পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৭
ত্ৰয়োদশ বিৰচন

বোলোহো কাকূতি বাণী  মোক মূৰ্খ হেন জানি,
 নকৰিবা আত অসন্তোষ॥
কহো স্বৰূপত হিত ইটো দিব্য কথামৃত,
 শুনা শ্ৰদ্ধাভাৱে প্ৰতি নিত।
ভাগৱত তত্ত্ব সাৰ নাহি আত পৰে আৰ,
 ভকতৰ ইসি নিজ বিত॥১২০৩॥
বৈকুণ্ঠৰ শাস্ত্ৰ ইটো চাৰিয়ো বেদৰ সাৰ
 কৃষ্ণৰ মুখৰ নিজ বাণী।
ভাগৱত সাৰ তুলি বিষ্ণুপুৰী মহামতি,
 কৰিলন্ত সংগ্ৰহ প্ৰমাণি॥
জানিয়া বিশ্বাস কৰা কৃষ্ণত ভকতি ধৰা,
 ত্যজি আন চাতুৰী সকল।
এহি কথা শ্ৰৱণত জানিবা সমস্তে তত্ত্ব,
 অনায়াসে মিলিবে মঙ্গল॥১২০৪॥

দুলড়ী

নমো নমো কৃষ্ণ কৰুণা সাগৰ,
 দেৱৰো ঈশ্বৰ দেৱ।
কায় বাক্য মনে তোমাৰ চৰণে,
 কৰো লক্ষ কোটি সেৱ।
তুমি যেন মতি দিলা যদুপতি,
 হৃদয়ে থাকি আমাৰ।
কহিলো স্বৰূপে সেহি অনুৰূপে,
 ৰচিলো ইটো পয়াৰ॥ ১২০৫॥