দিলেক পুত্ৰক॥
কেনমতে ব্ৰাহ্মণৰ পাপ ভৈল নষ্ট।
শুন আৰ উত্তৰ ত্যজিয়া মন কষ্ট॥৭৪১॥
পুত্ৰনাম ধৰিয়া সঙ্কেতে লৱে নাম।
পৰিহাস কৰিও যদ্যপি বোলে ৰাম॥
গীত তাল মান পূৰণত নাম লয়।
অৱহেলা কৰি হৰিনাম উচ্চাৰয়॥৭৪২॥
ই সব প্ৰকাৰে যদি নামক উচ্চাৰে।
তথাপিতো সমস্ত পাতক তাৰ হৰে॥
বুলিবি বিপ্ৰৰ নাহি সঙ্কল্প মনত।
বৈকুণ্ঠৰ নাম লওঁ পাপ হৌক হত॥৭৪৩॥
পুত্ৰৰ স্নেহত বুলিলেক নাৰায়ণ।
কি মতে হৈবেক ব্ৰাহ্মণৰ পাপ ছন্ন॥
ইহাৰ উত্তৰ দূত শুনিবি সকলে।
কৰে জ্বৰে তাপে পীড়া পড়ে বা পিছলে॥৭৪৪॥
সৰ্পে দংশে মাৰে শত্ৰু ভাঙ্গে হাত ভৰি।
এতেক সময়ে অজ্ঞানতো বোলে হৰি॥
তথাপি সমস্তে পাপ হোৱয় বিনাশ।
আৰো তাকো যাতনা ভুঞ্জাইতে কৰ আশ॥৭৪৫॥
হেন বা বুলিবি তই যমৰ কিঙ্কৰ।
কৰি আছে বিপ্ৰে মহা পাপ গুৰুতৰ॥
বহু প্ৰায়শ্চিত্তেসে পৱিত্ৰ হোৱে গাত্ৰ।
সুমৰিয়া আছে ইটো অল্প নাম মাত্ৰ॥৭৪৬॥
কেন মতে ইহাৰ গুচিল সবে পাপ।
শুন আৰ উত্তৰ ত্যজিয়া মনস্তাপ॥
মনু আদি কৰি যত মহন্ত প্ৰধান।
কৰি আছে তাৰা সবে যিসব বিধান॥৭৪৭॥৷
গুৰু পাতকৰ প্ৰায়শ্চিত্ত গুৰুতৰ।
ক্ষুদ্ৰ মাত্ৰ প্ৰায়শ্চিত্ত ক্ষুদ্ৰ পাতকৰ॥
পাপ তাৰতম্য জানি কহিয়া আছন্ত।
সিসব নিয়ম তাতে মাত্ৰ বিহিলন্ত॥৭৪৮॥
নাহিকে ব্যৱস্থা ইটো হৰিৰ নামত।
সমস্তে পাতক উচ্চাৰন্তে হৱে হত॥
যেন এক বিন্দু মাত্ৰ পীলেক মদ্যক।
তথাপিতো মহা পাপী বুলি ব্ৰাহ্মণক॥৭৪৯॥
সেহি মতে অল্প মাত্ৰ সুমৰে নামক।
দহে ততকালে মহা মহা পাতকক॥
তপ জপ যাগ যোগ যজ্ঞ তীৰ্থ ব্ৰত।
যাক যৈতে বিহে তাক তৈতে কৰে হত॥৭৫০॥
কৰ্ম্ম প্ৰায়শ্চিত্তে পাপ নুগুচে সমুলি।
হৰিনামে পেলায়ে পাপৰ আলু তুলি॥
শুন যমদূত কহো কৰিয়া নিৰ্ণয়।
লৈলে একবাৰ নাম পাপ হোৱে ক্ষয়॥৭৫১॥
যেন বহু কাল ঘোৰ আন্ধাৰে আছয়।
একবাৰ প্ৰদীপ জ্বালিলে নষ্ট হয়॥
সেহি মতে হৰিনাম লৈলে একবাৰ।
অনাদি জন্মৰ পাপ হোৱয় সংহাৰ॥৭৫২॥
পুনৰপি পাপ আসি চাপয় সমীপ।
বাঢ়ে অন্ধকাৰ যেন নিমাইলে প্ৰদীপ॥
নামৰ আবৃত্তি নেৰে এতেকে মহন্তে।
নাশে অন্ধকাৰ যেন প্ৰদীপ থাকন্তে॥৭৫৩॥
সদা নাম লৱন্তে বাসনা হোৱে ক্ষয়।
নোপজয় পাপ পুনু চিত্ত শুদ্ধি হয়॥
এতেকেসে শাস্ত্ৰে কহে সদায় স্মৰণ।
কহিলো সমস্ত তোত নামৰ লক্ষণ॥৭৫৪॥
কহিলো ব্যৱস্থা ইটো সমস্ত লোকৰ।
শুন এবে কথা অজামিল ব্ৰাহ্মণৰ॥
অনেক জনমে পাপ কৰিয়াছে যত।
মৰন্তে সুমৰি নাম দহিল সমস্ত॥৭৫৫॥
শুনিল কৃষ্ণৰ কথা মুখত আমাৰ।
দহি পাতকৰ বীজ তৰিল সংসাৰ॥
প্ৰভুৰ পৰম কৃপা ভৈল আৰু প্ৰতি।
ইহাক ধৰস তোৰা পৰম দুৰ্ম্মতি॥৭৫৬॥
হেনবা বুলিবি দূত ইটো অজামিল।
প্ৰায়শ্চিত্ত জানি হৰিনাম নুচ্চাৰিল॥
কিমতে গুচিবে পাপ অজ্ঞানী বিপ্ৰৰ।
শুন এবে দূতসব ইহাৰ উত্তৰ॥৭৫৭॥
জ্ঞানেবা অজ্ঞানে নাম লৱে মাধৱৰ।
তথাপি সমস্ত পাপ দহে নিৰন্তৰ॥
অজ্ঞান বালক সবে যেন জুই দেয়।
তথাপি সমস্ত কাষ্ঠ ভস্ম কৰি নেয়॥৭৫৮॥
বুলিবি কাহাতো নতো উপদেশ পাৱে।
আপোনাৰ শ্ৰদ্ধা আৰ নাহিকে স্বভাৱে॥
কেন মতে নামে পাপ হৰিল বিপ্ৰৰ।
ইহাৰ উত্তৰ শুন যমৰ কিঙ্কৰ॥৭৫৯॥
যেন মহা বীৰ্য্যোত্তম পাই ঔষধক।
কাতো হন্তে নতো তাৰ শুনয় গুণক॥
নজানিয়া ৰোগীসবে কৰে তাক পান।
তথাপি সমস্ত ব্যাধি কৰয় নিৰ্য্যাণ॥৭৬০॥
সেহি মতে হৰিনাম মহা বীৰ্য্যোত্তম।
সমস্ত পাপৰ যেন কালান্তক যম॥
নজানি গুণক অশ্ৰদ্ধাতো সুমৰয়।
নিঃশেষে পাপক দহি নিৰ্ম্মূল কৰয়॥৭৬১॥
নচাৱে শ্ৰদ্ধাক বাট বস্তুৰ শকতি।
শুনিবি নামৰ আৰো দৃষ্টান্ত সম্প্ৰতি॥
নিচিনিয়া বিষ খাইয়া যেন মৰে নৰ।
নজানি অমৃত খাইয়া হোৱয় অমৰ॥৭৬২॥
অজ্ঞানতো হাত দিলে দহয় অগনি।
সেহি মতে হৰিনাম ধৰ্ম্ম শিৰোমণি॥
নজানিয়ো কৰে আক যিজনে কীৰ্ত্তন।
তাহাৰ সমূলি পাপ দহি কৰে ছন্ন॥৭৬৩॥
কহিবো কতেক আমি নামৰ মহিমা।
অচিন্ত্য প্ৰভাৱ নাম নাহি আৰ সীমা॥
হেন নাম উচ্চাৰিল দ্বিজ অজামিল।
কৰ্ম্মৰ বন্ধন আৰ সকল ছিড়িল॥৭৬৪॥
এতেকে পাইলেক বিপ্ৰে দুৰ্লভ মুকুতি।
ইহাক ধৰস তোৰা কমন যুগুতি॥
এহি বুলি পাৰিষদে খেদায় দূতক।
ভৈল অন্তৰ্দ্ধান তৈতে ৰাখিয়া বিপ্ৰক॥৭৬৫॥
উপসংহৰিয়া অজামিল উপাখ্যান।
পৰীক্ষিত ৰাজাত কহন্ত বিদ্যমান॥
বোলন্ত শুনিয়ো ৰাজা মোহোৰ উত্তৰ।
অতৰ্ক মহিমা কিনো হৰিৰ নামৰ॥৭৬৬॥
পৰম পামৰ পাপপুঞ্জ দ্বিজাধম।
এৰিলেক ব্ৰাহ্মণৰ যতেক নিয়ম॥
বেশ্যা পতি হৈয়া কৰি গৰিহিত কৰ্ম্ম।
সমস্ত ধৰ্ম্মকে নাশি সঞ্চিল অধৰ্ম্ম॥৭৬৭॥
নৰকত পৰে পৰে হেন সময়ত।
নাৰায়ণ বুলি ডাক দিলে অজ্ঞানত॥
তথাপিতো সদ্যে এড়াই পাতকৰ হাত।
সংসাৰত হন্তে মোক্ষ লভিল সাক্ষাত॥৭৬৮॥
অদভুত বুলি ৰাজা নুহিবা বিকল।
এহি মানে সমস্ত শাস্ত্ৰৰ মুখ্য ফল॥
চাহে মোক্ষ এড়াই যিটো কৰ্ম্মৰ বন্ধন।
তীৰ্থ-পদ-মাধৱৰ কৰোক কীৰ্ত্তন॥৭৬৯॥
আত পৰে নাহি আৰ অস্ত্ৰ তীক্ষ্ণতৰ।
কীৰ্ত্তনেসে ছেদে কৰ্ম্ম—বন্ধ পুৰুষৰ॥
আন যত প্ৰায়শ্চিত্ত কৰে নিৰন্তৰ।
ৰজ স্তমে মল অতি নুগুছে চিত্তৰ॥৭৭০॥
হৰি নাম কীৰ্ত্তনেসে কৰে মল দূৰ।
নামৰ মহিমা ৰাজা কহিলো প্ৰচুৰ॥
কৰোহো তোমাৰ দূৰ অসম্ভাৱনাক।
সাক্ষাতে প্ৰমাণ পুনু দেখাওঁ তোমাক॥৭৭১॥
মিলৈ ছাগলিতো দ্বিজ হেনসে অধম।
আৰো মৃত্যু বেলা চিত্ত অসুস্থ পৰম॥
হৰিনাম লওঁ তাৰ নাহি হেন মন।
পুত্ৰ উপচাৰে নাম কৰিল কীৰ্ত্তন॥৭৭২॥
তথাপিতো দগ্ধ কৰি সমস্ত পাপক।
পাৰিষদ ৰূপ ধৰি গৈল বৈকুণ্ঠক॥
হেনয় নামক যিটো লৱে ভক্তিভাৱে।
তাহাৰ ভাগ্যক কোনে কহি অন্ত পাৱে॥৭৭৩॥
জানি ইটো পৰমাৰ্থ সভাসদ জন।
হৰি গুণ নাম কৰা সদায় কীৰ্ত্তন।
এতেকে এড়াইবা সুখে সংসাৰৰ হাত।
দুৰ্লভ মুকুতি পদ লভিবা সাক্ষাত॥৭৭৪॥
নমো নমো নাৰায়ণ দেৱ হৃদীশ্বৰ।
কিঞ্চিতেক কৃপা মোক কৰা দামোদৰ॥
মোৰ কৰ্ম্ম গতি জন্ম হৌক যথা তথা।
তযু ভকতৰ সঙ্গ নেৰোক সৰ্ব্বথা॥৭৭৫॥
তোমাৰ নিৰ্ম্মল কথা শুনিবো সতত।
নুগুচোক মোৰ মুখে তযু নাম যত॥
তযু পাদপদ্ম সদা মনে সুমৰোক।
এহি মান অনুগ্ৰহ কৰা প্ৰভু মোক॥৭৭৬॥
পৰম অনাথ মোত পৰে নাহি আন।
মহা কাৰুণিক নাহি তোমাৰ সমান॥
শুনি আছো তুমি মহা পতিতৰ গতি।
মোত পৰে নাহি মহা পতিত সম্প্ৰতি॥৭৭৭॥
পতিত পাৱন হেন জানিয়া তোমাক।
পশিলো শৰণ নাথ নেৰিবা আমাক॥
তোমাক নেৰোক সদা মোৰ ইটো মনে।
সামাজিক লোক ৰাম ৰাম বোলা ঘনে॥৭৭৮॥
দুলড়ী
নামৰ পৰম, অতৰ্ক মহিমা,
শুনিলাহা সবে প্ৰজা।
শুনা আৰো যেন, দূতৰ আগত,
কহিলন্ত যম ৰাজা॥
বিষ্ণুৰ দূতৰ, মহা পীড়া পাইয়া,
তিনিও যম কিঙ্কৰ।
যমৰ আগত, পড়ি মহা দুঃখে,
দিলেক কান্দি গোচৰ॥৭৭৯॥
দূতৰ অৱস্থা, দেখিয়া যমৰ,
পৰম কৃপা মিলিল।
তিনিও দূতক, আশ্বাসিয়া পাছে,
মাতিয়া প্ৰবোধ দিল॥
হৰিৰ নামৰ, পৰম মহিমা,
দেখ দেখ দূত গণ।
বিপ্ৰ অজামিল, মৃত্যুকো তৰিল,
উচ্চাৰিয়া নাৰায়ণ॥৭৮০॥
এতেকে জানিবি, সংসাৰত যত,
আছে পুৰুষাৰ্থ চয়।
নাম-কীৰ্ত্তনেসে, নিৰপেক্ষ তাৰ,
সাধন জান নিশ্চয়॥
নামৰ সম্যক, কীৰ্ত্তন নলাগে,
পাপ ক্ষয় মাত্ৰকত।
কেৱল নামৰ, আভাষে কৰয়,
সমূলঞ্চে পাপ হত॥৭৮১॥
মোহোৰ বাক্যত, নযাহ সঞ্জাত,
সাক্ষাতে প্ৰমাণ দেখ।
অজামিল মহা অধম দ্বিজৰ,
পাতকৰ নাহি লেখ॥
মৰন্তে কেৱলে, ডাকিলে পুত্ৰক,
নাৰায়ণ-নাম লৈয়া।
এতেকে মৃত্যুকো, এৰায়া বৈকুণ্ঠ,
পদত উঠিল গৈয়া॥৭৮২॥
নামৰ আভাষ, কীৰ্ত্তন মাত্ৰকে,
মুকুতি দিলে সাক্ষাত।
ধৰ্ম্ম অৰ্থ কাম, দিবে হৰি নামে,
কিবা কথা কৈব আত॥
বুলিবি সংশয়, যেবে এহি হয়,
কহিলা যি সব অৰ্থ।
মনু আদি কৰি, প্ৰায়শ্চিত্ত যত,
বিহিলন্ত সবে ব্যৰ্থ॥৭৮৩॥
তাহাত বিস্তৰ, প্ৰয়াস আছয়,
হৰি নাম সুখকৰ।
কেৱলে নামক, কীৰ্ত্তন কৰিয়া,
কৃতকৃত্য হৱে নৰ॥
নাম এৰি আন, গুৰু প্ৰায়শ্চিত্তে,
যেহেতু প্ৰবৰ্ত্তে প্ৰাণী।
নামে সত্য কিবা, প্ৰায়শ্চিত্তে সত্য,
স্বৰূপ একো নজানি॥৭৮৪॥
ইহাৰ উত্তৰ, শুনিবি কিঙ্কৰ,
হৈয়া সাৱধান মন।
বিহিলন্ত প্ৰায় -শ্চিত্ত মনু আদি,
যত মহা সাধুজন॥
যেন অল্প মতি, বৈদ্যে নজানিয়া,
মহা মৃত্যু সঞ্জীৱনী।
তথাপিতো নানা -বিধ ঔষধক,
ৰোগীয়াক দেয় আনি॥৭৮৫॥
সেহি মতে ব্ৰহ্মা, হৰ প্ৰতি মুখে,
বাৰ জন ব্যতিৰেক।
মনু আদি কৰি, ইটো সংসাৰত,
মহন্ত আছে যতেক॥
হৰিৰ নামৰ, পৰম ৰহস্য,
মহিমাক নজানন্ত।
বাৰ বাৰিষিক, আদি কৰি নানা,
প্ৰায়শ্চিত্ত বিহিলন্ত॥৭৮৬॥
কৃষ্ণৰ দুৰ্জ্জয় মায়াত সবাৰো,
বিমোহিত ভৈল মতি।
বেদৰ মধুৰ, পুষ্পিত বাক্যত,
কৰন্ত সদায় ৰতি॥
ফল হীন মনো- হৰ বেদ বাদে,
জড়ীকৃত ভৈল চিত্ত।
এতেকে নামক, নজানি বিহিল,
মহা কৰ্ম্ম প্ৰায়শ্চিত্ত॥৭৯৭॥
প্ৰকৃতিৰ গুণে, বশ্য হৈয়া অতি,
অল্প মতি মূঢ় নৰে।
অস্পষ্ট কঠিন, মহা মন্ত্ৰ আদি,
ঘোৰ কৰ্ম্মে ৰতি কৰে॥
অলপ অক্ষৰ, পৰম কোমল,
ৰাম কৃষ্ণ আদি নাম।
অতি অনায়াসে, উচ্চাৰন্তে সাধে,
ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥৭৮৮॥
আক অল্প বুলি, এড়ি পাপী সবে,
কৰ্ম্ম-পথে প্ৰবৰ্ত্তিল।
এতেকে গ্ৰাহক, নেদেখি জানন্তা,
জনে নাম নকহিল।
জানিয়ো হৰিৰ, নাম নকৈবাৰ,
আৰো আছে অভিপ্ৰায়।
যেন কোন জনে, কুকুৰ শৃগাল,
খেদাইবাক মাত্ৰ চায়॥৭৮৯॥
তাক লাগি যেন, পোষণ সিংহক,
মেলি নেদে কদাচিত।
সেহি মতে অতি, তুচ্ছ চাড় ইটো,
কোন পাপ প্ৰায়শ্চিত্ত॥
পৰম মঙ্গল, হৰি নাম ধৰ্ম্ম,
মুকুতৰো যাত ৰতি।
পাপ প্ৰায়শ্চিত্ত, অৰ্থে মহাজনে,
নকৈলা নাম সম্প্ৰতি॥৭৯০॥
নাম নকৈবাৰ, আৰো অভিপ্ৰায়,
শুনিবি সমস্ত দূত।
নামৰ মহিমা, জানিল মাত্ৰকে,
জগতে হৈব মুকুত॥
এহি মনে গুণি, মহাজন সবে,
জানিয়া নাম নকৈল।
আন প্ৰায়শ্চিত্ত, বিহিয়া নামক,
গুপুতে কৰিয়া থৈল॥৭৯১॥
মনু আদি কৰি, যত মহাজন,
বেদ অৰ্থ বিচাৰক।
নামৰ মহিমা, জানি স্থানে স্থানে,
স্থাপিয়া আছে নামক।
তথাপিতো অপ্ৰ- মাণ নকৰিলে,
আন প্ৰায়শ্চিত্ত যত।
যেহেন বেদত, যাগ যোগ আদি,
কহি আছে প্ৰথমত॥৭৯২॥
পাছত সমস্ত, কৰ্ম্মক মৰ্দ্দিয়া,
অদ্বৈত জ্ঞান কহিল।
সেহি মতে আগে, প্ৰায়শ্চিত্ত কহি,
পাছত নাম বিহিল॥
সকলে কৰ্ম্মক, আচৰিয়া নৰে,
পাছত নাম সুমৰে।
হৰিৰ নামেসে, জানিবা নিশ্চয়,
কৰ্ম্মকো সুসাঙ্গ কৰে॥৭৯৩॥
যদ্যাপি নামৰ, মহিমা শ্ৰদ্ধালু,
নকৰয় কৰ্ম্ম আন।
প্ৰায়শ্চিত্ত বিধা- য়ক শাস্ত্ৰ তভোঁ,
নকৰিল অপ্ৰমাণ॥
অদ্বৈত শ্ৰদ্ধালু, সবে যেন একো,
যাগ আদি নাচৰন্ত।
তথাপিতো কৰ্ম্ম, বিধায়ক বেদ,
অপ্ৰমাণ নকৰন্ত॥৭৯৪॥
সেহি মতে মহা- জনে অপ্ৰমাণ
নকৰিলা প্ৰায়শ্চিত্ত।
অসম্ভাৱনাক, আদি কৰি যাৰ,
পৰম মলিন চিত্ত॥
কদাচিতো হৰি, নাম নাসিবেক,
সিটো মনুষ্যৰ মুখে।
অদ্বৈত জ্ঞানক, যেন কৰ্ম্মী নৰে,
ৰাখিতে নপাৰে দুঃখে॥৭৯৫॥
আন প্ৰায়শ্চিত্ত, অপ্ৰমাণ দেখি,
নকৰিব তাত ৰতি।
নাম কৰ্ম্ম দুইকো, এৰিয়া কেবলে,
যাইবে সিটো অধোগতি॥
এতেকে অজ্ঞানী, মনুষ্যৰ পদে,
প্ৰায়শ্চিত্ত ৰাখিলন্ত।
কৃষ্ণৰ নামক, নানাবিধ শাস্ত্ৰে,
নিবন্ধি থৈয়া আছন্ত॥৭৯৬॥
অনেক জন্মৰ, যিটো মহন্তৰ,
পৰম পুণ্য আছয়।
স্বভাৱে নামক, বিচাৰি পাইবেক,
সিটো সাধু মহাশয়॥
হেন জানি দূত, যিটো সাধু নৰে,
কৃষ্ণত লৈয়া শৰণ।
ধৰ্ম্ম শিৰোমণি, কৃষ্ণৰ নামক,
সদায় কৰে কীৰ্ত্তন॥৭৯৭॥
সিটো মহাজনে, চেতনে পাপত,
নকৰিবে অভিলাষ।
যদি প্ৰমাদত, সিঝে কদাচিত,
কীৰ্ত্তনে কৰিবে নাশ॥
পাপী হেন বুলি, তাহাৰ ওচৰ,
নচাপিবি দূতগণ।
মোৰ দণ্ড যোগ্য, নুহিকে জানিবি,
সিটো মহা সাধু জন॥৭৯৮॥
যমৰ বচন, থৈল এহি মানে,
শুনা সামাজিক জন।
সমস্তে ধৰ্ম্মৰ, নামেসে ঈশ্বৰ,
জানিয়া কৰা কীৰ্ত্তন॥
নমো নমো কৃষ্ণ, তোমাৰ অভয়,
চৰণে লৈলো শৰণ।
পৰম অনাথ, জানি মোক প্ৰভু,
কৃপা কৰা নাৰায়ণ॥৭৯৯॥
তোমাৰ অৰুণ চৰণ দুখানি,
ক্ৰীড়াৰ হৌক ভুৱন।
তথাতে সদায়, আনন্দে ক্ৰীড়োক,
আমাৰ বালক মন॥
তযু পাদপদ্ম, মকৰন্দ বস,
পীয়োক কৰ্ণ ভ্ৰমৰে।
গুণ নামামৃত, ফলক ভুঞ্জোক,
বাক্য শুকে নিৰন্তৰে॥৮০০॥
এহি মান মোক, কৰা অনুগ্ৰহ,
কৃপাময় কৃষ্ণ দেৱ।
তুমি বিনে মোৰ পৰম সুহৃদ,
বান্ধৱ নাহিকে কেৱ॥
কৃপাৰ সাগৰ, প্ৰাৰ্থক জনৰ
পূৰিয়ো মনৰ কাম।
গুচোক আপদ, যত সভাসদ,
ডাকি বোলা ৰাম ৰাম॥৮০১॥
পদ
শুনিলাহা সামাজিক মহিমা নামৰ।
কহো আৰ যুগুতি শুনিয়ো আত পৰ॥
বোলে কেহো জনে বহু প্ৰয়াসে সাধিত।
বাৰ বাৰিষিক আদি মুখ্য প্ৰায়শ্চিত্ত॥৮০২॥
হৰিনাম উচ্চাৰণ অতি সুখকৰ।
সিটো প্ৰায়শ্চিত্ত জানা নুহি শ্ৰেষ্ঠতৰ।
ইটো বচনত পৰে নাহি মহা মন্দ।
নকৰিবা তুমি সবে ইহাত আনন্দ॥৮০৩॥
অনেক জনমে যিটো কৰি মহা শ্ৰম।
পুণ্যৰ সমূহ সাঞ্চি আছে মেৰু সম॥
নাম উচ্চাৰিতে পাৰে সিসি মহাজনে।
লৈয়ো আৰ সাক্ষী অজামিলৰ বচনে॥৮০৪॥
যমৰ দূতৰ হাত এৰায়া ব্ৰাহ্মণে।
বসি পাছে আপুনি গুণন্ত মনে মনে॥
নাহি সীমা মই পাপ কৰি আছো যত।
তথাপিতো হৰিনাম আসিল মুখত॥৮০৫॥
ই জন্মত পাপী যদি নাহি মোত পৰ।
তথাপিতো জানো পুণ্য আছয় পূৰ্ব্বৰ॥
দেৱতো উত্তম মহা চাৰি বিষ্ণুদূত।
দেখিলোহো তাসম্বাৰ ৰূপ অদভুত॥৮০৬॥
নাছিলেক হন্তে মোৰ পূৰ্ব্ব পুণ্য যেৱে।
দেখিলোহো হন্তে কিয় তাসম্বাক তেৱে॥
এতেকে জানিলো আছে পূৰ্ব্ব পুণ্যগণ।
কহো আৰো আত মই উত্তম কাৰণ॥৮০৭॥
পৰম অধম মই বেশ্যাত পতিত।
ঘোৰ ঘোৰ পাতকে অশুদ্ধ মোৰ চিত্ত॥
তথাপি মৰন্তে নাম আসিল জিহ্বাত।
এতেকে জানিলো পুণ্য আছে অসংখ্যাত॥৮০৮॥
ইহাতো পৰম আৰো হেতু কহো অতি।
কৈত মই ধূৰ্ত্ত ব্ৰহ্মবধী আত্মঘাতী॥
পৰম মঙ্গল কৈত নাৰায়ণ-নাম।
মোক্ষতো অধিক ইটো ধৰ্ম্ম অনুপাম॥৮০৯॥
হেন নাম লৈলো মই মৰণ সঙ্কটে।
পূৰ্ব্ব পুণ্য বিনে ইটো সম্বন্ধ নঘটে॥
অজামিল বচনক এহি মানে থওঁ।
যিমত মঙ্গল নাম তাৰ কথা কওঁ॥৮১০॥
গো বিপ্ৰ পিতৃ মাতৃ গুৰু বধ কৰে।
কুকুৰকো খায় মহা ম্লেচ্ছ নিৰন্তৰে॥
যাৰ ৰাম কৃষ্ণ নাম কীৰ্ত্তন কৰন্তে।
ই সৱ পৱিত্ৰ হোৱে পতিত হন্তে॥৮১১॥
এতেকে জানিবা নাম গ্ৰহণ কৃষ্ণৰ।
বহু জন্ম সুকৃতি বলেসে পাৱে নৰ॥
দেৱহুতি বাক্যে আক দেখাওঁ স্পষ্ট কৰি।
কপিলক স্তুতি দেৱী কৰন্ত সাদৰি॥৮১২॥
তোমাৰ নামৰ প্ৰভু আশ্চৰ্য্য মহত্ত্ব।
থাকে যিটো চণ্ডালৰ জিহ্বাৰ অগ্ৰত॥
সেহি শৰীৰতে অতি হোৱে শ্ৰেষ্ঠতম।
নাহি সংসাৰত আৰ শ্ৰেষ্ঠ তাক সম॥৮১৩॥
তপ হোম দান সদাচাৰ তীৰ্থ ব্ৰত।
যজ্ঞ যাগ বেদ পাঠ আদি ধৰ্ম্ম যত॥
শুদ্ধ ভাৱে জন্মান্তৰে কৰিয়া আছয়।
তযু নাম কীৰ্ত্তনে দেখিয়ো ভাগ্যোদয়॥৮১৪॥
যতেক সুকৃতি আছে ইটো সংসাৰত।
হৈয়া আছে নাম কীৰ্ত্তনৰ অন্তৰ্গত॥
এহি হেতু কৰে যিটো নামৰ কীৰ্ত্তন।
জগতৰে পূজ্যত্তম ভৈল সিটোজন॥৮১৫॥
এহি মানে দেৱহুতি বচন সংহৰি।
দেখাইলো কীৰ্ত্তন সৰ্ব্ব জাতি উপকাৰী॥
সবে আশ্ৰমীৰে অধিকাৰ কীৰ্ত্তনত।
দেখাওঁ সাক্ষাতে ভগৱন্তৰ বাক্যত॥৮১৬॥
গৃহাশ্ৰম সুখে আসকতি অতি চিত্ত।
বেদৰ নিষিদ্ধ কৰ্ম্ম নকৰে কিঞ্চিত॥
নেয় কাল অন্যোঅন্যে কহি মোৰ কথা।
সিটো গৃহে পুৰুষকো নবান্ধে সৰ্ব্বথা॥৮১৭॥
যিহেতু সিসব গৃহে ভকতি সাধয়।
নলাগে এড়িবে থাকিবাৰ যোগ্য হয়॥
বিষয়ীৰো সাধে গতি কীৰ্ত্তনে সাক্ষাত।
আনৰ সাধিবে গতি কি কহিবো আত॥৮১৮॥
ভগৱন্ত বাক্যে থৈলো সংহৰি সাম্প্ৰত।
দেখাওঁ সদাচাৰ প্ৰহ্লাদৰ বচনত॥
পৰম উৎসুকে কথা প্ৰহ্লাদে কহন্ত।
কীৰ্ত্তনতে যিহেতু সন্তুষ্ট ভগৱন্ত॥৮১৯॥
এতেকে যদ্যপি মই নীচ অতিশয়।
গুচিল সকলে মোৰ মনৰ সংশয়॥
মহা যত্নে বুদ্ধি অনুসাৰে অনুক্ষণ।
কৃষ্ণ গুণ মহিমাক কৰোহো বৰ্ণন॥৮২০॥
কহো হেতু নজানিয়ো গুণ বৰ্ণাইবাৰ।
অবিদ্যা ৰচিত ইটো যতেক সংসাৰ॥
ইহাত প্ৰবেশ হৈয়া আছে জীৱ যত।
কৃষ্ণক নভজি মজি আছয় পাপত॥৮২১॥
সিও শুদ্ধি হোৱে অতি কৰিয়া কীৰ্ত্তন।
আত পৰে নাহি আন শুদ্ধিৰ কাৰণ॥
গুচয় অবিদ্যা হৰি কীৰ্ত্তন কৰন্তে।
অনায়াসে হোৱে মোক্ষ সংসাৰত হন্তে॥৮২২॥
ইহাকে দেখাওঁ পুনু প্ৰহ্লাদ প্ৰাৰ্থনে।
বোলন্ত বিনয় কৰি নৃসিংহ চৰণে॥
হে প্ৰভু নৃসিংহ প্ৰণামো তযু পাৱে।
ভৈলোহো তোমাৰ দাস জানিবা স্বভাৱে॥৮২৩॥
তুমি মোৰ প্ৰিয়তম সুহৃদ বান্ধৱ।
তুমি বিনে শ্ৰেষ্ঠ দেৱ নাহিকে মাধৱ॥
জানি লৈলো শৰণ অভয় চৰণত।
যেৱে মই ভৈলো তযু দাস স্বৰূপত॥৮২৪॥
কৰিবা অৱশ্যে মোক কৃপা দামোদৰ।
পাইবোহো নিশ্চয় সঙ্গ তযু ভকতৰ॥
ব্ৰহ্মা আদি পূৰ্ব্ব সম্প্ৰদায় সিদ্ধ অতি।
কহে যিটো কথা সাধু সবে দিনে ৰাতি॥৮২৫॥
সিটো কথা অমৃত কৰিবো কৰ্ণে পান।
বিষয়ৰ আনুৰাগ হৈবেক নিৰ্য্যাণ॥
তোমাৰ গুণক মুখে কৰিবো বৰ্ণন।
পৰম আনন্দে মন হৈবেক মগন॥৮২৬॥
এতেকে সংসাৰ দুঃখে নপাইব আমাক।
তৰি বহু সুখে ঘোৰ দুৰ্জ্জয় মায়াক॥
সম্প্ৰতি সংহৰি থৈলো প্ৰহ্লাদ বচন।
কীৰ্ত্তনেসে নিৰপেক্ষ মুকুতি সাধন॥৮২৭॥
দেখাইলো ইদানী কহো শুনিয়ো নিশ্চয়।
কৰ্ম্মৰো বিঘিনি কীৰ্ত্তনেসে সংহৰয়॥
লৈয়ো আৰ সাক্ষী মই দেখাওঁ হৰিষি।
বামনৰ আগত বোলন্ত শুক্ৰ ঋষি॥৮২৮॥
মন্ত্ৰ তন্ত্ৰ দেশ কাল পাত্ৰ বস্তু যত।
বহুবিধ ছিদ্ৰ তাত আছয় সমস্ত॥
তযু নাম কীৰ্ত্তনে সবাকে কৰে দূৰ।
তোমাৰ নামৰ প্ৰভু মহিমা প্ৰচুৰ॥৮২৯॥
এহিমানে থৈলো শুক্ৰ ঋষিৰ বচন।
হৰিৰ কীৰ্ত্তন পৰ ভৈল যিটোজন॥
সেহিসে মহন্ত ধন্য দেখাওঁ যতনে।
কংস ৰঙ্গশালে নাৰীগণৰ বচনে॥৮৩০॥
কহয় সম্বোধি অন্যো অন্যে নাৰীগণ।
শুনা সখি ধন্য ধন্য গোপীৰ জীৱন॥
ধেনুক দোহন্তে কতো দধিক মথন্তে।
ছৱালক নিচুকান্তে গৃহক মাৰ্জ্জন্তে॥৮৩১॥
আন সব কৃত্য গোপী কৰন্তে সদায়।
এহিটো কৃষ্ণৰ গুণ অনুৰাগে গায়॥
আনন্দ সাগৰে গোপী মজে সমুদায়।
প্ৰেমভৰে নয়নৰ নীৰ বহি যায়॥৮৩২॥
কৃষ্ণ-বিষয় গোপীৰ ভৈল যান প্ৰায়।
তাতে চড়ি গোপীসব বিষয়ক ধায়॥
গোপীসৱ সম কোন আছে ভাগ্যৱতী।
এতেকেসে আমি সবে বোলোহো সম্প্ৰতি॥৮৩৩॥
সংসাৰ মাজত হেন আছে কোন জন।
নকৰিবে অন্যো অন্যে কৃষ্ণৰ কীৰ্ত্তন॥
তাতেসে কেৱল তুষ্ট হন্ত নাৰায়ণ।
নিজানন্দ লাভে পৰিপূৰ্ণ সৰ্ব্বক্ষণ॥৮৩৪॥
নাহি তাঁন ইচ্ছা লক্ষ্মী ভাৰ্য্যাত কিঞ্চিত।
তথাপি কৃষ্ণক লক্ষ্মী নেৰে কদাচিত॥
নিজ ভকতক বৰ নেদি লক্ষ্মীদেৱী।
থাকন্ত সদায় কৃষ্ণ-পাদ-পদ্ম সেৱি॥৮৩৫॥
কীৰ্ত্তন বিমুখ যিটো জানিবা স্বভাৱে।
তাক অনুগ্ৰহ নকৰন্ত লক্ষ্মীমাৱে॥
এতেকেসে বিচাৰ চতুৰ সবে অতি।
কৃষ্ণৰ কীৰ্ত্তন মাত্ৰ কৰে দিন ৰাতি॥৮৩৬॥
দেখাওঁ প্ৰমাণ উদ্ধৱৰ বচনত।
বোলন্ত উদ্ধৱে কৃষ্ণদেৱৰ আগত॥
জৰাসন্ধে ধৰি আছে যত ৰাজাগণ।
পৰম উৎসুকে তাসম্বাৰ পত্নীগণ॥৮৩৭॥
আপোনাৰ গৃহে তযু গুণ গণ কই।
বালক সবক নিচুকান্ত কোলে লই॥
নকান্দা বালক সব শুন সত্য বাণী।
জৰাসন্ধ ৰাজাক বধিয়া চক্ৰপাণি॥৮৩৮॥
তোমসাৰ পিতৃক মেলাইবন্ত কৃপাময়।
তোৰ মনোৰথ পূৰিবন্ত অতিশয়॥
নযাস সঞ্জাত যদি দেখাওঁ প্ৰমাণ।
ভকতবৎসল নাহি কৃষ্ণৰ সমান॥৮৩৯॥
শঙ্খচুড় যক্ষ মাৰি মেলাইলা গোপীক।
কংস মাৰি মেলাইলন্ত পিতৃক মাতৃক॥
ৰাম অৱতাৰে গৈয়া ৰাবণক মাৰি।
আনিলন্ত প্ৰভূ সীতা শান্তিক উদ্ধাৰি॥৮৪০॥
হৰি অৱতাৰত গ্ৰাহৰ ছিড়ি মুখ।
বৈকুণ্ঠক নিলা গজেন্দ্ৰৰ গুচাই দুঃখ॥
এহি কৃষ্ণ অৱতাৰে নৰকক মাৰি।
অনিলা মেলাই ষোল সহস্ৰ কুমাৰী॥৮৪১॥
আনো আনো লৱে যিটো কৃষ্ণত শৰণ।
সবাৰো দুঃখক দূৰ কৰে নাৰায়ণ॥
লৈয়া আছে তোৰো পিতৃ শৰণ কৃষ্ণত।
অল্পতে কৰিব আসম্বাৰ দুঃখ হত॥৮৪২॥
এহি মতে ৰাত্ৰি দিনে ৰাজ ভাৰ্য্যাগণে।
তোমাৰ নিৰ্ম্মল যশ গাৱে অনুক্ষণে॥
কৰা তাসম্বাৰ গৈয়া দুঃখক নিৰ্য্যাণ।
থৈলো উদ্ধৱৰ বচনক এহি মান॥৮৪৩॥
কৃষ্ণৰ কীৰ্ত্তন ফল কৰি নিৰূপণ।
কৰো নিন্দা যিটো জনে নকৰে কীৰ্ত্তন॥
পায়া আছে জিহ্বা মুকুতিৰ সাঁকো প্ৰায়।
আত আৰোহণ কৃষ্ণ কীৰ্ত্তন সদায়॥৮৪৪॥
হেলাত নকৰি কৃষ্ণ কীৰ্ত্তন সম্প্ৰতি।
মোক্ষৰ সাঁকোেত নুঠি নশিল দুৰ্ম্মতি॥
নকৰে কীৰ্ত্তন যেবে নপাইবে মুকুতি।
বুলিলা দুৰ্ম্মতি তাক কমন যুগুতি॥৮৪৫॥
ইহাৰ উত্তৰ এক কীৰ্ত্তন বিমুখ।
কৰে সিটো আৰ বৃথা বাক্য ব্যয় দুঃখ॥
ভগৱন্ত বাক্যে লৈয়ো প্ৰমাণ নিশ্চয়।
উদ্ধৱক বোলন্ত শুনিয়ো মহাশয়॥৮৪৬॥
মোৰ গুণ নাম নাহি যিটো বচনত।
কেৱল সিসব বাক্য দুঃখসে সমস্ত॥
যেন দুঃখ পাৱে মাত্ৰ চাৰি বাঁজী গাই।
অসতী ভাৰ্য্যাত যেন একো সুখ নাই॥৮৪৭॥
দুঃখ মাত্ৰ ভুঞ্জে যাৰ দেহ পৰাধীন।
দুষ্ট পুত্ৰ স্নেহে যেন আপদৰ চিন॥
সদপাত্ৰ পায়া বিত্ত নকৰিল দান।
নাহি যেন দুঃখী সিটো ধনীৰ সমান॥৮৪৮॥
অসত কীৰ্ত্তিত যেন নাহি একো সুখ।
ইটো সবে অনন্তৰে যেন পাৱে দুঃখ॥
এহি মতে মই হীন যত বাক্যচয়।
তাক কহি দুঃখ মাত্ৰ ভুঞ্জিয়া ফুৰয়॥৮৪৯॥
মোৰ মহা মুখ্য কৰ্ম্ম সৃষ্টি স্থিতি লয়।
সিসব কথায় অতি পৱিত্ৰ কৰয়॥
ৰাম কৃষ্ণ আদি লীলা অৱতাৰ যত।
কৰি আছো কৰ্ম্মচয় প্ৰসিদ্ধ লোকত॥৮৫০॥
প্ৰেমৰ আস্পদ সিটো চৰিত্ৰ অমৃত।
চাণ্ডাল পৰ্য্যন্ত কৰে জগত পৱিত্ৰ।
যিটো বাক্য নাহি হেন কৰ্ম্ম সুনিৰ্ম্মল।
জানিবা উদ্ধৱ সিটো সকল নিষ্ফল॥৮৫১॥
দুঃখ হেতু জানি তাক বুদ্ধিমন্ত নৰে।
যেন উচ্ছিষ্টক বিদূৰতে পৰিহৰে।
কৃষ্ণৰ বচন থৈলো সম্প্ৰতি সংহৰি।
প্ৰশংসিলো কীৰ্ত্তন কুকথা নিন্দা কৰি॥৮৫২॥
বিশেষতঃ কলিযুগে কীৰ্ত্তন প্ৰশস্ত।
মহন্ত সবৰ মত দেখাওঁ সমস্ত॥
কলিৰ পৰম গুণ যাৰা সবে জানে।
চাৰি যুগ মাজত কলিক শ্ৰেষ্ঠ মানে॥৮৫৩॥
বুলিবা কলিত আছে দোষসে বিস্তৰ।
কিহেতু প্ৰশংসে শুনা ইহাৰ উত্তৰ॥
যিহেতু মহন্ত সবে দোষ পৰিহৰি।
অল্প মাত্ৰ গুণক লৱন্ত সাৰ কৰি॥৮৫৪॥
শুনিয়ো কলিৰ মহা গুণ যেন মত।
কেৱল কৃষ্ণৰ কৰি কীৰ্ত্তন মুখত॥
এতেকে সংসাৰ দুঃখ হোৱে উপশাম।
পাৱে সুখে নৰে ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥৮৫৫॥
ইটো সংসাৰত হৰি কীৰ্ত্তনত পৰ।
পৰম উত্তম লাভ নাহিকে জীৱৰ॥
কীৰ্ত্তনত গুচে ঘোৰ সংসাৰৰ বন্ধ।
অনায়াসে পাৱে মহা মুকুতি আনন্দ॥৮৫৬॥
যেন কোন জন অতি আতুৰ নাপৰা।
সকাশ পাইবাক লাগি ভুঞ্জয় শৰ্কৰা॥
খাইলে সন্তোষ গুছে ৰোগ নিৰন্তৰ।
সেহি মতে নাম গুণ চৰিত্ৰ কৃষ্ণৰ॥৮৫৭॥
কীৰ্ত্তন কৰন্তে সুখে আনন্দ মিলয়।
গুচয় সংসাৰ ব্যাধি মুকুতি পাৱয়॥
এহি হেতু মহা লাভ কীৰ্ত্তন কলিত।
ইহাৰ প্ৰশংসা যত সকল উচিত॥৮৫৮॥
জানিয়া কলিত যিটো কৃষ্ণৰ নামক।
আপুনি কীৰ্ত্তন কৰে কৰাৱে আনক॥
মহা ভাগ্যৱন্ত আৰ নাহি তাক সম।
তৰিল সংসাৰ সুখে সিসি নৰোত্তম॥৮৫৯॥
আৰ শুনা কলিত যি সব গুণ সাৰ।
যদ্যপি পাতকী কলি দুষ্ট দুৰাচাৰ॥
তথাপিতো সত্যাদিৰ ধ্যানাদিৰ ফল।
কলিত কীৰ্ত্তনে দেয় সিসব সকল॥৮৬০॥
ইহাৰ লৈয়োক সাক্ষী বচনে শুকৰ।
বোলন্ত শুনিয়ো পৰীক্ষিত নৃপবৰ॥
যদি কলিযুগ মহা পাপৰ সাগৰ।
আছে তথাপিতো এক গুণ শ্ৰেষ্ঠতৰ॥৮৬১॥
পৰম আনন্দে কৰি কেৱল কীৰ্ত্তন।
কৃষ্ণত প্ৰবেশে ছিড়ি কৰ্ম্মৰ বন্ধন॥
পাৱে যেন সিদ্ধি সত্য যুগে ধ্যান কৰি।
ত্ৰেতাযুগে নানাবিধ যজ্ঞে যজি হৰি॥৮৬২॥
লভে যেন ফল পূজা কৰি দ্বাপৰত।
কলিত কীৰ্ত্তনে তাক পাৱয় সমস্ত॥
কীৰ্ত্তনৰ ফল আৰো অধিক পাৱয়।
এতেকেসে কলিযুগ শ্ৰেষ্ঠ অতিশয়॥৮৬৩॥
বুলিবাহা তবে কোন গুণ মাধৱৰ।
কৰিব কীৰ্ত্তন শুনা ইহাৰ উত্তৰ॥
অনন্ত কৃষ্ণৰ চৰিত্ৰৰ নাহি অন্ত।
আপুনিও কৃষ্ণে যাৰ অন্ত নাপাৱন্ত॥৮৬৪॥
নিৰ্ণয় কৰিবে তাক কাহাৰ শকতি।
চাহে যিটো জনে তাক গণিবাক প্ৰতি॥
তাত পৰে নাহি মন্দমতি সংসাৰত।
লৈয়োক ইহাৰ সাক্ষী কৃষ্ণৰ বাক্যত॥৮৬৫॥
বোলন্ত উদ্ধৱ শুনা কহো স্বৰূপত।
সাত পৃথিৱীৰ পৰমাণু আছে যত॥
বিস্তৰ কালেসে যেবে মই মাত্ৰ তাক।
গণি সংখ্যা কৰিয়া পাৰোহো কহিবাক॥৮৬৬॥
তথাপিতো মায়া-বলে সৃজি আছো যত।
নপাৰোহো গণিতে ব্ৰহ্মাণ্ড আছে কত॥
ময়ো নজানোহো ব্ৰহ্মাণ্ডৰ সীমা যত।
নাম গুণ বিভুতি যতেক আছে তাত॥৮৬৭॥
কাহাৰ শকতি তাক কৰিৰেক অন্ত।
এতেকে উদ্ধৱ মোৰ চৰিত্ৰ অনন্ত॥
কৰোক কীৰ্ত্তন নিজ মতি অনুসাৰে।
গুচিবে সংসাৰ তাপ এতেকে সবাৰে।৮৬৮॥
এহি মানে থৈলো কৃষ্ণদেৱৰ বচন।
কহো নিষ্ঠ কৰি শুনিয়োক সৰ্ব্বজন॥
বিষয় সম্বন্ধ যত বৃথা বাক্য চয়।
তাত যেবে কৃষ্ণ-গুণ-নাম মিশ্ৰ হয়॥৮৬৯॥
হোৱে সিটো বচন সাৰ্থক অতিশয়।
অন্যথা সিসব বাক্য বৃথাসে নিশ্চয়।
লৈয়ো আৰ সাক্ষী অক্ৰূৰৰ বচনত।
বোলন্ত অক্ৰূৰে বাক্য আসন্তে পথত॥৮৭০॥
কৃষ্ণ গুণ মিশ্ৰিত যতেক বাক্যচয়।
সেহি বাক্যে জগতকে পবিত্ৰ কৰয়॥
সমস্তকে সেহি বাক্যে জীয়াৱে সকল।
শোভন কৰাৱে সেহি মিলাৱে মঙ্গল॥৮৭১॥
যিটো বচনত নাহি কৃষ্ণ গুণ গণ।
নানা বাক্য অলঙ্কাৰে কৰাৱে শোভন॥
নাহি একো ছিদ্ৰ শুনিবাকো মনোৰম।
জানিবা তথাপি সিটো মৰা শৱ সম॥৮৭২॥
বস্ত্ৰ অলঙ্কাৰে যেন শৱক কচাৱে।
তথাপিতো অপৱিত্ৰ জানিবা স্বভাৱে॥
সেহি মতে হৰি গুণ হীন বাক্য যত।
থাকয়ে সিসব বাক্য যাহাৰ মুখত॥৮৭৩॥
মৰা শৱ যেন লৈয়া ফুৰে অতিশয়।
উত্তম মুখক অতি অশুদ্ধ কৰয়॥
এহি মানে থৈলোহো বচন অক্ৰূৰৰ।
কীৰ্ত্তনেসে পৰম ভকতি মাধবৰ॥৮৭৪॥
কহো উপসংহৰিয়া ইটো প্ৰকৰণ।
মনোহৰ কৃষ্ণৰ যতেক গুণ গণ॥
পৰম মঙ্গল শিশু লীলা বহুবিধ।
মহা ভাগৱত শাস্ত্ৰে যতেক প্ৰসিদ্ধ॥৮৭৫॥
শ্ৰদ্ধা ভাৱে কৰে যিটো কীৰ্ত্তন সতত।
পৰম ভকতি তাৰ মিলয় কৃষ্ণত॥
জানিবা কীৰ্ত্তনপৰ ভৈল যিটো নৰ।
সমস্ত ভকতি সিদ্ধি ভৈল সিজনৰ॥৮৭৬॥
এহি মানে ভৈল সমাপতি বিৰচন।
শুনিয়োক যত সভাসদ সাধু জন॥
হৰি গুণ কীৰ্ত্তনত কৰিওক ৰতি।
কীৰ্ত্তনেসে মাধবৰ উত্তম ভকতি॥৮৭৭॥
নমো নমো কৃষ্ণ অনাথৰ নাথ দেৱ।
মোত পৰে অনাথ নাহিকে আন কেৱ॥
একে ভৱৰোগে মোক সহজে পীড়য়।
বিষয় অপথ্য তাতে খাইলো অতিশয়॥৮৭৮॥
মনোৰথ চিন্তা বিষে হৈয়া অচেতন।
সংসাৰ কূপত পড়ি আছো নাৰায়ণ॥
হেন মই দুঃখিতক তুমি বিনেআন।
নেদেখো কৃপালু যিটো কৰিবেক ত্ৰাণ॥৮৭৯॥
জানো কৃষ্ণ তযু গুণ পৰম অমৃত।
তোমাৰ ভক্তৰ সঙ্গে পীয়ায়োক নিত॥
তেবেসে দুৰ্ঘোৰ ভৱ-ৰোগ হৱে দূৰ।
কৰিয়োক কৃষ্ণ মোক কৰুণা প্ৰচুৰ॥৮৮০॥
তোমাৰ অভয় দুই চৰণ-পঙ্কজে।
তাতে মোৰ মন মজি ৰহোক সহজে॥
মই ভিক্ষাকাৰী সিদ্ধি কৰা মনস্কাম।
সামাজিক লোকে ডাকি বোলা ৰাম ৰাম॥৮৮১॥
⸺
ষষ্ঠ : স্মৰণ বিৰচন
ছবি
হৰি কীৰ্ত্তনৰ যেন, কহিলো মহিমা তাক,
শুনিলাহা সামাজিক জন।
শুনা হৰি স্মৰণৰ, মহিমা কহিবে প্ৰতি,
আৰম্ভিলো পুনঃ বিৰচন॥
হৰি স্মৰণেসে যাৰ, কেৱল স্বভাৱ ভৈল,
পৰম কৃতাৰ্থ সিসি অতি।
লৈয়োক ইহাৰ সাক্ষী, উদ্ধৱ মহন্তে যেন,
বুলিলন্ত গোপিকাক মাতি॥৮৮২॥
শুনিয়োক গোপীগণ, যিহেতু অৰ্পিলা মন,
ভগৱন্ত মাধৱৰ পাৱে।
এতেকেসে তুমি সব, লোকৰ পূজিত অতি,
কৃতকৃত্য ভৈলাহা স্বভাৱে॥
পূৰুৱ জনমে যেৱে অনেক প্ৰয়াস কৰি,
যাগ যোগ আচৰি থাকয়।
তেবে কদাচিত নৰে, কৃষ্ণ পদ-পঙ্কজত
মন নিবেশাইবাক পাৰয়॥৮৮৩॥
হেন কৃষ্ণ চৰণত, মন অৰ্পি অনুৰাগে,
তাহাঙ্ক সুমৰা অনুক্ষণ।
যাগ যোগাদিৰো ফল, লভিলাহা তুমি সব,
মহা ভাগ্যৱতী গোপীগণ॥
উদ্ধৱৰ বাক্য থওঁ, এহি অৰ্থ স্পষ্ট কওঁ,
ভগৱন্ত কৃষ্ণৰ বচনে।
শুনিয়ো উদ্ধৰ এহি- মানে মাত্ৰ যোগ কহি,
আছে সনকাদি ঋষিগণে॥৮৮৪॥
আন বিষয়ৰ চিন্তা, এৰিয়া সাক্ষাতে যিটো
মোতে মাত্ৰ অৰ্পিলেক মন।
গুচিল চিত্তৰ মন, পাইলেক সমস্ত ফল,
ভৈল কৃতকৃত্য সিটোজন॥
এহি মানে মাধৱৰ, বচন সংহৰি থৈলো,
শুনা সভাসদ নিৰন্তৰ।
কৃষ্ণ চৰণত মন, অৰ্পিবাৰ ফল যেন,
কহো এবে বচনে শুকৰ॥৮৮৫॥
বোলন্ত শুনিয়ো মহা, পৰীক্ষিত নৃপবৰ,
কৃষ্ণৰ অভয় চৰণত।
দিয়া কায় বাক্য মন, সুমৰয় অনুক্ষণ,
কৈবো কিবা তাহাৰ মহত্ত্ব॥
চৰণৰ এক দেশে, ছলে বলে একবাৰ,
কৰাইলেক মনক নিবেশ।
এতেকে জানিবা সিটো, মহা মহা পাতকৰ,
প্ৰায়শ্চিত্ত কৰিল নিঃশেষ॥৮৮৬॥
যম যম-কিঙ্কৰক, স্বপ্নতো নেদেখে আৰ,
পাইলে পাৰ ইটো সংসাৰৰ।
যি পুনু স্বভাৱে মন, দিয়া চিত্তে অনুক্ষণ,
সমস্ত অঙ্গকে মাধৱৰ॥
তাহাৰ মহিমা আৰ, কহিয়া নপাওঁ পাৰ,
ভৈল সিটো বল্লভ কৃষ্ণৰ।
নাৰদৰ আগে ব্ৰহ্মা, কহিলন্ত আৰো যেন,
শুনা ফলান্তৰ স্মৰণৰ॥৮৮৭॥
বোলন্ত নাৰদ মোৰ বচনত দিয়া চিত্ত,
কহো মই তোমাত সাক্ষাত।
যেহেতু আনন্দময়, প্ৰেমৰসে যুক্ত হৈয়া,
ঈশ্বৰক চিন্তিলো হিয়াত॥
তাতেসে মোহোৰ ইটো, মন বাক্য শৰীৰৰ,
নোহে মিছা ব্যাপাৰ সকল।
মোহোৰ প্ৰভাৱ নুহি, জানিবা নিশ্চয় তুমি,
কিন্তু হৰি স্মৰণৰ ফল॥৮৮৮॥
এহি হেতু ভগৱন্ত, স্মৰণেসে মহা লাভ,
নাহি আৰ আন সংসাৰত।
সাংখ্য অষ্টাঙ্গ যোগ, জন্মৰ এহিসে ফল,
কহিলোহো ইটো স্বৰূপত॥
অন্তকালে নাৰয়ণ, স্মৰে যিটো মহাজন,
তাৰ কোনে কহিবে মহিমা।
নাহি লাভ তাত পৰ, কৃতকৃত্য সিটো নৰ,
এহি মানে মুকুতিৰো সীমা॥৮৮৯॥
কহো আৰ স্পষ্ট কৰি, পুনৰপি শুক বাক্য,
বোলন্ত শুনিয়ো পৰীক্ষিত।
স্মৰণৰ মহিমাক, জানি কেশৱক ৰাজা,
কৰিয়োক আনি হৃদি স্থিত॥
তেবে মৃত্যু সময়ত, হৈব সাৱধান চিত্ত,
ত্যজি ইটো মায়াময় তনু।
স্মৰণৰ প্ৰভাৱত, দহি কৰ্ম্ম-মল যত,
পৰম গতিক পাইবা পুনু॥৮৯০॥
ম্ৰিয়মাণ সময়ত, যাহাৰ স্মৰণ ভৈল,
ভগৱন্ত পৰম ঈশ্বৰ।
আত্ম ৰূপ দেন্ত তাক, যেহেতু স্মৰণ সিটো,
ভৈল অতি সমস্ত লোকৰ॥
বুলিবাহা জ্ঞান বিনে, স্মৰণ মাত্ৰকে কেনে,
পাইব নিজ স্বৰূপ কৃষ্ণৰ।
সত্য ইটো প্ৰশ্ন শুনা, ইহাৰ উত্তৰ যেন,
জ্ঞানও অধীন স্মৰণৰ॥৮৯১॥
কৃষ্ণ পদ পঙ্কজক, সদায়ে সুমৰে যিটো,
হোৱে নষ্ট তাৰ পাপ যত।
বাসনাকো কৰে ক্ষয়, চিত্ত মহা শুদ্ধ হয়,
মিলে প্ৰেম ভকতি কৃষ্ণত॥
বিজ্ঞান সহিতে জ্ঞান, উপজয় বিদ্যমান,
বিষয়ত গুছে অভিলাষ।
পৰম কল্যাণতৰ, হোৱে হৰি স্মৰণৰ,
ফলান্তৰ কৰিলো প্ৰকাশ॥৮৯২॥
নমো নমো নাৰায়ণ, নৰ ৰূপী বিড়ম্বন,
দৈৱকী নন্দন চিদানন্দ।
মোৰ মন মধুকৰে, সদায় কৰোক পান,
তযু পাদপদ্ম মকৰন্দ॥
তোমাৰ নিৰ্ম্মল যশ, পৰম অমৃত ৰস,
সদায় কৰোক কৰ্ণে পান।
ৰাম কৃষ্ণ আদি নাম, লৌক মুখে অবিশ্ৰাম,
দিয়া দান মোক এহি মান॥৮৯৩॥
ইটো ব্ৰহ্মাণ্ডত হৰি দুঃখী নাহি মোক সৰি,
দাতা নাহি তোমাৰ সমান।
হাতে দান্তে তৃন ধৰি, মাগোহো কাৰ্পণ্য কৰি,
দিয়া প্ৰভু প্ৰাৰ্থিবাৰ দান॥
নকৰিয়ো আশা ভঙ্গ, তযু ভকতৰ সঙ্গ,
নুগুচোক সদায় আমাৰ।
কৰা কৃপা কৃপাময়, যত সামাজিক চয়,
ৰাম বুলি তৰিয়ো সংসাৰ॥৮৯৪॥
শুনিলাহা সাধু সভাসদ নিৰন্তৰ।
অতৰ্ক মহিমা অতি হৰি স্মৰণৰ॥
জ্ঞানাদিৰ পদে একো শ্ৰম নলাগয়।
হবি স্মৰণত সুখে সমস্তে মিলয়॥৮৯৫॥
বুলিবাহা জ্ঞানৰ কাৰণ চিত্ত শুদ্ধি।
বিদ্যা তপ আদিসে নিৰ্ম্মল কৰে বুদ্ধি॥
কেন জ্ঞান উপজিবে হৰি স্মৰণত।
ইহাৰ উত্তৰ শুনিয়োক যেন মত॥৮৯৬॥
দেৱতাক উপাসয় স্বধৰ্ম্ম আচৰে।
সমস্ত ভূততে মহা মিত্ৰৱতী কৰে॥
তপ জপ যত যজ্ঞ দান তীৰ্থ ব্ৰতে।
ই সবে চিত্তক শুদ্ধি নকৰে সিমতে॥৮৯৭॥
যেন মতে হৃদিগত হৈয়া ভগৱন্ত।
বাসনা সহিতে মল চিত্তৰ হৰন্ত॥
এহি অৰ্থ পুনৰপি কহো স্পস্ট কৰি।
স্মৰণতে হৃদয়ত প্ৰবেশিয়া হৰি॥৮৯৮॥
কলি কৃত দোষ যত হৰন্ত সমস্ত।
বিশেষে বিস্তৰ মল কলিৰ যুগত॥
সিও মল গুছে হৰি স্মৰণে সৰ্ব্বথা।
আন মল গুচিবেক ইটো কোন কথা॥৮৯৯॥
হৰি স্মৰি তৰে নৰে মৃত্যুৰো সঙ্কট।
দৃষ্টান্ত সহিতে এহি অৰ্থ কৰো স্পষ্ট॥
যেন সুবৰ্ণৰ ধাতু মিশ্ৰ মল যত।
কেৱল বহ্নিসে তাক হৰয় সমস্ত॥৯০০॥
ক্ষাৰ পানী টেঙ্গা লৈয়া যদ্যপি প্ৰক্ষালে।
তথাপি দুৰ্ব্বৰ্ণ নুগুচয় একো কালে॥
সেহি মতে যোগীৰো চিত্তৰ যত মল।
বিষ্ণুসে হৰন্ত তাক জানিবা সকল॥৯০১॥
কদাচিতো নুগুচয় যোগ অভ্যাসত।
হৰি স্মৰণৰ কত কহিবো মহত্ত্ব॥
নাহিকে উপায় আন স্মৰণৰ সম।
পূৰ্ব্বাপৰ সাধু ইটো কৰিল নিয়ম॥৯০২॥
আৰো স্মৰণৰ কৰো মহিমা বিদিত।
যেন তেন মতে মাত্ৰ সুমৰোক নিত॥
তথাপিতো পুৰুষাৰ্থ সিদ্ধি হৈব তাৰ।
প্ৰহ্লাদ বচনে সাক্ষী লৈয়োক ইহাৰ॥৯০৩॥
বোলন্ত প্ৰহ্লাদে মহা উৎসুকে মনত।
অসুৰ সবক মানো মহা ভাগৱত॥
হাতত ধৰিয়া চক্ৰ প্ৰভু ভগৱন্ত।
গৰুড় স্কন্ধত চড়ি সাক্ষাতে আছন্ত॥৯০৪॥
তাঙ্ক নেত্ৰ ভৰি দেখে যুদ্ধ সময়ত।
যোগী যাক প্ৰবন্ধে নেদেখে হৃদয়ত॥
হেন ঈশ্বৰক দেখে স্মৰি দ্বেষ ভাৱে।
তাঁন হাতে মৰি সুখে মুকুতিক পাৱে॥৯০৫॥
মহা ক্ৰোধে শত্ৰু বুদ্ধি সুমৰে অসুৰ।
তাকো অনুগ্ৰহ হৰি কৰন্ত প্ৰচুৰ॥
যিটো ভক্তি ভাৱে তাঙ্ক শ্ৰদ্ধায়ে সুমৰে।
তাহাৰ ভাগ্যৰ অন্ত পাইব কোন নৰে॥৯০৬॥
প্ৰহ্লাদৰ বচনত দেখাইলো সকল।
এহি মানে পুৰুষৰ পুৰুষাৰ্থ ফল॥
এতেকে মহন্ত সবে একান্ত যতনে।
ভজন্ত কৃষ্ণৰ দুই অভয় চৰণে॥৯০৭॥
ঈশ্বৰৰ পাদ-পদ্ম স্মৰণত পৰ।
অন্যত্ৰ নিমিত্ত আৰ নাহি কুশলৰ॥
ভগৱন্ত স্মৰণ স্বভাৱ ভৈল যাৰ।
নিজ কৰ্ম্ম অনৰ্থো দুঃখাৰ্থ নোহে তাৰ॥৯০৮॥
লৈয়ো সাক্ষী জয় বিজয়ৰ বচনত।
সনকাদি ঋষিক বোলন্ত বৈকুণ্ঠত॥
কৰিলোহো অপৰাধ নিবাৰি তোমাক।
তাৰ প্ৰায়শ্চিত্ত সদ্যে কৰাইলা আমাক॥৯০৯॥
পাপ অনুসাৰে দণ্ড ভৈল সমুচিত।
আত অপৰাধ নাহি তোমাৰ কিঞ্চিত॥
মিলোক আমাক যিটো দিলা চণ্ড শাপ।
আৰ যেন মহন্তক নেদো উপতাপ॥৯১০॥
আজ্ঞা লঙ্ঘি হেলা কৰিলোহো ঈশ্বৰক।
কৃপায়ে শাপিয়া সিও নাশিলা পাপক॥
কিন্তু তোমসাৰ অপৰাধৰ নিমিত্ত।
হৌক আমসাৰ জন্ম নাৰকী যোনিত॥৯১১॥
তথাপিতো যেন ঈশ্বৰক নপাসৰো।
এহি মানে প্ৰাৰ্থনা তোমাত আমি কৰো॥
জয় বিজয়ৰ বাক্য এহি মানে থওঁ।
ৰাজাগণ বাক্যে পুনু এহি অৰ্থ কওঁ॥৯১২॥
জৰাসন্ধে যত ৰাজা আছে বন্দি কৰি।
মেলাইলা সবাকো জৰাসন্ধ বধি হৰি॥
মাগয় কৃষ্ণত বৰ সেহি ৰাজাগণ।
কৃতাঞ্জলি হুয়া সবে বোলন্ত বচন॥৯১৩॥
হেন মত উপায় দিয়োক নাৰায়ণ।
সংসাৰে ভ্ৰমন্তে যেন তোমাৰ চৰণ॥
নপাসৰো আমি সদা যিসব উপায়।
এহি মহা অনুগ্ৰহ কৰা যদুৰায়॥৯১৪॥
বুলিবা তথাপি হৈব সংসাৰৰ দুঃখ।
নুহিবেক এক হৰি স্মৰণৰ সুখ॥
নুবুলিবা হেন শুনা ইহাৰ উত্তৰ।
কৃষ্ণে দিয়া চিত্ত বৃষ্ণিবংশ নিৰন্তৰ॥৯১৫॥
শয়ন ভোজন স্নান ক্ৰীড়া আদি কৰি।
কৰন্তে থাকয় যদা দেহক পাসৰি॥
দুঃখ পাসৰিবে হুহি আশ্চৰ্য্য ইহাত।
ভগৱন্ত বাক্যে লৈয়া প্ৰমাণ সাক্ষাত॥৯১৬॥
বোলন্ত উদ্ধৱ শুনা বচন আমাৰ।
মোত পৰে আনত আগ্ৰহ নাহি যাৰ॥
জিতেন্দ্ৰিয় শুদ্ধ সম চিত্ত সৰ্বক্ষণ।
মোক স্মৰি সদায়ে সন্তুষ্ট যাৰ মন॥৯১৭॥
সি জনৰ ভৈল সুখময় দশ দিক।
সংসাৰৰ দুঃখে তাক কিবা কৰিবেক॥
আনন্দ সমুদ্ৰে মজি থাকে অতি মন।
নাহি অণু মাত্ৰ তাৰ দুঃখক স্মৰণ॥৯১৮॥
হৈয়া পৰিপূৰ্ণ মনে মোৰ চৰণত।
শুদ্ধ ব্ৰহ্মপদ সাৰ্ব্বভৌম সুখ যত॥
অণিমাদি সিদ্ধিকো দেখন্ত সবে মিছা।
মই বিনে মুকুতিকো নকৰন্ত ইচ্ছা॥৯১৯॥
মই সে পৰম প্ৰিয়তম ভকতৰ।
মোহোৰ স্মৰণে কৃতকৃত্য হোৱে নৰ॥
মোক্ষতো অধিক মহা সুখ স্মৰণৰ।
তাৰ আগে কোন ইটো সুখ বিষয়ৰ॥৯২০॥
সমস্তকে এৰি মোত অৰ্পিলেক চিত্ত।
মই আত্মা ৰূপে হওঁ হিয়াত বিদিত॥
মোক হৃদয়তে দেখি পাৱে যেন সুখ।
তাক কৈত পাইব যিটো বিষয় সম্মুখ॥৯২১॥
কৃষ্ণৰ বচন থওঁ সংহৰি সাম্প্ৰত।
নাহি অসম্ভাৱনা কৃষ্ণৰ স্মৰণত॥
শিশুপাল শাল্ব আদি যত ৰাজাগণ।
বৈৰ ভাবে কৃষ্ণক সুমৰি অনুক্ষণ॥৯২২॥
কৃষ্ণৰ সমান ৰূপ পায়া অতিশয়।
মৰি মৰি গৈল সবে বৈকুণ্ঠ নিলয়॥
যিটো অনুৰাগে চিন্তে হেনয় কৃষ্ণক।
কোনে কহি অন্ত পাৱে তাহাৰ ভাগ্যক॥৯২৩॥
পুনৰপি কৰো অসম্ভাৱনা অন্তৰ।
শুনা যেন বেদ শিৰোৰত্নৰ উত্তৰ॥
নমানিবে কোন জনে বেদৰ বচন।
কৃষ্ণক কৰন্ত স্তুতি যত মন্ত্ৰগণ॥৯২৪॥
বোলন্ত শুনিয়ো কৃপাময় মহেশ্বৰ।
আশ্চৰ্য্য মহিমা কিনো তযু স্মৰণৰ॥
প্ৰাণ মন ইন্দ্ৰিয় নিয়মি যোগীগণ।
পাৱে যেন গতি চিন্তি তোমাৰ চৰণ॥৯২৫॥
বৈৰ ভাবে থাকি যত বিপক্ষ নৃপতি।
দ্বেষত তোমাক স্মৰি পাইল সেহি গতি॥
বাসুকী সদৃশ তযু বাহু সুবলিত।
দেখি গোপী সবৰ আসক্ত ভৈল চিত্ত॥৯২৬॥
পৰিচ্ছিন্ন দৃষ্টিয়ে চিন্তিল অনুক্ষণ।
চিন্তোহো ব্যাপক ৰূপে আমি বেদগণ॥
তথাপিতো সম গতি গোপীৰ আমাৰ।
অতৰ্ক মহিমা পদ স্মৰণ তোমাৰ॥৯২৭॥
ইন্দ্ৰিয় নিয়ম কৈত থাকিল যোগীৰ।
কিবা হানি ভৈল যত শত্ৰু নৃপতিৰ॥
নসাধিল গোপী কিবা কাম ভাবে স্মৰি।
কিবাধিক পাইলো আমি সম দৃষ্টি কৰি॥৯২৮॥
চাৰিয়ো আমাৰ ভৈল গতি সমসৰ।
হেনয় মহিমা প্ৰভু তযু স্মৰণৰ॥
এহি মানে সংহৰিলো বচন বেদৰ।
হেনবা বুলিবা বৈৰ নৃপতি সবৰ॥৯২৯॥
বৈৰ কৃত পাপচয় আছে বিদ্যমান।
কেন মতে হৈব তাৰা কৃষ্ণৰ সমান॥
দৃষ্টান্ত সহিতে শুনা ইহাৰ উত্তৰ।
ই জন্মৰ যত পাপ ৰাজা সকলৰ॥৯৩০॥
পূৰ্ব্ব জনমত পাপ কৰি আছে যত।
বৈৰ ভাবে মাধৱক স্মৰিল সতত॥
তথাপিতো সমস্ত পাতক দূৰ ভৈল।
কৃষ্ণৰ স্বৰূপ পায়া বৈকুণ্ঠক গৈল॥৯৩১॥
যেন বাঘপৰুৱা ধৰিয়া পোকা যত।
নমাৰি জীৱন্তে আনি থৱয় বাসত॥
বাঘপৰুৱাক পোকে চিন্তয় ভয়ত।
তাহাৰ স্বৰূপ পাৱে সেহি শৰীৰত॥৯৩২॥
যিবা যাকে সৰ্ব্বক্ষণে চিন্তিয়া থাকয়।
তাহাৰ স্বৰূপ সিটো অৱশ্যে পাৱয়॥
ইহাৰ প্ৰমাণ লৈয়ো বচনে কৃষ্ণৰ।
বোলন্ত উদ্ধৱ শুনা মোহোৰ উত্তৰ॥৯৩৩॥
বিষয়ক ধ্যান কৰি থাকে যিটো জন।
বিষয়ৰ আকাৰ হোৱয় তাৰ মন॥
মোক মাত্ৰ অনুক্ষণ চিন্তিয়া থাকয়।
মোহোৰ স্বৰূপ পাৱে সিটো মহাশয়॥৯৩৪॥
ভগৱন্ত বচনক থৈলোহো সংহৰি।
এহি মানে তাৎপৰ্য্য কৈলো নিষ্ঠ কৰি॥
সমস্তে সুখতো শ্ৰেষ্ঠ কৃষ্ণৰ স্মৰণ।
হোৱে কৃতকৃত্য হৰি স্মৰি সৰ্ব্বজন॥৯৩৫॥
এতেকে কৃতাৰ্থ অতি ভৈল সিটো নৰ।
তথাপি প্ৰাৰ্থনা কৰে স্মৰণ কৃষ্ণৰ॥
নাৰদৰ বাক্যে লৈয়ো প্ৰমাণ সাক্ষাত।
কৃষ্ণক কৰন্ত ঋষি স্তুতি দ্বাৰকাত॥৯৩৬॥
বোলন্ত তোমাৰ ইটো চৰণ যুগল।
সমস্ত লোকৰ মহা মুকুতি মঙ্গল॥
ব্ৰহ্মা প্ৰতি মুখে আছে যত যোগেশ্বৰ।
পৰম অগাধ বোধ তাহাৰা সবৰ॥৯৩৭॥
এহি চৰণক মাত্ৰ চিন্তে হৃদয়ত।
সংসাৰ কূপত পৰি আছে লোক যত॥
তাৰো অবলম্ব্য এহি পাদপদ্ম মাত্ৰ।
আশ্ৰয় মাত্ৰকে হোৱে মুকুতিৰ পাত্ৰ॥৯৩৭॥
হেন চৰণক আমি সাক্ষাতে দেখিলো।
কিনো মোৰ ভাগ্য আজি কৃতকৃত্য ভৈলো॥
তথাপিতো মোক অনুগ্ৰহ কৰা হৰি।
তযু দুই পদ যেন সদায় সুমৰি॥৯৩৯॥
ইহাৰ গুণক প্ৰকাশিয়া জগতত।
ফুৰিবো সদায় মই চিন্তিয়া মনত॥
এহি মানে সংহৰিলো নাৰদ বাক্যক।
যাৰা সবে এৰিবে নাপাৰে বিষয়ক॥৯৪০॥
তাৰো ত্যাগ নুহি হৰি স্মৰণ মনত।
লৈয়ো সাক্ষী সাক্ষাতে গোপীৰ বচনত॥
কুৰুক্ষেত্ৰে গোপী সবে কৃষ্ণৰ আগতে।
কৰন্ত প্ৰাৰ্থনা সবে পৰি দণ্ডৱতে॥৯৪১॥
হে পদ্মনাভ প্ৰভু দেৱ দামোদৰ।
তযু পদ পঙ্কজ পৰম শ্ৰেষ্ঠতৰ॥
বুদ্ধিত অগাধ মহা মহা যোগেশ্বৰ।
হৃদয়ত চিন্তে এহি চৰণ সুন্দৰ॥৯৪২॥
ভৱ-অন্ধকূপে পৰি আছে যিটোজন।
তাৰো উঠিবাৰ লতা তোমাৰ চৰণ॥
আমি গৃহ সেৱকিনী গোপীগণ যত।
এহি পদ অৰবিন্দ আমাৰ মনত॥৯৪৩॥
সদায় উদয় হৌক স্বপ্নতো সাক্ষাত।
এতেক প্ৰাৰ্থনা হৰি কৰিলো তোমাত॥
এহি মানে থৈলো গোপী সবৰ বচন।
ভগৱন্ত বাক্যে সংহৰোহো প্ৰকৰণ॥৯৪৪॥
উদ্ধৱক বোলন্ত শুনিয়ো মহাশয়।
সংসাৰত যত সাধ্য সাধন আছয়॥
স্বপ্ন মনোৰথ যেন অসন্ত কেৱল।
জানিয়া ইহাক সখি ত্যজিয়ো সকল।৯৪৫॥
মোৰ ভজনত মন কৰিয়ো শোধন।
তাতে স্থাপি মোক সুমৰিয়ো অনুক্ষণ॥
এতেকে গুচিবে ঘোৰ সংসাৰৰ দুঃখ।
অনায়াসে লভিবা পৰমানন্দ সুখ॥৯৪৬॥
এহিমানে থৈলো ভগৱন্তৰ বচন।
কৰিলোহো সমাপত ইটো বিৰচন॥
শুনিলাহা সাধু সভাসদ নিৰন্তৰ।
আশ্চৰ্য্য মহিমা যেন হৰি স্মৰণৰ॥৯৪৭॥
জাতি অন্ত্যজাতি জ্ঞানী অজ্ঞানী সকল।
যেই সেই মতে স্মৰি পাৱে সম ফল॥
জানিয়া হৰিক সুমৰিয়ো সৰ্ব্বক্ষণ।
মায়াময় বিষয়ত ত্যজিয়ো যতন॥৯৪৮॥
দুৰ্লভ ভাৰতে নৰ তনু আছা পাই।
ব্ৰহ্মা আদি দেৱে যাক প্ৰাৰ্থন্ত সদায়॥
আক অতি অল্প নেদেখিবা কদাচিত।
জানি কৃষ্ণ পাদপদ্ম সুমৰিয়ো নিত॥৯৪৯॥
এতেকে সংসাৰ দুঃখ হৈহেক নিৰ্য্যাণ।
কৃষ্ণৰ সমান ৰূপ পাইবা বিদ্যমান॥
স্বভাৱে ঈশ্বৰ কৃষ্ণ দেৱ সৰ্ব্বোত্তম।
নাহি আন ধৰ্ম্ম তান ভকতিক সম॥৯৫০॥
⸺
সপ্তম : পদ-সেৱন বিৰচন
পদ
কহিলোহো তাৎপৰ্য্য সকল শাস্ত্ৰৰ।
আৰম্ভিলো বিৰচন আত অনন্তৰ॥
নিৰুপণ কৰো কৃষ্ণ পদ-নিসেৱন।
প্ৰতিমাদি পৰিচৰ্য্যা কৰে যিটো জন॥৯৫১॥
সাধাৰণ পদ-নিসেৱন নাম তাৰ।
ভগৱন্ত পদসেৱা সৰ্ব্ব উপকাৰ॥
লৈয়ো আৰ প্ৰমাণ প্ৰহ্লাদ বচনত।
বোলন্ত প্ৰহ্লাদে শুনা অসুৰ সমস্ত॥৯৫২॥
দেৱাসুৰ নৰ যক্ষ গন্ধৰ্ব্ব যতেক।
মুকুন্দ চৰণ যিটো ভজয় প্ৰত্যেক॥
হৈবেক সবাৰো মহা পৰম কল্যাণ।
মই যেন স্বাস্থ্যৱন্ত ভৈলো বিদ্যমান॥৯৫৩॥
ইহ পৰ লোকে তাৰ মিলিবে মঙ্গল।
লৈয়ো তোৰাসবে মোত প্ৰমাণ সকল॥
প্ৰহ্লাদ বচন থৈলো সংহৰি তাৱত।
ইহলোকে কল্যাণ মিলয় যেনমত॥৯৫৪॥
দেখাওঁ সাক্ষাতে লক্ষ্মীদেৱীৰ বাক্যত।
বোলন্ত সাদৰে দেৱী কৃষ্ণৰ আগত॥
ব্ৰহ্মা হৰ আদি কৰি যত দেৱ চয়।
ইন্দ্ৰিয় সুখত আশা কতি অতিশয়॥৯৫৫॥
মোহোৰ নিমিত্তে তপ কৰয় দুৰ্ঘোৰ।
তথাপি কটাক্ষ বিলাসত শ্ৰীক মোৰ॥
তযু পদ পৰায়ণ বিনে যত দেৱ।
কদাচিতো ঐশ্চৰ্য্য নপাৱন্ত কেৱ॥৯৫৬॥
যিহেতু তোমাত মন মজিল আমাৰ।
তুমি বিনে আনক নজানো মই আৰ॥
তযু পৰতন্ত্ৰ যাতো ভৈলো নাৰায়ণ।
তোমাৰ ভক্তক মাত্ৰ কৰো বিলোকন॥৯৫৭॥
এহিমানে থৈলো লক্ষ্মীদেৱীৰ উত্তৰ।
পৰলোকে যিমত কুশল ভকতৰ॥
দেখাওঁ প্ৰমাণ ব্ৰহ্মা আদিৰ বচনে।
দৈৱকীৰ গৰ্ভ লক্ষ কৰি দেৱগণে॥৯৫৮॥
কৃতাঞ্জলি হুয়া সবে বোলন্ত সাদৰি।
শুনিয়োক কমললোচন দেৱহৰি॥
সমস্ত জীৱৰ তুমি পৰম আশ্ৰয়।
তোমাত একান্ত চিত্ত দিয়া অতিশয়॥৯৫৯॥৷
তযু পাদপদ্ম মহা নৌকা কৰি সাৰ।
গোখোজ সমান কৰি তৰয় সংসাৰ॥
ব্ৰহ্মাদিৰ বচন থৈলোহো এহি মান।
বুলিবাহা যাৱত নুপজে তত্ত্বজ্ঞান॥৯৬০॥
ভগৱন্ত পাদপদ্ম সেৱা মাত্ৰকতে।
সংসাৰ-সাগৰ নৰে তৰিব কিমতে॥
সত্য প্ৰশ্ন শুনিয়ো উত্তৰ যেন নয়।
হৰিপদ সেৱাতেসে জ্ঞানৰ উদয়॥৯৬১॥
ব্ৰহ্মাৰ বচনে সাক্ষী লৈয়োক সাক্ষাত।
কৰন্ত কৃষ্ণক স্তুতি কৰি যোৰ হাত॥
যদ্যপি জ্ঞানৰ আছে সাধন বিস্তৰ।
তথাপি তোমাৰ দুই পদ-পঙ্কজৰ॥৯৬২॥
এক প্ৰদেশৰ প্ৰসাদৰ এক লেশ।
দিয়া যাক অনুগ্ৰহ কৰা ঋষীকেশ॥
সি সি জনে জানে তযু মহিমাৰ তত্ত্ব।
তৰে অনায়াসে তৱে ইটো সংসাৰত॥৯৬৩॥
অন্যথা অসঙ্গ হুয়া যোগ অভ্যাসত।
চিৰকাল বিচাৰি নজানে তযু তত্ত্ব॥
তোমাৰ ভকতে তত্ত্ব মহা সুখে জানে।
জ্ঞান অভ্যাসৰো প্ৰভু ফল এহি মানে॥৯৬৪॥
থৈলো উপসংহৰি ব্ৰহ্মাৰ বাক্যচয়।
হৰিপদ সেৱাতেসে গুছে সবে ভয়॥
লৈয়ো আৰ সাক্ষী দৈৱকীৰ বচনত।
কৃষ্ণক কৰন্ত স্তুতি সূতিকা গৃহত॥৯৬৫॥
হুয়া মহা ভয় ভীত মৃত্যু সৰ্প হন্তে।
পলাই সৰ্ব্বজন ব্ৰহ্ম ভুৱন পৰ্য্যন্তে॥
একোয়ে স্থানত জীৱে অভয় নপাৱে।
সৰ্ব্বলোক গ্ৰহি কালে আছয় স্বভাৱে॥৯৬৬॥
কোনো ভাগ্যোদয়ে তযু অভয় চৰণে।
সেৱা কৰিবাক প্ৰতি পশিল শৰণে॥
তবে মৃত্যু সৰ্পে এৰি হৱয় অন্তৰ।
পৰম নিৰ্ভয় হুয়া থাকে সুখে নৰ॥৯৬৭॥
সিজনে এৰাইল হাত মৃত্যুৰ নিশ্চয়।
কোন অদভুত গুচিবেক আন ভয়॥
দৈৱকীৰ বচনক সংহৰিয়া থওঁ।
প্ৰহলাদ বচনে পুনঃ এহি অৰ্থ কওঁ॥৯৬৮॥
বোলন্ত প্ৰহ্লাদে শুনা দৈত্য নিৰন্তৰ।
ইটো গৃহবাস মূল কেৱলে দুঃখৰ॥
শোক মোহ ভয় স্পৃহা নুগুছে বিষাদ।
ৰাগ লোভ ক্ৰোধ আদি অনেক প্ৰমাদ॥৯৬৯॥
মিলে ক্ষণে ক্ষণে বহুবিধ মন দুঃখ।
সদায় নিকাৰময় নাহি একো সুখ॥
সংসাৰ চক্ৰৰ মাত্ৰ হেতু সমুদায়।
হেনয় গৃহৰ আশা ত্যজিয়া সদায়॥৯৭০॥
পৰম অভয় দুই নৃসিংহ চৰণে।
শৰণ পশিয়া সেৱা কৰা অনুক্ষণে॥
থৈলোহো সাম্প্ৰত প্ৰহ্লাদৰ বাক্যচয়।
বুলিবাহা যদি এহি পৰমাৰ্থ হয়॥৯৭১॥
তেবে কেনে সবে কৃষ্ণ চৰণ-পঙ্কজে।
নভজয় পাৱে যাত মুকুতি সহজে॥
শুনিয়ো ইহাৰ যেন উত্তৰ সম্প্ৰতি।
কৃষ্ণৰ মায়াত বিমোহিত হুয়া মতি॥৯৭২॥
নভজয় সৰ্ব্ব জনে চৰণ কৃষ্ণৰ।
লৈয়ো সাক্ষী ইহাৰ বচনে উদ্ধৱৰ॥
বোলন্ত কৃষ্ণক প্ৰভু শুনিয়ো প্ৰত্যেক।
তযু পদ সেৱা বিনে উপায় যতেক॥৮৭৩॥
দুঃখ মাত্ৰ জানি তাক কৰি পৰিহাৰ।
মহাজন সবে সাৰ কৰিয়া বিচাৰ॥
তোমাৰ চৰণপদ্ম মহা শ্ৰেষ্ঠতৰ।
সমস্ত আনন্দপূৰ্ণ কৰে ভকতৰ॥৯৭৭॥
জানি সুখে সেৱা আৰু কৰন্ত সদায়।
যাৰ মন মোহি আছে তোমাৰ মায়ায়॥
যতেক বিষয়ী কৰ্ম্ম যোগক আচৰি।
তোমাক নকৰে সেৱা তাতে গৰ্ব্ব কৰি॥৯৭৫॥
তোমাৰ ভক্তৰ মায়া নকৰে মোহিত।
যদি যোগ কৰ্ম্ম তাৰা কৰে কদাচিত॥
তথাপিতো অণু মাত্ৰ গৰ্ব্ব নুপজয়।
তযু সেৱা হীন যত যোগী কৰ্ম্মীচয়॥৯৭৬॥
মই মহা যোগী মই কৰ্ম্মত কুশল।
এহি অহঙ্কাৰে গৰ্ব্ব উপজে কেৱল॥
একো কালে মুকুতি নপাৱে সিটো নৰ।
এহি মানে থৈলোহো বচন উদ্ধৱৰ॥৯৭৭॥
বুলিবা বহুত আছে পন্থা শ্ৰেয়তৰ।
কেন মতে ভৈল সাৰ সেৱা মাধৱৰ॥
ইহাৰ উত্তৰ যেন শুনিয়ো সমস্ত।
আন যত পন্থা সবে বহু বিঘ্নগ্ৰস্থ॥৯৭৮॥
লৈয়ো সাক্ষী সনতকুমাৰ বচনত।
কহন্ত সাক্ষাতে পৃথু ৰাজাৰ আগত॥
বোলন্ত শুনিয়ো ৰাজা বচন আমাৰ।
নভৈল তৰণ হেতু ঈশ্বৰ যাহাৰ॥৯৭৯॥
তাহাৰ সংসাৰ-সিন্ধু তৰণ দুস্কৰ।
ষড় উৰ্ম্মি ইন্দ্ৰিয় ঘোৰ কুম্ভীৰ মগৰ॥
লোভ মোহ কাম ক্ৰোধ ৰাগ দ্বেষ ভয়।
ইসব শত্ৰুয়ে পুৰুষক নছাড়য়॥৯৮০॥
শোক সন্তাপ তৃষ্ণা আদি বহু দুঃখ।
নাহি ইটো সংসাৰত অণু মাত্ৰ সুখ॥
হেনয় দুৰ্গম ভৱ তৰিবাক আশে।
পৰম অসুখ যোগ জ্ঞানাদি অভ্যাসে॥৯৮১॥
ঈশ্বৰ চৰণ সেৱা নকৰে যাৱত।
সংসাৰ তৰিতে সিটো নপাৰে তাৱত॥
হেন জানি পৃথু তুমি আন পৰিহৰি।
ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম নৌকা কৰি॥৯৮২॥
তৰা মহা সুখে ভব দুস্তৰ সাগৰ।
সংহৰিলো বচন সনতকুমাৰৰ॥
দেখাইলোহো হৰিসেৱা পৰম সুখৰ।
আত পৰে আন ধৰ্ম্ম সকলে দুষ্কৰ॥৯৮৩॥
জানি কৃষ্ণ পদ সেৱা নেৰিবা যতনে।
তান গুণ নাম মাত্ৰ জপা সৰ্ব্বক্ষণে॥
অন্যথা বিফল দেহ আদি নিৰন্তৰ।
লৈয়ো আৰ প্ৰমাণ বচনে মহেশ্বৰ॥৯৮৪॥
দেন্ত উপদেশ দশ প্ৰচেতা সৱক।
বুলিবাহা তুমি সবে ঈশ্বৰ কৃষ্ণক॥
হে কৃষ্ণ তযু পদ পঙ্কজ যুগল।
এৰিবেক আক কোন পণ্ডিত সকল॥৯৮৫॥
তোমাৰ চৰণ যিটো কৰে অনাদৰ।
ব্যৰ্থে ক্ষয় হোৱে দেহ সিটো অধমৰ॥
যিটো পদ-পঙ্কজক ব্ৰহ্মা আদি কৰি।
বিনাশ শঙ্কায় অৰ্চ্চা কৰন্ত সাদৰি॥৯৮৬॥
সুদৃঢ় বিশ্বাসে অতি পৰম শ্ৰদ্ধায়।
চতুৰ্দ্দশ মনু আদি অৰ্চ্চন্ত সদায়॥
হেন চৰণক যেবে কৰে পৰিহাৰ।
যত পণ্ডিতালি আদি সবে ব্যৰ্থ তাৰ॥৯৮৭॥
এহি মানে সংহৰিলো ৰুদ্ৰ বাক্য যত।
আছোক কৃষ্ণৰ পদ-সেৱাৰ মহত্ত্ব॥
সেৱা কৰিবাক অভিৰুচি মাত্ৰকত।
পৰি আছে যিটো ঘোৰ সংসাৰ তাপত॥৯৮৮॥
তাহাৰো বৃদ্ধিৰ মল অশেষ জন্মৰ।
তাৱক্ষণে সৱে নষ্ট হোৱে নিৰন্তৰ॥
পৰম সাত্ত্বিকী শ্ৰদ্ধা বাঢ়ে প্ৰতি নিত
কৃষ্ণ পাদপদ্মৰ মহিমা বিপৰীত॥৯৮৯॥
সেৱাৰ শ্ৰদ্ধাতে মল গুচয় নিঃশেষ।
শুনিয়ো ইহাৰ যেন দৃষ্টান্ত বিশেষ॥
যেন কৃষ্ণ পাদাঙ্গুষ্ঠে গঙ্গা হৈয়া জাত।
তিনিয়ো জগত কৰে পৱিত্ৰ সাক্ষাত॥৯৯০॥
এবে চিত্ত শুদ্ধিৰ শুনিয়ো যেন ফল।
পুৰুষৰ গুচিল বুদ্ধিৰ যেবে মল॥
তেবে বিষয়ত তাৰ বৈৰাগ্য মিলয়।
নিৰ্ম্মল মনত হোৱে জ্ঞানৰ উদয়॥৯৯১॥
হৃদয়তে ঈশ্বৰকো সাক্ষাতে দেখয়।
তৰে সুখে দুৰ্ঘোৰ সংসাৰ দুঃখময়।
কহিলোহো ইসব যতেক ফলচয়।
হৰি পদে সেৱা মাত্ৰে সবে উপজয়॥৯৯২॥
অন্যথা প্ৰকাৰে জ্ঞান আদি নপাৱয়।
বুলিবাহা কৰ্ম্মে চিত্ত পৱিত্ৰ কৰয়॥
ইহাৰ উত্তৰ শুনিয়োক যেন মত।
কৃষ্ণ পাদপদ্ম মকৰন্দ ৰস যত॥৯৯৩॥
তাক পান কৰে যত ভকত ভ্ৰমৰে।
দুঃখ প্ৰদ গৃহ সুখে ৰমণ নকৰে॥
আন যত কৰ্ম্মী মহা কামে হৈয়া মত্ত।
সদায় আসক্ত মাত্ৰ গৃহৰ সুখত॥৯৯৪॥
কৰ্ম্ম কৰি কৰিবাক খোজে মন শুদ্ধি।
নুগুচয় অধিকে মলিন হোৱে বুদ্ধি।
এতেকেসে কৃষ্ণ পদ সেৱা শ্ৰেষ্ঠতৰ।
শ্ৰদ্ধা মাত্ৰকতে মল গুচয় চিত্তৰ॥৯৯৫॥
এহি অৰ্থে কৰো স্পষ্ট ব্ৰহ্মাৰ বাক্যত।
বোলন্ত কৃষ্ণক স্তুতি হৈয়া অৱনত॥
শুনিয়োক কৃষ্ণ কৃপাময় মহেশ্বৰ।
আনে আনে ভাগ লৱে তযু প্ৰসাদৰ॥৯৯৬॥
মই পুনু নোখোজোহো মোক্ষ আদি যত।
এহি ব্ৰহ্ম শৰীৰে বা ত্ৰিজগ মধ্যত॥
হুয়া কোনো জন তযু ভক্তৰ মাজত।
তোমাৰ চৰণ সেৱা কৰিবো সতত॥৯৯৭॥
ব্ৰহ্মাৰ বচন থৈলো সংহৰি সকল।
কহো পুনু হৰিপদ সেৱিবাৰ ফল॥
ৰাজাৰ আগত শুকে বোলন্ত বচন।
সংহৰিয়া কহো ব্ৰহ্মস্তুতি প্ৰকৰণ॥৯৯৮॥
কৃষ্ণেসে পৰম দেৱ জানি যিটো মনে।
তাহান চৰণে মাত্ৰ পশিয়া শৰণে।
তানে পদ পল্লৱক নৌকা কৰি সাৰ।
বৎস পদ সমকৰি তৰয় সংসাৰ॥৯৯৯॥
পাৱে চতুৰ্ভুজ ৰূপ কৃষ্ণৰ সমান
পৰস্পদ বৈকুণ্ঠত হোৱে তাৰ স্থান॥
আপদৰ স্থান ইটো দুৰ্ঘোৰ সংসাৰ।
আৰু প্ৰতি সিটো পুনৰপি নাসে আৰ॥১০০০॥
শুকদেৱ বচনক সংহৰিয়া থৈলো।
হৰিৰ সেৱাৰ যেন ফল তাক কৈলো॥
নকৰয় সেৱা কৃষ্ণ পদ-পঙ্কজত।
দেখাওঁ তাৰ ফল মুচুকুন্দ বচনত॥১০০১॥
বোলন্ত নৃপতি কৃষ্ণদেৱৰ আগত।
দুৰ্ল্লভ মনুষ্য তনু পায়া ভাৰতত॥
যতন নকৰে সাধু সবৰ সঙ্গক।
নভজে তোমাৰ দুই পদ-পঙ্কজক॥১০০২॥
কৰে আশা মাত্ৰ মিছা বিষয় সুখত।
পাৱে যাক সুখে শূৰকাদি শৰীৰত॥
দুৰ্ল্লল শৰীৰ তাৰ অৰ্থে নষ্ট কৰে।
গৃহ অন্ধ-কূপত পৰিয়া সিটো মৰে॥১০০৩॥
যেন পশু তৃণ লোভে পৰে অন্ধকূপে।
সিয়ো সেহিমতে মৰে কহিলো স্বৰূপে।
মই পুনু লৈলো প্ৰভু তোমাত শৰণ।
এহিমানে থৈলো মুচুকুন্দৰ বচন॥১০০৫॥
যদি কুনিৰ্বন্ধে কদাচিতো বোলা বাণী।
কৃষ্ণ পদ সেৱা নকৰিলে নাহি হানি॥
স্বধৰ্ম্মতে পৰম কৃতাৰ্থ হোৱে নৰ।
প্ৰহ্লাদ বচনে লৈয়ো ইহাৰ উত্তৰ॥১০০৫॥
নৃসিংহৰ আগত বোলন্ত মহাশয়।
মোহোৰ যুগুতি শুনিয়োক কৃপাময়॥
ধৰ্ম্ম সত্য দম তপ জপ যজ্ঞ বৰ।
অনুসূয়া ধৃতি ক্ষমা লজ্জা অমৎসৰ॥১০০৬॥
দানে সমে এহি বাৰ গুণ ব্ৰাহ্মণৰ।
সদায় ইসব গুণে যুক্ত দ্বিজবৰ॥
কিন্তু যেবে ভৈল প্ৰভু তোমাত বিমুখ।
সাধে মাত্ৰ ৰাত্ৰি দিনে ইন্দ্ৰিয়ৰ সুখ॥১০০৭॥
তাতো কৰি শ্ৰেষ্ঠ মানো সিটো চাণ্ডালক।
কায় বাক্য মনে যিটো তোমাৰ সেৱক॥
সমস্তে কুলকে সিটো কৰিল পৱিত্ৰ।
হৈবেক আপুনি শুদ্ধ ইটো কোন চিত্ৰ॥১০০৮॥
নকৰন্ত সিটো বিপ্ৰে আপোনাকো শুদ্ধি।
কৰ্ম্ম গৰ্ব্বে অধিকে মলিন হোৱে বুদ্ধি।
এতেকে যিজন হৰি-ভক্তি হীন অতি।
ভৈল সিটো জানিবা অধম হীন জাতি॥১০০৯॥
নুবুলিবা সিটোজন জন হীন জাতি মাত্ৰ।
কিন্তু সেহি ভৈল যম যাতনাৰো পাত্ৰ॥
যমৰ বচনে আৰ প্ৰমাণ লৈয়োক।
বোলন্ত শুনিবি মোৰ যতদূত লোক॥১০১০॥
হৰি পদ-পঙ্কজৰ মকৰন্দ ৰস।
নিষ্কৃঞ্চন ভকতৰ পৰম সৰ্ব্বস॥
অজস্ৰে সেৱন্ত সংসাৰতে জানি সাৰ।
হৰি-সেৱা ৰসেসে জীৱন তাসম্বাৰ॥১০১১॥
সদায় বিমুখ যিটো হেনয় ৰসত।
বান্ধিলেক তৃষ্ণাগৃহ নৰক পথত।
সেহিটো অসন্ত দুষ্ট্ৰ পৰম অজ্ঞান।
তাকে গৈয়া বান্ধি নৰকক লাগি আন॥১০১২॥
এহি মানে থৈলো যম ৰাজাৰ বচন।
হৰি পদ সেৱা হীন ভৈল যিটোজন॥
জীৱন্ততে মৰা সিটো অধম পামৰ।
লৈয়োক ইহাৰ সাক্ষী বচনে ৰুদ্ৰৰ॥১০১৩॥
বাণৰ যুদ্ধত হৰে বোলন্ত কৃষ্ণক।
তুমি দিয়া আছা ইটো নৰ শৰীৰক॥
তথাপি তোমাৰ পদে কৰে অনাদৰ।
পৰম শোচনী আত্মঘাতী সিটো নৰ॥১০১৪॥
এহিমানে থৈলোহো বচন মহেশ্বৰ।
ভৈল যিটো জন হৰি পদ সেৱাপৰ॥
সিসি মহামতি অতি ভৈল কৃতকৃত্য।
যুধিষ্ঠিৰ বাক্যে কৰো প্ৰমাণ বিদিত॥১০১৫॥
কৃষ্ণৰ আগত ৰাজা বোলন্ত উৎসুকে।
যিটো মহাজন প্ৰভু তোমাৰ পাদুকে॥
শৰীৰে কৰয় সেৱা চিন্তে সদা মনে।
খড়মৰে গুণনাম বৰ্ণাৱে বচনে॥১০১৬॥
এতেকে গুচয় সংসাৰৰ দুঃখ বন্ধ।
অনায়াসে পাৱে মহা মুকুতি আনন্দ॥
আনো সব সুখ আসি মিলে যেবে চাৱে।
আন জ্ঞানী কৰ্ম্মী যাক দেখিবে নপাৱে॥১০১৭॥
এহি মানে থৈলো যুধিষ্ঠিৰ বাক্য যত।
কিন্তু ভক্তে একোয়ে নবাঞ্ছে বাস্তৱত॥
লৈয়োক প্ৰমাণ নাগপত্নীৰ বাক্যত।
বোলে অৱনতে সবে কৃষ্ণৰ আগত॥১০১৮॥
শুনিয়োক প্ৰভু কৃপাময় নাৰায়ণ।
তোমাৰ চৰণে ৰজে প্ৰপন্ন যিজন॥
সেৱাৰসে পৰিপূৰ্ণ হৈয়া অতিশয়।
স্বৰ্গ ব্ৰহ্মপদ সাৰ্ব্বভৌম নবাঞ্ছয়॥১০১৯॥
পাতালাধিপতি যোগ সিদ্ধ মুকুতিক।
নোখোজয় যিটোজন ভকতি ৰসিক॥
সংহৰিয়া থৈলো নাগপত্নী বাক্য যত।
বুলিবা ভকতে কিবা বাঞ্ছে মাধৱত॥১০২০॥
ইহাৰ উত্তৰ শুনিয়োক কৌতূহলে।
কৰয় প্ৰাৰ্থনা যেন ভকত সকলে॥
হে দুঃখহাৰী হৰি জগত ব্যাপক।
আৰাধিয়া তোমাৰ চৰণ পঙ্কজক॥১০২১॥
সেৱা ত্যজি কোননো পণ্ডিত মহাজন।
প্ৰাৰ্থিবে তোমাত বৰ আত্মাৰ বন্ধন॥
এহি মতে ভক্তে সেৱা এড়ি আন বৰ।
নোখোজে সেৱাৰ সুখ জানে যিটো নৰ॥১০২২॥
বুলিবাহা সিটো বৰে আত্মাক বান্ধয়।
নোখোজক তাক ইটো ব্যৱহাৰ হয়॥
মোক্ষে কিবা অপৰাধ কৰিয়া আছয়।
কৃষ্ণে যাচি দেহন্তে ভকতে নলৱয়॥১০২৩॥
নকৰিবা শঙ্কা শুনা ইহাৰ উত্তৰ।
সেৱাত ৰসিক যিটো ভৈল ঈশ্বৰৰ॥
তাহাৰ বিৰোধী যেন অন্যত্ৰ বিষয়।
মুকুতিয়ো সেহি ৰূপে সেৱাক বাধয়॥১০২৪॥
কৃষ্ণৰ চৰণ সেৱা নাই মুকুতিত।
হৰি সেৱকৰ তাক এৰিবে উচিত॥
শ্ৰীকৃষ্ণ পত্নীৰ বাক্যে লৈয়োক প্ৰমাণ।
ষোল হাজাৰৰ মাজে ৰুক্মিণী প্ৰধান॥১০২৫॥
তেহে দ্ৰৌপদীৰ আগে কহন্ত সাক্ষাত।
শুনিয়ো দ্ৰৌপদী কহো স্বৰূপ তোমাত॥
কৃষ্ণৰ চৰণ আমি কৰিয়া উপাসা।
সাৰ্ব্বভৌম পদকো নকৰো মনে আশা॥১০২৬॥
ইন্দ্ৰ ব্ৰহ্মপদ অণিমাদি সিদ্ধি যত।
নাহিকে আমাৰ ইচ্ছা মোক্ষৰ সুখত॥
হৰিৰ পৰম পদ সালোক্যাদি কৰি।
তাহাকো নোখোজো তুমি জানিবা সুন্দৰী॥১০২৭॥
লক্ষ্মী কুচ কুঙ্কুমে সুগন্ধ অতিশয়।
কৃষ্ণ পদধূলি সৰ্ব্ব সম্পদ আশ্ৰয়॥
তাক মাত্ৰ মাথায়ে বহিবো সৰ্ব্বক্ষণে।
এহিমানে বাঞ্ছো আমি কৃষ্ণৰ চৰণে॥১০২৮॥
শ্ৰীকৃষ্ণ পত্নীৰ বাক্য থৈলোহো সংহৰি।
এহি মানে শাস্ত্ৰ ফল জানা নিষ্ঠ কৰি॥
কৰোহো ইহাকে স্পষ্ট বচনে শুকৰ।
বোলন্ত শুনিয়ো ৰাজা কুৰু বংশধৰ॥১০২৯॥
দেৱতো উত্তম যত ব্ৰহ্মা আদি কৰি।
তেসম্বো সেৱন্ত কৃষ্ণ চৰণ সাদৰি॥
হেন মুকুন্দৰ পাদ-পঙ্কজ উত্তম।
নকৰিবে সেৱা জানি কোননো অধম॥১০৩০॥
পায়া আছে তনু অতি ইন্দ্ৰিয় সম্পদ।
মৃত্যুৰ মুখত পৰি আছে সৰ্ব্বক্ষণ॥
তথাপি সিজনে মাধৱক নভজয়।
একো কালে সিটো নেড়াইবেক মৃত্যু ভয়॥১০৩১॥
কৃষ্ণ পদ সেৱাতেসে গুছে ভয় যত।
লৈয়োক প্ৰমাণ কবি সিদ্ধৰ বাক্যত॥
কহন্ত প্ৰবোধি মুনি নিমি নৃপতিক।
শুনিয়োক ৰাজা যিটো সুখ অত্যেন্তিক॥১০৩২॥
মিছা মায়াময় ইটো যতেক বিষয়।
আতে যাৰ উদবিগ্ন বুদ্ধি অতিশয়॥
কৰে আত্ম ভাৱনা অসন্ত শৰীৰত।
সিয়ো যেবে লৈয়া এক শৰণ কৃষ্ণত॥১০৩৩॥
তানে পাদ-পদ্ম মাত্ৰ সদা উপাসয়।
তাহাৰো নিঃশেষে দুঃখ ভয় নিবৰ্ত্তয়॥
চৰণ উপাসা আৰ নেৰয় কৃষ্ণৰ।
তাকে বুলি আত্যন্তিক সুখ নৃপবৰ॥১০৩৪॥
এহিমানে থৈলো কবি বচন সংহৰি।
যাৰ যেত যত স্বধৰ্ম্মতো পৰিহৰি॥
কৃষ্ণৰ চৰণ সেৱা কৰিব অৱশ্য।
এহিমানে ভাগৱত শাস্ত্ৰৰ ৰহস্য॥১০৩৫॥
বুলিবাহা ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ।
চৰণ সেৱাত প্ৰবৰ্ত্তিল যিটো নৰ॥
সেৱা পৰিপক্ক যেবে নভৈল তাহাৰ।
স্বধৰ্ম্ম ত্যাগত হৈব অনৰ্থ অপাৰ॥১০৩৬॥
নাৰদ বচনে লৈয়ো ইহাৰ উত্তৰ।
উপদেশি চিত্ত শান্ত কৰন্ত ব্যাসৰ॥
বোলন্ত ব্যাসক যত নিত্য নৈমিত্তিক।
অনাদৰি দিয়ো উপদেশ ভকতিক॥১০৩৭॥
স্বধৰ্ম্মক ত্যজি যেবে ভজে মাধৱক।
নভৈল যদ্যপি তাৰ সেৱা পৰিপক্ক॥
মৰিল বা ভকতিও গুচিল সদায়।
তথাপিতো তাৰ অনৰ্থক শঙ্কা নাই॥১০৩৮॥
ভক্তি ৰসিকৰ নাহি কৰ্ম্মে অধিকাৰ।
উৰ্দ্ধবাহু হুয়া কহো কৰি অঙ্গিকাৰ।
তোমাকো কটাক্ষ ব্যাস কৰো অতিশয়।
কুযোনিত সিটো যদি জনম লভয়॥১০৩৯॥
ভক্তি শ্ৰদ্ধালুৰ তভো অকল্যাণ নাই।
তাৰিবেক ভকতিৰ বাসনায়ে পায়॥
নভজে যিসব নৰে ঈশ্বৰক পায়।
কেৱলে স্বধৰ্ম্ম মাত্ৰ আচৰে সদায়॥১০৪০॥
তাত হন্তে কিবা অৰ্থ পাৱে সিটো নৰ।
কিন্তু ভক্তি পৰিপক্ক ভৈল যি জনৰ।
সংসাৰত পতন নাহিকে তাসম্বাৰ।
সি জনৰ অনৰ্থক শঙ্কা কিবা আৰ॥১০৪১॥
দেহাদিতো ভাৰ যাৰ গুচিল সম্প্ৰতি।
অন্যত্ৰ দেৱতো আৰ নকৰে ভকতি॥
নুহিবে এতেকে তাৰ বিকৰ্ম্মত চিত্ত।
যদি প্ৰমাদত পাপ সিজে কদাচিত॥১০৪২॥
তাকো ততকালে দূৰ মাধৱে কৰন্ত।
বুলিবাহা তাক কিয় যমে সহিবন্ত॥
শুনিয়ো উত্তৰ মনে নকৰিবা চিন্তা।
কাল যমাদিৰো জানা হৰিসে নিয়ন্তা॥১০৪৩॥
বুলিবাহা শ্ৰুতি স্মৃতি আজ্ঞা ঈশ্বৰৰ।
তান আজ্ঞা ভাঙ্গিলে তাহাঙ্কে হৈব ডৰ॥
নিজ আজ্ঞা ভঙ্গ ভৈলে নসৈৱন্ত হৰি।
ইহাৰ উত্তৰ শুনা শঙ্কা দূৰ কৰি॥১০৪৪॥
নধৰন্ত দোষ হৰি-ভকত জনৰ।
নাহি প্ৰিয়তম তান ভকতত পৰ॥
বুলিবাহ পাপ ক্ষয় অৰ্থে নভজয়।
কিয় কৰিবন্ত হৰি তাৰ পাপ ক্ষয়॥১০৪৫॥
ইহাৰ উত্তৰ শুনিয়োক এক মনে।
স্বভাৱে হিয়াত হৰি আছে সৰ্ব্বক্ষণে॥
উৎপত্তি মাত্ৰকে পাপ তেখনে হৰয়।
বস্তুৰ শকতি প্ৰাৰ্থনাক নাপেক্ষয়॥১০৪৬॥
শুনিয়োক সাধু সভাসদ নিৰন্তৰ।
পৰম কৃপালু গুণ দেখিয়ো কৃষ্ণৰ॥
নকৰন্ত ভকতৰ দোষকো বিচাৰ।
ভজন মাত্ৰকে কৰে পাপক সংহাৰ॥১০৪৮॥
জানি উপকাৰী দেৱ ভজা ভগৱন্ত।
এতেকে মুকুতি হৰি অৱশ্যে দিবন্ত॥
মনুষ্য হৈবাৰ এহি মানে ফল মাত্ৰ।
অন্যত্ৰ শৰীৰে নুহি ভকতিৰ পাত্ৰ॥১৯৪৮॥
সমস্তে যোনিতে বিষয়ৰ সুখ পাই।
ঈশ্বৰৰ সেৱা নৰ তনু বিনে নাই॥
জানিয়া কৃষ্ণক ভজা ত্যজি আন কাম।
মাধৱে ৰচিলা ডাকি বোলা ৰাম ৰাম॥১০৪৯॥
⸺•⸺
দুলড়ি
কৃষ্ণৰ চৰণ সেৱাৰ মহত্ত,
শুনিলা যেন পূৰ্ব্বত।
স্বধৰ্ম্মকো এড়ি, কৃষ্ণৰ ভকতি,
হোৱয় সিদ্ধি সমস্ত॥
জানিয়া ভকত সকলে যদ্যপি,
কৰয় ত্যাগ বিহিত।
প্ৰমাদত অবি- -হিত আচৰিলে,
নাহি আন প্ৰায়চিত্ত॥১৯৫০॥
কায় বাক্য মনে, সুদৃঢ় বিশ্বাসে,
কৰোক সেৱা কৃষ্ণত।
এতেকে পৰম, কৃতাৰ্থ হৈবেক,
ঈশ্বৰৰ প্ৰসাদত॥
উক্ত অৰ্থ পুনু, দঢ়ায়া কহওঁ,
জনকৰ বচনত।
মিথিলাৰ ৰাজা, বোলন্ত কৃষ্ণক,
হৈয়া অতি অৱনত॥
হে কৃষ্ণ কৃপা- -ময় প্ৰভু দেৱ,
প্ৰণামো তোমাৰ পাৱে।
আজ্ঞা ভঙ্গ দোষো নিজ ভকতৰ,
নধৰা হৰি স্বভাৱে॥১৯৫১॥
হেনয় পৰম, কৃপালু গুণক,
জানয় যেবে তোমাৰ।
কোননো পুৰুষে তযু পাদপদ্ম,
ভজিয়ো ত্যজিবে আৰ॥
তুমি বিনে যিটো, শান্ত মতি মুনি,
সাৰ কিছো নেদেখয়।
তাসম্বাক প্ৰভু, আপনাকো দিয়া,
কিনো দেৱ কৃপাময়॥
জনক বচন, থৈলো এহি মানে,
কহিবো কিবা বিস্তৰ।
ভগৱন্ত পদ, সেৱায়ে জানিবা,
সীমা সবে অনৰ্থৰ॥১৯৫২॥
কৃষ্ণৰ আগত, ব্ৰহ্মাৰ বচনে,
লৈয়োক আৰ প্ৰমাণ।
বোলন্ত বিধিয়ে, শুনিয়োক প্ৰভু,
কহো মই বিদ্যামান॥
ধন জন আদি, থাকন্তে লোকৰ,
নুগুছে মনৰ ভয়।
হৰাইলে মৰিলে, মিলে মহা শোক,
পুনু স্পৃহা উপজয়॥১০৫৩॥
তাতো হন্তে মহা, পাৱে পৰাভৱ,
তথাপি তৃষ্ণা বিস্তৰ।
পুনু কথঞ্চিত, পাইলে মোৰ বুলি,
আগ্ৰহ মিলে মনৰ॥
এহি মতে ভয়, শোক আদি দুঃখ,
পাৱয় লোকে তাৱত।
তোমাৰ অভয়, চৰণ মুলত,
নকৰে সেৱা যাৱত॥১০৫৪॥
যেৱে তযু পদ, আশ্ৰয় কৰিয়া,
কৰে সেৱা নিৰন্তৰ।
তেৱে সৰ্ব্ব দুঃখ, ভয় আদি কৰি,
গুচয় সিটো জনৰ॥
ব্ৰহ্মাৰ বচন, থৈলো এহি মানে,
শুনিয়ো পুনু নিশ্চয়।
যোগী সমস্তৰ, কৃষ্ণৰ চৰণ,
সেৱাসে মাত্ৰ অভয়॥১০৫৬॥
ইহাৰ প্ৰমান, কপিল বচনে,
দেখাওঁ সাক্ষাতে আনি।
বোলন্ত শুনিয়ো, দেৱহুতি মাতৃ,
কহো মই নিষ্ঠ বাণী॥
মোৰ পদ মুল, সেৱা নিশ্চয়ক,
বুলিয় পৰম জ্ঞান।
ইহ পৰ লোকে, বৈৰাগ্যৰ হেতু,
নাহি সেৱা বিনে আন॥১০৫৭॥
এতেকে ভকতি, যোগক আশ্ৰয়,
যত মহা যোগী সন্ত।
কুশলৰ অৰ্থে, মোহোৰ অভয়,
চৰণে সেৱা কৰন্ত॥
কপিল বচন, থৈলো কবি বাক্যে,
কহো উপসংহৰিয়া।
নিমি নৃপতিক, বোলন্ত মোহোৰ
বচনত দিয়া হিয়া॥১০৫৮॥
এহি মতে অনু- ক্ষণে অচ্যুতৰ,
ভজন্ত পদ কমল।
দুৰ্ব্বাসনা আদি, কৰিয়া যতেক,
গুচয় চিত্তৰ মল॥
সপ্ৰেম ভকতি, মিলে বিৰকতি,
দেহ গেহ সমস্তত।
ঈশ্বৰ স্বৰূপ, হোৱয় প্ৰকাশ,
নিশ্চল শুদ্ধ মনত॥১০৫৯॥
জ্ঞান আদি কৰি, যত মহা গুণ,
উপজে আসি হিয়াত।
পৰম শান্তিক, পাছে অপ্ৰয়াসে,
ভকতে পাৱে সাক্ষাত॥
ইহ পৰ লোকে, হোৱয় কৃতাৰ্থ,
মাধৱৰ প্ৰসাদত।
ভগৱন্ত পদ, সেৱা বিৰচন,
এহি মানে সমাপত॥১০৬০॥
নমো নমো কৃষ্ণ, কৰুণা সাগৰ,
কৰিয়ো কৃপা আমাক।
যেই সেই অৱ- স্থাতে মোৰ মনে,
নেৰোক সদা তোমাক॥
মই অধমৰ, অহঙ্কাৰ আদি,
গুচায়ো মায়া বন্ধন।
তোমাৰ অভয়, চৰণ পঙ্কজে,
লৈলোহো হেৰা শৰণ॥১০৬০॥
বিষয় ব্যাধিত, ভৈলোহো আতুৰ,
চিন্তা-বিষে যায় প্ৰাণ।
ভকতৰ মুখে তযু কথামৃত,
সদায়ে কৰায়ো পান॥
এতেকে কৃতাৰ্থ, হৈবো প্ৰভু কৃষ্ণ,
পুৰিয়ো মনৰ কাম।
মূৰুখ মাধৱে, কহে নিৰন্তৰে,
ডাকি বোলা ৰাম ৰাম॥১০৬১॥
⸺
অষ্টম : অৰ্চ্চন বিৰচন
পদ
পুনৰপি আৰম্ভ কৰিলো বিৰচন।
কৃষ্ণ পদ অৰ্চ্চনক কৰো নিৰূপণ॥
কৃষ্ণৰ পূজায় সমস্তৰে পূজা হয়।
পৃথকে পূজিলে পূজা কেহো নপাৱয়॥১০৬২॥
দৃষ্টান্ত দ্বিতয়ে আক কৰোহো বেকত।
যেন জল দান দিলে বৃক্ষৰ মূলত॥
হোৱয় তৃপিতি ডাল পত্ৰ পুষ্প যত।
অন্যথা নুহিকে যদি সিঞ্চে প্ৰত্যেকত॥১০৬৩॥
আৰো যেন প্ৰাণৰ ভোজনে অতিশয়।
নিৰন্তৰে ইন্দ্ৰিয়ৰ তৃপিতি মিলয়॥
নকৰে ভোজন ক্ষুধাতুৰ নৰে যাৱে।
বস্ত্ৰ অলঙ্কাৰ ফুল চন্দন পিন্ধাৱে॥১০৬৪॥
তথাপি তৃপিতি নাই একো ইন্দ্ৰিয়ৰ।
প্ৰাণ তুষ্ট ভৈলে তুষ্ট হোৱে নিৰন্তৰ॥
সেহি মতে কৃষ্ণক আৰাধে যিটোজন।
ভৈল তাৰ সমস্ত দেৱক আৰাধন॥১০৬৫॥
কৃষ্ণক নুপূজি যদি পৃথকে পূজয়।
নুহিকে কাহাৰো পূজা জানিবা নিশ্চয়॥
যেহেতু স্বভাৱে জগতৰ আত্মা হৰি।
যিটো মহাজনে তাঙ্ক পূজয় সাদৰি॥১০৬৭॥
আপুনি সহিতে পূজিলেক চৰাচৰ।
জানিলেক তত্ত্ব সিসি বেদ আগমৰ॥
নানা ক্ৰিয়া পন্থে যিটো কৰ্ম্ম যোগীগণ।
ভগৱন্ত স্বৰূপক কৰয় পূজন॥১০৬৮॥
তাকেসে পণ্ডিত বুলি বেদ আগমত।
শুনিয়োক ভগৱন্ত ৰূপ যেন মত॥
জানি তাক প্ৰাণ মন ইন্দ্ৰিয়ৰ দ্বাৰে।
ঈশ্বৰ কৃষ্ণসে জানা নিয়ন্তা সবাৰে॥১০৭৯॥
যিহেতু চৈতন্য ভগৱন্তেসে কেৱল।
তাতেসে প্ৰবৰ্ত্তে যত ইন্দ্ৰিয় সকল॥
চিনাইলোহো ভগৱন্ত স্বৰূপ নিশ্চয়।
তাঙ্কে পূজা কৰিলে যথেষ্ট সিদ্ধি হয়॥১০৭০॥
শাস্ত্ৰ চক্ষু দ্বাৰে যত ইন্দ্ৰিয় উত্তম।
দেখাই আছে আকে মুখ্য উপায় সুগম॥
চিত্তো উপশম হোৱে কৃষ্ণৰ পূজাত।
এহি মানে মাত্ৰ পন্থ জানিবা সাক্ষাত॥১০৭১॥
ন্যায় অৰ্জ্জিত শুদ্ধ বিত্ত অতিশয়।
সেহি শুদ্ধ বিত্তে ভগৱন্তক পূজয়॥
যিটো জনে নিষ্কামে অৰ্চ্চয় শ্ৰদ্ধা ভাৱে।
মোক্ষ আদি সমস্ত আনন্দ সিসি পাৱে॥১০৭২॥
কৃষ্ণৰ পূজাত অধিকাৰ সমস্তৰে।
পূজি কৃষ্ণেয়েৰে এক হোৱে নিৰন্তৰে॥
প্ৰহ্লাদ বচনে লৈয়ো ইহাৰ প্ৰমাণ।
বোলন্ত সাক্ষাতে নৃসিংহৰ বিদ্যমান॥১০৭৩॥
অল্পমতি সকলে যতেক পূজা কৰে।
আপোনাৰ অৰ্থে তাক নলন্ত ঈশ্বৰে॥
প্ৰকৃতিৰ বশ্য আনো যত প্ৰাণী চয়।
ধনাদি অৰ্পিলে যেন তৃপিতি হোৱয়॥১০৭৪॥
সিমত সন্মান ইচ্ছা নাহিকে কৃষ্ণৰ।
নিজানন্দ লাভে পৰিপূৰ্ণ মহেশ্বৰ॥
তথাপিতো পৰম কৃপালু দেৱ হৰি।
যিটো পূজে তাৰ অৰ্থে লৱন্ত সাদৰি॥১০৭৫॥
মোক পূজি ইয়ো পূজ্য হোৱে অতিশয়।
এহি বুলি পূজা আদি লন্ত কৃপাময়॥
তিলকাদি শ্ৰী যেন মুখৰ যতেক।
প্ৰতিবিম্ব মুখে যেন মিলয় প্ৰত্যেক॥১০৭৬॥
দেখিয়ো সাক্ষাতে তাক দৰ্পণত চাই।
প্ৰতিবিম্ব অন্যথা মিলাইবে শক্য নাই॥
সেহিমতে মাধৱক পূজিলে সাক্ষাত।
সিসব সকলে পূজা মিলে আপোনাত॥১০৭৭॥
কৃষ্ণক নিদিলে আপোনাতো নিমিলয়।
প্ৰহ্লাদ বচনে তাৰ দেখাইলো নিৰ্ণয়॥
পৰমেশ্বৰক পূজা যেবেসে কৰয়।
আপোনাৰে পূজা সিটো স্বভাৱে হোৱয়॥১০৭৮॥
তাৰ অতি তুচ্ছ ফল কাম সবে ব্যৰ্থ।
ধ্ৰুবৰ বচনে শুনা কহো এহি অৰ্থ॥
পৰমেশ্বৰৰ আগে কহন্ত সাদৰি।
জন্ম মৰণৰ মুখ্য হেতু তুমি হৰি॥১০৭৯॥
ইন্দ্ৰিয়ৰ সুখ অৰ্থে অৰ্চ্চয় তোমাক।
সিটো মূঢ়মতি বঞ্চিলেক আপোনাক॥
তুমি কল্পতৰু অৰ্চ্চিয়া অতিশয়।
শৱতুল্য দেহে উপভোগক ইচ্ছয়॥১০৮০॥
নুহি যোগ্য প্ৰাৰ্থিবে তোমাৰ চৰণত।
বিষয় সম্বন্ধ সুখ আছে যত যত॥
নাৰকী যোনিতো তাক স্বভাৱে পাৱয়।
স্বৰ্গ সুখ প্ৰাৰ্থিবে এতেকে যোগ্য নয়॥১০৮১॥
দেখাইলো কামনা তুচ্ছ ধ্ৰুৱৰ বাক্যত।
শুনা কৃষ্ণ পূজাৰ সামগ্ৰী যেন মত॥
গৰ্ব্ব আদি দুষিত যতেক বহু ধন।
তাত অতি তৃপিতি নুহিকে নাৰায়ণ॥১০৮২৷
অকপট আদি ভাব শুদ্ধ হৃদয়ৰ।
পূজাৰ পৰম বস্তু এহিসে কৃষ্ণৰ॥
ব্ৰহ্মাৰ বচনে আৰ লৈয়োক প্ৰত্যয়।
বামনৰ আগে বিধি বোলন্ত বিনয়॥১০৮৩॥
তযু পাদপঙ্কজে নিশ্চল বুদ্ধি নৰে।
জলে ফুলে অব্যভিচাৰিণী পূজা কৰে॥
এতেকে উত্তম গতি পাৱে সৰ্ব্বজনে।
ইটো বলিৰাজা হেন তোমাৰ চৰণে॥১০৮৪॥
অকপট হৃদয়ে ত্ৰৈলোক্য দান দিল।
আপোনাকো শ্ৰদ্ধাভাবে তোমাত অৰ্পিল॥
তথাপি বন্ধন দুঃখ পাৱে বলিৰায়।
নুবুজিলো প্ৰভু আমি একো অভিপ্ৰায়॥১০৮৫॥
এহি মানে সংহৰিলো ব্ৰহ্মাৰ বচন।
কহো নিষ্ঠ কৰি শুনিয়োক সৰ্ব্ব জন॥
কপট এড়িয়া নিজ বিত্ত অনুসাৰে।
ভগৱন্ত নাৰায়ণ অৰ্চ্চ নী সবাৰে॥১০৮৬॥
সংহৰোহো প্ৰকৰণ কৃষ্ণৰ বচনে।
বোলন্ত উদ্ধৱ মোক অকপট মনে॥
কৰ্ম্ম যোগ পন্থে বেদ তন্ত্ৰে মন্ত্ৰে যজি।
ইহপৰ লোকে সিদ্ধি পাৱে মোক ভজি॥১০৮৭॥
পূজাৰ প্ৰকাৰ এহিমানে সংহৰিলো।
গ্ৰন্থ বিস্তৰক ভয়ে আৰ নিলিখিলো॥
⸻
নবম : বন্দন বিৰচন
পদ
পুনৰপি আৰো আৰম্ভিলো বিৰচন।
কৰো নিৰূপণ এৱে কৃষ্ণৰ বন্দন॥১০৮৮॥
ভগৱন্ত বন্দনত যিটো প্ৰবৰ্ত্তিল।
পৰম মঙ্গল তাৰ এতেকে মিলিল॥
ইহাৰ প্ৰমাণ লৈয়ো অক্ৰূৰ বচনে।
গোকুলক যান্তে বিমৰিষ কৰি মনে॥১০৮৯॥
আজি নষ্ট ভৈল সবে মোৰ অমঙ্গল।
জানিলো জন্মৰ ফল ধৰিল সকল॥
যোগী সবে চিন্তে কৃষ্ণ পদ-পঙ্কজক।
কৰিবো বন্দন আজি হেন চৰণক॥১০৯০॥
অক্ৰূৰৰ বচনক কৰিলো সংহাৰ।
আলোচিলে মাত্ৰ কৰিবাক নমস্কাৰ॥
তাৰ যেন ফল তাক কৰিলো বেকত।
কৰে যিটো নমস্কাৰ কৃষ্ণ চৰণত॥১০৯১॥
তাৰ যেন ফল কহো ব্ৰহ্মাৰ বচনে।
কৰন্ত কৃষ্ণক বিধি স্তুতি বৃন্দাবনে॥
হে প্ৰভু কৃষ্ণ তযু অনন্ত মহিমা।
ভকতত তোমাৰ কৃপাৰ নাহি সীমা॥১০৯২॥
এতেকেসে তযু পাৱে কৰি চিত্ত ডাট।
থাকে সন্তে তোমাৰ কৃপাৰ চাই বাট॥
আপুনি কৰন্ত কৃষ্ণে কৃপা যি কালত।
তবে মোৰ হৈব আসি কুশল সমস্ত॥১০৯৩॥
আকে চিন্তি নিজ কৰ্ম্ম ভুঞ্জিয়া নিঃশেষ।
তপ আদি আন একো নকৰিয়া ক্লেশ॥
কৰিয়া যতন অতি কায় বাক্য মনে।
যিয়ে নমস্কাৰ কৰে তোমাৰ চৰণে॥১০৯৪॥
তযু অনুগ্ৰহত কৃতাৰ্থ সিসি নৰ।
পাৱে সুখে মুকুতিৰ বণ্টা বৈকুণ্ঠৰ॥
মুকুতিৰ ভাগ মাত্ৰ পাৱে ভক্তজনে।
সমগ্ৰে মুকুতি নপাৱয় কি কাৰণে॥১০৯৫॥
স্থিৰ চিত্তে শুনিয়োক ইহাৰ নিৰ্ণয়।
সম্পূৰ্ণে মুকুতি যি কাৰণে নলৱয়॥
ভকত জনৰ যেন জীবন বিনাই।
অধিক বিষয় সুখে প্ৰয়োজন নাই॥১০৯৬॥
মুকুতি সুখতো জানিবাহা সেহি নয়।
সমগ্ৰে মুকুতি হৰি ভক্তে নলৱয়॥
ভক্তিৰ প্ৰভাবে জানি নিজ স্বৰূপক।
তাতে স্থিত হৈয়া সেৱা কৰয় কৃষ্ণক॥১০৯৭॥
ভক্তিৰ পৰমানন্দ ৰস অনুভৱে।
এহি হেতু মুক্তি সুখ ভকতে নলৱে॥
হৰিৰ প্ৰসাদে কাল মায়াক এড়ায়া।
ফুৰয় আনন্দে হৰি সেৱা সুখ পায়া॥১০৯৮॥
নাহি ভকতৰ আন সুখে অনুৰাগ।
এহি হেতু কৈলো মুকুতিৰ পাৱে ভাগ॥
থৈলো উপসংহৰি ব্ৰহ্মাৰ বাক্যচয়।
নমস্কাৰ কৰি নৰে মুকুতি পাৱয়॥১০৯৯॥
আক অদভুত বুলি নুহিবা বিস্ময়।
নমস্কাৰ বিধি যিটো কৃষ্ণক নময়॥
আছোক তাহাৰ কথাশুনা কৌতুহলে।
পড়ে বৃক্ষ হন্তে ভৰি পন্থত পিচলে॥১১০০॥
জ্বৰে তাপে পীড়া কৰে হাঞ্চে হামি তোলে।
এতেক সময়ে নমো হৰি যিটো বোলে॥
নমস্কাৰ কৰো জ্ঞান নাহিকে মনত।
তথাপি মুকুত হোৱে মহত পাপত॥১১০১॥
হেন জানি সৰ্ব্বজনে ত্যজি আলাসক।
সদায় কৰিয়ো নমস্কাৰ মাধৱক॥
কৃষ্ণক দিবাৰ সবে বস্তু এহি মান।
দেখাওঁ এবে নমস্কাৰ কৰিবাৰ স্থান॥১১০২॥
জল বায়ু বহ্নি মহী নক্ষত্ৰ আকাশ।
বৃক্ষ নদী সমুদ্ৰ তটস্ত দিশ পাশ॥
আছে আনো সংসাৰভ বস্তু যত যত।
কৃষ্ণক দেখিব মাত্ৰ মনে সমস্তত॥১১০৩॥
হৰিৰ শৰীৰ ইটো হেন বুদ্ধি কৰি।
সবাহাঙ্কে নমস্কাৰ কৰিব সাদৰি॥
এতেকে কৃতাৰ্থ কৃষ্ণে কৰিব সম্প্ৰতি।
নমস্কাৰ বিৰচন ভৈল সমাপতি॥১১০৪॥
⸺
দশম দাস্য বিৰচন
পদ
আৰম্ভিলো বিৰচন আত অনন্তৰ।
দাস্য ভাব নিৰূপণ কৰোহো কৃষ্ণৰ॥
পৰম কৃতাৰ্থ শ্ৰীকৃষ্ণৰ দাস যত।
কোনে কহিবেক তাৰা সবৰ মহত্ত্ব॥১১০৫॥
যাৰ কৃষ্ণ আদি নাম শ্ৰৱণ মাত্ৰকে।
নিৰন্তৰে নৰে হোৱে নিৰ্ম্মল এতেকে॥
হেন তীৰ্থ পদ মাধৱৰ দাস যত।
তাসম্বাৰ কিবা ৰৈল সাধ্য সাধনত॥১১০৬॥
দাস মাত্ৰে কৃতকৃত্য হৱে সৰ্ব্বত্ৰত।
কহিলো নিশ্চয় সৰ্ব্ব শাস্ত্ৰৰ সম্মত॥
ইহ লোকে কৃতাৰ্থ ভৈলন্ত যেন মত।
লৈয়োক প্ৰমাণ ব্ৰহ্মাদেৱৰ বাক্যত॥১১০৭॥
কৃষ্ণক বোলন্ত শুনিয়োক কৃপাময়।
তাৱে ৰাগ আদি চোৰ ধৈৰ্য্যাদি হৰয়॥
গৃহে বন্দীশাল তাৱে হৱে পুৰুষৰ।
হৱে মহা মোহে তাৰে নিহল পাৱৰ॥১১০৮॥
যাৱত নুহিকে নৰে সেৱক তোমাৰ।
ৰাগাদিয়ে পুৰুষক কৰে অপকাৰ॥
যদি ভাগ্যে ভৈল আসি তোমাৰ সেৱক।
নলাগে তাহাৰ বিষয়ক এড়িবাক॥১১০৯॥
পূৰ্ব্বে বিষয়ৰ ৰাগে ধৈৰ্য্যাদি হৰিল।
এবে দাস্য ভাৱে সবে তোমাতে অৰ্পিল॥
কৃষ্ণ কৃত্য কৰো যেবে বোলে সৰ্ব্ব ক্ষণ।
হৱে তবে সেহি ৰাগে ভক্তিৰ সাধন॥১১১০॥
বিষয়ৰ ৰাগ এবে গুণেসে সমস্ত।
সেহি মতে দ্বেষ যত আছিল পূৰ্ব্বত॥
আৰো সেই দ্বেষ ভাবে পাপকেসে কৰে।
নিৰৰ্থক পোষণ নিমিত্ত ইটো ঘৰে॥১১১১॥
আছিলেক বন্দীশাল দুঃখৰ কেৱল।
ইদানী কৰয় বত ব্যাপাৰ সকল॥
কৃষ্ণত অৰ্পণা কৰে হৈয়া তাঁনে দাস।
গুণেসে কেবল তাৰ সিটো গৃহবাস॥১১১২॥
কৰিলে মমতা মাত্ৰ পূৰ্ব্বে পুত্ৰাদিত।
আছিলেক পাৱৰ নিহল বিপৰীত।
এবে দাস দাসী কৰি দিলেক কৃষ্ণ।
ইসৰ উপায়ে গৃহে সাধয় মোক্ষক॥১১১৩॥
এতেকে বিষয় ত্যাগে দুঃখ ব্যতিৰেক।
কৃষ্ণ দাস সবে সুখে সাধে শ্ৰেয়সক॥
ইহলোকে উপকাৰ দেখাইলো নিশ্চয়।
পৰলোকে ভগৱন্ত স্বৰূপ পাৱয়॥১১১৪॥
উদ্ধৱৰ বাক্যে আৰ লৈয়োক প্ৰমাণ।
বোলন্ত উৎসুকে মাধৱৰ বিদ্যমান॥
অনন্য শৰণ তযু একান্ত দাসক।
দিয়া তুমি আপোনাৰ নিজ স্বৰূপক॥১১১৫॥
ইটো প্ৰভু আশ্চৰ্য্য নুহিকে অতিশয়।
শ্ৰীৰাম অৱতাৰে তুমি কৃপাময়॥
অনুচৰ মাত্ৰে বন বানৰে সহিত।
পৰম ঈশ্বৰ হৈয়া কৰিলা সখিত্ব॥১১১৬॥
যতেক দেৱতা আছে ব্ৰহ্মা আদি কৰি।
কিৰীটিৰ অগ্ৰে আসি অনেক সাদৰি॥
কেৱল পৰশে তযু চৰণ পিঠক।
এতেকে মানন্ত মনে পৰম ভাগ্যক॥১১১৭॥
হেন দেৱতাৰো দেৱ মহা মহেশ্বৰ।
কোন অতি পশু জাতি বনৰ বানৰ॥
তাহাকো কৰিলা কৃপা কিনো কৃপাময়।
যি পুনু মনুষ্য তযু দাস অতিশয়॥১১১৮॥
তাসম্বাক দিয়া নিজ স্বৰূপ সাক্ষাত।
কৰাহা উদ্ধাৰ কোন আশ্চৰ্য্য ইহাত॥
এহিমানে থৈলো উদ্ধৱৰ বচনক।
মাধৱত সমৰ্পিব সমস্তে কৰ্ম্মক॥১১১৯॥
দাস্যভাব ভক্তি আক বুলিয় নিশ্চয়।
কায়বাক্য মনে যত কৰ্ম্ম সমৰ্পয়॥
লৌকিক বৈদিক ব্ৰাহ্মণাদিৰ স্বভাৱে।
সমস্তক অৰ্পিব কৃষ্ণৰ দুই পাৱে॥১১২০॥
কৃষ্ণৰ ভকতি দাস্য ভাব এহিমান।
নবসিদ্ধ বাক্যে লৈবা ইহাৰ প্ৰমাণ॥
দাস্য বিৰচন এহিমানে সমাপতি।
সখ্য নিৰূপণ এবে কৰোহো সম্প্ৰতি॥১১২১॥
⸺
একাদশ সখ্য বিৰচন
পদ
ভগৱন্ত সখিৰ মহিমা যেন মত।
আছোক কহিব কোনে জানিব শকত॥
ব্ৰহ্মাৰ বচনে লৈয়ো প্ৰমাণ সাক্ষাতে।
বৃন্দাবনে কৃষ্ণক বোলন্ত ষোড় হাতে॥১১২২॥
যত জীৱ জন্তু আছে নন্দৰ ব্ৰজত।
তাসম্বাৰ কিনো মহা ভাগ্যৰ মহত্ত্ব॥
নন্দাদিৰ যেন মহা বিশ্বাত তোমাত।
গবাদিৰ সেহি মত বিশ্বাস॥১১২৩॥
এতেকেসে তাসম্বাৰ ভাগ্য অতি চিত্ৰ।
তুমি পূৰ্ণ ব্ৰহ্ম হৰি ভৈলা যাৰ মিত্ৰ॥
প্ৰাকৃত সহিতে মিত্ৰৱতি ভৈল যাৰ।
অন্যোঅন্যে দুইকো দুই চাহে উপকাৰ॥১১২৪॥
কদাচিত বিষয় বিৰোধী ভৈল যেৱে।
তাৱক্ষণে দুইৰো মৈত্ৰি ভঙ্গ হোৱে তেৱে॥
তুমি পুনু সদায় পৰমানন্দময়।
তুমিয়েৰে যিটো মহা মিত্ৰতা কৰয়॥১১২৫॥
দিয়া তাসম্বাক অতি আনন্দ সদায়।
এতেকে তোমাত মিত্ৰৱতি ভঙ্গ নাই॥
প্ৰাকৃত মিত্ৰৰ দেশান্তৰাদি গমনে।
সুহৃদ বিয়োগ মহা দুঃখ মিলে মনে॥১১২৬॥
তুমি সনাতন পুনু জগত ব্যাপক।
কদাচিতো শঙ্কা নাই বিয়োগ দুঃখক॥
এহি হেতু তুমি কৃষ্ণ মিত্ৰ ভৈলা যাৰ।
কোনে কহিবাক পাৰে ভাগ্যক তাহাৰ॥১১২৭॥
এহি মানে থৈলো বাক্য ব্ৰহ্মাৰ সকল।
ঋভষ দেৱৰ বাক্যে দেখাওঁ আৰ ফল॥
ভৰতাদি পুত্ৰত কহন্ত কৃপাময়।
অপৰ্ণা নকৰি কৰ্ম্ম যতেক কৰয়॥১১২৮॥
সেহি কৰ্ম্মে বন্দী হৈয়া ফুৰে সংসাৰত।
অনাদি অবিদ্যা পুৰুষক কৰে হত॥
পূৰ্ব্ব কৰ্ম্ম বাসনায় নেড়য় মনক।
সেহি মনে পুনু পুনু কৰাৱে কৰ্ম্মক॥১১২৯॥
জীৱন্ত মুক্তকো নেড়ে অবিদ্যা তাৱত।
মই বাসুদেৱ প্ৰতি নকৰে যাৱত॥
জ্ঞানে কৰ্ম্মে দেহৰ বন্ধন নুগুচয়।
পুনু পুনু জীৱে সংসাৰত প্ৰবৰ্ত্তয়॥১১৩০॥
পূৰ্ব্ব কৰ্ম্মকৰ্ত্তা মনে কৰয় অনিষ্ট।
পুৰুষক পুনশ্চ কৰাৱে কৰ্ম্ম নিষ্ঠ॥
হেন জানি জ্ঞানত কৰ্ম্মত নিদি চিত্ত।
মোতেসে কেৱলে মাত্ৰ কৰিবা সখিত্ব॥১১৩১॥
নিবৰ্ত্তিব এতেকে অনৰ্থ আছে যত।
হৈব অতি কৃতকৃত্য মোৰ প্ৰসাদত॥
থৈলোহো সংহৰি বাক্য ঋষভদেৱৰ।
ভৈল সমাপতি বিৰচন সখিত্বৰ॥১১৩২॥
⸺
দ্বাদশ : আত্ম-নিবেদন বিৰচন
পদ
আত অনন্তৰে আৰো শুনা বিৰচন।
আত্ম-নিবেদন ভক্তি কৰো নিৰূপণ॥
অৰ্পিলেক দেহ যিটো কৃষ্ণক সাক্ষাত।
হোৱয় কৃতাৰ্থ অতি কৃষ্ণৰ কৃপাত॥১১৩৩॥
সবৰ্ব পুৰুষাৰ্থ সিদ্ধি হৱে সিজনৰ।
লৈয়োক ইহাৰ সাক্ষী বচনে কৃষ্ণৰ॥
উদ্ধৱক বোলন্ত শুনিয়ো মহাবল।
যিকালত নৰে কৰ্ম্ম এড়িয়া সকল॥১১৩৪॥
মোত দেহ অৰ্পি ভৈল কৃতাৰ্থ পৰম।
নাই আন মোৰ প্ৰিয়তম তাক সম॥
যেন গৰু পৰত বিকিলে যিটো জনে।
পোষণ পালন চিন্তা নকৰে সিজনে॥১১৩৫॥
সেহি মতে মোত অৰ্পি দেহাদি সমস্ত।
ৰৈল যিটো জন হৈয়া অচিন্ত মনত॥
কেৱলে কৰয় চিন্তা ভকতিক মাত্ৰ।
ভৈল সিটো মোৰ ইষ্ট কৰিবাৰ পাত্ৰ॥১১৩৬॥
মই তাৰ হিত চিন্তা কৰো অতিশয়।
অপ্ৰয়াসে সিটো সুখে মুকুতি পাৱয়॥
হৱে যোগ্য মোহোৰ সমান ঐশ্বৰ্য্যক।
এহি মানে থৈলো ভগৱন্তৰ বাক্যক॥১১৩৭॥
বুলিবাহা সৰ্ব্ব কৰ্ম্ম এড়ি নিৰন্তৰ।
আত্ম-নিবেদন মাত্ৰ শ্ৰেয়স জীৱৰ॥
এহিসে সাধয় যেৱে পুৰুষৰ অৰ্থ।
কৰ্ম্মাদি বিধিৰ তবে মিলয় অনৰ্থ॥১১৩৮॥
লৈয়োক উত্তৰ আৰ প্ৰহ্লাদ বাক্যত।
কহন্ত প্ৰহ্লাদে দৈত্য শিশু সমস্তত॥
শুনিয়ো বালক সব স্বৰূপ উত্তৰ।
ধৰ্ম্ম অৰ্থ কাম তিনি বৰ্গ পুৰুষৰ॥১১৩৯॥
তাৰ অৰ্থে উপায় বিহিয়া আছে যত।
যাগ যোগ জ্ঞান ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত॥
তৰ্ক দণ্ড নীতি আনো যতেক আছয়।
ইটো সবে প্ৰতিপাদ্য বেদৰ নিশ্চয়॥১১৪০॥
তিনি গুণময় বেদ শাস্ত্ৰ যত যত।
তাহাৰ বিহিত মানো অসত্য সমস্ত॥
আক ত্যজি যেবে দেহ অৰ্পিলে কৃষ্ণত।
তাকেসে কেৱলে সত্য মানোহো মনত॥১১৪১॥
এহিসে নিৰ্গুণ জানিবাহা নিষ্ঠ কৰি।
অৰ্জ্জুনত গীতাত কহিয়া আছে হৰি॥
তিনি গুণ বিষয় যতেক বেদচয়।
আক এড়ি নিৰ্গুণ হৈয়োক ধনঞ্জয়॥১১৪২॥
পাথৰৰ ৰেখা যেন বচন কৃষ্ণৰ।
আক নমানিব কোন বুদ্ধি হীন নৰ॥
এহিমানে সংহৰিলো প্ৰহ্লাদ বচন।
থৈলো সমাপতি কৰি ইটো বিৰচন॥১১৪৩॥
⸺
ত্ৰয়োদশ : শৰণ বিৰচন
পদ
পুনৰপি আৰো আৰম্ভিলো বিৰচন।
কৰো নিৰূপণ এবে কেৱল শৰণ॥
লোকত বেদত যত কহিছে সাধন।
সিসব সাধন হীন ভৈল যিটোজন॥১১৪৪॥
ভগৱন্ত মাধৱৰ অভয় চৰণে।
আছয় শৰণ লৈয়া কায়বাক্য মনে॥
আন দেৱাদিৰ সেৱা যদ্যপি নকৰে।
তথাপি সবাৰে সেৱা সিজে নিৰন্তৰে॥১১৪৫॥
কৰভাজনৰ বাক্যে প্ৰমাণ লৈয়োক।
নিমিক বোলন্ত মহাৰাজ শুনিয়োক॥
পিতৃ ভুতপতি দেৱ ঋষি সুহৃদৰ।
উপজিলে আসম্বাৰ ঋণী হৱে নৰ॥১১৪৬॥
হোমে দেৱ ঋণ সুজে তৰ্পণে ঋষিৰ।
বলিদানে ভূতৰ শ্ৰাদ্ধ আদিয়ে পিতৃৰ॥
সমভাবে সুহৃদ সবৰ সুজে ঋণ।
এহিমতে ঋণী সদা ভকতি বিহীন॥১১৪৭॥
এতেকেসে তাসম্বৰি কিঙ্কৰ অধীন।
তাৰ অৰ্থে পঞ্চ যজ্ঞ কৰে প্ৰতিদিন॥
নকৰিলে পৰকালে আছে মহা ভয়।
দুঃখ ভুঞ্জি হীন জাতি হৈবাক লাগয়॥১১৪৮॥
কায় বাক্য মনে কৰি নিশ্চয় যিজন।
মুকুন্দৰ চৰণত পশিল শৰণ॥
তাৰ ঋণ সুজা সবে গৈল সমস্তৰে।
নকৰিও ঋণী আৰ নুহি সিটো নৰে॥১১৪৯॥
সমস্তৰে আত্মা হৰি তুষ্ট ভৈলা যাৰ।
তিনিও জগতে অতি তৃপিতি তাহাৰ॥
দেৱাদিৰ অধিকাৰ গুচিলেসে মাত্ৰ।
কিন্তু সেহি জন ভৈল সৰ্ব্ব সুখ পাত্ৰ॥১১৫০॥
তীৰ্থ পদ ভগৱন্ত কৃষ্ণৰ চৰণে।
সবৰ্বভাৱে আশ্ৰয় কৰিলে যিটো জনে॥
সিটো সাধু সবৰ সুলভ সবৰ্ব সুখ।
তৰিল অযত্নে ইহ পৰ লোক দুঃখ॥১১৫১॥
যেনমতে তৰে ইহলোক দুঃখ যত।
দেখাওঁ সাক্ষাতে মৈত্ৰেয়ৰ বচনত॥
বোলন্ত বিদুৰ শুনা ব্যাসৰ তনয়।
হৰি পদ যুগ যিটো কৰিল আশ্ৰয়॥১১৫২॥
ঘোৰ সংসাৰৰ তিনি তাপ বিপৰীত।
সিটো সাধু মনুষ্যক নপাৰে বাধিত॥
ইহলোকে দুঃখ মহন্তক নপাৱয়।
দেখাওঁ পৰলোকে দুঃখ যিমতে তৰয়॥১১৫৩॥
দুস্তৰ কালৰ মহা ভ্ৰূৱ বিক্ষেপত।
হোৱয় বিনাশ চৰাচৰ বিশ্ব যত॥
কৃষ্ণত শৰণ লৈলে যি সব মহন্ত।
সিটো কালে মোৰ বশ্য বুলি নমানন্ত॥১১৫৪॥
বুলিবাহা আন দেৱান্তৰ শৰণত।
গুচয় সাক্ষাতে সংসাৰৰ দুঃখ যত॥
কৃষ্ণৰ শৰণ ভৈল কিমতে বিশেষ।
দেৱ বাক্যে লৈয়ো আৰ উত্তৰ নিঃশেষ॥১১৫৫॥
বৃত্ৰত হাৰিয়া যুদ্ধ যত দেৱগণ।
কৰন্ত কৃষ্ণক স্তুতি পশিয়া শৰণ॥
ৰাগ আদি শূন্য তুমি পৰম নিৰ্ম্মল।
নাহি অহঙ্কাৰ বিষয়ৰ কৌতূহল॥১১৫৬॥
নিজানন্দ লাভে পৰিপূৰ্ণ অতিশয়।
গুণৰ উপাধি পৰিচ্ছেদ নকৰয়॥
হেনয় নিৰ্গুণ তুমি পৰম ঈশ্বৰ।
মায়াৰ অধীন আমি দেৱতা অপৰ॥১১৫৭॥
তোমাক এড়িয়া লৱে আমাত শৰণ।
তাত পৰে নাহিকে পৰম অজ্ঞ জন॥
যেন কোনো জনে কুকুৰৰ লাঞ্জে ধৰি।
যাইবাক ইচ্ছয় অতি সমুদ্ৰক তৰি॥১১৫৮॥
তাৰ কদাচিত নহে সমুদ্ৰ তৰণ।
সেহি মতে লৈয়া অনীশ্বৰত শৰণ॥
নপাৰে তৰিতে দুঃখাৰ্ণব সংসাৰক।
এহি মানে থৈলোহো দেৱৰ বচনক॥১১৫৯॥
বুলিবাহা দুঃখে অতি তপ্ত লোক যত।
তাৰ প্ৰতিক্ৰিয়া মহা প্ৰসিদ্ধ লোকত॥
বেদত প্ৰসিদ্ধ বহু দেৱত ভকতি।
কেনে কৃষ্ণে ভৈলা মাত্ৰ শৰণ সম্প্ৰতি॥১১৬০॥
প্ৰহ্লাদ বচনে লৈয়ো ইহাৰ উত্তৰ।
বোলন্ত সাদৰে বাক্য আগে নৃসিংহৰ॥
হে প্ৰভু সংসাৰে তাপিত লোক যত।
নলৱে শৰণ তযু পদ পঙ্কজত॥১১৬১॥
দুঃখ এড়াইবাক চাহে আনসে উপায়।
কদাচিতো দুঃখ তাৰ এড়ান নযায়॥
পিতৃত মাতৃত লৱে বালকে শৰণ।
তাক প্ৰতিপাল অতি কৰে দুয়ো জন॥১১৬২॥
তথাপিতো তাৰ দুঃখ দেখিয়ো লোকত।
কদাচিতো পিতৃ মাতৃ হন্তে হৱে হত॥
লৈয়োক প্ৰমাণ অজিগৰ্ত্ত ব্ৰাহ্মণত।
বিকিলে পুত্ৰক হৰিশ্চন্দ্ৰৰ যজ্ঞত॥১১৬৩॥
ৰোগী সবে ঔষধত লৱয় শৰণ।
ঔষধ সহিতে তাৰ দেখিয়ো মৰণ॥
নৌকাত শৰণ লৱে মজন্তে সাগৰে।
নাৱে সমে দেখি সাগৰত মজি মৰে॥১১৬৪॥
এহি মতে তযু পদে নলৈয়া শৰণ।
দুঃখ এড়াইবাক কৰে অনেক যতন॥
নুহি সুখ ৰূপ সিটো দুঃখ নেড়াৱয়।
এতেকে তুমিসি মাত্ৰ শৰণ নিশ্চয়॥১১৬৫॥
এহি মানে থৈলো প্ৰহ্লাদৰ বচনক।
কৃষ্ণক এড়িয়া কৰে আশ্ৰয় আনক॥
নাহি মূঢ়মতি আৰ তাহাৰ সমান।
অক্ৰূৰ বচনে লৈয়ো ইহাৰ প্ৰমাণ॥১১৬৬॥
বোলন্ত কৃষ্ণক এড়ি তোমাৰ চৰণ।
কোননো পণ্ডিতে লৈব আনত শৰণ॥
ভকতৰ লুহৃদ পৰম প্ৰিয়তম।
নাহিকে কৃতজ্ঞ সত্যবাদী তুমি সম॥১১৬৭॥
দিয়া ভকতক অভিমত কামচয়।
আপোনাকো দিয়া তুমি কিনো কৃপাময়॥
তথাপিতো হানি লাভ নাহিকে তোমাৰ।
অক্ৰুৰৰ বাক্য চয় কৰিলো সংহাৰ॥১১৬৮॥
বুলিবাহা ঈশ্বৰৰ কেৱল শৰণে॥
এতমান শ্ৰেয়স হৈবেক কি কাৰণে।
এক চিত্তে শুনা আৰ উত্তৰ উত্তম।
যেহেতু কৃপালু হৰি সমৰ্থ পৰম॥১১৬৯॥
তাতেসে ভক্তৰ সিদ্ধি শৰণ মাত্ৰত।
লৈয়োক প্ৰমাণ উদ্ধৱৰ বচনত॥
কান্দি কান্দি বিদুৰৰ আগত কহন্ত।
কিনো কৃপাময় দেৱ প্ৰভু ভগৱন্ত॥১১৭০॥
পুতনা পিশাচী মাৰিবাক আশা কৰি।
পীয়াইলেক স্তন কালকূট বিষ ভৰি।
তথাপিতো গতি তাইক দিলা যশোদাৰ।
আশ্চৰ্য্য মহিমা দেখা কৃষ্ণৰ কৃপাৰ॥১১৭১॥
ভক্ত বেশ মাত্ৰে দেন্ত সন্তৰ গতিক।
আত পৰে কিবা গুণ কহিবো অধিক॥
তান্ত পৰে নাহিকে দয়ালু আন জন।
জানিয়া কৃষ্ণত মাত্ৰ লৈলোহো শৰণ॥১১৭২॥
দেখাইলো দয়ালু গুণ উদ্ধৱ বচনে।
লৈয়োক শৰণ সবে কৃষ্ণৰ চৰণে॥
কেৱলে শৰণ্য দেৱ ঈশ্বৰ মাধৱ।
শুনিয়ো কৃষ্ণক যেন বুলিলা উদ্ধৱ॥১১৭৩॥
হে কৃষ্ণ ইটো ঘোৰ সংসাৰ পন্থত।
তিনি তাপে অতিশয় হৈয়া আছে হত॥
তযু পাদপদ্ম ছায়া ছত্ৰ বিনে তাৰ।
নাহিকে শৰণ আৰ তাপ এড়াইবাৰ॥১১৭৪॥
তোমাৰ চৰণ যুগ ছত্ৰ বিপৰীত।
ছায়া কৰি সৰ্ব্ব দিশে বৰিষে অমৃত॥
হোৱয় কৃতাৰ্থ লৈলে তাহান্তে শৰণ।
এহিমানে সংহৰিলো উদ্ধৱ বচন॥১১৭৫॥
এহিমতে কৃষ্ণ-পদে পশিয়া শৰণ।
মুচুকুন্দ বাক্যে সংহৰোহো প্ৰকৰণ॥
দণ্ডৱতে পৰি ধৰি কৃষ্ণৰ চৰণ।
পৰম কাকুতি ভাৱে বোলন্ত বচন॥১১৭৬॥
হে কৃষ্ণ তযু পদে পশিলো শৰণ।
আপদ গ্ৰস্তক মোক কৰিয়ো ৰক্ষণ॥
তুমিসি পৰম আত্মা শৰণ দায়ক।
ব্ৰহ্মাদি দেৱৰো তুমি পৰম নায়ক॥১১৭৭॥
পড়ি আছো ইটো ঘোৰ সংসাৰ-সাগৰে।
চিৰকাল মোক কৰ্ম্ম-ফলে পীড়া কৰে॥
পৰম আতুৰ ভৈলো নাহিকে চেতন।
নানাবিধ তাপত তাপিত অনুক্ষণ॥১১৭৮॥
ত্বক চক্ষু মন মুখ নাসিকা শ্ৰৱণ।
এহি ছয় শত্ৰু অতি পৰম দুৰ্জ্জন॥
কদাচিতো তৃপিতি নাহিকে তাসম্বাৰ।
ইহাৰ নিমিত্তে দুঃখ লভিলো অপাৰ॥১১৭৯॥
হেনয় দুঃখিত মই তুমি কৃপাময়।
তযু পাদপদ্ম দুই কেৱলে অভয়॥
এহি মাত্ৰ সত্য প্ৰভু কেৱলে অশোক।
ইহাতে শৰণ লৈলো ৰাখিয়োক মোক॥১১৮০॥
মুচকুন্দ বচনক সংহৰি সম্প্ৰতি।
এহি মানে গ্ৰন্থ কৰিলোহো সমাপতি॥
শুনিয়োক সবে সাধু সভাসদ জন।
কৃষ্ণৰ অভয় পদে লৈলোহো শৰণ॥১১৮১॥
গীতাত মাধৱে কহিলন্ত অৰ্জ্জুনত।
ত্যজিয়োক সখি ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত॥
কেৱলে শৰণ মোত লৈয়ো ধনঞ্জয়।
ৰাখিবো সবাতে মই নকৰিবা ভয়॥১১৮২॥
এহি মানে কহিলন্ত গীতাৰ শকতি।
জানি সাধু জন যাৰ আছয় সুমতি॥
লৈয়োক শৰণ এক চৰণে কৃষ্ণৰ।
এহি মানে তাতপৰ্য্য সকলে শাস্ত্ৰৰ॥১১৮৩॥
তৰ্ক বেদ বেদান্তৰো এহি মানে সীমা।
শুনা এবে ভাগৱত শাস্ত্ৰৰ মহিমা॥
পুৰাণৰ সূৰ্য্য শাস্ত্ৰ মহা-ভাগৱত।
ব্যাস মহাঋষি আৰ কহিছে মহত॥১১৮৪॥
আৰ অন্তৰ্গত পৰমাৰ্থ অৰ্থ যত।
মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত॥
মোত হন্তে মহা মুনি শুকে জানিলন্ত।
বিদুৰে ইহাক জানন্ত কি নজানন্ত॥১১৮৫॥
টীকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে।
কেহো জনে আৰ তত্ত্ব অৰ্থক নপাৱে॥
ৱৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন।
আৰ কি তত্ত্বক পাৱে যেই সেই জন॥১১৮৬॥
শুদ্ধ ভাৱে লৈল যিটো কৃষ্ণত শৰণ।
ভকতিৰ প্ৰসাদে নিৰ্ম্মল যাৰ মন॥
সি সি মহাজনে আৰ তত্ত্বক পাৱয়।
ভাগতে পুৰাণৰ কহিলো নিৰ্ণয়॥১১৮৭॥
নমো নমো কৃষ্ণ তযু অভয় চৰণে।
কায় বাক্য মনে হেৰা পশিলো শৰণে॥
শৰণাগতক নেড়িবাহা কৃপাময়।
তযু পাৱে মন যেন সদায় থাকয়॥১১৮৮॥
তুমি প্ৰিয়তম নিজ আত্মা মোৰ প্ৰাণ।
সুহৃদ বান্ধৱ তুমি বিনে নাহি আন॥
মইসি পামৰ অজ্ঞ নজানো তোমাক।
এহি হেতু মায়া পাশে বান্ধিলে আমাক॥১১৮৯॥
নাহি সীমা বন্দী হৈয়া ফুৰো কত কাল।
এবে অনাথক কৃপা কৰিবাক ভাল॥
বুজিলাহা জ্ঞান প্ৰভু মই অধমৰ।
দাস হৈয়া স্বামী সেৱা নকৰো বৰ্ব্বৰ॥১১৯০॥
মোৰ দোষ গুণ নিবিচাৰি নাৰায়ণ।
নিজ কৃপা গুণে মোত হৈয়োক প্ৰসন্ন॥
এক লেশ মান কৰা কৰুণা ইবাৰ।
তবে মনোৰথ পূৰ্ণ হোৱয় আমাৰ॥১১৯১॥
মোৰ ইন্দ্ৰিয়ৰ বৃত্তি তোমাতে ৰহোক।
এহি মান অনুগ্ৰহ কৰিয়োক মোক॥
কৰ্ণে কথা মনে ৰূপ মুখে তযু নাম।
ৰহোক সদায় ডাকি বোলা ৰাম ৰাম॥১১৯২॥
ছবি
এহি মানে ৰত্নাৱলী ভাগৱত সাৰ তুলি,
লিখি আনি কৰিলো বেকত।
নাহি আত পৰে ধৰ্ম্ম মোৰ ইটো নিজ কৰ্ম্ম,
ফলে সমে সমৰ্পো কৃষ্ণত॥
হে প্ৰভু শ্ৰীপতি তুমি দিলা যেন মতি,
সেহি বুদ্ধি বিভৱ সদৃশে।
পৰমাৰ্থ নিৰূপণ কৰিলোহো নাৰায়ণ,
তযু আজ্ঞা পালিলো হৰিষে॥১১৯৩॥
যত যত্নে ইটো কৰ্ম্ম কৰিলো সমস্তে ধৰ্ম্ম
সমৰ্পিলো তোমাৰ চৰণে।
হে অগতিৰ গতি নিজ ভক্ত সমন্বিতি,
তুমি মোত তুষ্ট হৈবা মনে॥
সমৰ্পিয়া মাধৱত মোৰ ইটো গ্ৰন্থমত,
কহো সৰ্ব্ব জনৰ সন্মত।
ভক্তি অৰ্থী মহন্তৰ স্বভাবে স্বীকাৰ মহা,
হৈব সদা পাঠ চিন্তনত॥১১৯৪॥
বিষয়ীৰ বিষয়ক বিষয়ী প্ৰশংসে যেন,
সেহিমতে যুক্তিমন্ত জনে।
তাদৃশ ভকতি হীনো অৱশ্যে সাদৰ মহা,
কৰিবে গ্ৰন্থত সৰ্ব্বক্ষণে॥
নানা প্ৰকৰণ স্থিতি শ্লোক পৰস্পৰে আনি,
লিখিলোহো এক বাক্য কৰি।
বিচাৰিবে শ্ৰম দেখি কদাচিতো প্ৰমাদত,
প্ৰসঙ্গিবে তথাপি সাদৰি॥১১৯৫॥
যিসব বিৰল নৰে পৰ গ্ৰন্থ নিন্দা কৰে,
তাকো মই কৰোহো প্ৰাৰ্থন।
বাৰম্বাৰ গ্ৰন্থ চাই দেখাহা দূষণ যেৱে,
তেবে মোক কৰিব নিন্দন॥
কৃষ্ণ-ভক্তি নজানিয়া কেৱলে নিন্দয় মাত্ৰ,
তাক মই কি বুলিবো আৰ।
পৰক নিন্দিবে ইচ্ছা হেন মহা দুৰ্ব্বাসনা,
আছে পূৰ্ব্ব জন্মৰ তাহাৰ॥১১৯৬॥
কিন্তু বহুবাৰ গ্ৰন্থ শুনন্তে কৃষ্ণৰ ভক্তি,
হৈব তাৰ অৱশ্যে উদয়।
পৰনিন্দা দুৰ্ব্বাসনা, গুচিবে এতেকে সৰ্বৰ,
সম্মতিক দেখাইলো নিশ্চয়॥
মোৰ দোষ অঙ্গীকাৰ, কৰি গ্ৰন্থ মহিমায়ে,
কহো সৰ্ব্ব জনৰ সাদৰ।
ই তিনি লোকত আৰ অল্প বুদ্ধিমন্ত নৰ,
নাহি আন জন মোত পৰ॥১১৯৭॥
অপ্ৰসিদ্ধ কুল শীল, গুৰু শিষ্য ভাব লঙ্ঘি,
যদি মই ভৈলো অনাচাৰ।
মোৰ কৃত্য তথাপিতো ভকত জনৰ মাজে,
নুহিবেক স্থলী অৱজ্ঞাৰ॥
যেন মধু মাখি সব কোনবা বিদ্যাৰ পাত্ৰ,
কিবা কুল কিবা পৰাক্ৰম।
নুহিকে সুন্দৰ জাতি পৰ উপকাৰী আতী,
নাহি গুণ কিছু শম দম॥১১৯৮॥
তথাপিতো মুখে মধু সাঞ্চি থৈয়া আছে যত,
স্বভাৱতে পৰম সুন্দৰ।
শ্ৰদ্ধা পূৰ্ব্বকে পান নকৰে কি তাক জানা,
ৰসৰ কুশল যিটো নৰ॥
সেহিমতে মাধৱৰ ভকতি-অমৃত-ৰস,
জানে যিটো মহিমা ইহাৰ।
পৰম শ্ৰদ্ধায়ে পান কৰিবেক মোৰ যত,
দোষচয় কৰি পৰিহাৰ॥১১৯৯॥
মহা কান্তি মালা যুক্ত ভক্তি-ৰত্নাৱলী গ্ৰন্থ
কৰিলোহো অনেক যতনে।
বিচাৰিয়া পূৰ্ব্বাপৰ, ইহাৰ গুণক জানি,
তুমিসব তুষ্ট হৈবা মনে।
ইহাৰ শ্ৰীধৰ স্বামী উক্তি লিখনিত যত,
ন্যূনাধিক ভৈল নিৰন্তৰ।
সিসব চঞ্চল দোষ মই লুভিয়াৰ ক্ষমা,
কৰিবে উচিত মহন্তৰ॥১২০০॥
শ্ৰীমন্ত পুৰুষোত্তম চৰণ পঙ্কজ কৃপা,
মকৰন্দ বিন্দু প্ৰসাদত।
ৰিষ্ণুপুৰী বিৰচিত শ্ৰীভক্তি-ৰত্নাৱলী,
এহিমানে ভৈল সমাপত॥
শুনিয়োক সভাসদ সাধু মহাজন সব,
বোলো মই কৰি কৃতাঞ্জলি।
মহা মূঢ়মতি হুয়া বিৰচিলো পদবন্ধে,
মহাগ্ৰন্থ ভক্তি-ৰত্নাৱলী॥১২০১॥
ইহাত দূষণ দেখি তুমি সব মহন্তৰ,
নুহি নিন্দা কৰিতে উচিত।
গ্ৰন্থ অৰ্থ যেন গূঢ় মই যেন মতি মূঢ়,
ইটো আতি সবাতে বিদিত॥
গুৰু শিক্ষা অনুসৰি, কৃষ্ণৰ চৰণ ধৰি,
আপনাৰ বুদ্ধি অনুসাৰে।
নিবন্ধিলো পদচয় আত যেন দোষ হয়,
ক্ষমিবাক লাগয় সবাৰে॥১২০২॥
কতো কথা স্পষ্ট হয় কতো কথা স্পষ্ট নয়,
ইটো মোৰ বুদ্ধিৰেসে দোষ।
বোলোহো কাকূতি বাণী মোক মূৰ্খ হেন জানি,
নকৰিবা আত অসন্তোষ॥
কহো স্বৰূপত হিত ইটো দিব্য কথামৃত,
শুনা শ্ৰদ্ধাভাৱে প্ৰতি নিত।
ভাগৱত তত্ত্ব সাৰ নাহি আত পৰে আৰ,
ভকতৰ ইসি নিজ বিত॥১২০৩॥
বৈকুণ্ঠৰ শাস্ত্ৰ ইটো চাৰিয়ো বেদৰ সাৰ
কৃষ্ণৰ মুখৰ নিজ বাণী।
ভাগৱত সাৰ তুলি বিষ্ণুপুৰী মহামতি,
কৰিলন্ত সংগ্ৰহ প্ৰমাণি॥
জানিয়া বিশ্বাস কৰা কৃষ্ণত ভকতি ধৰা,
ত্যজি আন চাতুৰী সকল।
এহি কথা শ্ৰৱণত জানিবা সমস্তে তত্ত্ব,
অনায়াসে মিলিবে মঙ্গল॥১২০৪॥
দুলড়ী
নমো নমো কৃষ্ণ কৰুণা সাগৰ,
দেৱৰো ঈশ্বৰ দেৱ।
কায় বাক্য মনে তোমাৰ চৰণে,
কৰো লক্ষ কোটি সেৱ।
তুমি যেন মতি দিলা যদুপতি,
হৃদয়ে থাকি আমাৰ।
কহিলো স্বৰূপে সেহি অনুৰূপে,
ৰচিলো ইটো পয়াৰ॥ ১২০৫॥
মূৰুখৰ মোৰ বঢ়া টুটা আদি,
আছে দোষ যত যত।
নিজ কৃপা গুণে সন্তোষে আপোনে,
ক্ষমিয়ো তাক সমস্ত॥
মই দূৰাচাৰ নুহিকে তোমাৰ,
ভকতিৰ একো পাত্ৰ।
তোমাৰ চৰণে পশিয়া শৰণে,
কেৱলে প্ৰণামো মাত্ৰ॥ ১২০৬॥
হৈয়োক সদয় কৃষ্ণ কৃপাময়,
মই অধমক প্ৰতি।
যেন সবৰ্বক্ষণে কৰে মোৰ মনে,
তোমাৰ চৰণে ৰতি॥
তযু বেদ বাণী শুনি আছো যিটো,
শৰণ লোৱে তোমাত।
দূৰাচাৰো নষ্ট নুহি কিন্তু সিটো,
কৃতাৰ্থ হোৱে সাক্ষাত॥১২০৭॥
জানিয়া পৰম দুৰাচাৰ মই,
তোমাত লৈলো শৰণ।
কৈলো সত্য বাক নেৰিবা আমাক,
তুমি প্ৰভু নাৰায়ণ॥
সন্তৰ সঙ্গত সবৰ্বভাৱে যেন,
থাকো তযু সেৱা কৰি।
এহি অনুগ্ৰহ হৌক মোক লোক,
ডাকি বোলা হৰি হৰি॥১৩০৮॥
⸻
ইতি ভক্তি-ৰত্নাৱলী সমাপ্ত।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )