পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৬
ভক্তি-ৰত্নাৱলী

ইহাৰ শ্ৰীধৰ স্বামী উক্তি লিখনিত যত,
 ন্যূনাধিক ভৈল নিৰন্তৰ।
সিসব চঞ্চল দোষ মই লুভিয়াৰ ক্ষমা,
 কৰিবে উচিত মহন্তৰ॥১২০০॥
শ্ৰীমন্ত পুৰুষোত্তম চৰণ পঙ্কজ কৃপা,
 মকৰন্দ বিন্দু প্ৰসাদত।
ৰিষ্ণুপুৰী বিৰচিত শ্ৰীভক্তি-ৰত্নাৱলী,
 এহিমানে ভৈল সমাপত॥
শুনিয়োক সভাসদ সাধু মহাজন সব,
 বোলো মই কৰি কৃতাঞ্জলি।
মহা মূঢ়মতি হুয়া বিৰচিলো পদবন্ধে,
 মহাগ্ৰন্থ ভক্তি-ৰত্নাৱলী॥১২০১॥
ইহাত দূষণ দেখি তুমি সব মহন্তৰ,
 নুহি নিন্দা কৰিতে উচিত।
গ্ৰন্থ অৰ্থ যেন গূঢ় মই যেন মতি মূঢ়,
 ইটো আতি সবাতে বিদিত॥
গুৰু শিক্ষা অনুসৰি, কৃষ্ণৰ চৰণ ধৰি,
 আপনাৰ বুদ্ধি অনুসাৰে।
নিবন্ধিলো পদচয় আত যেন দোষ হয়,
 ক্ষমিবাক লাগয় সবাৰে॥১২০২॥
কতো কথা স্পষ্ট হয় কতো কথা স্পষ্ট নয়,
 ইটো মোৰ বুদ্ধিৰেসে দোষ।