পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
ভক্তি-ৰত্নাৱলী

তথাপি আমাক, নপাৱে যিমতে
 সাধুসঙ্গে বশ্য কৰে॥৪৩০॥
সন্তৰ সঙ্গত, থাকি মহা সুখে,
 পাইল মোক যত লোক।
তাসম্বাৰ লেখা, দেওঁ প্ৰতি প্ৰতি,
 তাক সখি শুনিয়োক॥
বৃষপৰ্ব্বা বৃত, বলি, বাণ, ময়
 বিভীষণ, হনুমন্ত।
জটায়ু, সুগ্ৰীৱ, তুলাধাৰ, ধৰ্ম্ম,
 ব্যাধ বৃদ্ধ জাম্বৱন্ত॥৪৩১॥
দ্বিজ ভাৰ্য্যা গণ, কুঁজী কংস-দাসী,
 যত গোপী গোকুলৰ।
তাসম্বাৰ আৰ, একোয়ে সাধন,
 নাহিকে আন জন্মৰ॥
এহি জন্মে মাত্ৰ, সাধু সঙ্গ পায়া,
 কৰিয়া ৰতি আমাত।
এতেকে পৰম সুখে মোৰ লোক,
 পাইলেক গৈয়া সাক্ষাত॥৪৩২॥
মোৰ সঙ্গ হন্তে মহন্তৰ সঙ্গ,
 নুহিকে কিছু অন্তৰ।
এতেকে দুঃসঙ্গ, এৰি সাধু সঙ্গ,
 লৌক বুদ্ধিমন্ত নৰ॥