পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
ভক্তি-ৰত্নাৱলী

বাসনাকো কৰে ক্ষয়, চিত্ত মহা শুদ্ধ হয়,
 মিলে প্ৰেম ভকতি কৃষ্ণত॥
বিজ্ঞান সহিতে জ্ঞান, উপজয় বিদ্যমান,
 বিষয়ত গুছে অভিলাষ।
পৰম কল্যাণতৰ, হোৱে হৰি স্মৰণৰ,
 ফলান্তৰ কৰিলো প্ৰকাশ॥৮৯২॥
নমো নমো নাৰায়ণ, নৰ ৰূপী বিড়ম্বন,
 দৈৱকী নন্দন চিদানন্দ।
মোৰ মন মধুকৰে, সদায় কৰোক পান,
 তযু পাদপদ্ম মকৰন্দ॥
তোমাৰ নিৰ্ম্মল যশ, পৰম অমৃত ৰস,
 সদায় কৰোক কৰ্ণে পান।
ৰাম কৃষ্ণ আদি নাম, লৌক মুখে অবিশ্ৰাম,
 দিয়া দান মোক এহি মান॥৮৯৩॥
ইটো ব্ৰহ্মাণ্ডত হৰি দুঃখী নাহি মোক সৰি,
 দাতা নাহি তোমাৰ সমান।
হাতে দান্তে তৃন ধৰি, মাগোহো কাৰ্পণ্য কৰি,
 দিয়া প্ৰভু প্ৰাৰ্থিবাৰ দান॥
নকৰিয়ো আশা ভঙ্গ, তযু ভকতৰ সঙ্গ,
 নুগুচোক সদায় আমাৰ।
কৰা কৃপা কৃপাময়, যত সামাজিক চয়,
 ৰাম বুলি তৰিয়ো সংসাৰ॥৮৯৪॥