পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
প্ৰথম বিৰচন

জানিবা সমস্তে তত্ত্ব গুচিবে সংশয় যত,
 পৰম নিৰ্ম্মল হৈবে মন॥
ভকতিত পৰে আৰ নাহিকে শাস্ত্ৰৰ সাৰ,
 জানি সবে এৰা আন কাম।
গুচিবে সংসাৰ দুখ লভিবা পৰম সুখ,
 নিৰন্তৰে বোলা ৰাম ৰাম॥১৫৮॥

পদ

জাতি কুলাচাৰ ধৰ্ম্ম জ্ঞান আদি কৰি।
ইসব গুণত বশ্য নুহিকন্ত হৰি॥
ভকতিসি মাত্ৰ বশ্য হন্ত কৃপাময়।
প্ৰপঞ্চিয়া ইটো কথা কহিলো নিশ্চয়॥১৬৯॥
নপাইব ভক্তিত হেন শঙ্কা বিপৰ্য্যয়।
নাৰদৰ বাক্যে আৰ গুচাওঁ সংশয়॥
নাৰদ বদতি শুনিয়োক পৰংব্ৰহ্ম।
নাহি আত্ম পৰ তুমি সমস্ততে সম॥১৭০॥
যিহেতু পৰম আত্মা ইটো জগতৰ।
এতেকে সবাতো সম দৃষ্টি নিৰন্তৰ।
নিজানন্দ লাভে পূৰ্ণ তুমি লক্ষ্মীপতি।
নাহি অনুৰাগ আন বিষয়ক প্ৰতি॥১৭১॥
তথাপিতো ভক্তে মাত্ৰ সেৱা অনুৰূপে।
তোমাৰ প্ৰসাদ পাৱে কহিলো স্বৰূপে॥