পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
ভক্তি-ৰত্নাৱলী

তোমাৰ অভয়, চৰণ পঙ্কজে,
 লৈলোহো হেৰা শৰণ॥১০৬০॥
বিষয় ব্যাধিত, ভৈলোহো আতুৰ,
 চিন্তা-বিষে যায় প্ৰাণ।
ভকতৰ মুখে তযু কথামৃত,
 সদায়ে কৰায়ো পান॥
এতেকে কৃতাৰ্থ, হৈবো প্ৰভু কৃষ্ণ,
 পুৰিয়ো মনৰ কাম।
মূৰুখ মাধৱে, কহে নিৰন্তৰে,
 ডাকি বোলা ৰাম ৰাম॥১০৬১॥