পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ভক্তি-ৰত্নাৱলী

হৃদয়তে থাকি নিত্য লক্ষ্মী তাক নতো পান্ত,
 আন দেৱ ৰমণী সৰ্ব্বথা।
নতো পাৱে দেখিবাক ইটো মহা প্ৰসাদক,
 আৰ আন স্ত্ৰীৰ কোন কথা॥১৬৫॥
গোপীৰ ভাগ্যৰ কথা থাকোক বৰ্ণাইবো কত,
 মোৰ হেন প্ৰাৰ্থনা মনত।
তাসম্বাৰ পদৰেণু যিটো তৃণ বনে পৰে,
 ইটো বৃন্দাবনৰ মাজত॥
তাৰ এক গাছি তৃণ হৈয়া থাকো তেবে মোৰ,
 মিলে মহা ভাগ্য বিপৰীত।
ইটো গোপী সকলৰ পৰম পৱিত্ৰতৰ,
 চৰণ ৰেণুক পাইবো নিত॥১৬৬॥
গৃহৰ দুস্ত্যজ আশা কুলাচাৰ ধৰ্ম্ম ত্যজি,
 ভজিলন্ত কৃষ্ণৰ চৰণে।
দুৰ্ল্লভ জানিয়া মনে বিচাৰিয়া সৰ্ব্বক্ষণে,
 ফুৰন্ত সমস্ত দেৱগণে॥
উত্তম ক্ষত্ৰিয় জাতি উদ্ধৱে প্ৰাৰ্থিলা অতি,
 যিটো স্ত্ৰীৰ চৰণৰ ধূলি।
এতেকে কৃষ্ণক যত পাইবাৰ উপায় যদি,
 দোষ সিও গুণেসে সমুলি॥১৬৭॥
শুনিয়োক সভাসদ{{gap|3em}ভক্তি-ৰত্নাৱলী পদ
 ভকতৰ ই সে মহাধন।