পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
চতুৰ্থ বিৰচন

বঢ়ায়া ভকতি, হৈয়া শুদ্ধ মতি,
 জগত পৱিত্ৰ কৰে॥৫৫২॥
দেৱৰ বচনে, দেখাইলো কৃষ্ণৰ,
 কথাৰ যেন মহত্ত্ব।
এতেকে কৃষ্ণৰ, কথা শুনিলেসে,
 জানে ভকতিৰ তত্ত্ব॥
হেন জানি সভা- সদ নিৰন্তৰে,
 শুনিয়ো কৃষ্ণৰ কথা।
ডাকি মুখ ভৰি, বোলা হৰি হৰি,
 নকৰা জন্মক বৃথা॥৫৫৩॥

পদ

বুলিবা পাপত শুদ্ধি হৈবে যাৰ মন।
কৃষ্ণকথা অমৃত পীয়োক সিটো জন॥
জীৱন মুকুত সব ভৈল কৃতকৃত্য।
তাৰ কথা শুনিতে নলাগে কদাচিত॥৫৫৪॥
মুকুত হৈবাক প্ৰতি চাহে যিটো নৰ।
সিয়ো যোগ জ্ঞান অভ্যাসয় নিৰন্তৰ॥
কথা শুনিবাৰ প্ৰয়োজন নাহি তাৰ।
বিষয়ত অতি আসকতি চিত্ত যাৰ॥৫৫৫॥
ইন্দ্ৰিয়ৰ প্ৰীতি মাত্ৰ সাধে সৰ্ব্বক্ষণ।
তাৰ হৰি-কথাত কমন প্ৰয়োজন॥